হাতত পাণ বঁটা লৈ…

7

ববিতা শৰ্মা
জৱাহৰ নৱোদয় বিদ্যালয়
মহাদেৱপুৰ নামচাই, অৰুণাচল প্ৰদেশ

হাতত পাণ বটা লৈ মাৰাক মাতাগৈ,
মৰমৰ মা মই যাবলৈ ওলালোঁ
যাবৰে সময়ত সেৱাহে জনালোঁ
ঘৰৰ সকলো কাম ভণ্টিকে গতালোঁ।
হাতত পাণ বঁটা দেউতাৰাক মাতাগৈ….

বিয়া হ’ল মানুহৰ জীৱনৰ এক স্মৰণীয় ঘটনা। বিয়াক পৰিয়ালকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ প্ৰথম বুনিয়াদ বুলি ক’ব পাৰি। ধৰ্মীয় আৰু সামাজিক ৰীতি- নীতিৰ সংমিশ্ৰণেৰে বিয়াৰ জৰিয়তে এহাল নৰ-নাৰীৰ যুগ্মজীৱনত সমাজে অনুমোদন জনায়।

সেয়ে বিয়া এক সামাজিক বান্ধোন। মানৱ সমাজ মাত্রেই বিয়া বা বিবাহে এক অপৰিহাৰ্য সামাজিক অনুষ্ঠান ৰূপে স্বীকৃতি লাভ কৰি আহিছে। আমাৰ অসমীয়া সমাজতো অতীজৰে পৰা বিবাহ অনুষ্ঠানে বিশেষ গুৰুত্ব পাই আহিছে। দুজন ব্যক্তিৰ ব্যক্তিগত জীৱনৰ পাতনিৰ অনুষ্ঠান হ’লেও বিয়াৰ বিভিন্ন পৰ্যায়ত সমাজৰে ভূমিকা সৰ্বাধিক। ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘অসমৰ লোক সংস্কৃতি’ গ্ৰন্থত বিয়াক ‘অসমীয়া সমাজৰ প্ৰাণময় উৎসৱ’ আৰু ‘গঞা সমাজৰ ৰং-ৰহইচৰ ৰহঘৰা’ আখ্যা দিছে।

অসমীয়া লোক সমাজৰ এক বিশেষ বৈশিষ্ট্য আছে। অসমীয়া লোকসমাজৰ প্ৰতিটো আচাৰ-অনুষ্ঠানতে গীত-মাতে বিশেষ গুৰুত্ব লাভ কৰি আহিছে। অসমীয়া সমাজৰ বিয়া অনুষ্ঠানো ইয়াৰ ব্যতিক্ৰম নহয় । অসমীয়া বিয়া সুৰীয়া বিয়া। বিয়াৰ প্ৰতিটো ৰীতি-নীতি, আচাৰ-অনুষ্ঠানতে গীতে প্রাধান্য লাভ কৰিছে। বিয়াত গোৱা এই গীতবোৰ ‘বিয়ানাম’ নামেৰে পৰিচিত । অসমীয়া বিয়া এখনৰ বিভিন্ন ক্ৰম বা অৱস্থাত আয়তীসকলে গোৱা এই বিয়ানামবোৰ আমাৰ লোক-সাহিত্যৰ অমূল্য সম্পদ। অসমীয়া সমাজত টেকেলি দিয়াৰ সময়ত (জোৰোণ, তেলভাৰ), পানী তোলাৰ সময়ত, দৰা- কইনা নোওৱাৰ সময়ত, অধিবাস কৰোতে, গাঁঠিয়ন খুন্দোতে, দৈয়ন দিওঁতে, দৰা-কইনা সজাওতে, ৰভাতলত, কলৰ গুৰিত দৰা আদৰাৰ সময়ত, সুৱাগুৰি তোলাৰ সময়ত, মূল বিবাহ অনুষ্ঠানৰ সময়ত (হোমৰ গুৰিত), বিয়া ভগাৰ পাছত দৰা-কইনাক ভিতৰলৈ নিয়াৰ সময়ত, আঙঠি খেলাৰ সময়ত, কইনা বিদায় ক্ষণত আয়তীসকলে বিধে বিধে গীত গায়। ড° সত্যেন্দ্রনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ গ্ৰন্থত বিয়ানামৰ বিষয়ে আলোচনা কৰি কৈছে—

