ব্ৰণৰ সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ

8

ব্ৰণৰ সমস্যা (Acne) এক অতি সাধাৰণ ছালৰ সমস্যা, যি বিশেষকৈ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ মাজত বেছিকৈ দেখা যায়। কিন্তু সঠিক যত্ন ল’লে এই সমস্যা বহুখিনি নিয়ন্ত্রণ কৰিব পৰা যায়।

ব্ৰণৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানত

কি কৰিব

  • মুখখন দিনে দুবাৰকৈ ধুব
  • আপোনাৰ ছালৰ উপযোগী ফেছৱাশ্ব ব্যৱহাৰ কৰিব (যিবোৰত চেলিচাইলিক এচিড, মেণ্ডেলিক এচিড, এজেলিক এচিড, গ্লাইকলিক এচিড, টি-ট্রি অইল বা নিয়াচিনামাইড আদি থাকে)।
  • ছানস্ক্ৰীন ব্যৱহাৰ কৰিব, SPF 30 বা তাতকৈ অধিক থকা ‘Aqua’ বা ‘Gel’ ভিত্তিক ছানস্ক্ৰীন ব্যৱহাৰ কৰিব
  • মূৰৰ ছাল পৰিষ্কাৰ ৰাখিব, মূৰৰ ছাল সদায় পৰিষ্কাৰ আৰু তেলমুক্ত কৰি ৰাখিব লাগে ।
  • ব্ৰণ হাতেৰে চুই নাথাকিব বা টিপিব নালাগে, ই ছালখন সোনকালে ভাল হোৱাত সহায় কৰে আৰু দাগ পৰা প্ৰতিৰোধ কৰে ।
  • ছালৰ আৰ্দ্ৰতা ৰক্ষাৰ বাবে ‘Non-Comedogenic’ আৰু লঘু ‘Aqua’ ভিত্তিক মইশ্বৰাইজাৰ ব্যৱহাৰ কৰিব ৷
  • যিকোনো প্রসাধন ক্ৰয় কৰোঁতে সদায় ‘Non-Comedogenic’ লেবেল থকা সামগ্ৰী চাব ।

খাদ্যাভ্যাস

  • স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিব আৰু অতিৰিক্ত চেনিযুক্ত বা তেলত ভজা খাদ্য পৰিহাৰ কৰিব।
  • পর্যাপ্ত পৰিমাণে পানী খাব।
  • দৈনিক ৭-৮ ঘণ্টা পর্যাপ্ত জিৰণি ল’ব আৰু টোপনি সম্পূৰ্ণ কৰিব।
  • নিয়মীয়াকৈ ব্যায়াম কৰিব আৰু সঠিক সময়ত আহাৰ গ্ৰহণ কৰিব । শীতল পানীয় বা চেনিযুক্ত খাদ্যৰ পৰা আঁতৰি থাকিব ৷

কি নকৰিব

তেল ব্যৱহাৰ নকৰিবঃ মূৰৰ ছাল বা মুখত তেল নিদিব, ইয়াৰ ফলত উফি বা ‘Seborrhoea’ বৃদ্ধি পাব পাৰে। তেলে নোমৰ বিন্ধাবোৰ বন্ধ কৰি ব্ৰণ অধিক ভয়াৱহ কৰি তোলে।

OTC সামগ্ৰী পৰিহাৰ কৰিবঃ ব্রণ উঠি থকা অৱস্থাত ডাক্তৰৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ পৰা যিকোনো ক্রীম বা সামগ্ৰী কিনি ব্যৱহাৰ নকৰিব। এনে সামগ্ৰীত থকা ষ্টেৰয়ডজাতীয় উপাদানে ব্ৰণৰ সমস্যা জটিল কৰি তুলিব পাৰে ।

অতিৰিক্ত মুখ ধোৱাঃ মুখখন বাৰে বাৰে ধুই নাথাকিব। ইয়াৰ ফলত ছালত প্ৰাকৃতিক তেলৰ উৎপাদন বৃদ্ধি হৈ ব্ৰণৰ সমস্যা বেছিহে কৰিব পাৰে ৷

নিজে ঔষধ গ্ৰহণ নকৰিবঃ এণ্টিবায়টিক (যেনে- Doxycycline, Minocycline) বা ৰেটিনইড (Retinoids) আদি ঔষধ ডাক্তৰৰ পৰামৰ্শ অবিহনে কেতিয়াও ব্যৱহাৰ নকৰিব।

ঘৰুৱা প্ৰতিকাৰঃ যিকোনো ঘৰুৱা উপায় ব্যৱহাৰ কৰিলে ছালৰ বিন্ধাবোৰ বন্ধ হৈ তেল বেছি উৎপন্ন হ’ব পাৰে৷

মেকআপঃ নিয়মীয়াকৈ ‘Comedogenic’ মেকআপ ব্যৱহাৰ কৰিলে ব্ৰণৰ সমস্যা বৃদ্ধি পায়।

মেকআপ পৰিষ্কাৰ নকৰাঃ শুৱাৰ আগতে মেকআপ ভালদৰে নাতৰালে বা সঠিক ক্লীনজাৰ ব্যৱহাৰ নকৰিলে ব্ৰণ আৰু ক’লা দাগ বৃদ্ধি হয় ।

ব্রণ টিপাঃ ব্রণ টিপিলে বা ফোটোকালে ছালত স্থায়ী দাগ পৰিব পাৰে আৰু সংক্ৰমণ কাষৰীয়া ঠাইলৈ বিয়পি যাব পাৰে।

অস্বাস্থ্যকৰ আহাৰঃ সঠিক খাদ্য গ্ৰহণ নকৰিলে হৰমনৰ ভাৰসাম্যহীনতা আৰু ইনচুলিন প্ৰতিৰোধ বৃদ্ধি পাই ব্ৰণৰ সমস্যা জন্মায়।

বেয়া অভ্যাসঃ ধূমপান, মদ্যপান, অনিয়মিত খোৱা-বোৱা আৰু টোপনিৰ অভাৱে এই সমস্যা অধিক শোচনীয় কৰি তোলে।

মনত ৰাখিব, সকলোৰে ছাল একে নহয়, সেয়েহে আনে ব্যৱহাৰ কৰা ক্ৰীম বা ঔষধ নিজে ব্যৱহাৰ নকৰাই ভাল। এই ক্ষেত্ৰত চিকিৎসকৰ পৰাপৰ্শ লোৱা উচিত।

ডাঃ সুদীপ্তা দত্ত দাস
MBBS
(GMCH), FAM (New Delhi),
DAM (Canadian board of Aesthetic Medicine)

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.