গল্পঃ মাতৃত্ব

16

শোৱনিকোঠাটো গোবৰ আৰু ৰঙা মাটিৰে মচি আলহী বহা কোঠা পাই মানে জেতুকীৰ কপালত বিন্দু বিন্দু ঘাম নিগৰিছে। ভিতৰ সোমোৱাৰ আগতেই ঘৰ-বাৰী, কাপোৰ-কানি ধুই পখালি নল’লে বহুত দিনলৈ সেইবোৰ তেনেকৈয়ে থাকিব। সান্দহ, পিঠাগুড়ি কেইটামান যোগাৰ কৰি থ’ব পৰা হ’লেও ভালেই আছিল, ল’চালি তিনিটাৰ লগতে মানুহটোৱেও খাব পাৰিলেহেঁতেন। তাই মনতে ভাবিলে। পিছে তাই দেহাই আৰু কিমান ভাৰ ব’ব। ইটোৰ পিছত সিটোকৈ সন্তান জন্ম দিওঁতে জেতুকীয়ে আন কথা ভাবিবলৈ সময় নোপোৱাৰ দৰে হৈছেগৈ। চতুৰ্থবাৰৰ বাবে তাই মাক হ’ব। আগৰ দুটাকৈ ল’ৰা আৰু এজনী ছোৱালী থকাৰ পিছতো…। মানুহে বু বু বা বা কৰিছে। চুবুৰীয়াৰ কেইজনীমান গোট খালেতো কথাই নাই। জেতুকী নামটো আলোচনাৰ বিষয় হৈ পৰে। ইজনীয়ে সিজনীক হেঁচুকি কথাৰ ৰগৰ তোলে।’ ঔ আই, সেইজনী ল’চালি পাবলৈহে কণল’ৰালৈ আহিল অ’…। বুইছেনে ইটোৰ পৰা সিটো পোৱালৈ বোলে মূৰ গা ধুয়েই নাপায়, গা বন্ধ হয়েই, মানুহ নহয় যেন ল’চালি পোৱা মেচিনহে।’ সেই সময়ত তেওঁলোকৰ হাঁহিত টিনপাতৰ চালি উৰু যেন হয়। জেতুকীৰ কাণতো কথাবোৰ নপৰা নহয়। কিন্তু তাই কি কৰিব? ভগৱানে দিয়া দান বুলি গ্ৰহণ কৰোঁতে কৰোঁতে এইবাৰ চাৰি নম্বৰত ভৰি দিলে। নাই এইবাৰ কিবা এটা কৰিব লাগিব। জেতুকীয়ে নিজেই নিজৰ সৈতে আলোচনা কৰে কথাবোৰ ৷ কণল’ৰাই দিন হাজিৰা কৰি পোৱা টকাৰে ঘৰখন নচলে। হাঁহ, ছাগলী, শাক-পাচলি বেচি পোৱা পইচাৰে ল’ৰা-ছোৱালীকেইটাৰ আলপৈচান ধৰিবলৈ জেতুকীৰ কেতিয়াবা টনাটনি হয়। তেতিয়া তাই কণল’ৰাক অভিধানত নথকা গালিৰে কাপোৰ ধোৱাদি ধোৱে। এটুপি খাই ঘৰলৈ ওভতা কণল’ৰা নিতাল মাৰি বহি থাকে। অকলে বকি বকি জেতুকীৰ মুখখন আপোনা-আপুনি বন্ধ হৈ যায়। কথাবোৰ ভাবি থাকোঁতে তাইৰ হাতৰ গোবৰ মাটি শুকাই কৰকৰীয়া হয়। ল’ৰালৰিকৈ পিৰালীটো মচি তাই হাত-ভৰি ধুই আজৰি হয় । ডাঙৰ দুটা অংগনৱাড়ী স্কুলৰ পৰা আহিবৰ সময় হৈছে। সিহঁতক আজি স্কুলৰ পৰা মটৰ আৰু চাতুগুৰি দিব। কণমানিজনী শুই উঠিবৰে হ’ল। চাতুগুৰি দিলে তাকেই সিজাই সিহঁতৰ লগতে তায়ো অকণমান খাব, অকণমানিজনীকো খুৱাব বুলি ভাবি তাই বাটলৈ চাই আছে। দুয়োটা ল’ৰা হাতত ধৰাধৰিকৈ যাব পৰা হৈছে। হঠাৎ জেতুকীৰ তাই বাঢ়ি অহা পেটটোলৈ চকু গ’ল। ‘এইবাৰ ইয়াত বা কি সোমাইছে…। একেবাৰে ভীমৰ সদৃশ হ’ব যেন পাওঁ। যিকেইটাহে গোৰ দিয়ে কেতিয়াবা, ছালখন ফাটি যায় যেন লাগে। টোকোনাৰ ঘৰলৈ কি খাবলৈ বা আহিব।’ মুখৰ ভিতৰতে ভোৰভোৰাই থাকোঁতে তাইৰ ভাবনাৰ যতি পেলাই ল’ৰাহাল টোপোলা দুটা হাতত লৈ ঘৰলৈ মা মা কৈ চিঞৰি আহিল। তাই আগবাঢ়ি গৈ সিহঁতৰ হাতৰ পৰা টোপোলা দুটা নিজৰ হাতলৈ লৈ ভিতৰলৈ সোমাই আহোঁতেই ল’ৰা দুটাৰ চিঞৰ-বাখৰত অকণমানিজনী ভয় খাই শুৱাৰ পৰা উঠি উশাহ নসলোৱাকৈ কান্দিবলৈ ধৰিলে। জেতুকীয়ে টোপোলা দুটা ঠাইতে পেলাই ছোৱালীজনী বিছনাৰ পৰা তুলি বুকুত সাবটি লৈ ল’ৰা দুটাক বকবকাই উঠিল। উতলা ভাতৰ বকবক শব্দৰ দৰে মাকৰ গালিবোৰ শুনি শুনি অভ্যস্ত হোৱা সিহঁতে সেই গালিলৈ কেৰেপ নকৰি, আগদিনাৰ কৰ্কৰা ভাতখিনি নিমখ এজেপা লৈ দুয়োটাই খাবলৈ ধৰিলে। জেতুকীয়ে ছোৱালীজনীক পিয়াহ খুৱাই বিছনাখনতে বাগৰ দিলে।

