প্ৰকৃতিৰ প্ৰতি থকা আকর্ষণে মোক বাৰে বাৰে টানি লৈ যায় নৈ, বিল, পাহাৰ আৰু সাগৰলৈ। চহৰ যিমানেই ডাঙৰ নহওক লাগে নিউয়র্ক, মিয়ামি, ৱাৰৰ্চ’ কিম্বা মুম্বাই। মোক আকৰ্ষণ কৰিব নোৱাৰে। আকৰ্ষণ কৰে মোক দাঁতিকাষৰীয়া অঞ্চলে। সৰু সৰু ঠাইবোৰৰ সহজ-সৰল মানুহবোৰো মোৰ বৰ প্ৰিয়।
চাব জানিলে অসম তথা উত্তৰ-পূবৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত পৃথিৱীৰ কোনো দেশে ফেৰ মাৰিব নোৱাৰে। মাথোঁ আমাৰ যাতায়াত তথা পৰ্যটনৰ সুবিধা অলপ কম । লাহে লাহে অৱশ্যে উন্নতিৰ পথলৈ ধাৱমান হৈছে।
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান প্ৰকৃতিৰ বৰদান। জানুৱাৰী মাহৰ এটা সুন্দৰ দিন । এই সময়খিনিত পৰিভ্ৰমী চৰাই অসমৰ বহু নৈ-বিললৈ আহে । তাৰ আকৰ্ষণতেই আমি যাবলৈ ওলাইছিলোঁ। নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ এই বিল দৰ্শনৰ উত্তম সময় বুলি কোৱা হয়, কিন্তু বতৰৰ পৰিৱৰ্তনে ইয়াৰ সময় যেন অলপ কমাই আনিছে। গৰম আৰু শুকান বতৰৰ বাবে মাৰ্চ মাহৰ পৰাই চৰাইবোৰ উভতি যাবলৈ ধৰে বুলি স্থানীয় মানুহে আমাক জানিবলৈ দিলে।

আমাৰ এই ভ্ৰমণটোৰ বাবে আগতীয়াকৈ তাৰ এজন গাইডৰ লগত কথা পাতি থোৱা হৈছিল। তেওঁৰ নাম হীৰেন সেনাপতি। তেওঁ আমাক মাগুৰি বিল আৰু ডিব্ৰু নদীৰ ডলফিন দেখুওৱাৰ দায়িত্ব ল’লে। এই বিল তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ দহ কিলোমিটাৰ নিলগত। অসমৰ যিকোনো ঠাইৰ পৰা তিনিচুকীয়ালৈ ৰে’লসেৱা, বাছসেৱা সহজে উপলব্ধ । বিমানৰ বাবে নিকটৱৰ্তী বিমানবন্দৰ হৈছে মোহনবাৰী, ডিব্ৰুগড় । মোহনবাৰীৰ পৰা মাগুৰি বিলৰ দূৰত্ব পঞ্চাশ কিলোমিটাৰ মান হ’ব। মাগুৰিবিল ডিব্ৰু নদীৰ দক্ষিণপাৰে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ঠিক বাহিৰতে অৱস্থিত। এইখিনিতে থোৰতে অকণমান মাগুৰি মতাপুং বিলৰ কথা কৈ থওঁ। এই বিলত এসময়ত হেনো প্ৰচুৰ মাগুৰ মাছ পোৱা গৈছিল আৰু মতাপুং নামৰ কাষত থকা গাঁওখনৰ বাবেই হেনো ইয়াৰ নাম মাগুৰি মতাপুং বিল হৈছিল । এতিয়া অৱশ্যে ক’বলৈ সুবিধাৰ বাবে অকল মাগুৰি বিল বুলিহে সকলোৰে মুখত প্ৰচলিত হ’ল। ই যেন অকল এখন বিল নহয়। নান্দনিক প্রাকৃতিক