প্ৰপ্ৰীতি গগৈ
হঠাতে তাইৰ এনেকুৱা লাগিল যেন সিহঁতৰ কোঠাৰ দুৱাৰখন নিজে নিজে খোল খাই গ’ল আৰু বতাহ এজাক কোঠালৈ সোমাই আহিল৷ তাই সাৰ পাই উঠি বহিল। কাষতে শুই থকা মাক নাই! তাৰমানে তাইক অকলে শুৱাই থৈ মাক উলাই গৈছে। ইমান ৰাতিখন! বিছনাৰ পৰাই দুৱাৰখনেৰে বাহিৰলৈ চাই তাই অন্ধকাৰৰ বাহিৰে একো দেখা নাপালে। ভেকুলীৰ মাত, ঝিলিৰ মাতৰ বাহিৰে যে একো মাতেই শুনিবলৈ পোৱা নাই তাই। চেপা মাতেৰে তাই দুবাৰমান বাহিৰলৈ চাই মাকক চিঞৰিলে। প্ৰত্যুত্তৰ নাপাই তাই গম পালে যে মাক ওচৰত নাই। তাইৰ ভয়তে এনেকুৱা লাগিল যেন তাইৰ গাৰ অংগ-প্ৰত্যংগবোৰ সুলকি পৰিছে, চেঁচা হৈ পৰিছে তাইৰ দেহটো। বিছনা চাদৰখনকে তাই গোটেই গাতে মেৰাই ল’লে । আহাৰমহীয়া গৰমত তাই ঘামিবলৈ ধৰিলে। হ’লেও কিন্তু তাই কাপোৰখন আঁতৰাই নিদিলে। দিনত ৰূপহে কোৱা সেই বুকুত চকু লগা, মূৰ নথকা ভূতটোৱে আহি যেন তাইক গোটে গোটে গিলি পেলাব তাইৰ তেনেকুৱা লাগিল। এনেদৰেই বহুসময় তাই জঠৰ হৈ পৰি ৰ’ল ৷
ঐ নিলাজ পাহাৰ!
ঐ শুকান পাহাৰ!
মৰমবিহীন হৈ মৰ্ মৰ্ মৰ্
লাজতেহে মৰ্
বাহিৰত চিঞৰ-বাখৰ শুনি তাই গম পালে, মাক আহিল, দেউতাকো আহিল। বাপেকৰ জিভা পাকখোৱা গানৰ কলি শুনি তাই গাৰপৰা কাপোৰখন দলিয়াই দিলে। দীঘলকৈ উশাহ এটা লৈ ল’লে। বাপেক সোমাই আহি কাষৰ বিছনাতে পৰি অলপ পিছতে নাক বজাবলৈ আৰম্ভ কৰিলে । তাইৰ বাবে এইটো বাপেকৰ গান ৷ তাই বাপেকৰ মুখলৈ চালে । বাপেকৰ মুখখন এটা শুকান পাহাৰৰ দৰেই । তাত একোৱেই নাই। কেৱল শিল আৰু শিল ৷ এজোপা গছ হ’বলৈ তাত যেন পানীও নাই, মাটিও নাই!
