ড° গীতিকা চহৰীয়া
কুঁহিয়াৰৰ ৰস উলিওৱা যন্ত্ৰটোত কুঁহিয়াৰ টুকুৰা চেপি চেপি শেষ বিন্দুকণ ৰস উলিয়াই নীৰস কুঁহিয়াৰ টুকুৰা কাষৰ চেপি পেলাই দিয়া কুঁহিয়াৰৰ দমটোলৈ দলিয়াই দিয়া দৃশ্যটো চাই থাকিল তাই। এটোপালো ৰস যাতে কুঁহিয়াৰডালত থাকি যাব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈকে যেন মানুহজনে উৰাই ঘূৰাই কুঁহিয়াৰডাল চেপিব লাগিছে। ইমান সুলভ দৃশ্য অথচ কিমান বিৰক্তিকৰ আৰু কষ্টকৰ!
বাইদেউ, এয়া লওক। দীঘল প্লাষ্টিকৰ গিলাচটোত আগবঢ়াই দিয়া কুঁহিয়াৰৰ ৰসখিনি হাত পাতি ল’লে তাই। গৰমত কুঁহিয়াৰৰ ৰসখিনি কোটকোটকৈ পী খাব মন গৈছিল যদিও তাই খাব নোৱাৰিলে। পইচাটো মানুহজনলৈ আগবঢ়াই দি তাই কুঁহিয়াৰৰ ৰসৰ গিলাচটো চালকজনলৈ আগবঢ়াই দিলে । চেপি দলিয়াই দিয়া শুকান কুঁহিয়াৰৰ দমটোৰ লগত মিহলি হৈ থকা তাইৰ বিৰক্তিখিনি তাইৰ বাবে ক্ষন্তেকীয়া নহয় । ৰস চেপি উলিওৱা যিকোনো শুকান বস্তু দেখিলেই তাইৰ এনে অনুভৱ হয় যেন তাইৰ শৰীৰটোও ক্ৰমশঃ ৰসহীন হৈ পৰিছে লগতে মনটোও।
ৰসাল বুলিবলৈ এতিয়া তাইৰ একোৱে নাই।
না তাইৰ চৌপাশৰ পৰিৱেশটো ৰসাল, না তাইৰ জীৱনটো ৰসাল। অথচ তাই নিজ ইচ্ছামতে ৰসহীন হৈ পৰা এদল মানুহৰ মাজতে নিজৰ জীৱনৰ অৱশিষ্ট ৰস বিচৰাৰ চেষ্টা চলাই আহিছে।
বাইদেউ, কোনফালে যাম এতিয়া ? বাইহাটা চাৰিআলি পালোঁ।
হা। অহ। ইয়াৰ পৰা পোনে পোনে গৈ থাকাচোন। বাইহাটা চাৰিআলিৰ পৰা ২০ কিলোমিটাৰ মান নিলগৰ ভিতৰুৱা গাঁও এখনলৈ তাইৰ এই যাত্রা। পৰিস্থিতিৰ লগত সহবাস কৰি বুকুৰ ভিতৰত উমি উমি জ্বলি থকা একুৰা জুই প্রশমিত কৰাৰ উদ্দেশ্যে হয়তো কেতিয়াবা সকলো মানুহে কিছুমান নিৰৰ্থক যাত্ৰা কৰে, অথবা কৰিবলগীয়া হয়। নিজক ভালে ৰাখিবলৈ, নিজক নিজৰ মাজত জীয়ন দি ৰাখিবলৈ মানুহে কিছুমান সমযোজন কৌশল গ্রহণ কৰি লয়। তায়ো যেন ক’ব নোৱাৰাকৈয়ে তেনে এক নতুন এডজাষ্টমেণ্ট মেকানিজম সৃষ্টি কৰি লৈছে।
তাইলৈ আজিকালি প্ৰায়ে কিছুমান ফোনকল আহে। সকলোৰে বুকুৰ বেমাৰ। যন্ত্রণাবিদ্ধ একোখন কলিজালৈ তেওঁলোকে তাইৰ পৰা সমস্যাৰ সমাধান বিচাৰে। বহুতে আকৌ নিজৰ মান-মর্যাদা আৰু সমাজৰ প্ৰতি থকা ভয়ৰ বাবে তাইৰ হাতত ধৰি সকলোৱে দেখাকৈ ওলাই আহিবলৈ ভয় কৰিলেও তাইৰ সহযাত্রী হয় গোপনে।
