দৈনিক ৰাশিফল ১৩ জুলাই ২০২৬

7

২৮ আহাৰ, সোমবাৰ, ইং ১৩ জুলাই ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যাত্ৰা বা ভ্ৰমণত শুভ বুলি কব পাৰি, লগত বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ধন- সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত উন্নতি সাধন হব, যদিও আজি আপুনি সজাগ নহ’লে স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফলতা লাভ কৰিব, ভাল খৱৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সাৱধান হোৱাটো ভাল হ’ব নহ’লে শত্ৰু বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মত জেষ্ঠ্য ব্যক্তিৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ-ছাত্ৰীয় আছে তেওঁলোকৰ পঢ়াত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হ’ব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পৰে, লগতে আজি আপোনাৰ শত্ৰু ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব,কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত লগ বন্ধুৰ পৰা বা আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি ছোৱালী সকলে সজাগ নহ’লে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ঘৰুৱা কৰ্মত অশান্তিৰ সৃষ্টি হ’ব পাৰে, পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ধন- সম্পত্তি হাতলৈ আহিব, যদিও আজি আপুনি মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.