আধুনিক যুগৰ আটাইতকৈ উদ্বেগজনিত পৰিৱেশ সংক্রান্তীয় সমস্যাসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চৰ্চিত তথা প্ৰভাৱ বৃদ্ধি কৰা সমস্যা হৈছে বৰ্ধিত গোলকীয় উষ্ণতা আৰু ইয়াৰ ফলত সৃষ্টি হোৱা নিত্য-নতুন প্ৰত্যাহ্বান। এই সমস্যা বৃদ্ধিৰ যিমানবোৰ কাৰণ উল্লেখ কৰিব পাৰি সেই সকলো কাৰণৰ ঊর্ধ্বত হৈছে আমাৰ মানুহৰ কাৰ্যকলাপ আৰু তাৰ পৰিণতি। ফলত ই তীব্ৰৰ পৰা আৰু অধিক তীব্ৰতৰ হৈ পৰিছে। পৰিণামস্বৰূপে মানুহৰ নিজৰ লগতে অন্যান্য চৰাচৰৰ প্ৰতিও এয়া হৈ পৰিছে এক ভয়াৱহ ভৱিষ্যতৰ অৱশ্যম্ভাৱী সত্য। এই সত্যৰ পৰা কোনো পলায়ো সাৰিব নোৱাৰে আৰু ইয়াক কোনেও প্ৰত্যাখ্যানো কৰিব নোৱাৰে। তেন্তে কি কৰা উচিত আমি, নিজৰ বাবে, আমাৰ পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ বাবে আৰু আমাৰ উত্তৰ প্ৰজন্মৰ বাবে? এই প্রশ্নৰ উত্তৰৰ আগতে আমি অলপ এই গোলকীয় উষ্ণতাৰ বৈজ্ঞানিক বিশ্লেষণেনো কি কয়, সেয়া চমুকৈ জানিবলৈ চেষ্টা কৰোঁ আহক—
বায়ুমণ্ডলত প্রধানতঃ কিছুমান গেছ যেনে- কার্বন ডাই-অক্সাইড (CO2), মিথেন (CH4) আৰু নাইট্ৰাছ অক্সাইড (N2O) বেছি পৰিমাণে জমা হয়। এই গেছসমূহে সূৰ্যৰ তাপ ধৰি ৰাখে, যাক ‘গ্রীনহাউছ প্ৰভাৱ’ বুলি কোৱা হয়। এই প্ৰভাৱৰ ফলতেই পৃথিৱীৰ তাপমাত্রা বৃদ্ধি পায়। গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণসমূহ হ’ল—
- বন ধ্বংস (Deforestation )
- শিল্পায়ন আৰু কল-কাৰখানাৰ ধোঁৱা
- যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা
- অত্যধিক জীৱাশ্ম ইন্ধনৰ (coal, petroleum) ব্যৱহাৰ ইত্যাদি।
যাৰ ফলত বহুতো নেতিবাচক প্ৰভাৱ দেখাগৈছে। উদাহৰণস্বৰূপে—
- হিমবাহ গলি যোৱা আৰু সমুদ্ৰৰ পানীৰ স্তৰ বৃদ্ধি
- বতৰ অস্বাভাৱিক হোৱা (অতিবৃষ্টি, খৰাং, তাপদাহ)
- জীৱ-জন্তু আৰু উদ্ভিদৰ অস্তিত্বৰ সংকট
- মানুহৰ স্বাস্থ্যত প্ৰভাৱ আৰু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ইয়াৰ লগত মোকাবিলা কৰি জীৱন চলাই নিয়াটো।
যিয়ে মানৱ সমাজ আৰু অন্যান্য জীৱ-জন্তু তথা সমগ্ৰ প্ৰকৃতিৰ নৈমিত্তিকতাত পৰিৱৰ্তন আনিবলৈ বাধ্য কৰাইছে। কিন্তু সকলোৰে বাবে এই পৰিৱৰ্তিত প্ৰত্যাহ্বান গ্ৰহণ কৰাটো অসম্ভৱ। যাৰ বাবেই এয়া হৈ পৰিছে সংকটাপন্ন সময় আৰু বিপন্ন জীৱন ।
এই সমস্যাৰ সমাধানৰ বাবে আমি যি কৰিব পাৰোঁ বা কৰা উচিত, তাৰ ভিতৰত কিছুমান ব্যৱস্থা হ’ল—
♦ অধিক পৰিমাণৰ গছ ৰোপণ কৰা
♦ প্ৰদূষণ কম কৰা
♦ পুনৰ ব্যৱহাৰযোগ্য শক্তি (solar, wind) ব্যৱহাৰ কৰা
♦ বন সংৰক্ষণ কৰা
♦ সচেতনতা বৃদ্ধি কৰা ইত্যাদি ৷
এই সকলো বিষয়ৰ সম্যক জ্ঞান আৰু ইয়াৰ আলোচনা যদিও সময়ৰ লগে লগে বৃদ্ধি পাইছে আমি কিন্তু ইয়াৰ প্ৰকৃত সমাধান সূত্র ব্যৱহাৰ কৰি এই সমস্যা হ্ৰাস কৰিবলৈ এতিয়াও অসমৰ্থ হৈয়েই আছোঁ আৰু ক্ৰমাৎ নিজক ইয়াৰ সন্মুখত অসহায় অৱস্থাত পাই আহিছোঁ।