সৌন্দৰ্যৰে ভৰা নানা দেশী-বিদেশী চৰাইৰ আশ্রয়স্থলী । এই বিলক মুম্বাইৰ নেচাৰেল হিষ্ট্ৰী ছ’চাইটীয়ে গুৰুত্বপূৰ্ণ পক্ষীৰ এলেকা বুলি ঘোষণা কৰিছে। চৰাই-চিৰিকটিৰ যেন ই ৰম্যভূমি। এতিয়ালৈকে ইয়াত তিনিশৰো অধিক চৰাই চিনাক্ত কৰিছে। তাৰে এশৰ ওপৰ থলুৱা চৰাই আৰু বাকীখিনি পৰিভ্ৰমী চৰাই। শীতকালত সুদূৰ ইউৰোপ, মধ্য এছিয়া, মংগোলীয়া, ছাইবেৰিয়া আদি দেশৰ পৰা এই পৰিভ্ৰমী চৰাইবোৰ আহি বিলৰ সৌন্দৰ্যত যেন সোণত সুৱগা চৰায়। বহু বছৰ বিৰতিৰ পিছত পৃথিৱীৰ ধুনীয়া হাঁহ বুলি বিবেচিত মেণ্ডাৰিন ডাক (Mandarin duck) পুনৰ আহিবলৈ লোৱাটো এটা শুভলক্ষণ। আন আন চৰাই যেনে- চাকৈচকোৱা (Ruddy Shelduck), কামচৰাই (Indian moor hen), দলপুঙা (Jacana), বিভিন্ন আকোহী বগ (Ibis), ধৃতৰাজ (Bar headed goose) আদি বিভিন্ন চৰাইৰ এই বিল বিচৰণথলী।

পুৱা আমি আঠ বজাত যাত্ৰা আৰম্ভ কৰিছিলো দুখন গাড়ীৰে। পথ অতি সুন্দৰ ৷ সেয়ে আমি এঘণ্টা দহ মিনিটতে মাগুৰি বিল পালোঁগৈ ৷ আমাৰ বাবে হীৰেন সেনাপতি তাতেই অপেক্ষা কৰি আছিল। সৰু নাৱেৰে মাগুৰি বিলত নৌকা বিহাৰৰ লগতে পক্ষী নিৰীক্ষণ আৰু ইঞ্জিনচালিত নাৱেৰে ডিব্ৰু নদীৰ বুকুত নৌকা বিহাৰৰ লগতে ডলফিন নিৰীক্ষণ। এটা সুন্দৰ ব্যৱস্থা। তেওঁৰ সেই ঠাই আৰু জৈৱবৈশিষ্ট্য আৰু পক্ষীকুলৰ বিষয়ে যথেষ্ট জ্ঞান আছে। এজন ভাল গাইড বুলি একেষাৰে ক’ব পাৰি। আমাক ইমান বন্ধুত্বপূর্ণভাৱে সকলোতে আগবঢ়াই নিলে যে তেওঁক সদায় মনত ৰাখিম। তেওঁ আমাক ক’লে যে আগতে মাগুৰি বিলত নৌকাবিহাৰৰ পিছতহে আমি পুৱাৰ জলপান কৰিলে ভাল হ’ব। ৰ’দ বেছি হৈ আহিলে ভালদৰে পক্ষী চাবলৈ নাপাম । সেয়ে আমি তেওঁ ঠিক কৰি ৰখা টুলুঙা নাৱত উঠিলোঁ। এখন নাৱত ছয়জনকৈ যাত্ৰী ল’ব পাৰে। স্থানীয় মানুহে এইবোৰ চলায়। আজিকালি যথেষ্টসংখ্যক পর্যটক অহাৰ বাবে তেওঁলোকৰো আয় হোৱা বুলি জানি ভাল লাগিল। এই বিলৰ ন দশমিক ছয় বৰ্গকিলোমিটাৰ জলক্ষেত্ৰ ঘূৰিবলৈ প্ৰায় এঘণ্টা সময় লয়। বিলৰ দৃষ্টিনন্দন ৰূপ দেখি আপ্লুত হৈ পৰিলোঁ। গোটেই বিলখনত গুলপীয়া ৰঙৰ ভেঁট ফুলেৰে ৰমকজমক হৈ পৰিছে। নানা জৈৱবৈচিত্র্য ৰেও ভৰপূৰ। স্ফটিক স্বচ্ছ পানীত ব’ঠা মাৰি আমাক আগুৱাই লৈ গ’ল ৷ পানী ইমানেই পৰিষ্কাৰ যে পানীৰ তলৰ গছৰ শিপা, শিল স্পষ্ট ৰূপত ধৰা দিছে আমাৰ চকুত। অপূর্ব। অলপ দূৰ যোৱাৰ পিছতেই দেখিবলৈ পালোঁ অলেখ পৰিভ্ৰমী চৰাই । চাকৈচকোৱা (Ruddy shelduck), আকোহী বগ (Glossy Ibis), মাছৰোকা (Pied kingfisher), শিলকতৰা (Saibarian stonechat), দলম’ৰা (Phesant tailed Jacana), কামচৰাই (Purple moor hen) ইত্যাদি। বিল নহয় যেন এইখন স্বৰ্গপুৰী। মন ভৰাই তুলিলে। কেমেৰাত বন্দী কৰিলোঁ তাৰ কিছুমান ছবি। ক’লা-বগা মাছৰোকা মই প্রথম দেখিলোঁ। আগতে কেতিয়াও দেখা মনত নপৰে। যিহেতু ইয়াৰ অসমীয়া নাম নাই মই নামাকৰণ কৰিলো উকীল মাছৰোকা বুলি। যোৰ পাতি ফুৰা চাকৈচকোৱাবোৰ দেখি বৰ ভাল লাগিল। আগতে আমাৰ আইতাহঁতে দিয়া উপমালৈ মনত পৰিল। খুব মিলাপ্ৰীতিৰে একেলগে ঘূৰি ফুৰা স্বামী-স্ত্ৰী দেখিলে কৈছিল ‘এইহাল চাকৈচকোৱা’। সঁচাকৈয়ে এই চৰাই যেন প্ৰেমৰ প্ৰতীক। ইহঁতে গোটেই জীৱনৰ বাবে একে লগৰীতেই সন্তুষ্ট থাকে। প্রজননৰ সময়ত মাইকীজনীয়ে আহি জলাশয়ৰ পাৰত মতাটোৰ চাৰিওপিনে আনন্দেৰে ঘূৰি মতাটোক আকৰ্ষিত কৰে, কিন্তু পানীতহে ইহঁতৰ প্ৰজনন হয়। মাইকীজনীয়ে সাধাৰণতে আঠৰ পৰা বাৰটালৈকে কণী পাৰে। এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে ইহঁতৰ প্ৰজননৰ সময়। দক্ষিণ-পশ্চিম ইউৰোপৰ বহুতো ৰাজ্য ইহঁতৰ পছন্দৰ ঠাই। তাতেই সাধাৰণতে বংশবৃদ্ধি কৰে। আন বহু ৰাজ্যতো তাকৰীয়াসংখ্যক চাকৈচকোৱা পোৱা যায়। ইমানেই ইহঁতৰ মিল যে মাইকীজনী উমনিত বহাৰ সময়ত মতা চৰাইটো ওচৰতে থাকে । চাৰি সপ্তাহৰ অন্তত কণী ফাটি পোৱালি ওলায় আৰু আঠ সপ্তাহত উৰিব পৰা হয়। তেতিয়াহে সিহঁত দুয়োটা মুকলি হয় ৷

প্রায় এঘণ্টা সময় যেন এখন অনন্য পৃথিৱীত বিচৰণ কৰি ফুৰিছিলো এনে ভাব হৈছিল। মাজে মাজে দেখিছিলো মাছৰ বাবে জাল পাতি থোৱা। এৰি আহিবলৈ মন নাথাকিলেও সময়ৰ তাগিদাত উভতি আহিলোঁ পাৰলৈ৷ মনে মনে ভগৱানক প্ৰাৰ্থনা কৰিলো এই বিলৰ ওপৰত যেন পুনৰ কোনো দুৰ্যোগ আহি নপৰে। মনত পৰিছিল ২০২০ চনত বাঘজানত হোৱা গেছ পাইপ বিস্ফোৰণত ক্ষতি হোৱা পক্ষীকুল, জীৱকুল আৰু উদ্ভিদবোৰৰ ছবিবোৰলৈ ৷ চৰকাৰ আৰু স্থানীয় মানুহৰ সহযোগত এতিয়া আকৌ ঠন ধৰি উঠিছে মাত্ৰ। এনেকৈয়ে যেন থাকে সদায়। এইবাৰ যাম ডিব্ৰু নদীৰ পাৰলৈ ৷