যোৱা সপ্তাহত লগ পোৱা মানুহগৰাকী আছিল এখন কলেজৰ অধ্যাপিকা। কিমান সপ্রতিভ, সুখৰ ৰাগিত গাল মুখ জীপাল যেন লগা মানুহগৰাকী কি সাংঘাতিকভাৱে শুকান আৰু নিঃসংগ পোনে পোনে দেখিলে ধৰিবই নোৱাৰি। প্রেম বিবাহ… মোটা অংকৰ দৰমহা… মৰমলগা কন্যা…. সমাজত নাম-যশস্যা… সোঁৱে-বাঁৱে গুণমুগ্ধ ছাত্র-ছাত্রী, সহকর্মী… অথচ তেওঁ বহুতদিন ধৰি মনৰ কথা পাতিব পৰাকৈ কাকো বিচাৰি পোৱা নাই। বুকুৰ ভিতৰত বিন্দু বিন্দুকৈ পুঞ্জীভূত হৈ গঢ় লৈ উঠা এখন দুখৰ পাহাৰ খহাব পৰাকৈ এজনো আপোন মানুহৰ সান্নিধ্য নাই তেওঁৰ ওচৰত। তেৱেঁই কৈছিল তাইক, মোৰ দশাটো সেই পিয়াহত আতুৰ মানুহজনৰ দৰেই, যি সাগৰৰ মাজত থাকিও এটোপাল পানীৰ বাবে ককবকাই থাকে।
কথাবোৰ কিমান আচৰিত নহয়নে। মানুহবোৰৰ সকলো থকাৰ পিছতো ভিতৰি কিদৰে মৰি থাকে। অথচ সমাজৰ ভয়ত এখোজ আগুৱাই আহি নিজৰ জীৱনটো নিজে বিচৰাৰ দৰে জীয়াবলৈ ভয় কৰে।
‘যাউ চিমৰণ জী লে অপনি জিন্দেগী’ বুলি ক’ব পৰা ফেমাচ ডায়লগবোৰ কেৱল চিনেমাতহে থাকে। বাস্তৱ জীৱনত কাৰো জীৱনলৈ তেনে এটা ডায়লগ উফৰি নাহে। আত্মীয়-কুটুম সকলোৱে ভুক্তভোগীক সহি-সামৰি থাকিবলৈ উপদেশ দি নিজৰ দায়িত্ব সামৰে।
এনেবোৰ কথাৰ বাবেই তাইৰ বুকুৰ কেঁচা ঘা টুকুৰা ক্ৰমশঃ বাঢ়ি গৈ থাকে আৰু সেয়ে তাই ভুক্তভোগী পুৰুষ-মহিলাসকলক দুহাত মেলি নিঃসংগতাৰ পোতাশালৰ পৰা তুলি আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে ।
তাইৰ লগত থকা ৰীমা, ৰুবী, ললিতা, প্ৰাঞ্জনা, প্রকাশ, জবা, জাহ্নৱী সকলোৰে জীৱনবোৰ তেনেকুৱাই নীৰস আৰু এনে ৰসহীন নাৰী-পুৰুষবোৰৰ বাবে সঞ্জীৱনী হৈ ধৰা দিয়ে তাই। তাইৰ এলানি অদৃশ্য অভিযান ‘সান্নিধ্য’। যি ভিতৰি ভিতৰি তিলতিলকৈ মৰিব ধৰা নাৰী-পুৰুষৰ বাবে হৈ পৰে এখন সহায়ৰ হাত… অলপ আত্মিক সান্নিধ্য।
ৰীমা, তাইৰ সমবয়সৰ ছোৱালীজনী যি উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়েই বিয়াত বহিছিল আৰু বিয়াৰ কেইমাহমান পিছতে আৱিষ্কাৰ কৰিছিল গিৰীয়েকৰ কোনো অন্য নাৰীৰ লগত থকা অবৈধ সম্পৰ্কৰ কথা আৰু তাই যেতিয়াই প্রতিবাদ কৰিবলৈ আৰম্ভ কৰিলে তাইৰ ওপৰত চলিল উপৰ্যুপৰি শাৰীৰিক আৰু মানসিক নির্যাতন। মুকলি হৈ আহিল