তেনে অসহায় অৱস্থাৰ পৰা নিজক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাটো হ’ব আমাৰ প্ৰথম পদক্ষেপ। তাৰ পিছতে লাগিব সমস্যাটোৰ গভীৰতা অনুধাৱন কৰি তাক সামূহিক সমস্যাৰ পৰিৱৰ্তে নিজৰ ব্যক্তিগত সমস্যাৰূপে ধৰি লৈ ইয়াৰ সমাধানৰ পথ বিচাৰি উলিওৱা । সকলোৰে পক্ষে গ্রহণযোগ্য নীতিসমূহ চৰকাৰ বা কৰ্তৃপক্ষই আইনত পৰিণত কৰা আৰু তাৰ কার্যকৰিতাৰ বাবে সজাগতা বৃদ্ধি কৰা। এই সকলো দিশৰ ওপৰত যেতিয়া একেসময়তে একেলগে কাম কৰা হ’ব তেতিয়াহে ওপৰত উল্লেখিত গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাৰ যি সমাধানৰ পদ্ধতি বিশেষজ্ঞসকলে আগবঢ়াই আহিছে, তাৰ ফলপ্ৰসূতা পৰিলক্ষিত হ’ব আৰু আমাৰ নিজৰ লগতে পৰিৱেশ তথা অনাগত প্ৰজন্মই ইয়াৰ ভয়াৱহতাৰ পৰা পৰিত্ৰাণ পাব ।
বৰ্তমান বিশ্বায়নৰ যুগ বুলি আমি নক’লে বা নিলিখিলেও সেয়া প্ৰতি ছেকেণ্ডত প্ৰমাণিত হৈ থাকে। তেনে বিশ্বায়নৰ ধাৰাবাহিক ধাৰণাৰ ভাল আৰু বেয়া দুয়োটা প্ৰভাৱেই পলকতে গোটেই পৃথিৱীখনকে সামৰি লোৱা দেখা যায়। তাতে ইন্ধন যোগায় নিত্য-নতুন প্রযুক্তিৰ যোগাযোগৰ মাধ্যমবোৰে। কিন্তু এটা কথা আচৰিত যে এনে এক সময়ত থাকিও বিশ্বাজনীন সমস্যা ৰূপে পৰিগণিত হোৱা গোলকীয় উষ্ণতা ৰোধ কৰাৰ ক্ষেত্ৰত পৃথিৱীৰ উন্নত আৰু সজাগ দেশবোৰে লোৱা পদক্ষেপবোৰে কিয় আন দেশ বা ৰাষ্ট্ৰবোৰে গ্ৰহণ কৰা নাই বা কৰিব নোৱাৰে। অথচ সেই পদক্ষেপবোৰ বহুত বেছি ব্যয়বহুল বা গ্রহণ ক্ষমতা নোহোৱা নহয়। আমি আমাৰ ব্যথিত মনোভাব আৰু উদ্বেগ প্ৰকাশ কৰিয়েই ক্ষান্ত থকাতকৈ আৰু সমস্যা সমাধানৰ বাবে সজাগ আৰু কাৰ্যতঃ নিজে নিজক নিয়োজিত কৰিব লাগিব ৷ এটা অতি গুৰুত্বপূৰ্ণ কথা মনত ৰাখি আগবঢ়াটো আমাৰ বাবে প্রয়োজনীয় যে মানুহ যদিও জীৱশ্ৰেষ্ঠ প্ৰকৃতিৰ দ্ৰুত পৰিৱৰ্তনৰ লগত কিন্তু খাপ খাবলৈ অন্য জীৱতকৈ মানুহৰে আটাইতকৈ বেছি কষ্ট হয় আৰু সেই পৰিৱৰ্তিত পৰিৱেশ যদি প্রতিকূল হয় সেয়া আৰু বেছি শংকাৰ বিষয়। গতিকে আমি যদি প্রকৃতিৰ প্ৰতিকূল পৰিৱৰ্তনৰ লগত খাপ খুৱাই নিজৰ অস্তিত্বৰ সংকটত ভুগিব লাগে, সেই পৰিৱৰ্তিত পৰিৱেশক আমাৰ অনুকূল কৰিবলৈ চেষ্টা কৰাটোৱেই আমাৰ শ্ৰেষ্ঠতাৰ নিদৰ্শন হ’ব নিশ্চয়।
মোখনিত ইয়াকে ক’ব পাৰি যে গোলকীয় উষ্ণতা বৃদ্ধি বর্তমান সময়ৰ দ্ৰুততম গতিত আমাৰ ফালে আগবাঢ়ি অহা এক পৰিৱেশজনিত সমস্যা, যাৰ প্ৰকৃত আৰু কাৰ্যকৰী সমাধানৰ বাবে সকলো দেশৰ আৰু সকলো মানুহেই একেলগে কাম কৰিব লাগিব। যদি আমি এতিয়াই ব্যৱস্থা নলওঁ, তেন্তে আমাৰ বাবে, আনৰ বাবে, আগন্তুক প্ৰজন্মৰ বাবে পৃথিৱী বাসযোগ্যতা আৰু আমাৰ অস্তিত্ব দুয়োটাই দুৰূহ হৈ পৰিব।
ভাৰ্গৱ কুমাৰ বৰুৱা
Comments are closed, but trackbacks and pingbacks are open.