গল্প : পানীৰ মানুহ
ববিতা কলিতা
চিৰন্তন গতিত জলচক্ৰ ঘূৰিছে।মাটিৰ মায়া এৰি আকাশলৈ উৰি যোৱা জলকণাবোৰ বৰষুণ হৈ পুনৰ মাটিলৈকে নামি আহিছে।নিচলা মাটিবোৰেও নিজৰ বুকু খহাই ৰাতিতেই সাগৰ হৈ পৰিছে।পাৰভঙা পানীৰ সোঁতত পানীমেটেকাৰ দৰে উটি আহিছে সৰু-ডাঙৰ বহু মানুহৰ মূৰ।…