যশোৱন্ত নিপুণ
খুৰীক শেষত সদায় সোধাৰ দৰে সিদিনাও ফোনত সুধিছিলোঁ, ‘বাকী, কিবা খবৰ ?’
‘আৰু বেলেগ একো নাই দেখোন।”
খুৰীয়ে কিবা মনত পেলাবলৈ চেষ্টা কৰিও যেন একো বিচাৰি পোৱা নাছিল। তাৰ পাছত হঠাতে ডাঙৰ কথা এটা যেন মনত পৰি গ’ল, ‘অ’ পাহৰিছিলোঁৱেই। ভূপেশৰ ডাঙৰটো পুতেক মৰিল।
‘কি? ভূপেশৰ মানে, ভূপেশ মামাৰ ? ’
‘অঁ, তাৰে ল’ৰা।’
‘ইচ্ ইচ্। পুতেক-জীয়েক কেইটানো তাৰ ?’
‘এইটো ডাঙৰটো। আৰু আছে এটা। সেইটো সৰু, আঠ বছৰমানৰ হ’ব নেকি।’
‘অহ, অহ, কিযে হ’ব!’
‘এইটোও ছিক্সতনে ছেভেনতহে পঢ়ি আছিল হ’ব পায়।’ খুৰীয়ে আকৌ কৈছিল।
‘ইচ্ ইচ, ইমান সৰু ল’ৰা! কি হৈছিল ? কিবা অসুখ?’ মোৰ সঁচাকৈয়ে অকণমান দুখ লাগি গৈছিল।
‘সাপে খুঁটিলে বুলি শুনিছোঁ। ভালকৈ গম নাপাওঁ। খবৰ এটা ল’বলৈও যাব পৰা নাই । খুৰীয়ে কৈছিল।
কিন্তু এতিয়া সেইবোৰৰ পৰা কি লাভ হ’ব? হাজাৰজনে গৈ খবৰ ল’লেও সেই ল’ৰাটো আৰুতো ঘূৰি নাহে। ভূপেশ মামা আৰু মামীৰ কেনেকুৱা যে লাগি আছে কিজানি!
খুৰীয়ে বেলেগৰ মুখত শুনা মতে সাৱিত্ৰী মামী বোলে পাগলীৰ দৰে হৈছে। পিছে পুতেক এটা হঠাতে মৰি গ’লে মাক এজনীৰ মনৰ অৱস্থা তেনে হোৱাটো মুঠেই আচৰিত কথা নহয় । মামী ডাঠ মনৰ মানুহ। দুদিন পাছত হ’লেও নিজক চম্ভালি ল’ব। মামাৰ কথাহে ক’ব নোৱাৰি। সি মানুহটো অলপ বেলেগ ধৰণৰ । সোৰোপা, কিন্তু মনটো তাৰ বৰ কোমল । কেতিয়াবা মামীৰ লগত কাজিয়া লাগিলে চুবুৰিটোৰ ইমূৰ পৰা সিমূৰলৈ শুনাকৈ বিনাই বিনাই কন্দা মানুহ। অৱশ্যে সিহঁতৰ আজিকালিও আগৰ দৰে কাজিয়া লাগেনে গম নাপাওঁ ।
ভূপেশ মামা মোৰ নিজা মামা নহয়। হাইস্কুললৈ খুৰাৰ ঘৰত থাকি পঢ়িছিলোঁ। খুৰাহঁতৰ কাষৰ মানুহঘৰেই সিহঁত আছিল । তাক মামা বুলিয়েই মাতোঁ। মাক-বাপেক সিফলীয়া হোৱাৰ পাছত সি চুবুৰিটোৰ আনটো মূৰলৈ উঠি গৈছিল। মোৰো খুৰাহঁতৰ ঘৰ এৰি অহা ভালে কেইবছৰ হ’ল। গতিকে খুৰীৰ খবৰ ল’বলৈ ছমাহে-এবছৰে গৈ থাকোঁ যদিও তাক কেইবছৰমান তেনেকৈ লগ পোৱা নাই। এবাৰ যাওঁতে সি ৰাতি খুৰীহঁতৰ ঘৰৰ আগেৰে চিঞৰি চিঞৰি, ‘ক’ত আছে চি.আৰ.পি. মই খাতিৰ নকৰোঁ, মই চি.আৰ. পি.ৰ বাপেক।’, এই ধৰণৰ বীৰৰসৰ বচন মাতি মাতি ঘৰৰ ফালে গৈ আছিল। মই বোলোঁ কি কথা?
