২ ব’হাগ, বৃহস্পতিবাৰ, ইং ১৬ এপ্ৰিল ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি কিছু চিন্তা থাকিব যদিও উপস্থিত বুদ্ধিৰে আঁতৰাব পাৰিব। সাহস আৰু দক্ষতা সমভাৱে লাভত উপকৃত হ’ব। কর্মস্থানত আনন্দ। প্ৰেমত আনন্দ। শুভ ৰং– হালধীয়া, শুভ সংখ্যা – ১।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি বিদ্যাত মধ্যম। বিয়া বা উৎসৱত যোগদান কৰক। মাতৃৰ শৰীৰৰ বাবে কিছু চিন্তা। আর্থিক ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম। শুভ ৰং-ৰঙা, শুভ সংখ্যা-৮।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি কৰ্মক্ষেত্ৰত ভালে যাব। আর্থিকত মধ্যম। দায়িত্বপূর্ণ কামত মাংগলিক কৃতকাৰ্য হোৱাৰ সম্ভাৱনা। বিদ্যাত শুভ। শৰীৰ মধ্যম। শুভ ৰং-বগা। শুভ সংখ্যা-৩।
৪.কৰ্কট ৰাশি(ড,হ): আজি সহযোগীৰ সহায়ত আনন্দ লাভ কৰিব। প্ৰতাৰকৰ বাবে দুশ্চিন্তা থাকিব। কর্মক্ষেত্ৰত আয় বৃদ্ধিৰ কাৰক। নতুন কোনো উদ্দেশ্যত সফল হ’ব। প্ৰেমত নিৰাশা। শুভ ৰং- ক্রীম, শুভ সংখ্যা-৫।
৫.সিংহ ৰাশি (ম,ট): আজি উৎসাহজনক বাৰ্তাৰ সম্ভেদ পাব। আর্থিকত কিছু কষ্ট। শৰীৰ সম্পৰ্কে উদাস নহ’ব। বিদ্যাত মধ্যম। ভ্ৰমণত সাৱধান। দাম্পত্যত শুভ। শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা- ৮।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি আপোনাৰ দিনটো মধ্যম। কর্মক্ষেত্ৰত সাৱধান। প্ৰেমত উদাস চিন্তাৰ কাৰক। বিদ্যাত মধ্যম। দাম্পত্যত শুভ। শুভ ৰং– নীলা, শুভ সংখ্যা-৩।
৭.তুলা ৰাশি(ৰ,ত): আজি আপোনাৰ শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আপোনাৰ ভাব আৰু কামত আনৰ সৈতে মতবিৰোধ হ’ব পাৰে। উচ্চ বিদ্যাত সাফল্য লাভ। আর্থিকত আয় বৃদ্ধি পাব। কোনো প্রিয় লোকৰ যোগাযোগত আনন্দ। শুভ ৰং- সেউজীয়া, শুভ সংখ্যা – ৫।
৮.বৃশ্চিক ৰাশি(ন,য): আজি আপোনাৰ ব্যৱসায়ত উচ্চ চিন্তা আৰু সাফল্য লাভ। কর্মক্ষেত্ৰত উন্নত আশা নকৰাই ভাল। পঢ়াত মনোনিৱেশ কৰিব। ভ্ৰমণত সাৱধান। শুভ ৰং-কমলা, শুভ সংখ্যা-২।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি আপোনাৰ দিনটো কিছু বাধাৰ ক্ষেত্ৰত মনটো গধুৰ হৈ থাকিব। শৰীৰৰ যত্ন লওক। কৰ্ম সাফল্যৰ যোগ। পিতৃৰ পৰা সহানুভূতি লাভ। শুভ ৰং- আকাশী নীলা, শুভ সংখ্যা- ৩।
১০.মকৰ ৰাশি(খ,জ): আজি আপোনাৰ কৰ্মত বাধা পাব পাৰে। নিজৰ সন্মানৰ ক্ষেত্ৰত সাৱধান হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক ক্ষেত্ৰত সামান্য উৎকণ্ঠা। ভ্ৰমণত দ্রব্য লাভ। ব্যৱসায়ত আশানুসাৰে উন্নতি। শুভ ৰং-ছিলভাৰ, শুভ সংখ্যা-১।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি আপোনাৰ নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হ’ব পাৰে। কৰ্মত দক্ষতা থাকিব। ব্যৱসায় – বাণিজ্যত সফলতাৰ ইংগিত পাব পাৰে। বিদ্যাত শুভ। পিতৃ-মাতৃৰ বাবে চিন্তা হ’ব পাৰে। শুভ ৰং সেউজীয়া, শুভ সংখ্যা – ৯।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি আপোনাৰ যত্নত বিদ্যাত সাফল্য লাভ। আর্থিকত ব্যয় বৃদ্ধি পাব। কোনো বার্তাত আনন্দ। বেংক কৰ্মচাৰীৰ শুভ। কোনো কাৰণত মন চঞ্চল থাকিব। প্রেমত শুভ। শুভ ৰং- গুলপীয়া, শুভ সংখ্যা-৭।
Comments are closed, but trackbacks and pingbacks are open.