বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° মধুমিতা বৰুৱা

12

অসমৰ বাবে গৌৰৱৰ খবৰ। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় (AAU)-ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ-প্ৰযুক্তি বিভাগৰ অধ্যাপিকা ড০ মধুমিতা বৰুৱা বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। কৃষি জৈৱ-প্ৰযুক্তি (Agricultural Biotechnology) ক্ষেত্ৰত তেওঁৰ অসামান্য গৱেষণা আৰু বৈজ্ঞানিক অৱদানৰ স্বীকৃতি হিচাপে এই আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হৈছে।

এই আন্তঃৰাষ্ট্ৰীয় ৰেংকিং বিজ্ঞানীৰ গৱেষণাপত্ৰৰ মানদণ্ড, উদ্ধৃতি (Citation)ৰ প্ৰভাৱ আৰু সামগ্ৰিক গৱেষণা উৎপাদনশীলতাৰ দৰে একাধিক সূচকৰ ভিত্তিত প্ৰস্তুত কৰা হয়। এই সাফল্যৰ জৰিয়তে তেঁও নিজ গৱেষণা ক্ষেত্ৰত বিশ্বৰ অন্যতম প্ৰভাৱশালী গৱেষক হিচাপে স্বীকৃতি লাভ কৰিছে।

ড০ মধুমিতা বৰুৱাই ১৯৯১ চনত অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা ৩৫ বছৰতকৈও অধিক সময় ধৰি শিক্ষাদান আৰু গৱেষণাৰ সৈতে জড়িত হৈ আছে। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছে আণৱিক জীৱবিজ্ঞান, অণুজীৱ আৰু উদ্ভিদ জৈৱ প্ৰযুক্তি আৰু বহনক্ষম কৃষি।

তেওঁ দীৰ্ঘ গৱেষণা জীৱনত বহু সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ফেল’শ্বিপ লাভ কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে— ২০১৪ চনত যুক্তৰাজ্যৰ University of Reading-ত DBT Overseas Fellowship, ২০০৬ চনত আমেৰিকাৰ Pennsylvania State University-ত Norman E. Borlaug Fellowship, ২০০১ চনত যুক্তৰাজ্যৰ University of Exeter-ত ডক্টৰেট অধ্যয়নৰ বাবে Commonwealth Scholarship আৰু ১৯৯৮ চনত আমেৰিকাৰ Texas A&M University আৰু Georgetown University-ত Fulbright Fellowship।

ড০ মধুমিতা বৰুৱাৰ এই অসাধাৰণ সাফল্য উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক, গৱেষক আৰু শিক্ষাৰ্থীসকলে তেওঁক আন্তৰিক অভিনন্দন জনাইছে। বিশ্ববিদ্যালয়ৰ মতে, এই স্বীকৃতিয়ে কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্বকেই নহয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশ্বব্যাপী গৱেষণা আৰু শিক্ষাক্ষেত্ৰত ক্ৰমবৰ্ধমান সুনামকো প্ৰতিফলিত কৰিছে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.