মদৰ নিচাত সি মাজে মাজে তেনেকৈ আটাহ পাৰে বুলি খুৰীয়ে কৈছিল। সি গাঁওখনৰ নাম কৰা মদাহীসকলৰ মাজৰ এজন হোৱাৰ বহু দিনেই হৈছিল। আমি সৰু থাকোঁতেই সি এজন লেখৰ ভঙুৱা বুলি জানিছিলোঁ। তেতিয়া কিন্তু সি সেইটুপিত ধৰা নাছিল ।
সাৱিত্ৰী মামীৰ ধুনীয়া মুখখন মনলৈ আহিছিল। তেওঁৰ কি বা অৱস্থা কৰিছে সেইটোৱে? সংসাৰখন কেনেকৈ চলিছে সিহঁতৰ ? প্ৰথমৰ পৰাই মই ভাবিছিলোঁ মামা কেতিয়াও সাৱিত্ৰী মামীৰ লায়েকৰ নাছিলেই। চেহেৰা-পাতিৰ ফালৰ পৰাও দুয়োটাৰ মিল অকণ নাই। সি মামীতকৈ চাপৰ, খীন-মীন আৰু চেহেৰাৰ ফালৰ পৰাও পৰি মৰাবিধৰ । মামী ওখ-পাখ, ভাল স্বাস্থ্যৰ আৰু বৰ ধুনীয়া। কি দেখি যে সেই মানুহজনীয়ে ভঙুৱা মামাটোলৈ মৰিবলৈ আহিছিল সেই কথাটো মোৰ কাৰণে আজিও এটা ডাঙৰ ৰহস্য ।
সাৱিত্ৰী মামী পলাই আহিছিল। ঘটনাটোলৈ আজিও মনত পৰে। আমি তেতিয়া সৰু। সিদিনা পথাৰত গৰু চৰাই থাকোঁতে এজনে আহি ক’লে, “তহঁতৰ ভূপেশ মোমায়েৰাই মানুহ আনিলে বোলে ?”
মই একো গমেই পোৱা নাছিলোঁ।
সেইজনে আকৌ কৈছিল, ‘যা, যা, ঘৰলৈ যা। সকলো গম পাবি যা।’
গৈ দেখোঁ ভূপেশ মামাহঁতৰ চোতাল চুবুৰিৰ মানুহবোৰেৰে ভৰি আছে। মহেশ্বৰ ককাই চোতালৰ একোণত নিৰ্বিকাৰ চিত্তে মাছ মৰা জাল গুঁঠিছে। আইতাই কাষতে মূৰে-কপালে হাত দি শিলৰ মূৰ্তিটো হৈ পীৰা এখনত বহি আছে। মামাৰ শোৱা কোঠাৰ ভিতৰত আৰু বাহিৰত চুবুৰিৰ তিৰোতা আৰু ছোৱালীবোৰে ভিৰ কৰিছে। কিবাকৈ তাৰ মাজেৰে মূৰটো সুমুৱাই খিৰিকীৰে চালোঁ । তলমূৰকৈ হাতভগা চকী এখনত বহি গাভৰু মানুহ এজনীয়ে আঁচলৰ মূৰৰ সূতা দুডালমান বাৰে বাৰে পকাইছে আৰু খুলিছে। তেওঁৰ মুখখন ভালকৈ দেখা নাছিলোঁ। কিন্তু হাত দুখন আৰু চুলিকোছালৈ চাই মানুহজনী ধুনীয়া হ’ব বুলি ধৰিব পাৰিছিলোঁ।
ওচৰৰ দুখনমান গাঁও এৰি সাৱিত্ৰী মামীৰ গাঁওখন। তেওঁ কাপোৰ-কানি আৰু অলপমান ৰূপৰ অলংকাৰ পিন্ধি লৈ সেইদিনা মামাৰ ওচৰলৈ গুচি আহিছিল। পাছত শুনিছিলোঁ তেওঁৰ আগৰ মানুহজন কিবা অসুখত মৰিছিল । আগৰ ফালৰ পৰা তেওঁৰ ল’ৰা-ছোৱালীও নাছিল। ঘূৰি আহি ভায়েকৰ লগতে পাঁচ বছৰমান আছিল। ভূপেশ মামাৰ লগত কেনেকৈ কেতিয়া সংযোগ হ’ল কোনেও গম পোৱা নাছিল। কিন্তু সেইদিনা তাৰ ভাব-ভংগীলৈ চাই সি মনে মনে বৰ আনন্দত আছিল বুলি বুজিব পাৰিছিলোঁ। ধুনীয়া স্বাস্থ্যৱতী মানুহ এজনীয়ে তাৰ লগত জীৱনটো কটাবলৈ নিজেই আহি ওলাইছে, গতিকে তাৰ মন বেয়া লগাৰ কি কাৰণ থাকিব আৰু ?
