জ্যোতিষৰত্ন
ড° নয়নজ্যোতি দেৱ শৰ্মা
প্রাচীনকালৰ পৰাই অৰ্থাৎ বৈদিক যুগৰ পৰাই ভাৰতবৰ্ষত বাস্তুশাস্ত্ৰ অনুসৰি প্রাচীন মঠ-মন্দিৰ, ৰজা-মহাৰজাসকলৰ ৰাজমহলবোৰ, প্রাচীন নগৰসমূহ, প্রাচীন কীৰ্তিস্তম্ভবোৰ, জলাশয়ৰ লগতে সাধাৰণ গৃহসমূহ নিৰ্মাণ কৰিছিল বাবে আজিও সেইসমূহ সগৌৰৱে জিলিকি আছে। ‘বাস্তু’শব্দৰ উৎপত্তি হৈছে ‘বস’ ধাতুৰ পৰা, বস ধাতুৰ অৰ্থ হৈছে বসবাস কৰা।
বহল অৰ্থত বাস্তু শব্দটোৱে পৃথিৱীৰ সকলো জীৱ-জন্তু, মানুহ, দেৱতা, লগতে পৃথিৱীৰ উপৰিভাগত থকা সকলো বস্তুকে সামৰি লৈছে। দৰাচলতে বাস্তু কৰা হৈছে প্ৰাচীন ভাৰতীয় স্থাপত্য কলাৰ এটি গুৰুত্বপূৰ্ণ অংগ। বাস্তুশাস্ত্রক বিজ্ঞানৰ এটি শাখা হিচাপে গণ্য কৰিব পাৰি। বৰ্তমান বাস্তুশাস্ত্ৰক বিজ্ঞান হিচাপে চৰ্চা কৰাৰ ফলত ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে। মৎস্যপুৰাণত উল্লেখ থকা মতে ১৮জন ঋষি-মুনিয়ে বাস্তুশাস্ত্ৰ প্ৰৱৰ্তন কৰিছিল। সেইসকল হ’ল— ভৃগু, অত্রি, বশিষ্ঠ, বিশ্বকৰ্মা, যম, নাৰদ, নগ্নজিৎ, বিশালাক্ষ, পুৰন্দৰ, ব্ৰহ্মা, কুমাৰ, নন্দী, শৌনক, গৰ্গ, বাসুদেৱ, অনিৰুদ্ধ, শুক্ৰ আৰু বৃহস্পতি। ইয়াৰ উপৰি অগ্নিপুৰাণ, বায়ুপুৰাণ, স্কন্ধপুৰাণ, গৰুড় পুৰাণ আৰু মৎস্যপুৰাণ ইত্যাদি গ্ৰন্থত বাস্তুশাস্ত্ৰৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি।
বাস্তুশাস্ত্ৰত এখন ঘৰ কিদৰে নিৰ্মাণ কৰিলে ঘৰখনত সুখ-শান্তি বিৰাজ কৰে, লগতে সেই ঘৰখনত বাস কৰা লোকসকলৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে, সেই বিষয়ে উল্লেখ পোৱা যায়। সৃষ্টিৰ আদিৰে পৰা পৃথিৱীত বাস কৰা মানুহ, জীৱ-জন্তু আদি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ চলি আহিছে। প্ৰকৃতি আৰু মানুহ ইটোৱে সিটোৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক ৰক্ষা কৰি চলি আহিছে। বাস্তুশাস্ত্রই মানুহক কেনেদৰে প্ৰকৃতিৰ লগত সহাৱস্থান কৰি জীৱন নিৰ্বাহ কৰিব লাগে, সেই বিষয়ে আমাক জ্ঞান দিয়ে।
বাস্তুশাস্ত্ৰত প্ৰকৃতিৰ লগত সহাৱস্থান কৰি ঘৰখনৰ চৌহদত কোন দিশত কি কি নিৰ্মাণ কৰিব লাগে, ঘৰখনৰ ভিতৰে বাহিৰে কোন দিশত কি কি বস্তু ৰাখিব লাগে, সেই বিষয়ে বিজ্ঞানসন্মত বিশ্লেষণ পোৱা যায়। বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰে পঞ্চতত্ত্ব, সৌৰশক্তিৰ লগতে দহটা দিশৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতিৰ লগত খাপ খুৱাই ঘৰখন সজাই-পৰাই ল’লে গৃহত আনন্দ, সুখ-শান্তি, সৌভাগ্যৰ লগতে বংশ বৃদ্ধি হয়। গৃহ নিৰ্মাণৰ বাবে লোৱা মাটিডৰাৰ আকাৰ-প্ৰকাৰ, ওখ-চাপৰ, মাটিডৰাৰ গোন্ধ, মাটিডৰাত প্ৰৱেশৰ ৰাস্তা, মাটিডৰাৰ ওচৰত থকা নদ-নদী, পুখুৰী, জলাশয়, ডাঙৰ গছ-গছনি, মঠ-মন্দিৰ, নামঘৰ, সভাগৃহ ইত্যাদিৰ পৰা ঘৰখনত শুভাশুভ প্রভাৱ পৰে৷