ৰাতিপুৱা বৰগীতৰ কলিত টোপনি ভাগে তাইৰ । ককাকে বাৰাণ্ডাতে বহি বৰগীত জুৰে। তাই দৌৰ মাৰি উঠি গৈ ককাকক এটা চুমা দি প্রিয় ফুলগছজোপাৰ কাষত ৰয়গৈ। সিহঁতৰ চোতালত কিমান যে ফুল! পদুলিমুখৰ বকুলজোপাৰ পৰা সৰি পৰা বকুল ফুলেৰে তাই মালা গাঁঠে। শেৱালি, তগৰ ফুলাৰ নিৰ্দিষ্ট সময় থাকে। সেয়ে তাইৰ খং । সময়লৈ কিয় বাট চাব লাগে? গোলাপজোপাও তাইৰ প্ৰিয়। কাঁইটৰ মাজত কিযে এক মনোমোহা সৌন্দর্য! এই সকলোতকৈ তাইৰ প্ৰিয় ৰাঙলজোপা। সদায় ফুলে। কেতিয়াবা ৰূপহে তাইক এইজোপা অশোক বুলি কয় । তাই নামানে। মাকে ৰোৱা ফুল। মাকে যেতিয়া ৰাঙল বুলি কয়, নিশ্চয় ৰাঙলেই হ’ব। ৰাঙল মানে ৰঙালী। ৰূপহৰ প্রিয় ফুল হেনো বকুল। তাই তাক প্ৰায়ে সেয়ে বকুল ফুল উপহাৰ দিয়ে। তাই কিন্তু ৰাঙলজোপাতকৈ ধুনীয়া ফুল বুলি বেলেগ ফুলৰ কথা ক’ব নুখুজে। কাৰণ ৰাঙলজোপা মাকে ৰোৱা ফুল। মাকৰ প্ৰতিটো বস্তুৱেই তাইৰ প্ৰিয় । মাকে বহু যতনেৰে এই ফুলজোপা ডাঙৰ কৰিছে । তাইৰ মাক সদায় এই ৰাঙলপাহৰ দৰেই ৰাঙলী হৈ থকাটো তাই বিচাৰে৷ মাক নহ’লে যে তাইৰ কোনো অস্তিত্ব নাই! ৰূপহে তাইক স্কুললৈ যোৱাৰ পথত জোকায়, ৰাঙলজোপা তোৰ বিয়াত ৰভা দিওঁতে কাটিবই লাগিব। তাই ভাবি চায়, ৰাঙলজোপা একেবাৰে ৰভাৰ তলতে হ’ব। এই সৰু গছজোপাইনো কিমানকন ঠাই ল’ব! তাই কাটিবলৈ নিদিয়ে।
বৰতাক, বৰ্মাক, দদায়েক, খুৰীয়েকৰে সৈতে এটা বৰ ডাঙৰ পৰিয়ালত সিহঁত একেলগে থাকে। এৰা, সকলো নিজৰেই। তেওঁলোকে চম্ভালিব নোৱাৰি বিয়া পাতি দিয়া তাইৰ বাপেকক চম্ভালিবলৈ মাকলৈ তেওঁলোকৰ অজস্ৰ উপদেশ, পৰামৰ্শ! এইটো কৰিবি, সেইটো কৰিবি। এইটোক লৈ ঘৰৰ পৰা ওলাই যা বুলিও কেতিয়াবা আদেশ আহে। কিন্তু ককাক জীয়াই থকালৈকে যে এয়া সম্ভৱ নহয় সেয়া সকলোৱে জানে। বাপেক গধূলি দোকানৰ পৰা ঘূৰোতে যিটুপি পানী ধৰি আহে আৰু ৰাস্তাৰ দাঁতিত পৰি থাকে তেতিয়া নিজৰ বুলি কোনো নাথাকে। সেয়া মতা বলাব নোৱাৰা মাইকীজনীৰে কাম হেনো । মাইকী ভাল হ’লেই মতা চিধা হ’লহেঁতেন। কথাবোৰ তাইৰ কাণত পৰে। সৰু ছোৱালী বুলি তাইৰ সন্মুখতে বাকীবোৰে আলোচনা কৰে। তাই বুজে, সেইজনী তাইৰ মাকৰ কথাৰেই আলোচনা। তাই জানো নুবুজে, সৰি পৰা মাকৰ হুমুনিয়াহবোৰ, চকুপানীবোৰ। আঠ বছৰীয়া ছোৱালীজনীয়ে ভালকৈয়ে বুজে। তাই যেন পৃথিৱীখন তাইৰ সমবয়সীয়াসকলতকৈ অলপ সোনকালে, বেছি ভালকৈ বুজি উঠিছে!