পাছত গাঁৱত মানুহে কোৱা-কুই কৰিছিল সাৱিত্ৰী মামী হেনো মামাতকৈ পাঁচ-ছয় বছৰে ডাঙৰ। আগৰ গিৰীয়েকজনক বোলে কিবা মন্ত্ৰ কৰি মামীয়েই মাৰি পেলাইছিল। অৱশ্যে এই সকলো চৰ্চা মামীৰ পিছফালৰ পৰাহে চলিছিল। মামী ওখ-পাখ, গাত বল থকা মানুহ। তেওঁৰ জিভাখনো বৰ চোকা। কাৰোবাৰ লগত কাজিয়া লাগিলে এঘণ্টামান অকণো নাভাগৰাকৈ আৰু নোৰোৱাকৈ বছা বছা ভাষাৰে ডিঙি ফালি ফালি গালি পাৰিব পাৰিছিল। আইতাই মামীক শাসন কৰিবলৈ চেষ্টা নকৰা নহয়। পিছলৈ তেওঁ হাত দাঙি দিছিল আৰু কিজানি মামীক ভয় কৰিবলৈহে লৈছিল। মামীৰ মাতটোও হুটা, অলপ পুৰুষসুলভ। কিন্তু সেই মাতটোৰেই তেওঁ মোক কোমলকৈ ‘সৰু বাপু’ বুলি মাতিছিল, ইটো-সিটো বস্তু, লাৰু, পিঠা আদি মাজে মাজে যাচিছিল। মামীয়ে মোৰ লগত অন্ততঃ কেতিয়াও কঠুৱা ব্যৱহাৰ কৰা নাছিল ।
ভূপেশ মামাৰ ডাঙৰ ল’ৰাটোৰ কথাটোৰে সেইদিনা মনটো গধুৰ হৈ গৈছিল। সন্ধিয়ালৈ লগৰ দুজনমান মোৰ ৰুমলৈ আহিল। আমি দুঘণ্টামান তাছ খেলিলোঁ। তাৰ পাছতহে মনটো পাতল হৈছিল।
তিনি সপ্তাহমান পাছত খুৰীক আকৌ ফোন কৰোঁতে শেহত সুধিছিলোঁ, ‘বাকী, কিবা খবৰ ? ‘
‘বেলগ একো মনত পৰা নাই দেখোন।’ খুৰীয়ে অলপ সময় ৰৈ কিবা ভাবিলে। ‘অ’ মই ভূপেশৰ খবৰটো কৈছিলোঁনে তোক?”
‘কৈছিলা, কৈছিলা। ল’ৰাটোক বোলে সাপে খুঁটি মাৰিলে।’
‘অঁ। পিছে কথাটো বেলেগ।’ খুৰীৰ মাতটো অলপ সৰু আৰু সুৰটো সলনি হৈ গ’ল। যেন এটা গভীৰ ৰহস্যৰ ভেদ ভাঙিবলৈ ওলাইছে তেওঁ।
‘মানে? কি বেলেগ কথা?’ মই সুধিলোঁ ৷ ‘ল’ৰাটোৱে বোলে আত্মহত্যাহে কৰিলে৷ ডাক্তৰে পৰীক্ষা কৰি কৈছে।’
মই আচৰিত হ’লোঁ। ইমান সৰু ল’ৰা, সি আকৌ কিহৰ দুখত আত্মহত্যা কৰিব ?
‘ডাক্তৰে কথাটো কাৰ আগত ক’লে?”, সুধিলোঁ।
খুৰীয়ে সেইটো নাজানে।
গাঁৱত এই ধৰণৰ কাহিনী ওলাই থাকে। ঘৰ এখনৰ ল’ৰা এটা নোহোৱা হৈ গ’লেও ঘৰৰ দুজনক এৰি সঁচাকৈয়ে দুখ লাগেনো কেইজনৰ । আৰু পাৰ হৈ যোৱাবোৰক মনত পেলাই পেলাই দুখ কৰি বহি থাকিলেওতো জীৱন নচলে। কিন্তু বহুতৰে এই কথাবোৰক লৈয়ো মুখৰোচক চৰ্চা চলাবলৈ অফুৰন্ত সময় থাকে। সিহঁতৰ কাহিনীবোৰ খুৰীৰ দৰে সৰল মানুহবোৰে বিশ্বাস কৰিও লয়।
খুৰীয়ে আকৌ আৰম্ভ কৰিছিল, ‘ভূপেশৰ তিৰীজনী বৰ দাংকাটি, তই দেখোন জানই। সি তাইক মাতিবই নোৱাৰে।’
তাৰ পাছত খুৰীয়ে সাৱিত্ৰী মামীৰ দাংকাটি চৰিত্ৰৰ বিষয়ে মোটামুটি এখন ৰচনাই গাই দিলে। মহেশ্বৰ ককাই এদিন ক’লে, ‘বোৱাৰী, মোৰ কাপোৰখন আৰু চোলাটো ধুই দিবাচোন।’
বোৱাৰীয়েকে বোলে জেং জেংকৈ উত্তৰ দিলে, ‘আগতে ছার্ফ আনি দিব। কাপোৰ যিমান লাগে ধুই দিম মই।’ মানে শহুৰেককো সন্মান কৰিব নাজানিছিল নাটেশৰীয়ে!