‘দাম্পত্য জীৱনৰ আদৰ্শ, বৰ-কইনাৰ ৰূপ-যৌৱন, উলিয়াই দিবলৈ ধৰা কন্যাৰ আসন্ন বিচ্ছেদৰ কাৰুণ্য, নাৰী জীৱনৰ আশা-আকাংক্ষা আৰু অ- ঘৰুৱা চিত্ৰৰ সুন্দৰ প্ৰকাশ বিয়ানামবোৰত লক্ষ্য কৰা যায় ৷’

কেলেই কুটিলা  চুমেকৈ পচলা
লোকে বাটি ভৰাই খাব,
কেলেই তুলিলা ৰূপহী আইদেউ
লোকে বনে কৰাই খাব

ড° লীলা গগৈৰ মতে বিয়াৰ জৰিয়তে ‘সৃষ্টিৰ পাতনি মেল খায়, যুৰীয়া জীৱনৰ আৰম্ভণি হয়। সেইবাবেই বিয়া উৎসৱত পৰিণত হৈছে আৰু আনন্দমুখৰতাই বিয়া উৎসৱক উজলাই তুলিছে।’(অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা ঃ ৫৮)।

বিয়াৰ উদুলি-মুদুলি পৰিৱেশে সৃষ্টি কৰা আনন্দমধুৰ পৰিৱেশেই বিয়ানাম সৃষ্টিৰ মূল উৎস। আন আন লোকগীতবোৰৰ দৰে বিয়ানামবোৰো কোনো স্বভাৱজাত কবিৰ স্বভাৱজাত সৃষ্টি। বিয়া বিচ্ছেদ আৰু মিলনৰ অনুষ্ঠান। বিয়ানাম বিচ্ছেদৰ কাৰুণ্য আৰু মিলনৰ আনন্দ— এই দুই বিপৰীতমুখী আৱেগৰ এক সাৰ্থক কাব্যিক প্ৰকাশ আৰু আৱেগৰ এই বৈপৰীত্যই হ’ল বিয়ানামৰ মূল সৌন্দর্য। আয়তীসকলে আনন্দৰ স্বতঃস্ফূর্ত আৱেগেৰে বিয়ানামৰ পাতনি তৰি ঘৰৰ জীয়ৰী আনৰ ঘৰলৈ উলিয়াই দিয়াৰ বেদনাৰে গায়—

কালি এতেবেলি আছিলা আইদেউ
মাৰাৰ পালেঙত শুই,
আজি এতেবেলি যাবলৈ ওলালা
অৰণ্যত লগালা জুই।

সৰুৰে পৰা বুকুৰ উমেৰে তুলি-তালি ডাঙৰ-দীঘল কৰা মৰমৰ জীয়ৰীজনীক আনৰ ঘৰলৈ চিৰদিনৰ বাবে উলিয়াই পঠিওৱাটো জানো সহজ কথা। কিন্তু হ’লে কি হ’ব ‘পুত্ৰ তোলে পিণ্ডলৈ, কন্যা তোলে দানলৈ’ বুলি কথা এষাৰ আছে নহয় । এয়া সমাজৰ দস্তুৰ । ছোৱালী তুলি-তালি উপযুক্ত বয়সত উপযুক্ত পাত্ৰত সম্প্ৰদান কৰিব পৰাটোও পিতৃ-মাতৃৰ সফলতা। এই সফলতাই প্রশান্তি প্ৰদান কৰিলেও জীয়াৰী বিদায়ৰ পাছত ঘৰখন খালী হৈ পৰে। বিয়ানামত ঘৰ এখনৰ এই ছবিখনো সুন্দৰভাৱে ফুটি উঠিছে—

