দৈনিক ৰাশিফল ১২ মে ২০২৬

19

২৮ ব’হাগ, মঙলবাৰ, ইং ১২ মে’ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব , প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সৰু সুৰা বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকে সামাজিক কৰ্মত সন্মান লাভ কৰিব,ছাত্ৰ ছাত্ৰী সকলে বিদ্যাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি বিবাহিত ব্যক্তি সকলৰ সন্তান চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মচাৰী সকলৰ সন্মান বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি ছোৱালী সকলে কৰ্মত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ভোজন বিলাস ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হব যদিও আজি আপুনি ব্যৱসায় বাণিজ্যত সজাগ নহ’লে সামান্য লোকচানৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মচাৰী সকলৰ সন্মান বাঢ়িব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মবোৰ আধৰুৱা হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য প্ৰৰিশ্ৰম বাঢ়িব পাৰে লগতে আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্যৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত দেহ মনত সামান্য আঘাত পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ধন- সম্পত্তি হানি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ যান- বাহন লাভ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.