তাই সেই নামধাৰী স্বামীৰ বান্ধোনৰ পৰা। কিন্তু সকলো তিক্ততাপূৰ্ণ সম্বন্ধৰ সমাধান বিবাহ বিচ্ছেদ হ’ব নোৱাৰে। ডিভ’ৰ্চে সম্পৰ্ক এটাৰ ভিতৰত সোমাই থকা তিক্ততাখিনি মোহাৰি পেলায়, কিন্তু মনৰ ভিতৰত যিখিনি তিক্ততা ৰৈ যায়, সম্পৰ্ক এটাৰ প্ৰতি থকা বিশ্বাস, আস্থাৰ সৌধটো ভাঙি চূচুৰ্মৈ হওঁতে বুকুত যিখিনি কেঁচা আঘাত ৰৈ যায় তাৰ উপশমৰ উপায় ডিভ’ৰ্চ নহয়। আদালতৰ মজিয়াত বিবাহ বিচ্ছেদ হয়, মুক্ত হৈ যায় এটি সম্পৰ্কৰ বান্ধোনৰ পৰা… কিন্তু প্ৰকৃতাৰ্থত এগৰাকী নাৰীয়ে পাৰেনে মুক্ত হ’ব সকলো আশা-আকাংক্ষাৰ পৰা! নিজে গুঁঠি লোৱা সপোনবোৰৰ পৰা আহো বুলি সহজে আঁতৰি আহিব পাৰেনে! হয়তো নোৱাৰে। ৰীমায়ো পৰা নাছিল ওলাই আহিব। সম্পৰ্কটোৰ প্ৰতি থকা অনাস্থাৰ বিষয়ে সমাজ, ঘৰ, মহামান্য আদালত সকলোকে পতিয়ন নিয়াব পাৰিছিল, কিন্তু নিজক পৰা নাছিল, যাৰ বাবে তাই সান্নিধ্যৰ এখন হাত সাবটি কাৰোৰে আগত মুকলি কৰিব নোৱৰা তাইৰ মনৰ গোপন ভাগটো মুকলি কৰি দিছিল।
মানুহক মানুহ লাগে… এজন সংগী লাগে যিয়ে তেওঁক বুজে। তেওঁৰ ভিতৰৰ মানুহজনক চুই চাব পাৰে। তেনে এগৰাকী মানুহ বিচাৰি প্রকাশে বহুত বছৰ ধৰি হাবাথুৰি খাই এদিন প্রজ্বলিতাক বিচাৰি পাইছিল। সম্ভ্রান্ত ঘৰৰ সুদৰ্শনা জীয়ৰীক পত্নী হিচাপে পাই বন্ধু মহলত এটা সময়ত গৌৰৱ কৰিব ধৰা ডিচি অফিচৰ কৰ্মচাৰী প্ৰকাশৰ সেই গৌৰৱৰ বেলুনটো ফুটিবলৈ বেছি দিন লগা নাছিল। বিয়াৰ এটা বছৰ সম্পূৰ্ণ নৌহওঁতেই পত্নীৰ উচ্চাকাংক্ষা আৰু সকলো সময়তে উচ্চাত্মিকা মনোভাবৰ পত্নীৰ কথাৰ শৰে থকা-সৰকা কৰা প্ৰকাশ সকলো সময়তে নীচাত্মিকা মনোভাবৰ চিকাৰ হৈ হতাশ হৈ পৰে আৰু তেওঁৰ সংগীয়ে সৃষ্টি কৰা নিঃসংগতাৰ পৰা মুক্ত হ’বলৈয়ে এদিন তেওঁ সান্নিধ্যৰ হাত এখন সাবটি ধৰে।
এনে বহু চৰিত্ৰ তাই লগ পায়। তাৰ মাজত মায়াৰ চৰিত্ৰটোৱে তাইক চুই গৈছিল। মায়া, এজনী উচ্চাকাংক্ষী ছোৱালী যাৰ ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ চখ আছিল। বিয়াৰ আগতে ফটোগ্ৰাফীৰ ডিপ্লোমা লৈ মুক্তবিহংগৰ দৰে হাবিয়ে-জংঘলে ঘূৰি ফুৰা ছোৱালীজনী এদিন বন্দী হৈ গৈছিল এখন তথাকথিত সম্ভ্রান্ত ঘৰৰ চাৰিবেৰৰ মাজত। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যকে সুখী কৰিবলৈকে ৰান্ধি ভাল নোপোৱা ছোৱালীজনীয়ে ইউটিউবত ৰেচিপি চাই চাই বিধে বিধে ৰান্ধি সকলোকে সুখী কৰিবলৈ চেষ্টা কৰিছিল। শাহুৱেকৰ ইচ্ছা পূৰণ কৰিবলৈয়ে বিয়াৰ এবছৰৰ ভিতৰতে মাতৃত্বক আঁকোৱালি লৈছিল। নিজৰ সকলো সপোন জলাঞ্জলি দি স্বামীক সুখী কৰা আৰু সন্তানক ভাল মানুহ কৰাৰ চেষ্টাত ব্ৰতী হৈছিল। অথচ এটা সময়ত তেওঁ দেখিলে তেওঁচোন জীৱনটোৰ পৰা একোৱে নল’লে, সকলো কেৱল আনক দিলে। সদায় ব্যৱসায়ৰ কামত ব্যস্ত থকা স্বামীৰ পৰা অলপ সঁচা সান্নিধ্য অথবা সন্তানৰ পৰা প্ৰাপ্য মৰম আৰু সমীহ কোনোটোৱে গোটাব নোৱাৰিলে। ঘৰতে আবদ্ধ হৈ থকা মাতৃৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন তুলি যেতিয়া ঘৰৰ সকলো সদস্যৰ আগত নিজ কন্যাই তেওঁক কৈ উঠিছিল, ‘তুমি কি জানা মা অনবৰতে ঘৰটোত সোমাই পিত্পিতাই থকাৰ বাহিৰে ? আৰু তুমি সকলো কথাতে হকাবাধা কৰি থকা যে পইচা পাপাইহে দিয়ে, পাপাইতো একো নকয়।’
ছোৱালীৰ এনে উচ্চবাচ্যই তেওঁক হতবাক কৰিছিল। সকলোতকৈ আচৰিত হৈছিল জীয়েকৰ এনে উদ্ভট কথা শুনি তেওঁৰ স্বামী বা পৰিয়ালৰ
আন কোনোৱে এষাৰো মাত মতাৰ প্ৰয়োজনবোধ কৰা নাছিল। এৰি অহা দিনবোৰৰ সমস্ত ত্যাগৰ বিনিময়ত তেওঁ নিজৰ হাতৰ মুঠিত একোৱে ৰাখিব নোৱাৰিলে। নিজৰ পৰিচয় হেৰুৱাই পেলোৱাৰ যন্ত্ৰণাত কোঙা হৈ পৰা মানুহগৰাকীয়ে এদিন সান্নিধ্যৰ বুকুত মুখ গুঁজি পুনৰ সন্ধান কৰিছিল বহুত দিন আগতে বাকচৰ কোনোবা এটি চুকত এলাগী কৰি পেলাই থোৱা মার্কশীট, চার্টিফিকেটবোৰ।
ইয়াৰ উপৰি প্ৰেমত ঠগ খোৱা, খন্তেকীয়া আৱেগৰ বশৱৰ্তী হৈ প্ৰেমিকৰ ওচৰত নিজৰ সমস্ত সঁপি দি ভাইৰেল হোৱা, নিজৰ সপোন, আশা আকাংক্ষাবোৰৰ বিপৰীতে কাম কৰি নীৰস হৈ পৰা বহুত মানুহে তাইৰ সান্নিধ্য বিচাৰে। আৰু তাই বেচ সফলভাৱে সকলোৰে মনৰ দুবিধাৰ সমিধান দিয়ে। নিৰপেক্ষ আৰু বিশ্বাসযোগ্যতাৰে সকলোৰে মনৰ গোপন বেদনাবোৰ শুনে, বুজে আৰু নিজৰ কথাৰে, সান্নিধ্যৰ এখন উমাল হাতেৰে তেওঁলোকৰ শুকান মনবোৰ জীপাল কৰে বাবেই তাই কম সময়তে সকলোৰে আপোন হৈ পৰিছে, ভাত কাপোৰৰ দৰেই যেন ৰসহীন মানুহবোৰৰ বাবে তাই এক মৌলিক প্রয়োজন হৈ পৰিছে।
বাইদেউ, বৰবৰী পালোঁ। এতিয়া কোনফালে যাব লাগিব।