আইদেউৰ মজিয়াত কোনে উমলিলে
কৰচন চৰাইৰে পাখি,
আন্ধাৰি মজিয়া উজলাই আছিলা
ৰামে লৈ যাব আজি ।
আগেয়ে ককাইদেউ কই ফুৰিছিলা
আইদেউ কতবাৰ খায়,
এতিয়া ককাইদেউ চোৱা মনে কৰি
বৰঘৰ শুদা হৈ যায়।
কতক অসন্তোষ কৰা ঐ আইটী
আমাৰ পুৰি আহে হিয়া,
পুত্ৰ হ’লোঁহেঁতেন ৰখাই থ’লোঁহেঁতেন
কি কৈ দিম মাধৱত বিয়া ।

বিয়া এক সুশৃংখলিত আচাৰ-অনুষ্ঠান। টেকেলি দিয়া অনুষ্ঠানেৰে অসমীয়া বিয়া এখনৰ শুভাৰম্ভণি। টেকেলি দিয়া অনুষ্ঠানক ঠাই ভেদে জোৰোণ বা তেলভাৰ দিয়া বুলিও কোৱা হয়। জোৰোণ অসমীয়া বিয়া এক গুৰুত্বপূৰ্ণ পৰম্পৰা ৷ জোৰোণত দাঘৰৰ পৰা আ-অলংকাৰ, মেখেলা- চাদৰ, তেল-সেন্দূৰ আদি কইনালৈ নিয়া হয় আৰু সমাজক সাক্ষী কৰি কইনাক দৰাৰ নামত সেন্দূৰ পিন্ধোৱা হয় । আয়তীসকলে আগ-গুৰি ধৰা এই অনুষ্ঠানৰ লগত ভালেমান লোকাচাৰ আৰু লোক-বিশ্বাস জড়িত হৈ আছে। জাত জাত বিয়ানামেৰে নামতীসকলে জোৰোণ অনুষ্ঠান অধিক আকর্ষণীয় আৰু অৰ্থৱহ কৰি তোলে—

ক) জাতঃ ওলাই আহক ৰামৰ মাতৃ ৰজাৰ মহাদৈ ।
শুভক্ষণে যাত্ৰা কৰি জোৰোণ দিওঁগৈ।।

পদঃ খাৰু লওকে মণি লওকে কুণ্ডলে সাতেসৰী।
তেল, সেন্দূৰ, ফণি, কাকৈ লওকে শৰাই ভৰি ৷৷
পাটৰ লওক, মুগাৰ লওক আৰু মেজাঙ্কৰী।
ভাৰ পাছি সজাই লওকে অতি যতন কৰি।।

 খ) জাতঃ অ’ পদুম ফুল
জানেকীৰ কাৰণে ৰাম বিয়াকুল।

পদঃ কৈকেয়ী ওলাইছে  সুমিত্ৰা ওলাইছে
ওলাইছে ৰামৰে মাও ৷
জনকৰ জীয়াৰী  জানেকী সুন্দৰীক
জোৰোণ পিন্ধাবলৈ যাওঁ ।।

গ) জাতঃ দোলা আনা দুলীয়া জাপি আনা লগুৱা
জোৰোণ আহি ৰৈ আছে
আইদেউক মাত লগোৱা ।

পদঃ ৰামৰে ঘৰৰে  অয়ে অলংকাৰে
আনিছো শৰাই ভৰাই।
ভিতৰত বহি কি কৰা জানেকী
লোৱাহি মাথা দোঁৱাই ।।

ঘ) জাতঃ অ’ মন ঘুচা
আমাৰে আইদেউলৈ কি কি আনিছা।

পদঃ আগৰখন ভাৰতে  কি কি আনিছা
ৰভাৰে তলতে থোৱা ।
আইদেউৰ ঘৰলৈ কি কাৰ্য্যে আহিছা
সমাজৰ আগতে কোৱা ।।

ঙ) মাৰাৰ অলংকাৰ থোৱা কাটি কৰি
দেউতাৰাৰ অলংকাৰ থোৱা ।
ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ
কৰযোৰে কৰি লোৱা ।

