দৈনিক ৰাশিফল ৯ জুন ২০২৬

12

২৫ জেঠ, মঙ্গলবাৰ, ইং ৯ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, লগতে আজি বিবাহিত ব্যক্তি সকলক সন্তানে মনত আনন্দ দিব।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, ঘৰুৱা ধন- সম্পত্তি বাঢ়িব লগতে আজি আপুনি ভাল খৱৰ লাভ হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি দুৰ্ঘটনাৰ সন্মুখীন হ’ব লগা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব, যান বাহন পৰা সাৱধান হ’ব লগতে আজি আপোনাৰ মনত সামান্য খংঙ আৰু অভিমান ভৰা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত শুভ বুলি কব পাৰি, সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপুনি ভাল খৱৰ লাভ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি সঞ্চয় বাঢ়িব, ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, ঘৰলৈ অতিথিৰ আগমণ হব পাৰে যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধন- সম্পত্তি হানি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ কৰ্মত শুভ হ’ব, প্ৰাপ্তি লাভ কৰিব, লগতে আজি খেলুৱৈ সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত এলাহ ভাৱ বাঢ়িব পাৰে,সামান্য চকুৰ অসুখ হ’ব পাৰে লগতে আজি আপোনাৰ মনলৈ বেয়া চিন্তা অহাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত সামগ্ৰী লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্ম প্ৰতি মনৰ উৎসাহ হ্ৰাস হ’ব পাৰে, লগতে আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনে বেয়া পোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, উত্তম ভোজন লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ লগ বন্ধুৰ আগমণ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.