মনোৰঞ্জনৰ বিৱৰ্তন-এক সমাজতাত্ত্বিক বিশ্লেষণ

11

কৃষ্ণা বৰুৱা

মনোৰঞ্জনে সমাজৰ পৰা সমল লয় আৰু প্ৰতিদানত সমাজৰ চিন্তাধাৰাক গঢ় দিয়ে। মনোৰঞ্জন কেৱল ব্যক্তিৰ আনন্দ উৎসয়েই নহয়, বৰঞ্চ ই সমাজৰ গাঁথনি, ক্ষমতাৰ সন্তুলন আৰু সাংস্কৃতিক পৰিচয়ৰ এক প্রতিফলন। প্রাচীনকালত মনোৰঞ্জন কেৱল আমোদৰ বাবে নাছিল, ই আছিল সামাজিক শ্ৰেণীবিভাজনৰ এক প্ৰদৰ্শনী। আৰম্ভণিতে মনোৰঞ্জন আছিল কেৱল ধনী আৰু মুক্ত পুৰুষৰ হাতত। তেওঁলোকে নিজৰ অৱস্থা আৰু শক্তি প্ৰদৰ্শনৰ বাবে ডাঙৰ আয়োজন কৰিছিল। ৰোমানসকলে বুজি পাইছিল যে জনসাধাৰণক শান্ত ৰাখিবলৈ “Bread and Circuses” (খাদ্য আৰু মনোৰঞ্জন) ৰ প্ৰয়োজন। ইয়াৰ পৰাই গ্লেডিয়েটৰ খেল বা ৰাজহুৱা মৃত্যুদণ্ডৰ দৰে ডিঙি কটা বা বিশৃংখল মনোৰঞ্জনৰ সৃষ্টি হৈছিল।

ভাৰতীয় মনোৰঞ্জনৰ ইতিহাসত এটা ধাৰাবাহিক পৰিৱৰ্তন দেখা যায়, য’ত থলুৱা আৰু বিদেশী সংস্কৃতিৰ এক সুন্দৰ মিলন ঘটিছে। নৃত্য, পুতলা নাচ আৰু দবা (চতুৰংগ) খেলৰ পৰাই ভাৰতীয় মনোৰঞ্জনৰ ভেটি গঢ়ি উঠিছিল। ৰাসলীলাৰ দৰে পৰিৱেশ্য কলাসমূহে কেৱল মনোৰঞ্জনেই নহয়, বৰঞ্চ (শিক্ষামূলক আৰু আধ্যাত্মিক) উদ্দেশ্যও পূৰণ কৰিছিল। ইছলাম ধৰ্মৰ আগমনৰ লগে লগে আমিৰ খুছৰুৰ দৰে ব্যক্তিৰ নেতৃত্বত ভাৰতীয় বীণা আৰু পাৰ্চী শৈলীৰ মিলনত চেতাৰ আৰু তবলাৰ দৰে বাদ্যযন্ত্ৰৰ সৃষ্টি হয়, যিয়ে সংগীতক এক নতুন মাত্রা দিয়ে।

ব্ৰিটিছ যুগ আছিল এক সন্ধিক্ষণ। ইয়াৰ ফলত আমাৰ পৰম্পৰাগত মনোৰঞ্জনত পশ্চিমীয়া নাটক আৰু সাহিত্যৰ চাপ পৰে। ব্ৰিটিছসকলে ভাৰতীয় ‘নাচ’ (Nautch) বা পৰম্পৰাগত নৃত্যক ভুলকৈ বুজিছিল যদিও ই সমাজত টিকি থাকিল। ১৯ শতিকাৰ পৰা ২০ শতিকাৰ ভিতৰত বোম্বে আৰু কলিকতাত ই মনোৰঞ্জনৰ কেন্দ্ৰবিন্দু হৈ পৰে। ই ধীৰে ধীৰে এক গোলকীয় ব্ৰেণ্ডলৈ ৰূপান্তৰিত হয়। মনোৰঞ্জনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাটো হৈছে ইয়াৰ চিকিৎসামূলক (Therapeutic) গুণ। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ই এক সকাহ দিয়ে। বৈজ্ঞানিকভাৱে ই মগজুত এণ্ড’ৰ্ফিন নিঃসৰণ কৰে, যিয়ে আমাক সুখৰ অনুভৱ দিয়ে আৰু উদ্বেগ (Anxiety) হ্ৰাস কৰাত সহায় কৰে।

একবিংশ শতিকাৰ ডিজিটেল বিপ্লৱ

বৰ্তমান সময়ত মনোৰঞ্জন কেৱল ৰাজহুৱা প্ৰদৰ্শনী হৈ থকা নাই, ই এতিয়া অতি ব্যক্তিগত (Personalized) হৈ পৰিছে। অ’টিটি আৰু এ আই এতিয়া দর্শকে কি চাব সেইটো এলগৰিডমে ঠিক কৰে। ৫০০০ নিযুত গ্রাহকেৰে ভাৰত আজি বিশ্বৰ এক ডাঙৰ কণ্টেণ্ট হাব। ভৱিষ্যতে এআইচালিত গেমিং আৰু ইমাৰ্চিভ টেকন’লজীয়ে মনোৰঞ্জনক অধিক বাস্তৱসন্মত আৰু গভীৰ কৰি তুলিব।

মনোৰঞ্জনৰ যাত্ৰাটো এক বিশৃংখল ৰাজহুৱা খেলৰ পৰা আৰম্ভ হৈ আজি আমাৰ হাতৰ মুঠিত থকা অতি সূক্ষ্ম আৰু উন্নত প্রযুক্তিলৈ পৰিৱৰ্তন হৈছে। ই কেৱল আমোদ নহয়, ই মানুহৰ আৱেগিক আৰু সামাজিক মংগলৰ এক অপৰিহাৰ্য আহিলা। ফ্রাংকফ’ৰ্ট স্কুলৰ সমাজতত্ত্ববিদ থিয়ড’ৰ এড’ৰ্ন আৰু মেক্স হৰ্কহেইমাৰে কৈছিল যে আধুনিক মনোৰঞ্জন এতিয়া এটা উদ্যোগ । আগতে মনোৰঞ্জন আছিল সামূহিক (যেনে- ভাওনা, বিহু)। কিন্তু এতিয়া ব্যক্তিগত ম’বাইল স্ক্রীনে মানুহক সমাজৰ পৰা বিচ্ছিন্ন কৰি একো একোটা ‘ডিজিটেল দ্বীপ’ত আবদ্ধ কৰিছে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.