পিচিঅ’ডিঃ স্ত্ৰীস্বাস্থ্যৰ এক গুৰুত্বপূর্ণ বিষয়

36

ডাঃ দুলুমণি কলিতা
আয়ুর্বেদিক মেডিচিন বিশেষজ্ঞ

আজিকালি চিকিৎসালয়লৈ অহা বেছিভাগ কিশোৰী আৰু মহিলাই একে ধৰণৰ অভিযোগ লৈ আহে- ঋতুচক্র অনিয়মীয়া, ওজন হঠাৎ বাঢ়ি যোৱা, মুখত ব্রণ বা শালমইনা আৰু মুখমণ্ডলত অনাৱশ্যকীয় নোমৰ অতিবৃদ্ধি, চুলি সৰা, বা বহুদিন চেষ্টা কৰিও গৰ্ভধাৰণ নোহোৱা আদি। তেনে ৰোগীসকলৰ পৰীক্ষাৰ পিছত অধিকাংশ ক্ষেত্ৰতেই যি ৰোগ ধৰা পৰে, সেয়া হৈছে এটা গভীৰ হৰমনজনিত সমস্যা- পলিচিষ্টিক অ’ভেৰী ডিজঅ’ৰ্ডাৰ বা PCOD। এই ৰোগ কেৱল গৰ্ভধাৰণৰ সমস্যাতেই সীমাবদ্ধ নহয়, ই মহিলাৰ সমগ্ৰ শৰীৰ আৰু মনৰ ওপৰত দীর্ঘকালীন প্ৰভাৱ পেলোৱা এক ব্যাধি।

PCOD হৈছে এনে এটা অৱস্থা যিয়ে অ’ভেৰী, হৰ্মন, বিপাক প্রণালী, হৃদযন্ত্ৰ আৰু মানসিক স্বাস্থ্যক একেলগে প্রভাৱিত কৰে। সময়মতে চিনাক্ত নকৰিলে ই ভৱিষ্যতে ৰোগীক ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু মানসিক অস্থিৰতাৰ দৰে গুৰুতৰ সমস্যালৈ লৈ যাব পাৰে। সেয়ে PCOD-ক কেৱল ‘স্ত্ৰী ৰোগ’ বুলি নহয়, বৰঞ্চ জীৱনজুৰি যত্নৰ প্ৰয়োজন হোৱা এটা সমগ্র দেহ-সংলগ্ন ৰোগ হিচাপে বুজাটো অতি প্ৰয়োজনীয়।

এই প্ৰবন্ধত PCOD-ৰ কাৰণ, লক্ষণ, আধুনিক গৱেষণাৰ নতুন তথ্য, লগতে জীৱনশৈলী আৰু চিকিৎসাৰ সহায়ত কেনেকৈ এই ৰোগ নিয়ন্ত্ৰণ কৰি সুস্থ, স্বাভাৱিক আৰু আত্মবিশ্বাসী জীৱন যাপন কৰিব পাৰি, সেই বিষয়ে সহজ আৰু বৈজ্ঞানিকভাৱে আলোচনা কৰা হ’ব।

PCOD হৈছে এটা হৰমনজনিত সমস্যা, য’ত ডিম্বাশয়ত বহুতো সৰু সৰু চিষ্ট গঢ় লৈ উঠে। এই চিষ্টসমূহৰ বাবে ডিম্বাশয়ে স্বাভাৱিকভাৱে কাম নকৰে আৰু ডিম্বস্ফোটন বা ovulation ব্যাহত হয়। ফলত ঋতুচক্র অনিয়মীয়া হয়, হৰমনৰ অসমতা ঘটে আৰু গৰ্ভধাৰণৰ সমস্যাই দেখা দিয়ে৷ আজিৰ দিনত PCOD অত্যন্ত সাধাৰণভাৱে দেখা দিয়া এক ব্যাধি। বিশ্বজুৰি প্রায় ১০-১৫ শতাংশ মহিলা PCOD-ত আক্ৰান্ত আৰু ভাৰতবৰ্ষৰ প্ৰায় প্ৰত্যেক পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা PCOD-ত আক্রান্ত।

নগৰাঞ্চলত খাদ্যাভাস আৰু জীৱনশৈলীজনিত কাৰণত কিশোৰী আৰু যুৱতীৰ মাজত ইয়াক অধিক দেখিবলৈ পোৱা যায়।

আয়ুৰ্বেদত PCOD-ক আধুনিক নামত বর্ণনা নকৰিলেও ইয়াৰ লক্ষণসমূহক আবৰ্ত দৃষ্টি, আৰ্দ্ৰৱ অৱৰোধ আৰু বন্ধ্যাত্ব হিচাপে ব্যাখ্যা কৰা হৈছে।