ডাঙৰ-সৰু যিয়ে নহওক লাগিলে, মামীয়ে কাকো বৰকৈ লাই নিদিছিল। মই তেতিয়া খুৰাৰ ঘৰতে আছোঁ। এদিন সাৱিত্ৰী মামীয়ে মামাক লাঠী এডালেৰে বৰকৈ কোবালে। মামাই মাৰ খাই গোটেই চুবুৰিটোকে শুনাই শুনাই হাও হাওকৈ কান্দিলে। আইতাই বোৱাৰীয়েকক গালি পাৰি বাঢ়নীৰে কোবাবলৈ খেদি গৈছিল। কিন্তু মামীয়ে বোলে ‘পুতেকক আৰু আপোনাকো, দুয়োটাকে মই পুলিচত দিম, সাৱধান।’ বুলি ভয় দেখুৱালে। আৰু লগে লগে আইতাই তাপ মাৰিলে ৷ আইনৰ কথা জনা, দন্দুৰী, বাঘৰ আগতেলখাইতী বোৱাৰীয়েক, সেইটো কৰি পেলাবলৈ বেছি সময় নল’ব নহয় তাই।
সেই ঘটনাটোৰ পাছত কেইদিনমানলৈ বীৰগতি পোৱা মানুহ এজনৰ দৰে গভীৰ শোকাভিভূত মুখ এখন লৈ মামাই গোসাঁইঘৰৰ চোতালত পুৱাৰ পৰা সন্ধিয়ালৈকে বহি থকা কৰিছিল। ভাত খাবলৈও মাতি নিব লাগে। দুই- এজনে মামাৰ দুখত দুখী হৈ কাষত বহি এষাৰ- দুষাৰ সান্ত্বনাৰ বাণী শুনাইছিল। কিন্তু চুবুৰিটোৰ ডেকাসকলে মামাকেই দোষ দিছিল। আচলতে ঘটনাটো কি আছিল—
সেইদিনা মামাই ক’ৰবাৰ পৰা ভাং খাই আহিছিল। মামীয়ে ভাত বাঢ়ি দিছিল। দাইলত বোলে নিমখ কম হল। তৰকাৰীতো সেই একে সমস্যা। সি খঙতে গৰ্জন কৰিলে, ‘এইবোৰ কি ৰান্ধিছ? মোক তই কি বুলি ভাবিছ, চাল্লী নটী।’ আৰু সি কাঁহী-বাটি আফাল মাৰি দিলে। কাষতে বহি পুতেকটোৱেও ভাত খাই আছিল। মামাই “খাবলৈ নোপোৱা তয়োনো কি এইবোৰ গৰুৰ দানা খাই আছ। নালাগে খাব।’ বুলি চিঞৰি তাৰ কাঁহীখনো লাথি মাৰি ছিটিকাই দিলে।
মামীৰ ভমককৈ খং উঠি গ’ল। তেওঁ ওলোটাই চিঞৰিলে, ‘আজিও তোমাৰ ভাং খাওঁতে পেট ভৰিল নেকি। নিজে নোখোৱা ঠিক আছে, নাখাবা। কিন্তু ভাতৰ কাঁহী এনেকৈ দলিয়ালা কিয় অই অধাচাৰী, নিলাজ, অকর্মণ্য ?’
মামা খঙত জ্বলি উঠিল, “কি ক’লি, তোৰ ইমান সাহ! আজি ভাল শিক্ষা দিম মই তোক । তই মোক চিনিয়ে পোৱা নাই। সীমা পাৰ হৈ গৈছ চাল্লী নাককাটী নটী।’
মামাই লাঠী এডাল লৈ আহি মামীক পাগঘৰতে কেইকোবমান লগাই দিলেগৈ। পিছে মামীৰ গাৰ বল বেছি। তেওঁ লাঠীডাল কাঢ়ি লৈ মামাক বগৰাই ল’লে আৰু উৰাই ঘূৰাই কোবালে। মামাৰ দেদাউৰিয়াই তত নাই, ‘অ’ তেজপিয়নীয়ে মোক খালে ঔ! মৰিলোঁ ঔ!”
