অনুপমা ডেকা
সাম্প্ৰতিক যুগটোৱেই হৈছে ডিজিটেল যুগ। আজিৰ দিনত ডিজিটেল জগতখনক বাদ দি মানুহৰ জীৱন অসম্পূৰ্ণ হৈ পৰিছে। শোৱা পাটিৰ পৰা উঠাৰ পৰা নিশা শেতেলী পোৱালৈকে মানুহৰ দিনটো ডিজিটেল মাধ্যমেৰে জৰিয়তে পৰিচালিত হ’বলৈ ধৰিছে। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়াত অধিক গুৰুত্ব আৰোপ কৰিছে। যাৰ ফলত এই ক্ষেত্ৰখনত অধিক সংস্থাপনৰ বাট মুকলি হৈছে। তদুপৰি নতুন প্ৰজন্মইও ডিজিটেল কেৰিয়াৰৰ প্ৰতি অধিক আকৰ্ষিত হৈছে।
ডিজিটেল ইণ্ডিয়া হৈছে ভাৰত চৰকাৰৰ এক প্ৰধান কাৰ্যসূচী যিখন দেশৰ ডিজিটেল পৰিৱেশক উন্নত কৰাৰ বাবে আৰম্ভ কৰা হৈছিল। এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে চৰকাৰী সেৱাক সহজ কৰা, দেশৰ নাগৰিকসকলক ডিজিটেল সাক্ষৰ কৰি তোলা আৰু ডিজিটেল ইণ্ডিয়াক এক শক্তিশালী প্ৰযুক্তিৰ ভেটি স্থাপন কৰা। ডিজিটেল ইণ্ডিয়াৰ মূল বৈশিষ্ট্যসমূহ হৈছে:ডিজিটেল সেৱা সহজ কৰা:চৰকাৰী সেৱা অনলাইনত উপলব্ধ কৰা, যাতে নাগৰিকসকলে সহজে সুবিধা লাভ কৰিব পাৰে।
ডিজিটেল সাক্ষৰতা বৃদ্ধি: নাগৰিকসকলক কম্পিউটাৰ, ইণ্টাৰনেট আদি ব্যৱহাৰ কৰাত সহায় কৰা।
ডিজিটেল ভেটি স্থাপন: দেশত ডিজিটেল পৰিকাঠামো (ইণ্টাৰনেট, নেটৱৰ্ক আদি) স্থাপন কৰা।
আর্থিক ডিজিটেলিকৰণ: বেংকৰ দ্বাৰা পোনপটীয়া লাভালাভ, ই-পেমেন্ট ব্যৱস্থা আদিৰ জৰিয়তে।
ডিজিটেল উদ্যোগৰ উন্নতি: নতুন ডিজিটেল উদ্যোগৰ বাবে সুযোগৰ সৃষ্টি কৰা.
ডিজিটেল ইণ্ডিয়াৰ লাভ:
সময়ৰ সাৱলীলতা: চৰকাৰী কাম-কাজ অনলাইনত কৰাৰ ফলত বহু সময় সাৱলীল হয়।
স্বচ্ছতা:অনলাইন ব্যৱস্থাৰ জৰিয়তে কাম-কাজত স্বচ্ছতা বৃদ্ধি পায়।
সৰলতা:চৰকাৰী সেৱা সহজভাৱে উপলব্ধ হোৱাৰ ফলত নাগৰিকৰ বাবে সুবিধা হয়।
অনুশীলন: ডিজিটেল সাক্ষৰতা বৃদ্ধিৰ ফলত নাগৰিকসকলে নতুন সুযোগ লাভ কৰিব পাৰে।
ডিজিটেল ইণ্ডিয়াৰ কিছুমান পদক্ষেপ:
ই-গভৰ্ণেঞ্চ: চৰকাৰী কাম-কাজ অনলাইনত কৰা
ইণ্টাৰনেট সেৱা: সকলো গাঁওত ইণ্টাৰনেট সংযোগ স্থাপন কৰা।
ই-পেমেন্ট ব্যৱস্থা: ভীম (BHIM) আৰু ইউ.পি.আই (UPI) এপৰ জৰিয়তে পেমেন্ট কৰা।
আধাৰ ব্যৱহাৰ: সকলো চৰকাৰী আঁচনিৰ হিতাধিকাৰীক আধাৰৰ জৰিয়তে লাভান্বিত কৰা। ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীকে সফল কৰাৰ বাবে চৰকাৰৰ লগতে নাগৰিকসকলেও নিজৰ দায়িত্ব পালন কৰিব লাগে।