আগদিনা ঘৰ মচা, বাৰী চিকুণোৱা কামবোৰ চমু চপাত তাই ল’ৰা-ছোৱালীকেইটাৰ মলিয়ন কাপোৰবোৰ ধুই পখালি আজৰি হওঁতেই বেলি মূৰৰ ওপৰত উঠিল। ক্ষন্তেকতে তাইৰ পেটটো ভৰ কৈ ধৰাত তাই লৰালৰিকৈ ভিতৰ সোমাল । তাই জানিছে, প্ৰসৱৰ সময় সমাগত। দুই এটা সৰু সৰু বিষ আহিব ধৰিছে। সেয়ে ডাঙৰ ল’ৰাটোক ওচৰতে থকা পুহিতা পেহীয়েকক মাতি আনিবলৈ পঠাই তাই খৰকৈ মাটিত বস্তা দুটা পাৰি কঠাখন মেলি দিলে। বেৰ আঁউজাই থোৱা মজবুত বাঁহডালত ৰছী এডাল বান্ধি তাই কঠাখনত বহি ৰছীডাল খামুচি ধৰি তললৈ বিষ দিব ধৰিলে। কণল’ৰা কামৰ পৰা সোনকালে আহি ঘৈণীয়েকৰ আলেখলেখ চাই বাজ ভিতৰ কৰিবলৈ ধৰিলে। পুহিতা পেহীয়েক আহি পানী অকণ জাৰি খাবলৈ দিয়াত জেতুকীৰ বিষ ঘন হৈ আহিল। বেলি লহিয়াবলৈ লওঁতেই জেতুকীৰ গৰ্ভ খালাচ হৈ চতুর্থ সন্তানে পৃথিৱী স্পৰ্শ কৰি কেঁহেৰ কেঁহেৰকৈ কান্দিবলৈ ধৰিলে। পুহিতা পেহীয়েকে বাজলৈ ওলাই কণল’ৰাক চিঞৰি চিঞৰি ক’লে, ‘এজনী লোদোৰ-পোদোৰ ছোৱালী হৈছে অ’ কণল’ৰা । ঐ হতচি হোৱা ক’ত গ’লি অ’, দুটা ল’ৰা, দুজনী ছোৱালী পালি যেতিয়া এইখন খেতিখোলা সামৰিবি আও পায়। ঘৈণীয়েৰজনীকনো আৰু কিমান যাতনা দিয় ৷’ পুহিতা পেহীয়েকৰ অবাইচ গালিবোৰ শুনি কণল’ৰা ডাঙৰ ছোৱালীজনী লৈ বাটৰ ফালে খোজ দিলে।