সেই ঘটনাটোৰ পাছৰ পৰা মামাই ঘৰত বৰমতা ওলোৱাটো কমাই আনিছিল। আইতাই বোৱাৰীয়েকক বৰ এটা ভাল নাপাইছিল। কিন্তু ঘৰখন যে মামীয়েই বহু কষ্টেৰে চলাই আছিল সেই কথাটো অকপটে স্বীকাৰ কৰিবলৈ টান নাপাইছিল। হ’লেও ‘তিৰীৰ অত্যাচাৰত ভূপেশে সুখৰ ভাত এসাঁজ নাপায়’ ধৰণৰ কথা এটাই তেতিয়াৰ পৰাই গাঁৱত খোপনি পুতিলে।
খুৰীয়ে আকৌ কৈছিল, ‘তাই ল’ৰাটোৰ কাৰণেহে দেখুৱাইহে দুখ কৰিছিল অ’। এতিয়া সেইবোৰ দুখ-চুখ একো নাই। গৰু-ছাগলীবোৰ লৈ পথাৰলৈ গৈছে, আহিছে। সমবায়ত পুৱাই পুৱাই গাখীৰ দিবলৈ যায়। আৰু নাটেশৰীয়ে পাচলিৰ বেপাৰীৰ লগত সিদিনা যেনেকৈহে দাম-দৰ কৰা দেখিলোঁ, কি ক’বি, মোৰে লাজ লাগি গ’ল অ’। কোনে ক’ব তাইৰ দং দং কৰে পুতেক এটা সিলীয়া হোৱাৰ এমাহহে হৈছে বুলি।’
মই একো কোৱা নাছিলোঁ। সাৱিত্ৰী মামী ইমান কাঠচিতীয়া হ’ব পাৰে বুলি বিশ্বাস হোৱা নাছিল। তেওঁৰ মমতাময়ী ৰূপটোহে মই আগেয়ে দেখিছিলোঁ। অৱশ্যে সময়ে সকলো সলনি কৰি দিব পাৰে। মামীজনী আগৰ মামীজনী হৈ নাথাকিবও পাৰে। কেতিয়াও নেদেখা মামীৰ ল’ৰাটো আৰু মামীৰ কথা ভাবি কিন্তু মোৰ কিবা এটা বেয়া লাগিছিল ।
খুৰীহঁতৰ কাষৰ আমাৰ ভাগৰ মাটিটুকুৰাৰ কাম এটা আছিল। খুৰীৰ ঘৰলৈ নোযোৱাও ছমাহমানেই হৈছিল। গতিকে সেইদিনা অফিচ ছুটীৰ পাছত ট্ৰেইনত উঠিলোঁ। খদমদম লগাই দিব পাৰে বুলি খুৰীক ফোন কৰি আগতীয়াকৈ ক’বৰ মন নগ’ল।
ট্ৰেইনৰ পৰা নামোতে দেৰি হৈছিল। খুৰীহঁতৰ গাঁৱৰে মোৰ কাণসমনীয়া ৰতনৰ হোটেলত সোমালোঁ। সি আজিকালি টাউনতে থাকে। অলপ সময় মেল কৰি তাতেই ভাত খালোঁ। তেতিয়া চাৰে নটামান হৈছে। ই-ৰিক্সা লৈ যাব খুজিছিলোঁ। পিছে দুগুণ ভাৰা লাগে । মই বোলোঁ তাতকৈ খোজ কাঢ়িয়েই যাম। পথাৰৰ মাজেৰে পোনালে খুৰীৰ ঘৰ পাওঁতে কিমাননো সময় লাগিব। খুব বেছি তিনি কিলোমিটাৰৰ বাটহে। তাতে জোনাক ৰাতি ।
হোটেলৰ সন্মুখত কেইজনমানে কেৰম খেলিছিল। দুজনমানে থিয় হৈ গাইডৰ কাম কৰি আছিল। এগেম চালোঁ, এগেম ময়ো খেলিলোঁ। মাজতে ভূপেশ মামাৰ ল’ৰাটোৰ কথা ওলাল। খুৰীৰ মুখত মই শুনা সাৱিত্ৰী মামীৰ কথাবোৰ ৰতনেও শুনিছে। মোৰ মনৰ সন্দেহৰ কথাটো ক’লোঁ, ‘মামীয়ে এনে কাম কৰিব বুলি ভাবিবও নোৱাৰোঁ। নিজৰ কম বয়সৰ ল’ৰাটোক ইমানেই অত্যাচাৰ কৰিলেনে যে সি নিজকে মাৰিব লগা হৈ গ’ল ?’