ডিজিটেল টকা (e₹) (ইংৰাজী: Digital Rupee) বা “e-INR’’ বা “ই-টকা’’ ভাৰতীয় টকাৰ এটা টোকেনাইজড ডিজিটেল সংস্কৰণ, যিটো ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) এ কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা (CBDC) হিচাপে জাৰি কৰে। ডিজিটেল টকা, ২০১৭ চনৰ জানুৱাৰী মাহত প্ৰস্তাৱ কৰা হৈছিল আৰু ২০২২ চনৰ ১ ডিচেম্বৰত মুকলি কৰা হৈছিল। ডিজিটেল টকাই ব্লকচেইন ডিষ্ট্ৰিবিউটেড-লেজাৰ প্ৰযুক্তি ব্যৱহাৰ কৰে। বেংকনোটৰ দৰেই ইয়াক কেন্দ্ৰীয় বেংকৰ দ্বাৰা অনন্যভাৱে চিনাক্তকৰণযোগ্য আৰু নিয়ন্ত্ৰণ কৰা হয়। ইয়াৰ দায়বদ্ধতা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওপৰত। ইয়াৰ পৰিকল্পনাসমূহৰ ভিতৰত অনলাইন আৰু অফলাইন অভিগম্যতা অন্তৰ্ভুক্ত কৰা হৈছে। আৰ বি আইয়ে আন্তঃবেংক নিষ্পত্তিৰ বাবে বিত্তীয় প্ৰতিষ্ঠানসমূহক যোগান ধৰা ডিজিটেল টকা পাইকাৰী (e₹-W) আৰু গ্ৰাহক আৰু ব্যৱসায়িক লেনদেনৰ বাবে ডিজিটেল টকা খুচুৰা (e₹-R) আৰম্ভ কৰে। ডিজিটেল টকা ৰূপায়ণৰ প্ৰধান লক্ষ্য হৈছে সাধাৰণ জনতা, ব্যৱসায়ী, বেংক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে ভৌতিক মুদ্ৰাৰ ওপৰত বহন কৰা নিৰাপত্তা ছপাৰ খৰচ আঁতৰোৱা।
ডিজিটেল লাইব্ৰেৰী, যাক অনলাইন লাইব্ৰেৰী, ইণ্টাৰনেট লাইব্ৰেৰী, ডিজিটেল পুথিভঁৰাল বা ডিজিটেল সংগ্ৰহ (ইংৰাজী: Digital library) বুলিও কোৱা হয়, সেয়া হৈছে ডিজিটেল বস্তুৰ অনলাইন ডাটাবেছ, য’ত লিখনি, স্থিৰ ছবি, অডিঅ’, ভিডিঅ’, ডিজিটেল নথিপত্ৰ, বা অন্যান্য ডিজিটেল মাধ্যমৰ ফৰ্মেট সমূহৰ বাবে ইণ্টাৰনেটৰ জৰিয়তে প্ৰৱেশ কৰিব পৰা এটা পুথিভঁৰাল। বস্তুবোৰ প্ৰিণ্ট বা ফটোগ্ৰাফৰ দৰে ডিজিটেলাইজড বিষয়বস্তুৰ লগতে ৱৰ্ড প্ৰচেছৰ ফাইল বা ছ’চিয়েল মিডিয়া পোষ্টৰ দৰে মূলতঃ উৎপাদিত ডিজিটেল বিষয়বস্তুৰে গঠিত হ’ব পাৰে। বিষয়বস্তু সংৰক্ষণ কৰাৰ উপৰিও, ডিজিটেল লাইব্ৰেৰীয়ে সংগ্ৰহত থকা বিষয়বস্তু সংগঠিত, সন্ধান আৰু উদ্ধাৰৰ বাবে উপায় প্ৰদান কৰে। ডিজিটেল লাইব্ৰেৰীসমূহৰ আকাৰ আৰু পৰিসৰৰ ক্ষেত্ৰত অপৰিসীম ভিন্নতা থাকিব পাৰে, আৰু ব্যক্তি বা সংস্থাসমূহে ইয়াক ৰক্ষণাবেক্ষণ কৰিব পাৰে। ডিজিটেল বিষয়বস্তু স্থানীয়ভাৱে সংৰক্ষণ কৰিব পাৰি, বা কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে দূৰৈৰ পৰা অভিগম কৰিব পাৰি। এই তথ্য উদ্ধাৰ ব্যৱস্থাসমূহে আন্তঃকাৰ্যক্ষমতা আৰু বহনক্ষমতাৰ জৰিয়তে ইটোৱে সিটোৰ সৈতে তথ্য বিনিময় কৰিবলৈ সক্ষম।
