দৈনিক ৰাশিফল ২০ ফেব্ৰুৱাৰী ২০২৬

33

৭ ফাগুন, শুক্ৰ বাৰ , ইং ২০ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ মনত হতাশাৰ বৃদ্ধি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ধন আৰু সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, লগতে আজি সমাজ কৰ্মী সকলে সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সৰু সুৰা সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বাঢ়িব পাৰে লগতে আজি আপুনি ঠাগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু বাঢ়িব পাৰে বা শত্ৰুই আজি আপোনাক অনিষ্ট কৰিব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি আপোনাৰ জীৱনৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপোনাৰ মনত আত্মগ্লানি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য খংঙ আৰু অভিমান ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ পাৰিবাৰিক মনোমালিন্যৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.