‘তোৰো সন্দেহ আছে তাৰ মানে?’ ৰতনে গহীন সুৰত ক’লে। ‘এইবোৰ মিছা কথা বুজিছ। গাঁৱৰ কাম-বন নোহোৱা অপদার্থ এমখাই এইবিলাক খুঁচৰি খুঁচৰি সময় কটাই থাকে।’
সি কৈ গৈছিল— দুবছৰমান আগেয়ে এদিন ডাঙৰ পুতেকটোৱে ভাং খাই ঘৰলৈ আহিছিল। মামীয়ে সেইদিনা তাক চোঁৰাত পাতেৰে কোবোৱা কথাটো হয়। কিন্তু সেই দুখতে নিজক শেষ কৰি দিয়া ল’ৰা সি নাছিল। মামাই কুটা এগছ নকৰা ঘৰখনৰ সকলোখিনি মামীৰ ওপৰত। কাপোৰ বই, গাখীৰ বেছি কিবাকৈ তেওঁ ঘৰখন চলাই ৰাখিছে। মনৰ দুখত ভাং খাই আৰু হাতত পইচা পৰিলে মদৰ নিচাত টং হৈ মামাই দিন পাৰ কৰিব পাৰে। কিন্তু মামীয়ে কান্দি-কাটি বহি থাকিলে গৰু-গাইবোৰক দানা-পানী কোনে দিব, গাখীৰ নেবেচিলে দুটা টকা ঘৰলৈ কেনেকৈ আহিব, আৰু তেতিয়া চাউল-দাইল, নিমখ-তেলৰ যোগাৰ ক’ৰ পৰা হ’ব?
এই কথাখিনি মোৰ মনলৈ অহাই নাছিল। মোৰ মনত যি কণমান সন্দেহ আছিল সেইখিনিও পানীৰ ভাপৰ দৰে উৰি নোহোৱা হ’ল।
সি আকৌ ক’লে, ‘চা ভাই, দুখ কৰি বহি থাকিব পৰা ভাগ্য সকলোৰে নাথাকে । যাৰ কান্ধত ভগৱানে মৈ এখন যুৰি দিছে, সি সেইখন সুখে- দুখে নমৰালৈকে টানিয়েই থাকিব লাগিব।’
মই মূৰ দুপিয়ালোঁ। ৰাতি এঘাৰ বাজি গৈছিল। যাবলৈ ওলালোঁ।
‘চাইকেলখন লৈ যা। তইতো পথাৰৰ মাজেৰেই যাবি নহয়নে। তোৰ লগতো উপায় নাই আৰু। এতিয়াও যে কি কথাবোৰ মনত ৰাখি থাক । জীৱন এনেকৈ নচলেও বাপু!’ কথাখিনি কৈ সি হাঁহিলে। ময়ো হাঁহিলোঁ যদিও মনটো কিবা খালি খালি লাগি গ’ল।
খুৰীহঁতৰ ঘৰলৈ পিচ ৰাস্তাটোৰে গ’লে দুগুণ দূৰ হয় কাৰণে পথাৰৰ মাজৰ কেঁচা ৰাস্তাটোৰে বাট পোনাওঁ বুলিলে মিছা কোৱা হ’ব। টাউন এৰি পথাৰখন পোৱাৰ কিছু আগতেই কণিকাহঁতৰ ঘৰখন। তাইক এবাৰ দেখা পাম বুলিয়েই আগেয়ে টাউনলৈ সেই ফালেৰেই মানে তাইৰ ঘৰৰ আগেৰে অহা-যোৱা কৰিছিলোঁ। এতিয়াও সেই ৰাস্তাটোৰ মোহ আৰু অভ্যাসটো এৰিব পৰা নাই।
সৰু টাউনখনে তেতিয়া শুইছে। ষ্ট্রীট লাইটৰ পোহৰ আৰু জোনাকে নির্জন পথটো বৰ কৰুণ কৰি তুলিছে। হাইৱে’টো পাৰ হৈ অলপ যোৱাৰ পাছতে কণিকাহঁতৰ ঘৰখনৰ সন্মুখ পাইছিলোঁ। ফুটপাথত ভৰি এখন থৈ ম’বাইলত কিবা চোৱাৰ ভাও ধৰি তাতে অলপ ৰ’লোঁ ৷ ঘৰটোলৈ চাই পঠিয়ালোঁ। কি ঠিক, কণিকা কিজানি এই নিশা বাৰান্দাত কিবা কাৰণত বহি আছেই? তাইক এবাৰ দেখা পালে কিনো বেয়া কথাটো হ’ব?
