বিজ্ঞানী কেনেকৈ হ’ব পাৰি ? 

261

ড° বুলজিৎ বুঢ়াগোহাঁই

বিজ্ঞানীসকলে প্ৰাকৃতিক জগত অধ্যয়ন কৰি বিভিন্ন পৰিঘটনা বুজি পোৱাৰ লগতে জটিল সমস্যা সমাধান কৰিবলৈ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা কৰে। বিজ্ঞানীসকলে কৃষি, স্বাস্থ্য সেৱা, প্ৰযুক্তি, পৰিবেশ, নিউক্লিয়াৰ শক্তি,  মহাকাশ গৱেষণাৰ দৰে বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ গৱেষণাই জ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নত অপৰিহার্য অৱদান যোগায়। বিভিন্ন ধৰণৰ বিজ্ঞানী আছে, যেনে-পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী, জীৱবিজ্ঞানী, পৰিবেশ বিজ্ঞানী  আদি।

ভাৰতত বিজ্ঞানী হিচাপে কেৰিয়াৰ গঢ়ি তোলাটো এক প্ৰেৰণাদায়ক অথচ প্ৰত্যাহ্বানমূলক যাত্ৰা হ’ব পাৰে। সমাজ গঢ় দিয়াত বিজ্ঞানীসকলে অপৰিহাৰ্য ভূমিকা পালন কৰে। তদুপৰি বিজ্ঞানী হ’বলৈ হ’লে কিছুমান  দক্ষতা আৰু গুণ থাকিব লাগে , যেনে – গৱেষণাৰ প্ৰতি গভীৰ দায়বদ্ধতা, শৈক্ষিক উৎকৰ্ষতাৰ প্ৰয়োজন, অনুসন্ধিৎসু , সমালোচনাত্মক চিন্তা আৰু সমস্যা সমাধান, ধৈৰ্য্য, পৰিচালনা দক্ষতা, কষ্ট কৰাৰ মানসিকতা, যথেষ্ঠ ধৈৰ্য্য ধৰিব পৰা মানসিকতা, দলগত ভাবে কাম কৰা দক্ষতা থকা, সুন্দৰ যোগাযোগৰ দক্ষতা থকা , ভাল পৰ্য্যবেক্ষক আদি।

ভাৰতৰ বিজ্ঞানী হ’বলৈ হ’লে উপযুক্ত শৈক্ষিক পথ অনুসৰণ কৰাটো অতি প্ৰয়োজনীয়।  প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে বিজ্ঞানী হ’বলৈ ইচ্ছুক শিক্ষাৰ্থীয়ে উচ্চ মাধ্যমিকত বিজ্ঞানৰ বিষয়বোৰৰ ওপৰত গুৰুত্ব দিব লাগে। বিশেষকৈ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান,গণিত আদি বিষয়বোৰ ভৱিষ্যতৰ অধ্যয়নৰ বাবে ভেটি গঢ়ি তোলা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি, এই বিষয়বোৰত উৎকৃষ্টতা অৰ্জন কৰাটো কেৱল জ্ঞান অৰ্জনৰ বাবে নহয়, প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানসমূহৰ   প্ৰৱেশ পৰীক্ষা , যেনে – Common University Entrance Test [CUET (UG)] , NEET , JEE , GATE , CSIR-NET,  Common University Entrance Test [CUET (PG)], Joint Admission Test for Masters (JAM), KVPY আদিত উত্তীৰ্ণ হ’বলৈও অতি গুৰুত্বপূৰ্ণ। 