গাড়ীৰে গৈ পালোঁগৈ ডিব্ৰু নদীৰ ঘাট। আমাৰ বাবে তাত ৰৈ আছিল সৰু জাহাজখন ৷ আমাৰ পুৱাৰ জলপান তাতেই যোগাৰ কৰিছিল। জাহাজখন আছিল দুই খলপীয়া। তলৰ খলপত আছিল ৰান্ধনীশাল। তাতেই ৰান্ধি আমাৰ বাবে লুচি, ভাজি, সিজোৱা কণী আৰু চাহেৰে পুৱাৰ আহাৰ পৰিৱেশন কৰিছিল। গৰম গৰম সেই খোৱা আছিল অতি সুস্বাদু। আহাৰ খাই আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। উদ্দেশ্য আছিল নদীৰ ডলফিন চোৱা। যাক অসমীয়াত শিহু বুলি কোৱা হয়। এই নদী গৈ লুইতত মিলিছেগৈ আৰু তাতেই শিহুবোৰৰ বিচৰণথলী। ২০২৫ চনৰ মে’ মাহত চলোৱা জৰীপ অনুসৰি অসমত ৬৩৫টা ডলফিন আছে। ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈ কামৰূপৰ কুলশী আৰু লখিমপুৰৰ সোৱণশিৰিত এই শিহু পোৱা যায়। আমাৰ জাহাজ আগবাঢ়িছিল। এটা আনন্দমুখৰ পৰিৱেশ গঢ় লৈ উঠিছিল। সূৰ্যৰ প্ৰখৰ ৰ’দ পৰি নদীৰ পানীয়ে নীলা ৰং ধাৰণ কৰিছিল। এনে লাগিছিল আমি যেন সাগৰতহে যাত্রা কৰিছোঁ। সোঁত ধীৰ। সেইদিনা যিহেতু আছিল ১৭ জানুৱাৰী মানে শিল্পী দিৱস। জ্যোতিপ্ৰসাদ আগৰৱালাক সুঁৱৰি আমি গীত জুৰিছিলোঁ- ‘লুইতৰে পানী যাবি অ’ বৈ’। মাজে মাজে থলুৱা বৰিয়লা মাছৰ ভজা পৰিৱেশন কৰিছিল। সেই মাছৰ সোৱাদ অনন্য। হীৰেনে আমাক জনালে যে আমি এতিয়া ডলফিন পোৱা ঠাই পামগৈ। আমাৰ সকলোৰে দৃষ্টি পানীৰ ওপৰত। ভাগ্য ভাল থাকিলে বহুত ডলফিন পোৱা যায় ৷ আমাকো অৱশ্যে বিমুখ নকৰিলে। প্রায় পাঁচটা ডলফিন দেখিলোঁ। সুন্দৰকৈ ওপৰলৈ জাঁপ মাৰি উঠিছে। চিনেমা অথবা বিদেশত ডলফিনৰ শ্ব’ দেখাৰ বাহিৰে ডলফিনৰ এনে জলকেলি কেতিয়াও দেখা নাছিলোঁ । কিমান যে ভাল লাগিছিল ভাষাৰে বৰ্ণনা কৰাত মই অপাৰগ ৷ মাথোঁ চাই গ’লো ৷ মন ভৰি গ’ল। নদীৰ বুকুৱেদি বালি কঢ়িয়াই অনা মেচিন নাওবোৰে ডলফিনবোৰৰ অহা-যোৱাত যথেষ্ট ব্যাঘাত জন্মোৱা পৰিলক্ষিত হ’ল ৷ বহু সময় ঘূৰাৰ পিছত আমাক নদীৰ মাজৰ এটা চাপৰিত ৰখাই দিলে। হীৰেনে ক’লে যে ইয়াতে দুপৰীয়াৰ আহাৰ কৰি লওক। বাহিৰত বেলিৰ প্রচণ্ড উত্তাপ। তথাপি আমি নামি গৈ অলপ ঘূৰিলো ৷ বতাহ আছিল বাবে গৰম অনুভৱ হোৱা নাছিল। বালিবোৰ ৰূপালী ৰং হৈ জিলিকি উঠিছে। কাষত নদীৰ নীলা পানী। এক অপৰূপ সৌন্দর্য। অলপ ৰং-তামাচা কৰি পুনৰ জাহাজলৈ উঠি আহিলোঁ। ইতিমধ্যে আমাৰ খোৱা পৰিৱেশন কৰিছে। থলুৱা মাছ আৰু কুকুৰাৰে কম মছলাৰে ৰান্ধি দিয়া ভাতসাঁজৰ সোৱাদ আছিল অনন্য। ভাত খাই আমি আৰু অলপ আগুৱাই গ’লোঁ । নদীৰ মাজত নৌকা বিহাৰৰ অভিজ্ঞতা যাৰ হৈছে তেওঁলোকেহে উপলব্ধি কৰিব পাৰিব, তাৰ সোৱাদ। কি যে ভাল লগা । এইবাৰ গৈ নামিলোঁগৈ আন এটা চাপৰিত । এই চাপৰিটো বগৰী চাপৰি বুলি জনাজাত। যথেষ্ট ওখ আৰু ডাঙৰ। অলপ বগুৱাবাই উঠি গ’লোঁ । এখন বগৰী বাৰী বুলিয়েই ক’ব পাৰি। গোটেই চাপৰিটোত হেনো হাজাৰৰ ওপৰত বগৰী গছ আছে। বালিময় চাপৰিটোত অলপ দূৰে দূৰেই বগৰী গছ চকুত পৰিল । তাতেই কেইঘৰমান নেপালী সম্প্ৰদায়ৰ মানুহে গৰু, ম’হ, ছাগলী আদি পুহি বসবাস কৰি আছে। ভৰবাৰিষাত কেনেকৈ কটাই তাকে ভাবিহে আচৰিত হৈছিলোঁ। পকিবলৈ ধৰা বগৰীবোৰ দেখি ৰ’ব নোৱাৰিলোঁ । ছিঙি মোনাত ভৰোৱাৰ লগতে দুই এটা মুখতো ভৰালোঁ৷ ল’ৰালি উভতি আহিল মনলৈ । হীৰেনে দেখুৱাই দিলে কোনজোপা বগৰী মিঠা হয়। লাহে লাহে বেলি লহিয়াবৰ সময় হৈ আহিল। আমিও উভতিবৰ বাবে জাহাজলৈ আহি আছোঁ, আনফালে আকাশৰ বৰণ সলনি হ’বলৈ গৈ আছে। বেলিটো যেন এটা পকা সুমথিৰা টেঙালৈ সলনি হৈছে। লগতে আকাশখনকো কৰি পেলাইছে ৰঙা-সুমথিৰাৰ এটা সংমিশ্ৰিত ৰং। কি অপূর্ব সমাহাৰ । এই নান্দনিক ৰূপ হেঁপাহ পলুৱাই পান কৰিলোঁ ৷ ফটো ল’লো কেইবাখনো। চাক্ষুষ দৰ্শনৰ ৰূপ ফটোৰে ধৰি ৰখা সম্ভৱ নহয় ৷ তথাপি যিমান পাৰো ধৰি ৰখাৰ চেষ্টা কৰিলোঁ ৷ লাহে লাহে শীত বাঢ়ি আহিল। গৰম কাপোৰ পৰিধান কৰি বহি ল’লোঁ। তাতেই একোকাপ গৰম চাহ আৰু বিস্কুট পৰিৱেশন কৰিলে। ভাল লাগিল। লাহে লাহে আমাৰ জাহাজ পাৰৰ দিশে গতি কৰিলে। দূৰৰ পৰাই চকুত পৰিল অ’ত-ত’ত সিঁচৰতি হৈ জ্বলি থকা বিজুলী-বাতিবোৰ। যেন তৰাৰ সৈতে দ্বিতীয় এখন আকাশ। আমাৰ জাহাজৰ লংগৰ পেলালে। এটি সুন্দৰ দিনৰ পৰিসমাপ্তি ঘটিল। আমিও গাড়ীত বহিলোঁহি মৰাণলৈ বুলি। দিনটোৰ স্মৃতিয়ে মন ভৰাই তুলিলে। চৰাইৰ কলৰৱবোৰ বহুদিনলৈ প্ৰতিধ্বনিত হল কর্ণকুহৰত।
মঞ্জুলা বৰ্মন
Comments are closed, but trackbacks and pingbacks are open.