নীৰৱ-নিতাল ঘৰটোৰ ওপৰত লাইট এটা জ্বলিছে। পদূলিৰ গোসাঁইঘৰটো আগৰ দৰেই আছে। সকলোবোৰ যেন একেই আছে। আনকি ঘৰটোৰ নীলা ৰংটোও যেন আগৰ দৰেই আছে। তথাপি বহুত কিবাকিবি নাই নাই লাগিছে। কণিকা বিয়া হৈ গুচি যোৱাৰ সাত-আঠ বছৰেই হ’ল। বিয়াৰ সময়তে কিজানি ঘৰটো ৰং কৰোৱা হৈছিল। তাইবা এতিয়া কেনে আছে, ক’ত আছে? কথাবোৰ জানিবৰ মন যায়, কিন্তু কাকো নোসোধোঁ, সুধিবলৈ ভাল নাপাওঁ ।
উৰুঙা হৈ যোৱা মনটো লৈ পথাৰৰ মাজেৰে চাইকেল মাৰিলোঁ। উভতি ঘূৰি চালে পাতল কুঁৱলীৰ মাজেৰে হাইৱে’ৰে গৈ থকা ট্ৰাকৰ লাইটবোৰ দেখা পাওঁ। অলপ অলপ নিয়ৰ সৰিছে। অলপ অলপ কুঁৱলী পৰিছে। জোনাকত গোটেই পথাৰখন মায়াময় হৈ উঠিছে। এই পথাৰ, এই পথ কত দিনৰ চিনাকি। অথচ আজি গোটেইখন কিবা বেলেগ বেলেগ যেন লাগিছে। পথাৰখন যেন মোৰ পথাৰখন নহয়। মোৰ পথাৰখন যেন কেতিয়াবাই ক’ৰবালৈ গুচি গৈছে। কিন্তু ময়োতো কেতিয়াবাই গুচি গ’লোঁ। আৰু ময়ো জানো মই হৈ আছোঁ ?
জানটো পাই ৰৈ গ’লোঁ। খুৰাই কৈছিল জানটোৰ কাষত আগতে বাঁহ কেইজোপামান আছিল। সেইবোৰ আমি দেখা নাছিলোঁ। তাত আম এজোপা আছিল। গৰু চৰাবলৈ আহিলে বতৰত সেইজোপাৰ আম চকলিয়াই খাইছিলোঁ। সেই আমজোপাও এতিয়া নাই। চিনাকি অনেক কোনোবা হেৰাই যোৱাৰ দৰে সেইজোপাও হেৰাই থাকিল। দলঙৰ আনটো ফালে সেই ডাঙৰ ঢিপটো। তাতে কেতিয়াবা মৰা গৰু পেলায়। কেতিয়াবা মানুহ খৰি দিয়ে। ক’ব নোৱৰাকৈয়ে আগৰ দৰে আজিও মনলৈ ভয় ভয় ভাব এটা আহিল। জৰাজীৰ্ণ বাঁহৰ দলংখনেৰে চাইকেলখন টানি লৈ আগুৱালোঁ। হঠাত কিবা উচুপনিৰ দৰে শব্দ এটা কাণত পৰিল। ৰৈ ৰৈ যেন কোনোবাই কান্দিছে। গাটো সিৰসিৰাই গ’ল । সিফালৰ ঢিপটোৰ পৰাই শব্দটো যেন মাজে মাজে ভাহি আহিছে। এইখিনি জেগাত যখিনী, বাক, পৰুৱাজাতীয় কিবাকিবি থাকে বুলি বহুতৰ মুখত শুনিছিলোঁ যদিও কেতিয়াও বিশ্বাস কৰা নাই। কত দিন, কত ৰাতি এইখিনিৰেই গৈছোঁ, ভূত-যখিনী একোৰে ছাঁ এটাও লগ নাপালোঁ। কিন্তু আজি? নিজৰ কাণখনকনো বিশ্বাস নকৰাকৈ থাকোঁ কেনেকৈ?