উচ্চ মাধ্যমিক সম্পূৰ্ণ কৰাৰ পিছত, সঠিক স্নাতক পাঠ্যক্ৰম বাছনি কৰাটো পৰৱৰ্তী গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰে। শিক্ষাৰ্থীসকলে বিজ্ঞান বিষয়ত স্নাতক  (বি.এছ.চি.)  পাঠ্যক্রম (যেনে- পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান,গণিত, , উদ্ভিদ বিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান, কৃষি বিজ্ঞান, মীন বিজ্ঞান , পশু চিকিৎসা বিজ্ঞান, ৰেচমবিদ্যা , উদ্যান শস্য  আদি ), বি.টেক., এমবিবিএছ.(M.B.B.S.), বিডিএছ (B.D.S.), বিএএমএছ(B.A.M.S), বিএছএমএছ (B.S.M.S), বিইউএমএছ(B.U.M.S), এইচএমএছ (B.H.M.S.), বি.ফাৰ্ম ,  বি.এছ.চি. নাৰ্ছিং  আদি পাঠ্যক্রম বাছনি কৰিব পাৰে। এই পাঠ্যক্ৰমসমূহে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত গভীৰ জ্ঞান আৰু দক্ষতা প্ৰদান কৰে, যিয়ে ভৱিষ্যতৰ গৱেষণা আৰু কেৰিয়াৰৰ বাবে এক দৃঢ় ভেটি গঢ়ি তোলে। ইয়াৰ উপৰি, এই পাঠ্যক্ৰমসমূহে প্ৰতিষ্ঠানসমূহৰ প্ৰৱেশ পৰীক্ষাত বহিবলৈ আৰু ভৱিষ্যতৰ সুযোগসমূহৰ বাবে প্ৰস্তুত কৰাত সহায় কৰে।

স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত স্নাতকোত্তৰ (M.Sc., M.Tech, MD আদি)  আৰু তাৰ পিছত পিএইচডি [ Doctor of Philosophy (ডক্তৰ অৱ ফিলোচফি)]  কৰাটো বিজ্ঞানী হোৱাৰ বাবে সাধাৰণতে আৱশ্যক হয় ।

পিএইচডি কাৰ্যসূচীবোৰ প্ৰায়ে পাঠ্যক্ৰমৰ কামৰ (coursework) পৰ্যায়ৰ সৈতে আৰম্ভ হয়। এই পাঠ্যক্ৰমৰ কামে এজন শিক্ষাৰ্থীৰ প্ৰয়োজনীয় বিশেষ বিষয় আৰু গৱেষণা দক্ষতা  সক্ৰিয় কৰাৰ বাবে জ্ঞান প্ৰদান কৰে  । এই পাঠ্যক্ৰমৰ কামৰ উপাদানটো সাধাৰণতে এটা বছৰত সম্পূৰ্ণ হ’ব লাগে  (এইটো কম হ’ব পাৰে যদি শিক্ষাৰ্থীৰ  ইতিমধ্যে প্ৰাসঙ্গিক শিক্ষাগত অৰ্হতা  আৰু প্ৰশিক্ষণ আছে  স্নাতকোত্তৰ স্তৰত)। ইয়াৰ পিছত শিক্ষাৰ্থীয়ে গৱেষণাৰৰ প্ৰকল্পৰ এটা সাৰাংশ প্ৰস্তুত কৰিব লাগে আৰু  শিক্ষাৰ্থীগৰাকীক গৱেষণা নিৰ্দেশনা কৰিবলৈ এজন উপযুক্ত চুপাৰভাইজাৰ  নিয়োগ কৰা হয় ।  সাধাৰণতে পিএইচডি অধ্যয়নত তিনি বছৰ অতিবাহিত কৰিব পাৰে  কিন্তু কিছুমান বিশ্ববিদ্যালয়ই  পিএইচডি অধ্যয়নৰ বাবে সৰ্বাধিক পঞ্জীয়ন ম্যাদ নিৰ্ধাৰণ  কৰি দিয়ে । এই  পিএইচডি পাঠ্যক্ৰম দুটা পদ্ধতিৰ দ্বাৰা কৰিব পাৰে, যেনে – পূৰ্ণকালীন (Full time) আৰু অংশকালীন (Part time) । পিএইচডি নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  সাধাৰণতে যিকোনো শাখাত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব   লাগে । কিন্তু Integrated PhD পাঠ্যক্রমৰ বাবে স্নাতক ডিগ্রীধাৰী হ’ব   লাগে। পিএইচডি পাঠ্যক্ৰম নাম ভৰ্তি প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় । সাধাৰণতে  শিক্ষানুষ্ঠানবোৰে   পিএইচডি পাঠ্যক্ৰমৰ বাবে প্ৰৱেশ পৰীক্ষা আয়োজন কৰে ।  পিএইচডি প্ৰৱেশ পৰীক্ষাত সাধাৰণতে দুটা অংশ থাকে। এটা অংশত- গৱেষণা দক্ষতা (গৱেষণা দক্ষতাত যুক্তিগত যুক্তি, সংখ্যাগত ক্ষমতা আৰু ভাষা দক্ষতাৰ প্রশ্ন থাকে) আৰু আনটো অংশত- বিষয় নিৰ্দিষ্ট (নিৰ্দিষ্ট বিষয়টোত কাৰিকৰী প্ৰশ্ন থাকে)। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষাৰ্থীসকলে নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org ) (AICTE)(http://www.aicte-india.org), ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (https://www.nmc.org.in) , ভাৰতীয় দন্ত পৰিষদ (https://dciindia.gov.in), ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগ (https://nch.org.in) বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ(CSIR) (https://www.csir.res.in),  বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) (http://www.ugc.ac.in) , শিক্ষা  মন্ত্রালয় (https://www.education.gov.in)  আদি   ৱেবছাইট চাব পাৰে ।