চাৰিটা ল’ৰা-ছোৱালীৰ সৈতে সিহঁতহালৰ এতিয়া ছটা পেটৰ চিন্তা। ডাঙৰ দুটা অংগনৱাড়ী স্কুলৰ পৰা এইবাৰ প্ৰাথমিক স্কুলত নাম লগাইছে। ছাগলীকেইজনীৰ পোৱালি সাতটাও ডাঙৰ হৈছে। সৰুজনী ছোৱালীজনীয়ে এখোজ দুখোজ দিবলৈ পালে কি নাই, জেতুকীয়ে মচুৰ দাইলৰ গোন্ধ সহিব নোৱাৰি ওক্‌ ওক্‌কৈ ওকালিয়াবলৈ ধৰিলে। নাকৰ পানী, চকুৰ পানী একাকাৰ হৈ জেতুকী বতিয়াই থকা ঠাইতে বহি পৰিল । সৰুজনী হোৱাৰ পিছত দুবাৰ নে তিনিবাৰ গা ধুইছিলহে, আকৌ গা বন্ধ হ’লেই নে…। তাইৰ মূৰত সৰ্গখন ভাগি পৰাৰ দৰে হ’ল। কাক ক’ব, কোনে পতিয়াব? পুহিতা পেহীয়েকক যদি কয়, তেন্তে তেওঁ জকজকাই ‘মৰতী, আকৌ মৰিবৰ হ’লেইনে’ বুলি গালিত কুকুৰ পিতা কৰিব নাই, এইবোৰ কথা কাকো নজনোৱাকৈ তাই কণল’ৰাক লৈ হাস্পতাললৈ যাব আৰু কোনেও নজনাকৈ খালাচ হৈ আহিব। কণল’ৰা কামৰ পৰা অহাৰ পাছত চৈধ্য পুৰুষ উজাৰি গালি এসোপা পাৰি জেতুকীয়ে তাইৰ কথাবোৰ কৈ পিছদিনা হাস্পতাললৈ যোৱাটো সিদ্ধান্ত কৰিলে।

পুৱাই সকলো কামবন কৰি, ল’ৰা- ছোৱালীকেইটাক স্কুললৈ পঠাই, গৰু-ছাগলী আত লগাই, সৰু ছোৱালীজনী পিঠিত বান্ধি কণল’ৰা আৰু জেতুকী যথাসময়ত হাস্পতাল পালেগৈ। কোনোদিন এইবোৰ ঝামেলাত নোসোমোৱা কণল’ৰাই ছোৱালীজনী কোঁচত লৈ হাস্পতালখনৰ চতুৰ্দিশে ইফাল সিফাল কৰি ফুৰিব ধৰিলে। মহিলাৰ অসুবিধা চোৱা ডাক্তৰবোৰ ক’ত থাকে বুলি জেতুকীয়ে ওচৰতে বহা মধ্য বয়সীয়া দম্পতীটোক সোধাত তেওঁলোকে ডাক্তৰ বহা সম্পৰ্কীয় কথাবোৰ কৈ ডাক্তৰৰ ওচৰলৈ অহাৰ কাৰণ সুধিলে। জেতুকীৰ মুখেৰে গোটেই বৃত্তান্ত শুনাৰ পাছত মানুহহালৰ উচুপিচনি বাঢ়ি আহিল। জেতুকীক হাতযোৰ কৰি সন্তান নষ্ট নকৰিবলৈ খাটনি ধৰিলে। জেতুকীৰ সিদ্ধান্ত অটল। তাই কোনো কাৰণতে আকৌ মাক হ’ব নিবিচাৰে। কিন্তু মানুহহালে জেতুকীৰ সন্তানৰ দায়িত্ব তেওঁলোকে ল’ব আৰু সন্তানটি জন্ম হোৱালৈকে যিমান খা খৰচ হয়, সিমানখিনি তেওঁলোকে বহন কৰিব বুলি তাই আৰু কণল’ৰাক কথা দিয়ে। মানুহহালে তাইক ডাক্তৰৰ ওচৰত দেখুৱাই সকলো পৰীক্ষা- নিৰীক্ষা কৰি হিম ‘গ্লবিন কমি থকাৰ বাবে কিছুমান দৰৱ প্ৰেছক্রাইব কৰিলে। আইৰন আৰু ফলিক এচিডৰ টেবলেট কিছুমানো নিছে। নিঃসন্তান দম্পতীটোৰ উথপথপনি দেখি সিহঁত দুয়োটাই বিচূর্তি খাইছে। ল’চালি পেটত হ’লেনো এনেকুৱা কৰে নে? জেতুকীৰ হাতত এটোপোলা ফলমূল, দামী বিস্কুট আৰু কেতিয়াও সিহঁতে দেখি নোপোৱা শুকান ফল এসোপাও কিনি দিলে। সেইদিনাৰ পৰা জেতুকীৰ এক নতুন জীৱন আৰম্ভ হ’ল। তাইক আলপৈচান ধৰিবলৈ এজনী মানুহ মাজে মাজে আহে। কাপোৰ ধোৱে, ঘৰ মচে আৰু এসপ্তাহমানৰ বাবে কৰিব লগা কামবোৰ কৰি থৈ যায়। চুবুৰীয়াৰ মানুহমখাই জুমাজুমি কৰে। জেতুকী যেন প্ৰথমবাৰ মাক হ’বলৈ ওলাইছে, এনেকুৱা অনুভৱ হৈছে তাইৰ। আজিকালি কণল’ৰায়ো তাইৰ খবৰ ৰাখে। মানুহহাল আহিলে গাড়ী ভৰাই বস্তু আনে। জেতুকীৰ আগৰ ল’ৰা- ছোৱালীকেইটাই বস্তুবোৰ দকচি মাৰি খায়। গাড়ীখনত উঠি জপিয়াই জপিয়াই খেলে। দুমাহৰ মূৰে মূৰে গাড়ীত বহুৱাই নি জেতুকীক হাস্পতালত ডাক্তৰক দেখুৱাই আনে ৷

