মদৰুৱা আড্ডাবোৰৰ কথাৰে

51

ভাৰ্গৱ কুমাৰ বৰুৱা

‘মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে

…………………..
লাগে পিছে সমাজতে ৰং সানিবলে…’

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ প্ৰাসংগিকতাৰে এই লেখা আৰম্ভণি কৰা হ’ল। গীতটোৰ কথা আৰু লেখাৰ মাজত সামঞ্জস্য বহু পৰিমাণে থকা বুলি আমাৰ বোধ হয়। সেইবাবেই গীতৰ কিয়দংশ ইয়াত উদ্ধৃত কৰা হ’ল। হয়, আমাৰ লেখাৰ মূল বিষয় হ’ল ‘আড্ডা’। ‘মদৰুৱা আড্ডা’ বুলি লিখি ইয়াত বিভিন্ন দিশ আৰু কাৰণত মদাৰ ফুলৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তাৰ বিষয়টো আমাৰ আলোচনাৰ মূল বিষয়বস্তুৰ লগত থকা সামঞ্জস্যতাহে দেখুৱাব বিচৰা হৈছে, ইয়াৰ অন্যথা আন একো নাই। এইবাবেই তেনে এক শিৰোনাম দিয়া হ’ল যে মদাৰৰ প্রয়োজনীয়তা আৰু প্ৰাসংগিকতা সকলোৰে বাবে স্বকীয় আৰু সুকীয়া। কাৰোবাৰ ই বাবে তাকৰীয়া আকৌ আন কাৰোবাৰ বাবে হয়তো সৰহ ইয়াৰ ভিন্নতাও অৱশ্যেই থাকে। সাইলাখ আমাৰ আলোচনাৰ মূল বিষয়বস্তু আড্ডাৰ কথাবোৰৰ দৰে। আড্ডাৰ ক্ষেত্ৰতো কথাটো ঠিক তেনেধৰণৰেই কাৰোবাৰ বাবে বিশেষ সময়ৰ, বিশেষ ঠাইৰ ভিন ভিন স্বাদ বা ভিন্ন বিষয়ক আড্ডাবোৰ বহু প্রয়োজনীয় আৰু প্ৰাসংগিক বুলি বিবেচিত হয়। আকৌ কাৰোবাৰ বাবে হয়তো সেয়া হৈ পৰে এলাগী বা কাষৰীয়া। আড্ডাক সংজ্ঞাত আবদ্ধ কৰাটো একপ্ৰকাৰ দুৰূহ কাম। তথাপি ভিন্নজনে ভিন্ন সময় আৰু পৰিপ্ৰেক্ষিতত ‘আড্ডা’ক সংজ্ঞাত আবদ্ধ কৰাৰ প্ৰয়াস কৰিছে। স্বনামধন্য সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ বহুপঠিত গ্রন্থ ‘অলপ চিন্তা অলপ গদ্য’ৰ ‘এক ছিংগল চাহৰ আড্ডাবোৰ’ নামৰ প্ৰবন্ধটোত আন এগৰাকী প্ৰখ্যাত ব্যংগ সাহিত্যিক তিলক হাজৰিকাই আড্ডাৰ ওপৰত বৰ সুন্দৰ এটা টিপ্পনী দিছে, ‘আড্ডা হৈছে কেন্দ্ৰহীন মানুহৰ বিকেন্দ্ৰীকৃত উপকেন্দ্ৰ’। উদ্ধৃত শাৰীটোৰ বিশদ ব্যাখ্যা উপৰিউক্ত প্ৰবন্ধটোতে সুহৃদ পাঠকসলে বিচাৰিলে নিশ্চয় পাব। আমি কেৱল আৰু এটা কথা ধাৰলৈ আনিব বিচাৰিছোঁ সেই একেটা লেখাৰ পৰা যে ‘আড্ডাৰ দুটা প্ৰধান উপাদান হ’ল এলাহ আৰু বুদ্ধি।’ কথাষাৰৰ গূঢ়াৰ্থ উপলব্ধি কৰিলে আড্ডাৰ বিষয়ে বিশদভাৱে জানিবলৈ, ক’বলৈ আপোনালোকৰো মন যাব।