ককাকে তাইক সকলোতকৈ বেছিকৈ মৰম কৰে। তাইক ককাকে একেবাৰে নেৰে। দেউতাকৰ সেই ৰূপ, মাকৰ অসহায় অৱস্থাটো, ঘৰৰ বাকী সদস্যবোৰৰ তাইৰ প্ৰতি থকা মনোভাববোৰ ককাকে ভালকৈয়ে বুজে। ককাকে সেয়ে তাইক কিবা ক’বলৈ কাকো সুৰুঙা নিদিয়ে, তাইক সদায় ঘৰখনত বিশেষ অনুভৱ কৰাবলৈ যত্ন কৰে। সেয়ে ককাক নথকা অৱস্থাত হুটা হৈ পৰা মাতবোৰ ককাক আহিলেই মোলায়েম হৈ পৰে। ককাকে বজাৰ কৰি অনা বেগটো সদায়েই তাইৰ হাতত। সেই মুহূৰ্তত ঘৰখনৰ সকলোৰে মুখবোৰ চাবলগীয়া অৱস্থা হয়। মোনাখনত সোমাই থাকে তাইৰ প্ৰিয় মিঠাইৰ এটা টোপোলা । এইটো তাইৰ বাবে এটা বেলেগ টোপোলা আৰু বিশেষ টোপোলা। বাকী সকলোৰে বাবে এটাই টোপোলা। তাই যে ককাৰৰ বাবে কিমান বিশেষ এই টোপোলাটোৱে সকলোৰে আগত প্রমাণ দি দিয়ে । সেয়ে তাই ঘৰৰ ককাকৰ বাকী ল’ৰা নাতিবোৰৰ আগত নিজক জহাব পাৰে আৰু সিহঁতে তাইৰ টোপোলাটো কাঢ়িবলৈ তাইক খেদা মাৰি আহোঁতেই পলাই পত্ৰং দি তাই ককাকৰ কোঁচত বহি লয়হি। তাৰ পৰা আৰু কোনেও সেই টোপোলা কাঢ়ি নিব নোৱাৰে। ঘৰৰ আন সদস্যবোৰৰ খং। তেওঁলোকে হেনো এয়া প্রথম ককাক দেখা পাইছে যিয়ে তেখেতৰ ল’ৰা নাতিতকৈ ছোৱালী নাতিক বেছি মৰম কৰে, বেছি প্ৰাধান্য দিয়ে! এইবোৰ তাইৰ দৰকাৰ নাই। তাই মাথোঁ ককাৰ মৰম নোপোৱাকৈ এখন্তেকো কল্পনা কৰিব নোৱাৰে। তাইৰ প্ৰিয় ৰাঙলজোপাৰ কথাও ককাকে জানে। সেয়ে সেই ৰাঙলজোপাৰ প্ৰতি তেওঁৰেই একেই আদৰ। ঘৰৰ সকলো সদস্যই জানে যে তাই সেই ৰাঙলৰ প্ৰতিপাহ ফুলৰ যতন লয়, সিহঁতক আদৰ কৰে। যিদিনা তাইৰ সেই বিশেষ মিঠাইৰ টোপোলাৰ ভাগ ককায়েকহঁতক নিদিয়ে সেইদিনা সিহঁতে সেই ৰাঙলজোপাক অত্যাচাৰ কৰে। পাত ছিঙে, ফুল ছিঙে। তাই আচৰিত হয়, এই কাণ্ডত ঘৰৰ ডাঙৰ সদস্যসকলে ৰস পায়। তাইনো কিয় নিদিয়ে বুলিয়েই তেওঁলোকে হাঁহি হাঁহি তাইক সমালোচনা কৰে। ছোৱালী মানুহক ইমান লাই দিব নাপায় বুলিও কোনো কোনোৱে ককাকৰ কাণ চোৱায়। তাৰ পিছদিনাৰ পৰা ককাকে আগতকৈও বেছিকৈহে তাইক গুৰুত্ব দিবলৈ লয়। তায়ো ভাবে, গছ এজোপাই তাইৰ বাবে ইমান কষ্ট পাব লাগেনে? লাহে লাহে তাই সেই টোপোলাৰ সৰসভাগেই সিঁহতক দি দিবলৈ লয়। ককাকে তাইক সেয়ে আটাইতকৈ কোমল অন্তৰৰ ছোৱালী বুলি কয়। ককাকৰ মৰমৰ সোণপাহি এই কথাষাৰতো পমি যায়। তাইৰ বাবে এই মিঠাইৰ টোপোলাটো ৰাঙলজোপাৰ তুলনাত মূল্যহীন। ককাককো তাই বুজায় যে ককাকৰ মৰমখিনিহে তাইৰ বাবে আচল। সঁচাকৈয়ে তাই বাকী ল’ৰা-ছোৱালীবোৰতকৈ বেছি বুজন দেখি ককাকো আচৰিত হয়….