দুদিন মানৰ পৰা তাইৰ গাটো বেয়া হৈ আছে। মানুহহালক খবৰ দিয়াত লগে লগে হাস্পতাললৈ লৈ গ’ল। ডাক্তৰৰ পৰীক্ষাৰ ৰিপ’ৰ্ট অনুসৰি জেতুকীৰ পেটত দুটা সন্তান আছে বুলি কোৱাত তাই মূৰত পুনৰ সৰগখন সৰি পৰাৰ দৰে হ’ল। এটা যেনিবা মানুহ হালে নিব আৰু ইটো কি কৰিব বুলি ভাবি তাই কান্দিবলৈ ধৰিলে। কিন্তু তাইৰ কান্দোনক হাঁহিলৈ পৰিণত কৰি মানুহহালে দুয়োটা সন্তান তেওঁলোকে তুলি ল’ব বুলি জেতুকীক আশ্বাস দি ঘৰত থৈ আহিল ।

দুয়োজন স্বামী-স্ত্রীয়ে তাইৰ খুব যত্ন লৈছে। কাৰণ এই সন্তানৰ গৰাকী তেওঁলোক । সেয়ে পঞ্চমবাৰৰ বাবে মাক হৈয়ো তাই বৰ অসুবিধা পোৱা নাই । জন্মৰ লগে লগে হাস্পতালৰ পৰাই তেওঁলোকে লৈ যাব। বিভিন্ন ধৰণৰ ঔষধ- পাতি, নানা তৰহৰ ফলমূল, ভিটামিনযুক্ত খাদ্য, গাখীৰ, ক্ৰীম, ঘিউ, মৌ খাই খাই জেতুকী গোটেইজনী পকা সুমথিৰাৰ দৰে নিপোটল হৈ পৰিছে। তাই নিজৰ ওখহা পেটটোৰ ওপৰেদি হাত বুলাই মনতে ভাবে, ইমান ভাল ভাল বস্তু খাই ইহঁত চাগৈ বৰ ধুনীয়া হ’ব। তেতিয়া কিবা এটা অনামী মোহত তাই বন্দী হৈ পৰে। কণল’ৰাই কয় তোৰ গাভৰু চেহেৰা এতিয়াহে ধৰিছে। সি এনেকৈ ক’লে তাইৰ লাজতে ৰঙা পৰি যায়। আগৰ চাৰিটা সন্তান জন্ম দিওঁতে তাই এইবোৰ বস্তু খোৱাটো দূৰৈৰ কথা, নামো শুনা নাছিল।