এই ক্ষেত্ৰসমূহতো নতুন প্ৰজন্মই কেৰিয়াৰ হিচাপে গঢ়ি সংস্থাপিত হ’বলৈ সক্ষম হৈছে। বিগত কিছু বছৰ ধৰি এনিমেছনৰ জগতখনত নতুন প্ৰজন্মৰ বাবে অধিক সংস্থাপনৰ বাট মুকলি হৈছে। আজিৰ প্রজন্মৰ সকলোৱে চৰকাৰী চাকৰিমুখী নহৈ এনিমেছনৰ জগতখনত দক্ষতাৰে কাম কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে তেওঁলোকে ভাল ভাল শিক্ষানুষ্ঠানৰ পৰা এনিমেছন বিষয়ত পাঠ্যক্ৰম গ্ৰহণ কৰিছে। হলিউড, বলিউড বিশেষকৈ দক্ষিণৰ ছবিবোৰত সৰ্বাধিক এনিমেছন,২ ডি, ৩ ডি ব্যৱহাৰ কৰাৰ ফলত এই ক্ষেত্ৰখনত কাম কৰাৰ সুযোগ লাভ কৰিছে বহু দক্ষ যুৱক-যুৱতীয়ে। তদুপৰি বহু যুৱক-যুৱতীয়ে এই ক্ষেত্ৰখনত কাম কৰিবলৈ উচ্চ প্ৰশিক্ষণ লবলৈ আৰম্ভ হৈছে।এনিমেছন (ইংৰাজী: Animation) বা এনিমেশ্যন হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক “চলন্ত চিত্ৰ” বুলিও ক’ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচ্চিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলন্ত বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিক ভাৱে ছেকেণ্ডত ২৪ টা) ফটো তোলা হয়। এই ছবিবোৰত চলন্ত বস্তুটোৰ বিভিন্ন মুহূৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন ‘ফ্ৰেম’ বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই ‘ফ্ৰেম’বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। পিছলৈ অৱশ্যে এই মতক নাকচ কৰা হয়। লক্ষণীয় যে এই পদ্ধতিত এটা বিশেষ যন্ত্ৰ (চলচ্চিত্ৰ কেমেৰা)ৰ দ্বাৰা, চলনশীল বস্তু এটাৰ চলনক ‘ফ্ৰেম’ৰ ৰূপ দিয়া হয়। এনিমেছন প্ৰক্ৰিয়াত প্ৰতিখন ফ্ৰেম বেলেগে বেলেগে সৃষ্টি কৰা হয়। পাছত প্ৰতিটো ফ্ৰেমকে ক্ৰম অনুসৰি পৰ্দাত নিক্ষেপন কৰি গতিৰ আভাস দিয়া হয়। এনিমেছন নিৰ্মাণ কৰোঁতে প্ৰতিখন ফ্ৰেমেই এখন এখনকৈ সৃষ্টি কৰা হয়। ফ্ৰেম নিৰ্মাণ বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। হাতে অঁকা আৰু একেটা বস্তুৰ অৱস্থানৰ সামান্য পৰিবৰ্তন কৰি তাৰ ছবি লোৱাটো সাধাৰণতে ব্যৱহৃত দুটা প্ৰক্ৰিয়া। বৰ্তমান গাণনিক যন্ত্ৰৰ (কম্পিউটাৰ) সহায়ত এনিমেছন নিৰ্মাণ কৰাটো জনপ্ৰিয় উপায়। এনিমেছন দ্বিবিমীয় (2D) বা ত্ৰিবিমীয় (3D) হ’ব পাৰে।