তেনে এক কাৰণতে আমি এই বিষয়টিৰ ওপৰত কিছু কথা প্ৰকাশ কৰাৰ হেঁপাহটো সামৰিব নোৱাৰিলোঁ। একেবাৰে সাধাৰণ দৃষ্টিভংগীৰে আড্ডাৰ ধাৰণাটো মূল্যায়ন কৰিলে ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশেই পৰিলক্ষিত হয়। এই লেখাটিতো আমি আড্ডাৰ দুয়োটা দিশৰ ওপৰতে কম-বেছি পৰিমাণে আলোকপাত কৰিবলৈ চেষ্টা কৰিম। প্রথমে আহক আড্ডাক মানুহে কিয় ঋণাত্মক দৃষ্টিভংগীৰে চায় বা দেখে, তাৰে কিছুমান কাৰণৰ চমু বিশ্লেষণৰ ওপৰত এক আলোকপাত কৰোঁ। ওপৰত উল্লেখ কৰা ধৰণে আড্ডাৰ এক প্ৰধান উপাদান হ’ল এলাহ । গতিকে যিবোৰ মানুহে অন্য একো নকৰি কেৱল আড্ডাতে মজি থাকে, তেনে ধৰণৰ মানুহক আনে এলেহুৱা বুলিয়েই ধৰি লয় আৰু বিশেষকৈ আড্ডাৰ ফলাফল যেতিয়া শূন্য আৰু এলাগী বিধৰ হয়, তেনে আড্ডাই ঋণাত্মকতা বিয়পোৱাৰ বাহিৰে হয়তো আন একো দিব নোৱাৰে, গতিকে ইয়াৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱিত ব্যক্তিবিশেষ আৰু সমাজে তদ্রুপ আড্ডাক কেতিয়াও যোগাত্মকভাৱে ল’ব নোৱাৰে। তেওঁলোকৰ মতে কাম আৰু সময় নষ্ট কৰাৰ বাহিৰে ই একো নহয় । যিবোৰ মানুহৰ ব্যক্তিগত, সাংসাৰিক, সামাজিক, আনুষ্ঠানিক বা অনানুষ্ঠানিক দায়িত্ববোধ নাই, তেনেবোৰ মানুহেই আড্ডাত বহে বুলি আমাৰ লোকচক্ষুৰ এক দৃশ্য আৰু ধাৰণা বা বিচাৰ নাইবা একধৰণৰ ৰায় বুলিয়েই ক’ব পাৰি। এই বিশেষ ৰায়ৰ যুক্তিযুক্ততাৰ প্ৰামাণিক গ্রহণযোগ্যতা কিমান, সেয়া অৱশ্যেই এক সন্দিহান বিষয় । ইয়াৰ অন্তৰালতো কাৰণ নথকা নহয় ।

আকৌ যদি আমি আড্ডাৰ ধনাত্মক বা যোগাত্মক দিশলৈ নজৰ দিওঁ তেতিয়াওঁ বহু নতুন নতুন দিশ আমাৰ সন্মুখত উন্মোচিত হৈ উঠে। পুনশ্চঃ আড্ডাৰ আন এক উপাদান ‘বুদ্ধি’ বুলি যিহেতু স্থানান্তৰত সুধী সমাজে সজোৰে উল্লেখ কৰি থৈছে, গতিকে যিটো ধাৰণা সম্পূৰ্ণ হ’বলৈ বুদ্ধিৰ প্ৰয়োজন। সেয়া নিশ্চিতভাৱেই ধনাত্মক স্ৰোতৰ বাহক হ’ব। ভিন ভিন সময়ৰ এনে আড্ডাবোৰ পৰৱৰ্তী সময়ত একো একোটা সফল আৰু বিয়াগোম অনুষ্ঠানত পৰিৱৰ্তন হোৱাৰো বহু নজিৰ আছে। আড্ডাই কি দিব পাৰে সেয়া নিৰ্ভৰ কৰে ইয়াৰ লগত জড়িত থকা যোগাত্মক আৰু গঠনাত্মক বিষয়বস্তু আৰু অংশগ্ৰহণকাৰীসকল তথা তেওঁলোকৰ বৌদ্ধিকতা আৰু ৰুচিৰ ওপৰত।

‘সমাজ ব্যৱস্থা হ’ল মানুহৰ সভ্যতাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য, বিকাশশীল আৰু সাংঘাতিকভাৱে গতিশীল এক প্ৰক্ৰিয়াৰ নাম। এই সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিবিশেষ, একোখন বিশেষ সমাজ, একোটা অঞ্চল আৰু একোখন দেশৰ অন্যান্য দিশবোৰ কেনেভাৱে চলি আছিল, চলি আছে আৰু চলি যাব সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে। আকৌ এই সমাজ ব্যৱস্থাৰ চলমানতা বা গতিময়তা নিৰ্ভৰ কৰে কিছুমান সিদ্ধান্তৰ ওপৰত। এতিয়া প্ৰশ্নটো আহিল আমাৰ লেখাৰ বিষয়বস্তুৰ লগত ইয়াৰ সম্পৰ্ক কি, কিমান আৰু কেনেকুৱা? সম্পর্ক আছে প্রত্যক্ষ নহ’লেও পৰোক্ষকৈ হ’লেও।

সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰৰ সিদ্ধান্তবোৰ আহে আনুষ্ঠানিক আলোচনাৰ পৰিণামস্বৰূপে, ঠাই ভেদে ইয়াক কাৰ্যকৰী ৰূপ দিয়াৰ প্ৰক্ৰিয়াটো বেলেগ বেলেগ। এই ‘আনুষ্ঠানিক আলোচনা’ আৰু আমাৰ লেখাৰ বিষয়বস্তু ‘আড্ডা’ৰ মাজত প্রভেদ কিন্তু নিশ্চিতভাৱেই আছে। প্রভেদ থাকিলেও এই দুই ধাৰণাৰ মাজত সাদৃশ্যও বহুত বিচাৰি পোৱা যায়। বৌদ্ধিক উত্তৰণৰ বাবে যিবোৰ মহান অনুষ্ঠান স্বতঃস্ফূর্তভাৱে জন্ম লয় অর্থাৎ কোনো জোৰ বা হেঁচাৰ ফলত নহয় তাৰে সৰহসংখ্যকেই কিন্তু আড্ডাৰেই ফচল। অলপ আগতে উল্লেখ কৰা আড্ডাত অংশগ্রহণ কৰা ব্যক্তিসকলৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত ইয়াক আনুষ্ঠানিক আলোচনাৰ মাধ্যমেৰে এক মূৰ্ত্ত ৰূপ দিয়া হয়। আজিৰ পৰা প্রায় ৩/৪ দশক আগতে প্রান্তীয় গাঁও বা উঠি অহা নগৰবোৰত এনে বহু যোগাত্মক প্ৰভাৱৰ আড্ডাবোৰ হৈছিল আৰু তাৰ ফলাফলো সমাজহিতৈষী আছিল। উদাহৰণস্বৰূপে আমি অসমৰ গাঁওবোৰত আজিৰ পৰা কেইদশকমান আগতে চালুকীয়াভাৱে প্ৰতিষ্ঠা হোৱা সংঘ বা ক্লাববোৰৰ কথা উল্লেখ কৰিব পাৰোঁ আৰু ন দি ক’ব পাৰোঁ যে মাত্ৰ কেইজনমান সুৰুচিসম্পন্ন ব্যক্তিৰ আড্ডাৰেই ফচল সেইবোৰ। স্মৰণীয় যে “অসম উন্নতি সাধিনী সভা’ৰ দৰে অনুষ্ঠানো তেনে