PCODৰ প্ৰধান কাৰক-

  • অতিমাত্রা মিঠা, তেলযুক্ত আৰু ফাষ্ট ফুড গ্রহণ
  • অনিয়মিত আৰু বিৰুদ্ধ আহাৰ সেৱন
  • নিদ্রাহীনতা অথবা অত্যধিক নিদ্রা
  • শাৰীৰিক পৰিশ্ৰমৰ অভাৱ
  • মানসিক চাপ, উদ্বেগ, হৰমনৰ অসমতা

PCODৰ সাধাৰণভাৱে দেখা লক্ষণ-

  • ঋতুচক্ৰৰ অনিয়মীয়তা (বিশেষকৈ পলম হোৱা)
  • অতিপাত বা অতি কম ৰক্তস্ৰাৱ
  • গৰ্ভধাৰণত দেৰি বা চেষ্টা কৰিও গৰ্ভধাৰণ নোহোৱা
  • মুখমণ্ডলত অনাৱশ্যকীয় নোমৰ অতিবৃদ্ধি
  • মুখত ব্ৰণ (শালমইনা)ৰ বৃদ্ধি আৰু তেলেতীয়া ছাল
  • চুলি সৰা
  • মানসিক অস্থিৰতা, ক্লান্তি
  • ওজন বৃদ্ধি

PCODৰ চিকিৎসাৰ মূল লক্ষ্য-

PCOD চিকিৎসা মানে কেৱল মাহেকীয়া নিয়মীয়া কৰা নহয়। ইয়াৰ মূল উদ্দেশ্যসমূহ হ’ল—

  • হৰ্মনৰ অসন্তুলন সংশোধন কৰা
  • মাহেকীয়া চক্র নিয়মীয়া কৰা
  • ওজন আৰু ইনছুলিন ৰেজিষ্টেল নিয়ন্ত্ৰণ কৰা
  • গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি কৰা
  • দীঘলীয়া জটিলতা যেনে- ডায়েবেটিছ, হৃদৰোগ আদি প্ৰতিৰোধ কৰা

PCODৰ চিকিৎসা আৰু নিয়ন্ত্ৰণৰ উপায়

(১) জীৱনশৈলী সংশোধন হ’ল PCOD চিকিৎসাৰ আধাৰ। PCOD ৰোগৰ ক্ষেত্ৰত জীৱনশৈলী পৰিৱৰ্তনেই প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসা।

(২) আহাৰ গ্ৰহণৰ নিয়ম মানি চলা

  • কম চেনি আৰু কম চর্বিযুক্ত আহাৰ গ্ৰহণ কৰা
  • বেছি আঁহযুক্ত খাদ্য যেনে শাক-পাচলি, ফল-মূল, দাইল গ্ৰহণ কৰা
  • জাংক ফুড, ফাষ্ট ফুড, পেকেট খাদ্য, ক’ল্ড ড্ৰিংকছ আৰু বেকাৰী সামগ্ৰী এৰাই চলা
  • নিয়মিত সময়ত অলপ-অলপকৈ আহাৰ খোৱা

(৩) ব্যায়াম

  • দৈনিক অন্ততঃ ৩০-৪৫ মিনিট খোজকঢ়া উচিত। ওজন নিয়ন্ত্ৰণৰ বাবে নিয়মিত ব্যায়াম অত্যন্ত প্রয়োজনীয়।
  • যোগাসন, সূৰ্য নমস্কাৰ, প্ৰাণায়াম।

(৪) মানসিক চাপ নিয়ন্ত্রণ

  • ধ্যান, প্রাণায়াম
  • পর্যাপ্ত নিদ্ৰা (৭-৮ ঘণ্টা)
  • মনৰ ওপৰত অত্যধিক চাপ পৰিব নিদিয়া

(৫) আনুষংগিক ৰোগ যেনে- থাইৰয়ড, মেদবহুলতা আদিৰ চিকিৎসা আৰু নিয়ন্ত্রণ কৰা ।

PCOD-ৰ বাবে আয়ুর্বেদিক বিশেষ চিকিৎসাঃ আয়ুৰ্বেদৰ চিকিৎসাত সদায় প্রথম মূল কাৰণৰ ওপৰত গুৰুত্ব দিয়ে। আয়ুৰ্বেদ মতে PCOD-ক মূলতঃ কৃ-ৱাত দোষৰ বিকৃতি আৰু অগ্নিমান্দ্যৰ ফল বুলি কোৱা হয়।

