দৈনিক ৰাশিফল ২৬ ফেব্ৰুৱাৰী ২০২৬

28

১৩ ফাগুন, বৃহস্পতি বাৰ , ইং ২৬ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সামগ্ৰী লাভ কৰিব , ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা কৰ্মত সামান্য মনোমালিন্যৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য চঞ্চল হ’ব পাৰে, শিল্পী সকলৰ সুনাম বাঢ়িব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হব, খেলুৱৈ সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব যদিও আজি আপোনাৰ সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগতা নহ’লে সামান্য মনত কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপুনি সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে আৱাৱত সময় নষ্ট হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে মনৰ আনন্দ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে আপোনাৰ প্ৰতিভা বিকাশত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, হঠাতে হাতলৈ ধন- সম্পত্তি বা সন্মান লাভ কৰিব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে সৰু সুৰা কথাতে মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.