অসমীয়া বিয়াৰ আন এক উল্লেখযোগ্য নিয়ম হ’ল পানী তোলা । আয়তীসকলে মংগল উৰুলি ধ্বনিৰে বিয়ানাম গাই দা/কইনাৰ মাকৰ সৈতে নদী বা পুখুৰীৰ পৰা পানী তুলিবলৈ যাত্ৰা কৰে। দৰা/কইনাক নোৱাওতে সেই পানী তিনিবাৰ দৰা/কইনাৰ মূৰত দিয়ে। পানী তোলাৰ আগতে জলদেৱতালৈ অৰিহণাসহ পাণ-তামোল আগবঢ়াই আজ্ঞা বিচৰা হয়। লগত নিয়া ছুৰী কটাৰীৰে তিনিবাৰ পানী কাটি লগত নিয়া কলচীটো তিনিবাৰ পানী ডুবাই পানী তোলা হয় আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ উভতিব লাগে—

ক) জাতঃ কাষে কলহ লোৱা মাতৃ মাথাই লোৱা মালা।
যমুনালৈ যাব লাগে নকৰিবা হেলা ।।

পদঃ জয় পানী তুলিবলৈ জয় ওলাইছে কৌশল্যা
জয় ৰূপতে ধূপে লগাই ।
জয় আগে পাছে ভৰি জয় গায়ন বায়ন কৰি
জয় ঢুলীয়াই ঢাক ঢোল বায় ।।

খ) ওলাই আহা শশীপ্রভা ৰজাৰ মহাদৈ ।
শুভক্ষণে যাত্ৰা কৰি জলে আনোগৈ।।
ওলাই আহা দৈৱকীএ যমুনালৈ যাওঁ।
কৃষ্ণক নোৱাব জল দিব গঙ্গা মাৱ।।

গ) ৰামকৃষ্ণ জলভৰি যশোদা ৰামকৃষ্ণ পাছলৈ নাচাবা
হৰি মোৰ ঐ সাগৰো আহিব ভাগি ৷
ৰামকৃষ্ণ সাগৰো ভাগিব ৰামকৃষ্ণ জগৰো লাগিব
হৰি মোৰ ঐ নিবহি ৰাইজকো ধৰি।।

ঘ) চালত পানী দিবা নিয়মকৈ সোমাবা
মড়ল চাই টেকেলি থ’বাহে।
মাকে পাটী পাৰি ফুৰিছে বিচাৰি
আইদেউ বা কেনিবা গ’ল হে।।
আইদেউ গৈ আছেগৈ কুণ্ডিল নগৰত ঐ ৰাম
ঘিলা খেলিবলৈ পাই হে ।
গংগাত জলে মাগি আনিছে ৰুক্মিণী ঐ ৰাম
লোৱাহি মাথা দোঁৱাই হে।।

বিয়াৰ আন এক উল্লেখযোগ্য পৰম্পৰা হ’ল দৰা/কইনা নোওৱা। মাহ-হালধি সানি দৰা/কইনাৰ মাকে পৱিত্ৰভাৱে নদী বা পুখুৰীৰ পৰা তুলি অনা পৱিত্ৰ জলেৰে দৰা/কইনাক নোওৱাৰ সময়তো অসমীয়া বিয়াত আয়তীসকলে জাত জাত বিয়ানাম গায়—

ক) ওলাই আহা ৰামচন্দ্ৰ কদমত ধৰি।
নোৱাবলৈ ৰৈ আছে কৌশল্যা সুন্দৰী।।
ওলাই আহা ৰামচন্দ্ৰ দুৱাৰ্ডলিৰ বাজে ।
জননী নোৱাব লাগে নকৰিবা লাজে।।

খ) ৰাম ৰাম বেই পাই ঘূৰিলে
ৰাম ৰাম পীৰা পাই বহিলে
ৰাম ৰাম পাত পাই
মেলিলে ভৰিহে।

গ) জাতঃ আহা আইদেউ বহাহি
গঙ্গাজল আনিছোঁ শিৰ পাতি লোৱাহি।

পদঃ আজি আইদেউকে কোনে কি বুলিলে,
নোৱনী ঘৰলৈ নাহে।
আইদেউৰ দাদাৱক আছে বলৰাম
কোনে কি বুলিব পাৰে হে।।