আয়ুৰ্বেদিক চিকিৎসাৰ আধাৰ-

  • অগ্নি দীপন আৰু আমপাচন চিকিৎসা
  • ৰজঃপ্রবাহ নিয়মীয়া কৰা
  • হৰমনৰ সামঞ্জস্য স্থাপন কৰা
  • প্রাকৃতিক উপায়ে ওজন নিয়ন্ত্রণ

পঞ্চকর্ম চিকিৎসাঃ বমন, বিবেচন, বস্তি চিকিৎসা (ৰোগীৰ বল আৰু অৱস্থা অনুসৰি চিকিৎসকৰ তত্ত্বাৱধানত)

PCODত যোগ আৰু প্ৰাণায়ামৰ ভূমিকাঃ যোগাসনে PCOD-ৰ চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এইক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা আসনসমূহ তলত উল্লেখ কৰা হ’ল—

  1. ভূজঙ্গাসন
  2. প্রাণায়াম
  3. ধনুৰাসন
  4. পশ্চিমোত্তানাসন
  5. বদ্ধকোণাসন
  6. পদ্মাসন
  7. কপালভাতি আৰু অনুলোম-বিলোম প্ৰণায়াম

ওপৰত উল্লিখিত আসনৰ নিয়মিত অনুশীলনে হৰমনৰ নিয়ন্ত্ৰণৰ লগতে মানসিক চাপ আৰু ওজন কমোৱাত সহায় কৰে ।

PCOD-ত সাধাৰণ ব্যৱহৃত আয়ুর্বেদিক ঔষধঃ (চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ব্যৱহাৰ কৰিব)

  1. কাঞ্চনাৰ গুগ্গুলু
  2. কৈশোৰ গুগ্গুলু
  3. অশোকাষ্টি
  4. ৰাজঃপ্ৰৱৰ্তিনী বটি
  5. শতমূলী
  6. লোধ্ৰা

PCOD-ৰ বাবে পথ্য আহাৰ-

প্রধান আহাৰঃ যৱ (Barley), ৰাগী, জোৱাৰ, বাজৰা আদিৰ দৰে মিলেট, পুৰণি চাউল (নতুন চাউল এৰাই চলিব)

দাইলঃ মুগ দাইল (সর্বোত্তম), কুলখ দাইল (Horse gram) – বিশেষ উপকাৰী, মচুৰ দাইল (অলপ পৰিমাণত)

শাক-পাচলি : পানীলাও, কোমোৰা, তিতাকেৰেলা, পালেং, মেথি শাক, মধুশোলেং, টেঙেচী, ব্রকলি, বন্ধাকবি, ফুলকবি, গাজৰ, বীট আদি।

ফলমূল : আপেল, তেঁতেলি, খেজুৰ, নাচপতি, ডালিম, আমলখি, শিলিখা আদি।

মছলা : তিল (বহু গুণকাৰী), আদা, হালধি, জিৰা, ধনিয়া, দালচেনি, মেথি দানা।

পানীয়ঃ কুহুমীয়া গৰম পানী সর্বোত্তম, জিৰা পানী, ধনিয়া পানী, ত্রিফলা সিদ্ধ পানী বিশেষভাৱে লাভজনক।

PCOD আৰু গৰ্ভধাৰণঃ PCOD-ত ভোগা মহিলাসকলে সঠিক চিকিৎসা আৰু ধৈৰ্যৰ মাজেৰে নিশ্চয়কৈ মাতৃত্বৰ সুখ লাভ কৰিব পাৰে। নিয়মিত ফল’আপ, ওজন নিয়ন্ত্রণ আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰাটো অতি প্রয়োজনীয়।

PCOD কোনো অভিশাপ নহয়। ই এটা নিয়ন্ত্রণযোগ্য অৱস্থা। সঠিক সময়ত ৰোগ চিনাক্তকৰণ, সচেতনতা, সুস্থ জীৱনশৈলী আৰু উপযুক্ত চিকিৎসাৰ সহায়ত PCOD-ত ভোগা প্ৰতিগৰাকী মহিলাই সুস্থ, সক্ৰিয় আৰু আত্মবিশ্বাসী জীৱন যাপন কৰিব পাৰে। এইক্ষেত্ৰত নিজৰ শৰীৰৰ সংকেতসমূহ বুজি, লাজ আৰু হীনমন্যতা এৰি চিকিৎসকৰ পৰামৰ্শ লোৱাই সুস্থ জীৱনৰ প্ৰথম পদক্ষেপ। নিজৰ যত্ন লোৱাটো একো স্বার্থ নহয়- ই হ’ল আত্মবিশ্বাসেৰে সৈতে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভৱিষ্যতৰ বাবে কৰা এক গুৰুত্বপূৰ্ণ বিনিয়োগ।

ফোন : ৮৬৩৮৭-৪৯৪৯৪

 

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.