শিক্ষাৰ্থীসকলে  GATE , CSIR-NET(JRF) ,  আদি পৰীক্ষাত উত্তীৰ্ণ  হৈ  পিএইচডি পাঠ্যক্ৰম নাম ভৰ্তি কৰিলে  জলপানি (scholarship) লাভ কৰে।

অসমত বিজ্ঞানীৰ বিষয়বোৰত পিএইচডি  পাঠ্যক্রম  অধ্যয়ন কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল-অসম কৃষি বিশ্ববিদ্যালয় (http://www.aau.ac.in) , অসম ডন বস্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in) , অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in) ,অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (https://astu.ac.in) , অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in) , কটন বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in), কাজিৰঙা বিশ্ববিদ্যালয় (https://kazirangauniversity.in), গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (https://dibru.ac.in) , তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in) , বড়োলেণ্ড বিশ্ববিদ্যালয় (http://www.bodolanduniversity.ac.in), ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান , গুৱাহাটী (https://www.iitg.ac.in), ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (http://iiitg.ac.in), শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (http://ssuhs.in) , ভট্টদেৱ বিশ্ববিদ্যালয় (https://www.bhattadevuniversity.ac.in ), ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় (https://rtuassam.ac.in) , মাধৱদেৱ বিশ্ববিদ্যালয় (http://madhabdevuniversity.ac.in), অসম দক্ষতা বিশ্ববিদ্যালয় (https://asu.ac.in),   মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (https://mssv.ac.in),  ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় (https://rgu.ac),  গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in )  আদি ।

এজন বিজ্ঞানী হিচাপে কেৰিয়াৰে বিভিন্ন ক্ষেত্ৰ আৰু উদ্যোগৰ মাজেৰে বিস্তৃত সুযোগৰ দুৱাৰ মুকলি কৰে। বিশেষজ্ঞতা আৰু আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষা, চৰকাৰী সংস্থা, উদ্যোগ আদিত  নিযুক্তি লাভ কৰিব  পাৰে। বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিব পৰা কেইটামান প্ৰতিষ্ঠান হ’ল –ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO),ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেচন (DRDO) ,বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR),টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ (TIFR),ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR),ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC),ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR),ভাৰতীয় কৃষি বিজ্ঞান সংস্থা (IACS),আৰ্যভট্ট পৰ্যবেক্ষণমূলক বিজ্ঞান প্ৰতিষ্ঠান (ARIES) আদি ।

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.