চালকজনৰ কথাত খক্মক্কৈ সাৰ পোৱাৰ দৰে বৰ্তমানলৈ ঘূৰি আহিল তাই। পোন হৈ বহিল।
চকুৰ পৰা চচমাযোৰ খুলি ইফালে সিফালে চালে।
উম। ইয়াতে তুমি গাড়ীখন ৰখোৱা ৷
মই এইখিনি খোজ কাঢ়িয়েই যাব পাৰিম। তাই গাড়ীখনৰ পৰা নামি ঠেক পথটোৰে সোমাই গৈ দ্বিতীয় ঘৰখনৰ চোতালত থিয় দিলে।
বন্ধ দুৱাৰৰ তলা খুলি সোমাই গ’ল। বিয়া হোৱাৰ তিনি বছৰমান হ’ল যদিও কাঠৰ ফার্নিচাৰবোৰৰ চিকমিকনিটো এতিয়াও ম্লান হোৱা নাই। কোঠাটোত সোমোৱাৰ লগে লগে এক অজান ভাবনাই তাইক মেৰিয়াই ধৰিলে। ড্ৰেছিং আইনাখনৰ মুখামুখিকৈ পাৰি থোৱা কাঠৰ চকীখনতে তাই বহিল। তাই আইনাখনত নিজৰ প্রতিচ্ছবিটো দেখি সামান্য হাঁহিলে। লাহে লাহে শুকান মুখৰ মানুহগৰাকীৰ মুখখন উদ্ভাসিত হৈ উঠিল।
সীমনা, কতজনৰ বুকুত কিমান দুখ…. কিমান অভিমান। সকলোৰে সমিধান দি তুমি কতজনক জীৱন দিছা। অথচ তুমি বাৰু কিয় এতিয়াও নিজৰ পৰা পলায়ন কৰি আছা । যোৱাজনক যাবলৈ দিয়া। তেওঁহে পলায়নবাদী। তোমাৰ দৰে ধুনীয়া পত্নী এগৰাকীক তেওঁ ডিজার্ভ নকৰে। ইমান ধুনীয়া জীৱনটো কি পলায়নবাদী এজন পুৰুষৰ বাবে শেষ হৈ যাবলৈ দিবা? আইনাত জিলিকি থকা প্ৰতিবিম্বটোৱে হাঁহো নাহাঁহোকৈ হাঁহিলে।
এৰা, ইমানদিনে স্মৃতিবোৰ ঠাহ খাই থকা ঘৰখনলৈ ভয় কৰিয়ে তাই ঘৰখনৰ পৰা দূৰত আছিল। বুকুৰ মাজত নিজাকৈ এখন ঘৰ সাজি লৈছিল। নিজাকৈ এখন কল্পনাৰ পৃথিৱী গঢ়ি তুলিছিল। তাই কেতিয়া পলায়নবাদী হৈ পৰিছিল নিজেই পাহৰিলে। কথকে জানে তাইৰ সান্নিধ্যৰে জীয়াই তুলিব খোজা প্ৰতিটো নীস চৰিত্ৰৰ উৎপত্তিৰ অভিকেন্দ্ৰ ক’ত। মনৰ অচিন পৃথিৱীখনত দৌৰি থকা অজস্ৰ চিনাকি চৰিত্ৰক লৈ গঢ় লৈ উঠা প্ৰতিটো গল্পক তাই নিজ হাতে গঢ়িছে, পিটিছে, জীয়ন দিছে।
কলমটোৰে পৃষ্ঠাটোৰ শেষত দীঘলীয়াকৈ ৰেখা এডাল টানি তাই পোন হৈ বহিল। কিবা এটা ভাললগাই তাইক মেৰিয়াই ধৰিলে। এই ভাললগা গল্পটো শেষ কৰা অনুভৱে দিয়া ভাল লগানে খোলাটো ভাঙি বাহিৰলৈ ওলাই অহাৰ বাট বিচাৰি পোৱাৰ বাবে ভাললগা তাই ঠিক ধৰিব নোৱাৰিলে। আইনাখনলৈ চাই তেওঁ পুনৰ এটি হাঁহি মাৰিলে। এই হাঁহিটো আগৰ হাঁহিটোতকৈ বেছি উজ্জ্বল দেখা গ’ল আৰু মানুহজনীক বেছি ৰসাল।
ফোনঃ ৯১০১০-৮৭৮১৮
Comments are closed, but trackbacks and pingbacks are open.