দৈনিক ৰাশিফল ৭ মাৰ্চ ২০২৬

22

২২ ফাগুন, শনিবাৰ , ইং ৭ মাৰ্চ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সামান্য পাৰিবাৰিক সুখ শান্তি বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, দিনটোত সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ মনত ভক্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজতো দিনটো পাৰ হব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব লগতে আজি আপুনি সামগ্ৰী ভাল হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি আহিব হাতলৈ যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত মনযোগ হ্ৰাস হ’ব পাৰে লগতে আজি আপোনাৰ সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্ম লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ধন- সম্পত্তি আহিব হাতলৈ, যদিও আজি আপুনি নি:সংগতা অনুভৱ হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত যিসকল ৰাজনীতিৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকৰ ৰাজনৈতিক সা-সুবিধা লাভ কৰিব বা ৰাজনৈতিক ভাৱে আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি অ-ৰাজনৈতিক ব্যক্তি সকলে কৰ্মত সজাগ নহ’লে আনৰ নিন্দনীয় হ’ব পাৰে, লগতে আজি অ-ৰাজনৈতিক ব্যক্তি সকলৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ধন- সম্পত্তি বাঢ়িব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপুনি শত্ৰুক পৰাজয় কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ব্যস্ততা বাঢ়িব, মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.