বাস্তুশাস্ত্ৰত গৃহ নিৰ্মাণৰ বাবে লোৱা মাটিডৰাৰ বা বাস্তুভূমিক আঠটা ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটা ক্রমে ধ্বজক্ষেত্র, ধুস্তুক্ষেত্র, সিংহক্ষেত্র, স্বানক্ষেত্র, বৃষক্ষেত্র, খৰক্ষেত্ৰ, গজক্ষেত্র, কাকপদ ক্ষেত্র।
ধ্বজ ক্ষেত্রঃ বাস্তভূমিৰ এইক্ষেত্ৰত গৃহ নিৰ্মাণ কৰিলে সম্পত্তি লাভ হয়।
ধূস্ত্ৰ ক্ষেত্ৰঃ বাস্তুভূমিৰ এইক্ষেত্ৰত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ অপমৃত্যু হয়।
সিংহ ক্ষেত্ৰঃ বাস্তুভূমিৰ এইক্ষেত্ৰত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ উন্নতি বা জয়লাভ হয় ।
স্বান ক্ষেত্রঃ বাস্তভূমিৰ এইক্ষেত্ৰত গৃহ নিৰ্মাণ কৰিলে ধন-সম্পত্তি আৰু সন্মান হানি হয়।
বৃষ ক্ষেত্ৰঃ বাস্তুভূমিৰ এইক্ষেত্ৰত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ সকলো প্ৰকাৰৰ ভোগ আৰু সকলো প্ৰকাৰৰ সুখ-শান্তি লাভ হয় ৷
খৰ ক্ষেত্ৰঃ বাস্তুভূমিৰ এইক্ষেত্ৰত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ শৰীৰত ৰোগ ব্যাধি আৰু পীড়িত হয়।
গজ ক্ষেত্ৰতঃ বাস্তুভূমিৰ এইক্ষেত্ৰত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ বা এই গৃহত বসবাস কৰা পৰিয়ালৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক উন্নতি হয়।
কাকপদ ক্ষেত্রঃ বাস্তুভূমিৰ কাকপদ ক্ষেত্ৰ গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ অপমৃত্যু হয় ।
বাস্তুভূমিত বা বাস্তু ক্ষেত্ৰত ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে চাৰিডাল বেখা বা দণ্ড থাকে। বাস্তুভূমিত গৃহ নির্মাণ এই চাৰিডাল দণ্ড বা ৰেখাৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে।
সূর্য দণ্ডঃ বাস্তুভূমিৰ সোঁমাজেৰে পূবা পশ্চিমা ৰেখাডালক সূর্য দণ্ড বোলে। এই সূর্য দণ্ডক ভিতৰ ৰাখি গৃহ নিৰ্মাণ কৰিলে ঘৰখনৰ অগ্নি ভয় থাকে। এই সূৰ্য দণ্ডৰ পৰা সাত আঙুল বাদ দি গৃহ নিৰ্মাণ কৰিব লাগে ৷
যম দণ্ডঃ বাস্তুভূমিৰ সোঁমাজেৰে উত্তৰা দক্ষিণ দণ্ডডালক যম দণ্ড বুলি কোৱা হয়। এই দণ্ডডালক ভিতৰ কৰি গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ কুল নাশ হয়। এই দণ্ডৰ পৰা বাৰ আঙুল বাদ দি গৃহ নিৰ্মাণ কৰিব লাগে ।
অগ্নি দণ্ডঃ বাস্তুভূমিৰ অগ্নি কোণ আৰু বায়ু কোণ সংযোগী দণ্ডডালক অগ্নি দণ্ড বোলে। এই অগ্নি দণ্ড ভিতৰ কৰি গৃহ নিৰ্মাণ কৰিব নালাগে ৷
লক্ষ্মী দণ্ডঃ বাস্তুভূমিৰ ঈশান কোণ আৰু নৈঋত কোণ সংযোগী দণ্ডডালক লক্ষ্মী দণ্ড বোলে। এই দণ্ডডালক ভিতৰত কৰি গৃহ নিৰ্মাণ কৰিলে ঘৰখনৰ সুখ, শান্তি আৰু লক্ষ্মী বৃদ্ধি হয় ৷
ব্ৰহ্মস্থানঃ বাস্তু ভূমিৰ মধ্যভাগক ব্ৰহ্মস্থান বুলি কোৱা হয়, এই ব্ৰহ্মস্থানত গৃহ নিৰ্মাণ কৰিব নালাগে, এই স্থানত কেতিয়াও গধুৰ বস্তু ৰাখিব নালাগে,ব্রহ্মস্থান গৃহ নিৰ্মাণ বা গধুৰ বস্তু ৰাখিলে ঘৰখনৰ বাবে সৰ্বনাশ মাতি অনা হয়, এই স্থানত মন্দিৰ নিৰ্মাণ কৰিব পাৰি।