ন মাহ সম্পূৰ্ণ হোৱাৰে পৰা জেতুকীৰ পেটটো তললৈ নামিছে। দুই এদিনতে খালাচ হ’ব লাগে। তাই মানুহহাললৈ খবৰ দিবলৈ কণল’ৰাক পুৱাৰে পৰা কৈ আছে। মানুহহালে অৱশ্যে ঘনাই খা-খবৰ ৰাখিছে। সময় আগবঢ়াৰ লগে লগে জেতুকীৰ ৰিমঝিমকৈ বিষ এটা অনুভৱ হ’ল। খবৰ দিবলৈ নৌপাওঁতেই মানুহহালৰ গাড়ীখন চোতালত ৰখোৱা যেন পাই কণল’ৰাই তেওঁলোকক খবৰ দিবলৈ ওলোৱাৰ কথা ক’লে। সময় নষ্ট নকৰি জেতুকীক তেওঁলোকে হাস্পতালত ভৰ্তি কৰিলে। কম সময়ৰ ভিতৰতে জেতুকীয়ে এহাল সুন্দৰ ল’ৰা-ছোৱালী জন্ম দিলে। ল’ৰা-ছোৱালীহালৰ কণমানি মুখ দুখন দেখি মাতৃৰ মমভাবে জেতুকীয়ে বুকুলৈ চপাই আনিলে । ক্ষন্তেকৰ বাবে তাই পাহৰি গ’ল যে এই সন্তানৰ অধিকাৰ তাই বহু আগতে হেৰুৱাই থৈছে। হাস্পতালৰ সকলো ফৰ্মেলিটিছ সামৰি আগৰ চুক্তি অনুসৰি মানুহহালে জেতুকীৰ বুকুৰ পৰা ল’ৰা-ছোৱালী হালক লৈ যাবলৈ আহিল। কণল’ৰা আৰু জেতুকীয়ে বুঢ়া আঙুলিত নীলা ৰং সানি মানুহজনে আগবঢ়াই দিয়া কাগজখনত একেলগে চাপ ৰাখিলে। কাগজখনত লিখা কথাখিনি সিহঁতে পঢ়িব নাজানে। ‘আজি এই মুহূৰ্তৰ পৰাই এই সন্তানৰ অধিকাৰ আমি আপোনালোকৰ হাতত অৰ্পণ কৰিলোঁ। কোনো কাৰণতে নাইবা কোনো পৰিস্থিতিতে আমি আপোনাসৱৰ সৈতে আগলৈ যোগাযোগ নাৰাখোঁ।’

জেতুকীৰ কোলাৰ পৰা নিঃসন্তান দম্পতীটোৱে নিজৰ কোলালৈ ল’ৰা-ছোৱালী দুটা তুলি ল’লে। আজিৰ পৰা প্ৰায় ন দহ মাহৰ আগতে দিয়াৰ দৰে জেতুকীৰ হাতত এতিয়াও এটোপোলা ফলমূল আৰু কণল’ৰাৰ হাতত এটা শকত খাম আগবঢ়াই মানুহহাল গাড়ীখনৰ ওচৰলৈ আগবাঢ়িল। জেতুকীয়ে শেষবাৰৰ বাবে ল’ৰা-ছোৱালী দুটা হেঁপাহ পলুৱাই চাই ল’লে। গাড়ীখনত উঠি কেতিয়াও সিহঁতক দেখা নিদিয়াৰ প্ৰতিশ্ৰুতিৰে মানুহহালে দুটাকৈ কুলদীপ কোলাত তুলি হাঁহিমুখে ঘৰ অভিমুখে ৰাওনা হ’ল।

নৱজাতকৰ কান্দোন গাড়ীখনে এৰি যোৱা ধূলিখিনিৰ সৈতে মিহলি হৈ গ’ল। হাতত ফলমূলৰ টোপোলাটো লৈ হাস্পতালৰ বাৰাণ্ডাৰ পৰা তাই ডিঙি মেলি চাই আছে গাড়ীখনে এৰি থৈ যোৱা ধোঁৱাখিনিৰ পিনে। বহুসময় বুকুত গোট মাৰি থকা বৰফৰ টুকুৰাটো ক্ৰমান্বয়ে গলি গলি জেতুকীৰ দুগালেদি ধাৰাসাৰে ব’ব ধৰিলে। মাতৃৰ মমতাক আনৰ হাতত তুলি দিয়াটো বৰ কষ্টকৰ। সেয়া লাগিলে পঞ্চম নাইবা ষষ্ঠয়েই হওক। জেতুকীয়ে চকুযোৰ মচি গামোচাখনেৰে তাই তিতি থকা অমৃতময় বুকুখন মোহাৰি দিলে। এই ন দহ মাহে সকলো কাম বন কাটি কৰি আৰম্ভ কৰা নাটখনৰ আজি যৱনিকা পৰিল। হঠাৎ ঘৰত থকা ল’চালিকেইটাৰ মুখকেইখন এই সময়ত মনত পৰি জেতুকী কণল’ৰাৰ সৈতে বিষাদগ্ৰস্ততাৰে ধূলিয়ৰি বাটটোত খৰকৈ খোজ পেলালে।

পম্পী ভূঞা বৰুৱা

You might also like

Comments are closed, but trackbacks and pingbacks are open.