১৯ আহাৰ, শনিবাৰ, ইং ৪ জুলাই ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য ব্যাকুল হ’ব পাৰে, যদিও আজি আপোনাৰ শত্ৰু ভয় বাঢ়িব, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছোৱালী আছে তেওলোকৰ ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগ বন্ধু বা আত্মীয়ৰ পৰিয়ালৰ লগত সামান্য মনোমালিন্য হ’ব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব যদিও আজি মহিলা কৰ্মচাৰী সকলে মনত কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব যদিও আজি আপুনি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনে সন্দেহৰ চকুৰে চাৱ পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, কৰ্মত নতুন নতুন আচনি গ্ৰহণ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে মনত বিদ্বেষ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ মনৰ পৰা স্বাৰ্থপৰতাৰ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা সুস্থিৰ হ’ব, ভ্ৰমণত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত অধিক পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মানলৈ সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ নাশ হব, স্বাস্থ্যৰ উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য আৱেগিক হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত শুভ সংবাদ লাভ কৰিব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, কৰ্মত উন্নতি সাধন হব যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
Comments are closed, but trackbacks and pingbacks are open.