ঘ) গা ধুই আইদেৱে বৰণে সলালে ঐ ৰাম
হালধি অতি চৰিলে।
স্নানো কৰিলে বস্ত্ৰও পিন্ধিলে ঐ ৰাম
উৰি যাওঁ উৰি যাওঁ কৰে হে।।
গা ধুই আইদেৱে মাকক সুধিলে ঐ ৰাম
কি সাজ সলাব পায় হে।
ছাঁতে শুকোৱা মুঠিতে লুকোৱা ঐ ৰাম
সেই সাজ সলাব পায় হে।।

ঙ) আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে। ৰাম ৰাম
পঞ্চ আয়তীয়ে
দুর্বাঘাটৰ পানী আনি দুর্বাঘাটৰ পানী আনি
ৰামৰ মূৰত দিয়ে।। ৰাম ৰাম
ৰামৰ মূৰত দিয়ে….

গাঁঠিয়ন, অধিবাস, দৈয়ন আদি লোকাচাৰ অসমীয়া বিয়াৰ অবিচ্ছেদ্য অংগ। এই নিয়মসমূহো বিয়ানামেৰে মুখৰিত হৈ থাকে। ইয়াৰ ভিতৰত গাঁঠিয়ন হ’ল এবিধ উদ্ভিদৰ বহু গাঁঠিযুক্ত সুগন্ধি শিপা। ড° প্রফুল্ল দত্ত গোস্বামীয়ে তেওঁৰ ‘বাৰ মাহৰ তেৰ গীত’ গ্ৰন্থত উল্লেখ কৰা মতে এই গাঁঠিয়ন মিচিমিসকলে আনে। বিয়াৰ আগনিশা গাঁঠিয়ন খুন্দি দৰা/কইনাৰ মূৰত দিয়া হয়—

ক) উজনি ৰাজ্যৰে এ গন্ধে গাঁঠিয়নে
নামনি ৰাজ্যৰে পটা ৰাম হৰি
নামনি ৰাজ্যৰে পটা।
সাতো আয়তীয়ে গাঁঠিয়ন খুন্দিছে
কেনে কেনে কৰি বটা ৰাম হৰি
কেনে কেনে কৰি বটা ।।

খ) জাতঃ ৰাম কৃষ্ণ গোপাল গোবিন্দ বনমালী।
শংখ ঘণ্টা দৰলী পাতিছে শাৰী শাৰী।।

পদঃ কাইলৈ বিবাহৰ দিন আজি অধিবাস।
গজ গতি গমনেতে ফুৰে লয় লাস।।
পাৰি আনা পকা ডালিম পাৰি আনা বেল।
আজি ৰামৰ অধিবাস লাগে গন্ধ তেল।।

গ) জাতঃ উঠা উঠা আইদেৱে নুঠিলে নহয়।
আজি তোমাৰ বিবাহ হৈছে দৈয়ন সময়।।

পদঃ  আয়তীসকলে সিংহ দুৱাৰে ৰৈ।
দিব খোজে শুভ দৈয়ন উঠা লাহেকৈ ।।
আগবাঢ়ি আহা আইদেউ দুৱাৰ মুখলৈ ।
তোমাৰ আয়ে দৈয়ন দিব আঁঠু কাঢ়ি লৈ।।
দৈয়ন দিয়া দৈয়ন দিয়া চেনেহৰে আই
ভালে কৰি দৈয়ন দিয়া শৰীৰ জুৰাই ।।

 দা/কইনা সজাওতে গোৱা বিয়ানাম—

ক) জাতঃ অ’ মোৰ অমিয়া
ৰামক সজাবলৈ নাহে সমনীয়া।

পদঃ ৰামক সজাবলৈ কোনজন বহেহি
চকুযোৰ দেখিছোঁ ভালে। মোৰ অমিয়া
চন্দনৰ ফোঁট বেয়া হয় যদিহে
গা সৰাবলৈ টান।। মোৰ অমিয়া