দলংখনৰ সিটো পাৰ পাইহে লক্ষ্য কৰিলোঁ বগা কাপোৰ পিন্ধা কোনোবাই যেন ঢিপটোৰ ৰাস্তাতে লাগি থকা ঠাইখিনিতে বহি আছে। চকুৰ ভ্ৰম হ’ব পাৰে বুলি ভালকৈয়ে দুবাৰমান চালোঁ। কোনোবা বহি থকাটো হয় আৰু ৰৈ ৰৈ উচুপনিৰ শব্দটো তাৰ পৰাই আহিছে। ভয়টো বহুত বাঢ়ি গ’ল আৰু আচলতে জীৱনত মই এনেদৰে আগেয়ে কেতিয়াও ভয় খোৱা নাই। খৰধৰকৈ চাইকেলত লাফ মাৰি উঠি পেডেল মাৰিছিলোঁ বাবেই সন্মুখৰ ডাঙৰ গাঁতটো কিজানি দেখা নাপালোঁ ৷ আগৰ চকাটো সেইটোত সোমাই গ’ল আৰু চাইকেলে মানুহে গিৰিসকৈ বাগৰি পৰিলোঁ। চছমাযোৰ ক’ৰবালৈ ছিটিকি গ’ল। খৰকৈ চাৰিওফালে হাতেৰে খেপিয়াই খেপিয়াই সেইযোৰ বিচাৰিবলৈ ধৰিলোঁ। আৰু সিফালে কান্দোনৰ শব্দটো বন্ধ হৈ গ’ল। বগা কাপোৰ পিন্ধা ছাঁৰ দৰে কিবা এটা মোৰ ফালে আগুৱাই অহা যেন গম পালোঁ। গাটো চেঁচা ঘামেৰে ভৰি পৰিল নেকি মোৰ? চছমাযোৰ পাই যেতিয়া পিন্ধি ল’লোঁ তেতিয়া সেইটো মোৰ কাষতে থিয় হৈ আছে। হঠাতে ভয়টো যেন তীব্ৰ খং এটালৈ সলনি হৈ গ’ল। ক’ৰ পাপী আত্মাই মোৰ দৰে নিৰ্দোষী মানুহক দিগদাৰ দিবলৈ আহে। ‘চাল্লা!’ লগতে এটা বেয়া শব্দও মুখৰ পৰা ওলাই গ’ল । চাইকেলখন তুলি লৈ মই দাঁত কামুৰি থিয় হ’লোঁ ।
‘সৰু বাপু!” হুটা কিন্তু আগৰ দৰেই মৰমসনা এটা চিনাকি মাত মোৰ কাণত পৰিল। আৰু অলপ আগতে উচ্চাৰণ কৰা বেয়া শব্দটোৰ কাৰণে মোৰ লাজ লাগি গ’ল। কি কওঁ মই এতিয়া ?
‘সৰু বাপু, এই ৰাতিখন তই?’
পুৰণি বগা মেখেলা-চাদৰযোৰেৰে সাৱিত্ৰী মামীক তাত তেনেকৈ দেখি মই একোৱেই বুজিব নোৱৰা হৈ গ’লোঁ । জোনাকত তেওঁৰ ৰঙা হৈ পৰা চকুহাল আৰু ধুনীয়া গাল দুখনত মচি পেলোৱাৰ পাছত ৰৈ যোৱা চকুপানীৰ দাগবোৰ ভালকৈয়ে চিনিব পাৰিছিলোঁ।
“তুমি এই ৰাতি ইয়াতে অকলে! কি হৈছে মামী তোমাৰ ? কি কৰিছা তুমি ইয়াত ?’ মই একো ধৰিব পৰা নাছিলোঁ।
মামীয়ে একো নকৈ আকৌ আগৰ ঠাইখিনিলৈ লাহে লাহে গৈ থিয় হ’ল। ‘আহচোন তই।’
মই তেওঁৰ কাষলৈ গ’লোঁ। সেইখিনিতে পৰি থকা ছাইবোৰ আৰু আধাপোৰা বাঁহৰ টুকুৰা কেইটামানলৈ মোৰ চকু গ’ল ।
‘আমাৰ ডাঙৰ ধনক তই কিজানি দেখাই নাই। ইয়াতেই সি শুই আছে, জান?’ মামীয়ে আকৌ তাতে বহি পৰিল। ‘সি আকৌ ৰাতি অকলে থাকিবলৈ ভয় কৰে নহয়।’ হঠাৎ উচুপনি এটাই তেওঁৰ ডিঙিত সোপা মাৰি ধৰিছিল।
‘মামী! বলা, ব’লা, মোৰ লগতে ঘৰলৈ যাওঁ এতিয়া৷’ মই মামীৰ কান্ধত হাতখন ৰাখি ক’লোঁ।
মোৰ কথা তেওঁৰ কাণত সোমোৱা নাছিল । তেওঁ একাষলৈ আঙুলিয়াই দেখুৱালে। ঢাকি থোৱা এখন কাঁহী আৰু এটা বাটি। কি এইবোৰ, কি কৰিব খুজিছে মামীয়ে ?
উচুপনিটো তেওঁ কষ্টেৰে চেপি ধৰিছিল, ‘দাইল ৰান্ধিছিলোঁ, আলু আৰু বেঙেনাপোৰাৰ পিটিকা । সি বৰ ভাল পায়। ভাবিলোঁ খুৱাই যাওঁ ।’
নিয়ৰ সৰিছিল। আৰু মামীৰ দুগাল, পথাৰখন ডুবাই ৰখা সেই জোনাক আৰু কুঁৱলীবোৰো যেন চকু পানীৰে সিক্ত হৈ উঠিছিল।
Comments are closed, but trackbacks and pingbacks are open.