আড্ডাতেই জন্ম হোৱা, এনে আৰু অগণন নজিৰ আছে। আমাৰ অসমৰ প্ৰেক্ষাপটত ‘আড্ডাবোৰ’ৰ ভূমিকা যেনেকৈ সুকীয়া, ঠিক তেনেকৈ আকৌ আন এক উদাহৰণ আমি আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ ক্ষেত্ৰত আজিৰ পৰা ঠিক একেসময় অর্থাৎ ৩/৪ দশক আগৰ সময়খিনিৰ পৰা ল’ব পাৰোঁ। সেই সময়ত কলিকতাকে আদি কৰি পশ্চিমবংগৰ বিভিন্ন অঞ্চলবোৰত গঢ় লৈ উঠা ‘ফুটবল’ ক্লাববোৰ আবেলি পৰৰ কোনোবা ‘পেলে’ ‘মাৰাডোনা’ৰ দুভৰিৰ যাদুত মোহাচ্ছন্ন হৈ বহা আড্ডাৰ ফচল, যিবোৰে সেই সময়ৰ বহু ফুটবল ক্লাবক ৰাষ্ট্ৰীয় পৰ্যায়তো চমকিত কৰি তুলিছিল। দুর্ভাগ্যবশতঃ সেই অনুষ্ঠানবোৰ আৰু তাৰ উদ্দেশ্যৰাজিক পৰৱৰ্তী প্ৰজন্মই বহন কৰিব নোৱাৰাৰো উদাহৰণ বহুত পোৱা যায়। ‘আড্ডা’ৰ প্ৰাসংগিকতা কেৱল আমাৰ ৰাজ্যবোৰ বা দেশতেই নহয় ইয়াক আমি পৃথিৱীৰ প্ৰায়বোৰ সভ্য দেশতেই দেখিবলৈ পাওঁ, এক চমু উদাহৰণ হিচাপে উল্লেখ কৰি থৈ যাওঁ পৃথিৱীখ্যাত ব্ৰডৱে থিয়েটাৰৰ বহু কালজয়ী নাটকৰ ৰচনা চাৰিজনীয়া আড্ডাতেই কৰিছিল স্বনামধন্য নাট্যকাৰ ইউ. অ’. নীলে। সময় বাগৰি অহাৰ লগে লগে এই কথা বা চিন্তাও উদ্বেগজনক যে বিগত কিছু বছৰ ধৰি তেনে যোগাত্মক ‘আড্ডা’বোৰ আৰু তাৰ পটভূমিবোৰ ক্রমশঃ এৰাসুঁতিত পৰিণত হৈ আহিছে, বিভিন্ন কাৰকৰ প্ৰভাৱত। এয়া শুভ নে অশুভ লক্ষণ সুধী সমাজে বিশদ আৰু যুক্তিসহকাৰে নিশ্চয় স্থানান্তৰত আলোচনা কৰিব ।

‘মদৰুৱা আড্ডাবোৰে’ আনৰ দৰে আমাকো অনাগত দিনবোৰত নষ্টালজিক কৰিয়েই ৰাখিব নে পুনৰ আমি সেইবোৰৰ পৰা পাম সত্যজিৎ ৰায় আৰু বন্ধুবৰ্গৰ আড্ডাৰ ফচলস্বৰূপ ‘পথেৰ পাঁচালী’ৰ দৰে কালজয়ী বোলছবি ইত্যাদি। শেষত য’তে-ত’তে যেতিয়াই তেতিয়াই এনে কিছুমান আড্ডা জমি উঠক, যাক আমি আখ্যা দিব পাৰোঁ এইদৰে ‘যে আমাৰ আড্ডাবোৰ হ’ল বৌদ্ধিক, নৈবোৰৰ পৰা হঠাৎ উঠি অহা এক চিকমিকোৱা তৰংগ, যিয়ে পাৰবোৰত থৈ যায় মুকুতাভৰা কিছুমান শামুক।’

You might also like

Comments are closed, but trackbacks and pingbacks are open.