নতুন প্ৰজন্মই এই ক্ষেত্ৰখনত বহল ভিত্তিত কাম কৰি নিজৰ কেৰিয়াৰ গঢ়াৰ লগতে যথেষ্ট পৰিমাণে দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে। কিয়নো এই ক্ষেত্ৰখনত কাম কৰা লোকৰ যথেষ্ট গুৰুত্ব বৃদ্ধি পাইছে। আধুনিক যুগৰ আন এক সংযোজন হ’ল কৃত্ৰিম বুদ্ধিমত্তা যাক এ আই বুলি কোৱা হয়। কৃত্ৰিম বুদ্ধিমত্তা (ইংৰাজী: Artificial Intelligence, সংক্ষিপ্ত প্ৰচলিত ৰূপ AI) হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়। কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ,য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয়। দৈনন্দিন কামত আমি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিয়েই আছোঁ। আমাৰ ম’বাইলত থকা ভাৰ্চুয়েল ব্যক্তিগত সহকাৰী যেনে-ভয়চ চাৰ্চ,গুগল এছিছটেণ্ট,ফেচ ডিটেকচন আদিবোৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ। জনপ্ৰিয় ই-কমাৰ্ছ ৱেবছাইট এমাজন আৰু বিশ্বৰ প্ৰসিদ্ধ ভিডিঅ’ ষ্ট্ৰিমিং ৱেবছাইট নেটফ্লিক্সতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ হয়।কৃত্ৰিম বুদ্ধিমত্তাক তিনিটা বিশেষ প্ৰণালীত সাধাৰণতে ভাগ কৰিব পাৰি। বিশ্লেষণাত্মক(analytical), মানৱ-অনুপ্ৰেৰিত( human-inspired), আৰু মানৱকৃত কৃত্ৰিম বুদ্ধিমত্তা (humanized artificial intelligence)।১৯৫৬ চনত ডাৰ্থমাউথ কলেজৰ এখন গৱেষণা সন্মিলনত ‘কৃত্ৰিম বুদ্ধিমত্তা’ শব্দটো প্ৰথমবাৰৰ বাবে উচ্চাৰিত হৈছিল। ১৯৫৬ চনত কৃত্ৰিম বুদ্ধিমত্তাক পাঠ্যক্ৰমৰ এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত এই নতুন ধাৰণাটোৱে মিশ্ৰিত সমালোচনাৰ সমুখীন হয়। ১৯৭৪-১৯৮০ লৈকে এই সময়খিনিক ‘কৃত্ৰিম বুদ্ধিমত্তাৰ শীতকাল’ বুলি কোৱা হৈছিল, য’ত এই গৱেষণা স্থবিৰ হৈ পৰিছিল।চিন্তাশক্তিসম্পন্ন কৃত্ৰিম জীৱ পুৰণি সাধুকথা, কল্প-কাহিনীত দেখিবলৈ পোৱা গৈছিল। মেৰি শ্বেলিৰ ফ্ৰেংকেনষ্টাইন অথবা কাৰেল কাপেকৰ আৰ.ইউ.আৰ (R.U.R.- Rossum’s Universal Robots)ত এইবোৰৰ আৰ্বিভাৱ হৈছিল। সেই চৰিত্ৰবোৰৰ কথা আৰু সিহঁতৰ কলা-কৌশলৰ কাহিনীয়ে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিগত দিশত চৰ্চা লাভ কৰিছে।
কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছিল ১৯৫৬ চনৰ আমেৰিক যুক্তৰাষ্ট্ৰৰ ডাৰ্থমাউথ কলেজত। গৱেষণাটোৰ প্ৰতিষ্ঠাপক আছিল কাৰ্নেগি মিলন বিশ্ববিদ্যালয়ৰ এলেন নেৱেল আৰু হাৰবাৰ্ট ছিমন,মেচাছুটেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জন মেককাৰ্থি, মাৰ্ভিন মিনস্কি আৰু আইবিএম কোম্পানীৰ আৰ্থাৰ ছেমুৱেল। উল্লেখযোগ্য যে,একেকেইজন মানুহে গৱেষণাটোক নেতৃত্বও দিছিল।১৯৭৪ৰ ফালে এইসম্পৰ্কীয় গৱেষণা সামান্যভাৱে স্ববিৰ হৈ পৰিল। ছাৰ জেমছ লাইটহিলৰ সমালোচনাই এই স্থবিৰতাত বিশেষ ভূমিকা ল’লে। তদুপৰি আমেৰিকান কংগ্ৰেছেও কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ পৰিৱৰ্তে অইন উৎপাদনশীল প্ৰকল্পতহে ধন খৰচ কৰিবলৈ আগ্ৰহ দেখুৱালে। সেইকাৰণে পৰৱৰ্তী বছৰকেইটাক কৃত্ৰিম বুদ্ধিমত্তাৰ শীতল সময় বুলি আখ্যা দিয়া হয়।
১৯৮০ৰ আৰম্ভণিৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাই নতুন মোৰ পালে। বিশেষ ভূমিকা ল’লে কৃত্ৰিম বুদ্ধিমত্তাৰে এক বিশেষধৰণৰ প্ৰগ্ৰাম Expert Systems-ৰ ব্যৱসায়িক সফলতাই। এই প্ৰগ্ৰামটোৱে কৌশলী মানুহৰ জ্ঞান আৰু বিশ্লেষণাত্মক দক্ষতাসমূহৰ অনুকৃতি সৃষ্টি কৰিব পাৰিছিল।১৯৯০ৰ শেষৰফালে আৰু একবিংশ শতিকাৰ আগছোৱাত কৃত্ৰিম বুদ্ধিমত্তা কিছুমান ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োগ হোৱা দেখিবলৈ পোৱা গ’ল। ডাটা মাইনিং, বস্তু সৰবৰাহ, চিকিৎসাক্ষেত্ৰ আছিল কেইখনমান উল্লেখযোগ্য ক্ষেত্ৰ।২০১১ চনত জিঅ’পাৰ্ডি (Jeopardy!) নামৰ আমেৰিকান কুইজ প্ৰতিযোগিতা বিশেষ খণ্ড এটাত আইবিএমৰ উত্তৰ দিব পৰা মেচিন ৱাটচনে পূৰ্বৰ দুজন মহান চেম্পিয়ন ব্ৰেড ৰুটাৰ আৰু কেন জেনিংগছক বিশাল ব্যৱধানত পৰাভুত কৰে। উচ্চক্ষমতাসম্পন্ন কম্পিউটাৰ, এলগৰিথমত হোৱা ব্যাপক সফলতা আৰু বিপুল পৰিমাণৰ তথ্যলাভৰ সুচলতাই মেচিনৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ এই অগ্ৰগতিত বিশেষ ভূমিকা লৈছিল।প্ৰতিক্ৰিয়াশীল যন্ত্ৰ: কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰাথমিক ৰূপ। ইহঁতৰ কোনো অতীত-স্মৃতি নাথাকে আৰু অতীতৰ কোনো তথ্য ইহঁতে ভৱিষ্যতৰ কাৰণে ব্যৱহাৰ নকৰে।
সীমিত স্মৃতিৰ যন্ত্ৰ: অতীতৰ স্মৃতি ব্যৱহাৰ কৰিব পৰাকৈ সক্ষম। স্ব-চালিত বাহনত কেতবোৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এইটো ধাৰণা ব্যৱহাৰ কৰা হৈছে।
মনৰ তত্ত্ব: এইধৰণৰ কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ আৱেগ, বিশ্বাস, চিন্তা, প্ৰত্যাশা বুজি পাব বুলি ভবা হৈছে। সামাজিক সম্পৰ্ক ৰক্ষা কৰিব পৰাকৈ ইহঁত সমৰ্থৱান হ’ব। অৱশ্যে এইক্ষেত্ৰত কৰণীয় যথেষ্ট আছে।
Comments are closed, but trackbacks and pingbacks are open.