মাকৰ সদায়েই তাইৰ পঢ়া-শুনাক লৈয়ে চিন্তা। ঘৰৰ ওচৰৰে স্কুলখনলৈ যদিও তাই যায়, সেই চৰকাৰী স্কুলখনত তাই যেন উপযুক্ত শিক্ষা লাভ কৰা নাই। ঘৰৰ বাকী ল’ৰাবোৰ ওচৰৰ নগৰখনৰ স্কুলত পঢ়ে। মাকে ভাবে, সোণপাহি বাৰু পিছ পৰি ৰ’ব নেকি? মাকে সেয়ে তাইক ওপৰ শ্ৰেণীলৈ পালে নৱোদয় বিদ্যালয়ত দিয়াৰ কথা কয়। তেতিয়া হেনো তাই হোষ্টেলত থাকিব লাগিব! তাই এবাৰলৈ মনটো ভাল লাগি যায়। হোষ্টেলত থাকি কিমান যে ভাল লাগিব চাগে! কিন্তু পিছমুহূৰ্ততে তাইৰ ককাকৰ কথা মনত পৰে। এনায়েকৰ ঘৰলৈ গৰমৰ বন্ধত দুদিন গ’লেই তেওঁ চকুৰ পানী ধৰি ৰাখিব নোৱাৰে। দুদিন পিছতে গৈ লৈ আহেগৈ৷ ককাকে কেনেকৈ বাৰু তাই হোষ্টেলত থকাটো সহ্য কৰিব ? নাই নাই । তাই নাযায়। তাইৰ মৰমৰ ৰাঙল দুজোপা যদি ল’ৰাবোৰে ভাঙি পেলায়। তাই ইয়াতেই ভালকৈ পঢ়িব। তাই ককাকৰ কাষতে গৈ বহেগৈ আৰু কয় যে তাই হোষ্টেলত থাকি পঢ়িবলৈ যাবগৈ নহয় ! ককাকৰ দুচকু চলচলীয়া হয়। তাই ককাকলৈ চাই হাঁহি হাঁহি কয়, মই ধেমালিহে কৰিছিলো ককা তাৰ পিছত তাই ককাকক সাবটি ধৰি চুমা খায় । ককা-নাতিৰ মৰম দেখি মাকৰো দুচকু ভৰি পৰে।
অন্ততঃ কণমানিজনীক ককাকে চাৰিওফালৰ কাঁইটবোৰৰ পৰা আঁতৰাই ৰাখিছে। তাই জন্ম হোৱাৰ দিনা হেনো মাকে বৰ ভয় খাইছিল । ল’ৰা হৈ জন্ম নোহোৱাৰ বাবে তাই ঘৰখনত আদৰ-মৰম নাপাব বুলি মাকে হেনো কান্দিছিল। তাইৰ দেউতাকে ছোৱালী জন্ম হ’ল বুলি জানি হাস্পতালত চাবলৈও যোৱা নাছিল। হাস্পতালৰ কোঠালিত আছিল মাথোঁ এনায়েক, ককাক আৰু তাইৰ মাক। তাৰ পিছতে ককাকে তাইক নিজৰ কোলাত লৈ ঘৰলৈ ঘূৰি আহিছিল। সেয়া দেখি ঘৰখনৰ বাকী মানুহবোৰ স্তম্ভিত হৈছিল। এয়া যাদু নহয়নে? এই বোৱাৰীয়েকজনীয়ে যাদু কৰা নাইনে এই বুঢ়াটোক বুলি সকলোৱে কোৱাকুই কৰিছিল। ককাকে হেনো তাইক তাইৰ বাপেকৰ কোলাত তুলি দি কৈছিল এই ছোৱালীজনীয়ে যদি অলপো কষ্ট পায়, মই তোৰ বাপেৰ বুলি পাহৰি যাবি। মদাহী হ’লেও দেউতাকক শ্রদ্ধা কৰা পুতেকে হাত পাতি লৈছিল তাইক। কিন্তু দেউতাকৰ মৰমবোৰ এজন নিচাগ্ৰস্ত মানুহৰ পৰা পোৱাটো আশা কৰাই ভুল! দেউতাকৰ মৰম কি সেয়া তাই কোনোদিনেই অনুভৱেই কৰা নাই!
