আধুনিক ঘৰ সজ্জা আজিকালি প্ৰতিজন ব্যক্তিৰ বাবে এক সপোন। এখন ধুনীয়া ঘৰ তথা পৰম্পৰাগত মিশ্ৰণ সৃষ্টি কৰি এখন ঘৰ আটোমটোকাৰিকৈ সজাই নিজৰ সৃষ্টিশীল মনৰ পৰিচয় দিয়া এগৰাকী নাৰী নৱনীতা বৰা। নৱনীতা বৰা Indusind Nippon Life Insurance Co. Ltd ভাইচ প্ৰেছিডেণ্ট। নিজৰ ব্যস্ত কৰ্মজীৱনৰ মাজতো ইণ্টেৰিয়ৰ ডিজাইন কৰা কামতো মনোনিৱেশ কৰিছে। গুৱাহাটী খাৰঘুলিস্থিত সৃষ্টিনগৰত থকা ভিলা-২০ৰ এটি সুন্দৰ বাসগৃহৰ স্বত্বাধিকাৰী নৱনীতা বৰা। ঘৰৰ প্ৰতিটো কোণ তেওঁ নিজ হাতে সজাইছে।
প্ৰথমতে আহে ঘৰৰ পৰ্দাৰ কথা
হোম ডেক’ৰৰ বাবে পৰ্দাৰ আইডিয়াঃ আপোনাৰ সমসাময়িক ঘৰৰ বাবে সঠিক আচবাবৰ আনুষংগিক বস্তু বাছনি কৰাটো যিকোনো ঘৰৰ বাবে এটা শৈলীৰ বিবৃতি নিৰ্ধাৰণৰ বাবে গুৰুত্বপূৰ্ণ। ঘৰৰ সমস্ত পর্দা অসমীয়া পৰম্পৰাগত আৰ্হি চাদৰৰ পৰা প্ৰস্তুত কৰিছে যিয়ে ঘৰটোক অনন্য মাত্ৰা প্ৰদান কৰিছে।

ড্ৰয়িং আৰু ডাইনিং ৰুমৰ আচবাবঃ ইয়াৰ প্ৰতিটো ফার্নিচাৰ একক আৰু পৃথক সম্পূর্ণ হস্তনির্মিত তথা কাঠৰ আচবাবৰ ডিজাইনবোৰে ঘৰটোৰ সুন্দৰতা দুগুণে বৃদ্ধি কৰাৰ লগতে পৰম্পৰাগত বা এক থলুৱা ভাব দিছে।

ডাইনিং ৰুমৰ কৰ্নাৰঃ অতি পৰিশীলিত ৰূপত সজোৱা হৈছে পাকঘৰৰ এটা কৰ্নাৰ। গুলপীয়া ছোফা ছেট আৰু ৱালৰ মনোমোহা ডেকোচেনেৰে কৰ্নাৰ ঠাইখিনি আৰু অধিক আকর্ষণীয় হৈ উঠিছে। তদুপৰি পাকঘৰৰ আন কাৰসমূহত ডেকোৰেচনৰ আইডিয়া অত্যন্ত আকর্ষণীয়।

দেৱাল সজ্জাঃ এটা ঘৰৰ দেৱাল সজ্জাই ইয়াক অনন্য কৰি তোলে। ডাইনিং ঠাইখিনিত আইনাত কাঠৰ ফ্লেমিং, ভিন্ন ঠাইৰ পৰা কালেক্ট কৰি ফ্ৰেমিঙত এক্রেলিক পেইণ্টিং কৰি এই ফ্রেমসমূহ সংৰক্ষণ কৰা পদ্ধতি সঁচাকৈ প্ৰশংসনীয়।
শয়ন কক্ষঃ শয়ন কক্ষৰ খিৰিকীৰে সোমাই আহিল সূর্যোদয়ৰ পাতল ৰঙা আলোক। আকাশৰ কোণত এটা কমলা বেলি যেন উঠি আহিছে, আৰু তাৰ পোহৰে মোৰ বগা চাদৰত এখন সোণালী নদী বোৱাই দিলে। খিৰিকী খুলিলেই বিশাল ব্ৰহ্মপুত্ৰৰ বতাহে আনিলে পুৱাৰ গোন্ধ, আৰু দূৰৰ চৰাইৰ কলকলনি। শয়ন কক্ষৰ খিৰিকী খুলিলেই ব্ৰহ্মপুত্ৰৰ নৈসর্গিক শোভা উপভোগ কৰে তেওঁলোকে। ইয়াতকৈ প্ৰশান্তি আৰু একো নাই!

গৃহসজ্জা সামগ্রীঃ প্ৰতিটো গৃহসজ্জা সামগ্রী একক আৰু পৃথক। ঘটিত শোভাবর্ধন কৰা চিত্রশৈলীৰ পৰা পুৰণিকলীয়া হৰিণৰ শিংকেইটায়ো সোণত সুৱগা চৰাইছে। আজৰি সময় কটাবলৈ কিতাপৰ সংগই মন প্রাণ প্রফুল্লিত কৰিব পৰা এটা ছেট আপ। আপোনাৰ ঘৰৰ নান্দনিকতা বৃদ্ধিৰ মূল চাবিকাঠী হৈছে স্থান আৰু প্ৰয়োজন। নিজৰ পছন্দসমূহ বুজি, আপুনি ঘৰৰ শোভাবর্ধন কৰক। গৃহসজ্জা সামগ্রী এনেকুৱা পছন্দ কৰিব যিয়ে সৌন্দর্য আৰু স্থায়িত্ব দুয়োটা প্ৰদান কৰে। বিলাসী আৰু চহকী, কিন্তু আনুষ্ঠানিক পৰিৱেশৰ বাবে অধিক উপযোগী।

Comments are closed, but trackbacks and pingbacks are open.