খ) জাতঃ দাপোণখনি আগত লৈ
সাজ পিন্ধা অকলৈ
ৰৈ নাথাকিবা আশা কৰি লোকলৈ ।

পদঃ তুলিতে তলিচা বহিছে ললিতা
শৰাই লৈ মেলাইছে চুলি হে
দহো আঙ্গুলিতে নেপুৰে ধৰিছে তুলি ।।

ৰভাতলীত গোৱা বিয়ানাম—

ক) জাতঃ ৰামচন্দ্ৰ আহি ৰৈ আছে বাটত
ৰৈ আছে বাটত
সীতা শুই আছে মাকৰ খাটত,
লাহে লাহে কৰি মাকে জগাই
মাকে জগাই
উঠা মোৰ লাহৰী আহিছে জোঁৱাই।

পদঃ বাৰীতে ফুলিলে বিলাতী তগৰ ৷
আজি শুদা হ’ব দেউতাকৰ নগৰ ।।
দাদাৰাৰ আছিলা আজলী ভনী ।
আজি বিয়া দিব ৰামচন্দ্ৰক আনি।।
মাৰাৰ আছিলা আদৰৰ জী।
উলিয়াই পঠাব ৰামলৈ দি।।
দেউতাৰাৰ আছিলা আলাসৰ লাডু ।
দিব ৰামচন্দ্ৰলৈ যাবানে বাৰু ?

গ) নীলাকৈ পাহাৰত ৰঙাকৈ বেলি।
কেনেকৈ চলাবা লোকৰ ঘৰ খনি।।
কুকুৰাৰ ডাকতে উঠিবা শুই।
বাহী বন কৰি লৈ ধৰিবা জুই।।

কলৰ তলত গোৱা বিয়ানাম—

মোৰ মইনা -লোকৰ কলে তলে,
মোৰ মইনা – কি কৰা ৰামচন্দ্ৰ,
মোৰ মইনা -দেহি ঐ নিয়ৰে ধৰিছে ছাতি ।
মোৰ মইনা- আছে যদি দিয়া দান,
মোৰ মইনা – নাই যদি সমাধান,
মোৰ মইনা – দেহি ঐ নথবা ৰামচন্দ্ৰক ৰাখি ৷

সুৱাগুৰি তোলাৰ সময়ত গোৱা বিয়ানাম—

সুৱাগ তুলিবলৈ ওলালে দৈৱকী
ঐ ৰাম কাষতে কলচী লৈয়ে হে
আয়তীসকলে কৰা সুমস্থলে
ঐ ৰাম সুৱাগৰে কুলা লৈয়ে হে।

হোমৰ গুৰিত গোৱা বিয়ানাম—
ক) জাতঃ  ঐ সখি চন্দ্ৰাৱলী এইখন কাৰে ৰভা
চন্দ্ৰ সূর্য নমাই আনি পাতিছেহি সভা।।

পদঃ ল’ৰাকালৰ কথা ৰাম কাটি কৰি থোৱা ।
বিবাহকালৰ কুশ জল হাতে তুলি লোৱা।।
বিধি চাই পুৰোহিতে কৰে অনুষ্ঠান।
জনকে আনাইছে মাতি দিব কন্যাদান।।
ওপৰতে চন্দ্ৰতাপ তলে ঘিউ চাকি।
পাতিছে ধৰ্মৰে বিয়া সবে আছো সাক্ষী।।…

খ) জাতঃ ম’ৰা চৰাই চালি ধৰে ঘৰৰ চালত পৰি ।
আজি আইদেউ গুচি যাবা ঘৰ উদং কৰি।।

পদঃ একে লগে একে সঙ্গে আছিলোঁ উমলি।
আমাক এৰি কলৈ যোৱা অ’ চন্দ্ৰাৱলী।
আহি পালা হোমৰ সভা বহি পালা বৰ ৷
ৰামচন্দ্ৰক স্বামী পালা চিন্তানো কিহৰ।।
জনকৰ ঘৰে আজি কৰে কন্যাদান ।
ধৰ্ম্মৰে বান্ধিছে দৌল পৰ্ব্বত সমান।।…

গ) আখৈ দিয়া আখৈ দিয়া মৰমৰে ভাই
আজিৰ পৰা তোমাৰ বাইদেউ
গোত্ৰ ছিঙি যায়।
কইনাৰ ৰূপত আজি তুমি
সৰগৰে পৰী
সৰগৰে পৰী
মঙ্গল উৰুলি দিয়া
লগৰে লগৰী ।….