তাই লাহে লাহে ডাঙৰ হৈছে, তাইৰ মন যায় ডাঙৰ হ’বলৈ। কিন্তু তাই ডাঙৰ হোৱাৰ লগে লগে ককাকো বুঢ়া হৈ যোৱাৰ ভয়টোৰ বাবে তাইৰ ডাঙৰ হ’বলৈও ভয় হয়। ৰূপহৰ ককাক এবছৰ আগেয়ে ঢুকালে। তেখেত তাইৰ ককাকৰ প্ৰিয় বন্ধু আছিল। কেতিয়াবা তাইৰ ককাকো ঢুকাব নেকি? তাই এয়া কল্পনাও কৰিব নোৱাৰে। কিন্তু যে ককাকৰ অসুখবোৰ বাঢ়িছে। তাইৰ দুখ লাগে যেতিয়া ককাক বিছনাত পৰি থাকে, মিতিৰ- কুটুমবোৰ আহে আৰু তেওঁলোকে তেখেতৰ কিবা খাবলৈ মন গৈছে নেকি বুলি সোধে। ককাকক তেওঁলোকে হেনো শেষবাৰৰ বাবে কিবা এসাজ খুৱাব বিচাৰে ৷ আৰুনো কিমান দিন! তাইৰ বুকুখন চিৰিংকৈ মাৰে। ককাকৰ কাষতে বহি তাই ককাকৰ হাত এখনৰ আঙুলিবোৰ পিটিকি থাকে। ককাকৰ একো খাবলৈ মন নাযায়। তেওঁ তাইলৈহে ৰ’ লাগি চাই থাকে। চকুৰ দুয়ো কোণেৰে চকুলো বাগৰি আহে। তাই দুচকু মোহাৰি। দিয়ে! তাইক পেহীয়েকহঁতে কৈছে, ককাকক তাই মুকলি কৰি দিব লাগে, তাইৰ কথা চিন্তা কৰিয়েই তেখেতে হেনো দেহত্যাগ কৰিব পৰা নাই। বৰ কষ্ট পাইছে তেখেতে। সোণপাহিয়েও লক্ষ্য কৰে, ককাকে তাইলৈ বৰ কাতৰভাৱে চাই থাকে। কিবা যেন ক’ব খোজে। তাইক যেন ক’ব খোজে, মই গ’লে তই ইয়াত থাকিব পাৰিবিনে সোণপাহি? তাই ককাকৰ এই কষ্টকৰ মুহূৰ্তবোৰ চাই থাকিব নোৱাৰে । তাই সিদ্ধান্ত লৈ পেলায়। ককাকক তাই চলচলীয়া দুচকৰে থোকাথুকি মাতেৰে কয়, ‘মই হোষ্টেললৈ যামগৈ নহয় ককা’।
তাৰ পিছত ৰঙা হৈ ফুলি থকা ৰাঙলজোপাক ককাক গুচি যোৱাৰ কথা ক’বলৈ তাই দৌৰি যায়! তাই দেখিলে ৰাঙলজোপাৰ ফুলবোৰ ৰঙা হৈ জিলিকি আছে। ইমান দুখৰ মাজতো ৰাঙলজোপা কেনেকৈ ইমান ৰঙালী হৈ থাকিব পাৰে? নে এয়া দুখৰ ৰং? তাই ৰাঙলজোপাক ককাকৰ কথা কৈ সোধে, ‘ৰভাখনৰ গইনা লৈ ৰাঙলজোপাও বাৰু গুচি যাব নেকি তাইৰ কাষৰ পৰা ?
Comments are closed, but trackbacks and pingbacks are open.