দৈনিক ৰাশিফল ১১ মাৰ্চ ২০২৬

35

২৬ ফাগুন, বুধবাৰ , ইং ১১ মাৰ্চ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ কৰিবলৈ সুযোগ লাভ কৰিব, উত্তম ভোজন লাভ কৰিব,কৰ্মত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ ব‌্যৱসাযিক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, সাহিত্যক সকলৰ সাহিত্য চৰ্চাত মনোনিৱেশ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে আত্মীয় পৰিয়ালৰ প্ৰতি মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি বিবাহিত ব্যক্তি সকলৰ সন্তানয প্ৰতি চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সংগীত শিল্পী আছে তেওঁলোকৰ সুনাম বাঢ়িব যদিও আজি আন ব্যক্তি সকলে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ শাৰীৰিক কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, ব‌্যৱসাযিক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, কৰ্মত উন্নতি সাধন হব, যদিও আজি আপুনি ভ্ৰমণত ক্ষেত্ৰত সাৱধান হোৱাটো ভাল হ’ব।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, নতুন নতুন ব্যৱসায় বানিজ্যত যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যান বাহন পৰা সুখ শান্তি বাঢ়িব যদিও আজি আপোনাৰ হাতলৈ ধন আহিব যদিও আজি আপুনি সজাগ নহ’লে ধন- সম্পত্তি সামান্য ক্ষতিগ্ৰস্ত হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত যান বাহন পৰা কষ্ট পাৱলগীয়া হ’ব পাৰে, সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ ধন- সম্পত্তি অৱাৱত ক্ষতি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সামগ্ৰী লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত সফলতা লাভ কৰিব, নতুন নতুন কৰ্ম লাভ কৰিব, লগতে আজি আপোনাৰ আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি সঞ্চয় বাঢ়িব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ হাতলৈ ধন আহিব অহাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.