ঘ) জাতঃ অ’ মন তৰা
উঠা ৰাম জানেকী সমাজৰ পৰা ।

পদঃ বিয়া ভাগিলে ৰাতিও পুৱালে
দোলা সাজু কৰি লোৱা ৷ মন তৰা
ডালৰ ফেঁহু চৰাই মাতে কুৰুলিয়াই
ছোৱালী উলিয়াই দিয়া ।। মন তৰা
আহাঁ খৰে কৰি  জানেকী সুন্দৰী
আমালৈ দূৰণি বাট। মন তৰা
তোমাৰ চেনেহৰে ওচৰ-চুবুৰীয়াক
লগাই থই আহাঁ মাত ৷ ৷ মন তৰা

দৰা-কইনা ভিতৰলৈ নিয়াৰ সময়ত গোৱা বিয়ানাম—

জাতঃ আইদেউৰ আঁচলতে কিবা মধু আছে।
কিবা দেখি ৰামচন্দ্ৰ ফুৰে পাছে পাছে।।

পদঃ আইদেউৰ পাছে পাছে কেলৈনো গইছা ৷
কিবা আশাত আইদেউৰ মুখলৈ চাইছি।।
সীতা আগত ৰাম পাছত যাই লয়লাসে।
সমাজত যত লোকে বেৰি বেৰি হাসে।।
ৰাম তুমি কি কৰিছা পাছে পাছে আহি।
কিয়নো মুখত বাৰু মিচিকিয়া হাঁহি ।।

 আঙঠি খেলৰ বিয়ানাম—

জাতঃ ৰামে সীতাই পাশা খেলে ৰাইজে বেৰি চাই ।
ৰামচন্দ্ৰ হাৰে যদি কি হ’ব উপায় ।।

পদঃ ৰাম যদি হাৰে দিব ৰামৰ ৰাজ্যধন।
জানেকী হাৰিলে দিব হাতৰে কংকণ ।।
পাতিলে পাশাৰে শাৰী পাতি লয়ে ঘৰ।
সীতা সমে পাশা খেলে ৰাম ধনুৰ্দ্ধৰ।।
হাতৰে আঙ্গুঠি দিয়ে খেলে এইবাৰ।
হাৰি তল মূৰে কৰে ৰাম গুণধাৰ।। …

বাহী বিয়াৰ বিয়ানাম—

পৰ্বতৰ টিঙালি হাতীৰ গিৰ্জনি
কাক ভাঙি ভাঙি যায়।
কাকক বোধে দিবা কান্দিব নিদিবা
ৰখাবৰে যোত্ৰ নাই ৷৷
ঔৰে গছতে মৌৱে বাহে ল’লে
দেউতা পাৰি দিয়া খাওঁ ৷
সোণৰ বনে কৰা কাপোৰ আনি দিয়া
আজি শহুৰীলৈ যাওঁ ।।…

আহুধানৰ মাজে মাজে সৰল কাঠৰ মূঢ়া।
আইদেৱে দৰা পাইছে বাপেকতকৈ বুঢ়া।।
দীঘল ঠেঙা জোঁৱাই ল’ৰা ৰভাত লাগিল দাঁতে।
খৰকৈ আহা আইদেউৰ মাকে সৰাই দিয়া দাঁতে ৷৷
বুঢ়া দৰা কোমল কইনা কথাৰ নাপাওঁ আশে।
পকা দাড়িত লাগি আছে এশ মিছা মাছে।।

