খোৱাপানীৰ গুণাগুণ

6

ডাঃ ৰীমা ভট্টাচাৰ্য

মানৱ দেহ প্রায় ৬০ শতাংশ পানীৰে গঠিত। পানীৰ লগত বিভিন্ন খনিজ পদার্থও শৰীৰত থাকে, যিবোৰ মস্তিষ্ক, হৃদপিণ্ড, মাংসপেশী, হাড় আদিবোৰৰ কাৰ্যৰ বাবে খুব গুৰুত্বপূৰ্ণ। সময়ে সময়ে খোৱাপানীৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা চক্ৰ অনুষ্ঠিত হৈ থাকে। কিমান পৰিমাণৰ খাব লাগে, কেনেকৈ আৰু কেতিয়া কেতিয়া খাব লাগে, এই বিষয়ে ভিন্নজনৰ ভিন্ন মত হ’ব পাৰে ।

গৰমৰ বতৰত ফ্ৰীজত ৰখা পানী সকলোৰে খোৱাৰ অভ্যাস আছে, ই লগে লগে দেহ শীতল কৰাই তথা বহু সময়লৈ অনিষ্টকাৰী প্ৰভাৱো পেলায়। ফ্ৰীজত ৰখা পানীয়বোৰৰ গুণ হ’ল যে ই গুৰু (heavy) হয়, যাৰ বাবে পানীয়বোৰ সেৱন কৰিলে ই শৰীৰ লাহে লাহে অৱশ কৰি পেলায় আৰু অৰুচি উৎপন্ন কৰায়। বিভিন্ন ৰোগত ঠাণ্ডা পানীৰ পৰামৰ্শ দিয়া আছে যদিও কোঠাৰ উষ্ণতা (Room temperature)ৰ পানীহে ঠাণ্ডা পানী ৰূপে গণ্য কৰা হৈছে। ঠাণ্ডাপানীৰ কিছু গুণ হ’ল শৰীৰ তথা ছাল শুকান কৰি পেলোৱা, বদহজম কৰা, হঠাৎ শৰীৰৰ উষ্ণতা কমাই দিয়া ইত্যাদি।

দেহৰ কিছু অৱস্থা যেনে- পিয়াহ লগা, শৰীৰৰ পোৰণি, তেজ আৰু ছালৰ কিছু ৰোগ, মূর্ছা, শাৰীৰিক পৰিশ্ৰমৰ পিছত দেহ অৱশ লগা, মূৰঘূৰণি, মানসিক অৱসাদ আদিত সদায় ঠাণ্ডাপানী ব্যৱহাৰ কৰিব লাগে । উতলাই গৰম কৰি লোৱা পানীৰ গুণাগুণ হ’ল— লঘু (light to digest), ৰুচি উৎপন্ন কৰায়, আহাৰ পাচনত সহায় কৰে, পাকস্থলীৰ সুস্বাস্থ্য ৰাখে (stimulates to secret HCL) ইত্যাদি। কিছুমান ৰোগত গৰম পানী খোৱাটো জৰুৰী যেনে- হিক্কা (hiccough), জ্বৰ, কাহ, চৰ্দি, উশাহ লোৱাত অসুবিধা হোৱা, গাঁঠিৰ বিষ আদি । আনহাতে উতলাই ঠাণ্ডা কৰি ৰখা পানীৰ গুণাগুণ হ’ল যে ই শৰীৰৰ প্ৰতিটো সৰু সৰু কণিকালৈ চলাচল কৰিব পাৰে (non viscous), লঘু আৰু যিকোনো খাদ্য যন্ত্ৰৰ ৰোগ বা ছালৰ ৰোগৰ বাবে হিতকাৰী হয় । কিন্তু উতলাই ঠাণ্ডা কৰি ৰখা পানী ১০-১২ ঘণ্টাতকৈ অধিক সময় থৈ দিলে, ইয়াৰ গুণাগুণ নোহোৱা হয় ৷ তেতিয়া এই পানী সেৱন কৰিলে দেহৰ বাবে যিকোনো ৰোগৰ কাৰক হ’ব পাৰে।

আহাৰ খোৱাৰ ঠিক পিছতে পানী অধিক মাত্ৰাত খালে শৰীৰ শকত হ’বলৈ ধৰে। আনহাতে আহাৰৰ আগমুহূৰ্তত অধিক পানী খালে শৰীৰ ক্ষয় হ’বলৈ লয়। কিছুসংখ্যক ৰোগত খুব পৰিমাণে পানী খাব লাগে, যেনে- ৰক্তহীনতা, যকৃতৰ ক্রিয়াহীনতা, বৃক্কৰ ৰোগ, হৃদযন্ত্ৰৰ ৰোগ আদি। গতিকে ৰোগ তথা শৰীৰৰ অৱস্থা অনুযায়ী পানীৰ সেৱন গুৰুত্বপূৰ্ণ। পানীয়ে প্ৰাণীৰ প্ৰাণ । সেয়েহে সঠিক মাত্ৰা আৰু সঠিক উষ্ণতাৰ পানী শৰীৰৰ বাবে অমৃতস্বৰূপ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.