ওপৰত চিত্ৰত দেখুওৱাৰ দৰে পঞ্চতত্ত্ব আৰু দিশসমূহৰে৷ গৃহ নিৰ্মাণত বিশেষ ভূমিকা আছে-
পূব দিশঃ পূব দিশৰ অধিপতি হৈছে সূৰ্য, এই দিশত একমাত্ৰ স্নানঘ নিৰ্মাণ কৰিব পাৰি।
অগ্নি কোণঃ অগ্নি কোণৰ অধিপতি হৈছে শুক্র, বাস্তু শাস্ত্ৰ অনুসৰি এই স্থান হৈছে শুক্ৰৰ স্থান। এই স্থানত সেই কাৰণে অগ্নি সম্বন্ধীয় কৰ্ম, ৰান্ধনী ঘৰ, হিটাৰ, হিট চেম্বাৰ, লগতে ফেক্টৰী আদি নিৰ্মাণ কৰিবৰ বাবে বাস্তুসম্মত উপযুক্ত স্থান।
দক্ষিণ দিশতঃ এই দিশৰ অধিপতি হৈছে মংগল, এই দিশৰ পূব অংশত ৰান্ধনী ঘৰৰ আৰু এই দিশৰ পশ্চিম অংশত শৌচাগাৰ নিৰ্মাণৰ বাবে বাস্তুসন্মত উপযুক্ত স্থান।
নৈঋত কোণঃ বাস্তুভূমিৰ দক্ষিণ-পশ্চিম দিশটোক নৈঋত কোন বুলি কোৱা হয়, এই কোণৰ অধিপতি হৈছে ৰাহু, এই দিশটো পৃথিৱীৰ সকলোতকৈ স্থিৰ। এই দিনটোত গৃহস্থৰ মুৰব্বীজনৰ বাবে শোৱাকোঠা আৰু গধুৰ বস্তু ৰখা স্থান। এই কোণত বাস্তুভূমিৰ বা গৃহৰ দৰ্জা বা প্ৰৱেশ দ্বাৰ ৰাখিব নালাগে।
পশ্চিম দিশঃ পশ্চিম দিশৰ অধিপতি হৈছে শনি। এই দিশত ছাত্র- ছাত্ৰীসকলৰ বাবে অধ্যয়ন কক্ষ আৰু পশ্চিম দিশৰ দক্ষিণ দিশত পানীৰ টেংকি নিৰ্মাণৰ বাবে উপযুক্ত স্থান।
বায়ু কোণঃ বাস্তুভূমিৰ উত্তৰ আৰু পশ্চিম দিশটোক বায়ু কোণ বুলি কোৱা হয়। এই কোণৰ অধিপতি হৈছে চন্দ্ৰ । এই দিশটো সদায় খোলা ৰাখিব লাগে যাতে ঘৰৰ চৌহদত বায়ু ভালদৰে চলাচল কৰিব পাৰে। এই দিশত ভঁৰাল ঘৰ আৰু অতিথিশালা স্থাপন কৰিবৰ বাবে বাস্তুসম্মত উপযুক্ত স্থান।
উত্তৰ দিশঃ উত্তৰ দিশৰ অধিপতি হৈছে বুধ। এই স্থানটো কুবেৰৰ স্থান। এই দিশত ধনাগাৰ কক্ষ নিৰ্মাণ কৰিব লাগে। লগতে এই বাস্তুভূমিৰ উত্তৰ দিশৰ পশ্চিম অংশত শৌচাগাৰ নিৰ্মাণৰ বাবে উপযুক্ত স্থান।
ঈশান কোণঃ বাস্তুভূমিৰ পূব আৰু উত্তৰ দিশটোক ঈশান কোণ বুলি কোৱা হয়। বাস্তুভূমিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানটো হ’ল ঈশান কোণ ৷ গুৰু বৃহস্পতি হৈছে এই কোণৰ অধিপতি। বাস্তুশাস্ত্ৰ অনুসৰি এই স্থানটো হৈছে পানী বা জলৰ স্থান। এই স্থানত পুখুৰী, কুঁৱা, দমকল আদি স্থাপনৰ বাবে উপযুক্ত স্থান। লগতে এই স্থানত মন্দিৰ, নামঘৰৰ স্থাপন বাবে বাস্তৱসন্মত উপযুক্ত স্থান। এই স্থানত কেতিয়াও গধুৰ বস্তু ৰাখিব নালাগে। সদায় চাফ- চিকুণ কৰি ৰাখিব লাগে।
বর্তমান সময়ত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বাস্তুশাস্ত্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰ অনুসৰি গৃহ নিৰ্মাণ কৰিলে ঘৰখনত ধন-সম্পত্তি, বংশ বৃদ্ধি হোৱাৰ লগতে পৰিয়ালৰ লোকসকলৰ সুখ-শান্তি বৃদ্ধি হয় ৷
Comments are closed, but trackbacks and pingbacks are open.