দৈনিক ৰাশিফল ৭ ফেব্ৰুৱাৰী ২০২৬

24

১.মেষ ৰাশি (অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত  মনত সুখ শান্তি বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি (উ,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক লাভাম্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ বন্ধুৰ লগত মনোমালিন্য বা বন্ধু হানি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি (ক,ছ):  মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ৰোগ নাশ হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি (ড,হ): কৰ্কট ৰাশিৰ  জাতক-জাতিকা সকলৰ   আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, নতুন নতুন প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে জেষ্ঠ্য ব্যক্তিৰ পৰা মনত সামান্য কষ্ট পাৱলগীয়া  হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি (প,ঠ): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ  আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৭. তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ  আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি আহিব হাতলৈ, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে আবেলি সময়ত সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতিৰ সন্মূখীন  হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি (খ,জ): মকৰ ৰাশি  জাতক-জাতিকা সকলৰ আজিৰ  দিনটোত শৰীৰত ৰোগ নাশ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য সৰু সুৰা কথাতে ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি (গ,শ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত বুদ্ধিৰে কৰ্ম ক্ষেত্ৰত আগুৱাই গ’লে সফলতা লাভ কৰিব পাৰিব, স্বাস্থ্যৰ উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন নতুন আশাৰ সঞ্চাৰ হ’ব, সাহিত্যক সকলৰ সাহিত্য চৰ্চাত মনোনিৱেশ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.