বিয়ানামৰ এটা আকর্ষণীয় অংশ হ’ল ‘যোৰানাম’ বা ‘খিচা-গীত’। দৰাঘৰীয়া আৰু কইনাঘৰীয়া মাজৰ নিৰ্দোষ ধেমালিৰ এক সুৰীয়া প্ৰকাশ যোৰানামত উভয়পক্ষৰ মাজত চলা ঠাট্টা-মস্কৰাৰ মাজেৰে আনন্দ উপভোগ কৰা হয় । ড° প্রফুল্ল দত্ত গোস্বামীয়ে যোৰানামত ‘অসমীয়া বিয়াৰ লৌকিকতাৰ এটি লুটি দেখা যায়’ বুলি তেওঁৰ ‘বাৰ মাহৰ তেৰ গীত’ গ্ৰন্থত উল্লেখ কৰিছে। ড° লীলা গগৈয়ে ‘অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা’ গ্ৰন্থত যোৰানামৰ বিষয়ে এনেদৰে আলোচনা কৰিছে –

‘বিয়াৰ ৰভাতলী আনন্দৰ থলী। সেইবাবে আয়তীৰ কোমল কণ্ঠত ৰগৰৰ কঁপনি উঠে। দৰাঘৰীয়াই কইনাঘৰীয়াক, কইনাঘৰীয়াই দৰাঘৰীয়াক, নামতীয়ে ঘৰৰ গিৰিহঁতক আৰু পুৰোহিত বাপুক জোকাই নাম গায়। এই নামবোৰ জোৰানাম বুলি জনাজাত। জোৰানামবোৰ সাধাৰণ হাস্যৰসত সিক্ত হৈ উঠিছে, কিন্তু কোনো কোনো ক্ষেত্ৰত গ্ৰাম্যদোষৰ ছিটিকনি নপৰা নহয় ।

‘ ফু দি জ্বলালোঁ থাপ দি নুমালোঁ
ফলীয়া তুঁহৰে জুই,
কইনাৰ ককায়েকৰ দাড়িত জুই জ্বলালোঁ
নোৱনি তামোলৰ হৈ ।
আগৰ পৰা গুৰিলৈ লাগিছে
লা-দোৰোণৰ গছ,
এখন তামোলেৰে বিয়াখন পাতিছে
মুহুদি নকৰাৰ সঁচ ।

লুইতৰ চপৰা দৰাটো জপৰা
বহি ফটা-কঁথা সীয়ে,
আমাৰে আইদেউ সৰ্বাংগসুন্দৰী
বটীয়া বাটিবলৈ দিয়ে।

সি বাৰীৰ কচু ই বাৰীৰ কচু
একেখন চালনীত বাছোঁ,
দৰাঘৰীয়া  নামতীকেইজনীক
জালোৱাহঁতলৈ বেচোঁ।

বৰালি মাছৰে তিনিটা টোটোলা
টেঙা দি খাবলৈ ভাল,
আমাৰ গুৰু বাপুৰ পেটটো গেৰেলা
জয়ঢোল বাবলৈ ভাল ।

বিধি পঢ়ে বাপুদেৱে মাজে মাজে এৰে।
ঘৰত আছে খালৈপেটী তাইলৈ মনত পৰে।।

সহজ ভাষা সৰল চিত্ৰৰ বিয়ানাম অসমীয়া গীতি-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ। বিয়ানামত কৃষ্ণ-ৰুক্মিণী, ৰাম-সীতা, শিৱ-পাৰ্বতী, ঊষা-অনিৰুদ্ধ, জনক ৰজা, কৌশল্যা আদি পৌৰাণিক চৰিত্ৰৰ নামৰ ব্যৱহাৰ মন কৰিবলগীয়া। বিয়ানামৰ উৎস হ’ল নাৰী-হৃদয়। স্বাভাৱিকতে বিয়ানামত নাৰীসুলভ ৰচনাশৈলী আৰু কোমলতা দেখা যায়। বিয়ানাম নাৰী জীৱনৰ দাপোণ । বিয়ানামৰ সুৰ নাৰীৰ হৃদয়ৰ সুৰ।

 

 

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.