গ্ৰীষ্মকালীন বতৰৰ ফল আৰু আমাৰ স্বাস্থ্য

অজন্তা উপমন্যু

এতিয়া গ্ৰীষ্মকালীন সময়। এই সময়ত এফালে যেনেকৈ উৎকট গৰম আনফালে আকৌ গাৱে-ভূঁয়ে, হাতে-বজাৰে নানান ফলৰ সমাহাৰ। আম, কঁঠাল, লেতেকু, তিয়ঁহ, জামু, তৰমুজ, বেল আদি বতৰৰ ফলেৰে বজাৰ উভৈনদী হৈ থাকে। কোনো কোনো লোকৰ বাৰিটো এইবোৰ ফল লোমা-লোমে লাগি থাকে। সহজতে সকলো শ্ৰেণীৰ লোকে খাব পৰা এইবোৰ মাত্ৰ বতৰৰ ফলেই নহয়, ইবোৰত থকা ঔষধি গুণেৰে আমাৰ শৰীৰ ও ছাল অতি সুস্থ কৰি ৰাখে।‌ এই ফলসমূহ খালে আমিনো কেনেদৰে উপকৃত হওঁ সেই বিষয়ে আজি সামান্য আভাস দিবলৈ চেষ্টা কৰিম।

প্ৰথমতেই আহো ফলৰ ৰজা আমৰ কথালৈ। অতি সুস্বাদু, মঙহাল ৰসাল আম সকলো মানুহৰে এবিধ প্ৰিয় ফল। এতিয়া বজাৰত দেশী বিদেশী আমৰ পয়োভৰ। অৱশ্যে আমাৰ থলুৱা আমৰ সোৱাদো অনন্য। অতি পুষ্টিকৰ উপাদানেৰে ভৰপূৰ আম অকল সুস্বাদুয়েই নহয় ই ভিটামিন এ আৰু চি ৰে সমৃদ্ধ। ই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বহন কৰাৰ লগতে ছাল আৰু চকুৰ বাবে বিশেষ ভাৱে উপকাৰী। আম খালে শৰীৰত এন্টিঅক্সিডেন্টৰ কাম কৰাৰ লগতে ইয়াত থকা বিটা -কেৰাটিন আৰু ফ্লেভন’ইচে কোষৰ হ’ব পৰা ক্ষতিৰ পৰা ৰক্ষা কৰি কেন্সাৰ আৰু হৃদৰোগৰ সম্ভাৱনা কম কৰিব পাৰে।‌ ৰক্তচাপ বৃদ্ধি ৰোধ কৰে। আমত থকা প্ৰচুৰ আঁহ আৰু পটাছিয়ামে শৰীৰত হজম শক্তি বৃদ্ধি কৰে।‌ ইয়াত যিহেতু প্ৰাকৃতিক চেনী আৰু কাৰ্বহাইড্ৰেট থাকে গতিকে ইয়াক খালে শৰীৰত শক্তি বৃদ্ধি পায়।‌ অৱশ্যে মধুমেহ থকা ৰোগীয়ে ডাক্তৰৰ পৰামৰ্শ অনুসৰি খোৱা উচিত।

বেলঃ আয়ুৰ্বেদিক শাস্ত্ৰৰ মতে অতি উত্তম ফলবিধেই হৈছে বেল। এন্টিঅক্সিডেন্ট আৰু প্ৰচুৰ পুষ্টিবৰ্দ্ধক উপাদানেৰে সমৃদ্ধ বেল খালে শৰীৰে সকলো বিলাক পুষ্টিকৰ উপাদান পোৱাৰ লগতে শৰীৰটো নিৰোগী হৈ থাকে। ১০০ গ্ৰাম বেলত ১.৮ গ্ৰাম প্ৰ’টিন, ৩১.৮ গ্ৰাম কাৰ্বোহাইড্ৰেইট, ০.৩ গ্ৰাম চৰ্বী, ৫৫ মিঃগ্ৰাম ভিটামিন এ , ৬০ মিঃগ্ৰাম ভিটামিন চি , ৮৫ মিঃগ্ৰাম কেলছিয়াম আৰু ৬০০ মি গ্ৰাম পটাছিয়াম পোৱা যায়।

ডায়েবেটিচ ৰোগীৰ চেনীৰ পৰিমান হ্ৰাস কৰা, পেপ্তিক আলচাৰ ভাল কৰা, যক্ষ্মা, আৰ্থাইটিছ, কেন্সাৰ আদিৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে তেজ পৰিস্কাৰ কৰি শৰীৰত শক্তি বৃদ্ধি কৰে। ৰক্তচাপ হ্ৰাস কৰে।

তৰমুজঃ ৯২% পানীৰে সমৃদ্ধ তৰমুজে গৰমৰ দিনকেইটাত শৰীৰটো হাইড্ৰেটেত কৰি ৰাখে। গৰমত দিনকেইটাত শৰীৰৰ পৰা অতিৰিক্ত পানীভাগ ঘাম হৈ বাহিৰলৈ আহে তেনে ক্ষেত্ৰত শৰীৰত কম হোৱা তৰল পদাৰ্থভাগ তৰমুজ খালে পূৰণ কৰিব পাৰি।‌ ইয়াত থকা লাইকোপেন নামৰ শক্তিশালী এন্টিঅক্সিডেন্টে শৰীৰক নানান ৰোগৰ পৰা ৰক্ষা কৰে। ভিটামিন এ আৰু চি ৰে সমৃদ্ধ তৰমুজ খালে ওজন নিয়ন্ত্ৰণ হয়। কম কেলৰি যুক্ত এই ফল ছালৰ বাবে অতি উত্তম খাদ্য । একাপ তৰমুজত প্ৰায় ৪৬ কেলৰি থাকে। গতিকে ইয়াক পুৱা, দুপৰীয়া আৰু গধুলি গধুৰ আহাৰ হিচাপে খালেও ওজন আৰু চৰ্বী বৃদ্ধি হোৱাৰ ভয় নাথাকে।

লিচুঃ থোপা থোপে লগা , দেখিলেই মোক মোক খা কৰা ৰসাল ৰঙা ফলবিধ দেখিবলৈ যিমান ধুনীয়া খাবলৈও সমানেই ভাল। এই ফল স্বাস্থ্যৰ বাবে অতি উত্তম। ইয়াত থকা পৰ্যাপ্ত প্ৰাকৃতিক পানীয়ে শৰীৰত পানীৰ যোগান ধৰি শৰীৰটোক হাইড্ৰেটেত কৰি ৰাখে।‌ ভিটামিন ই আৰু চিৰে সমৃদ্ধ লিচু খালে সুস্থ ছালৰ বাবে কলা জেন উৎপাদন বৃদ্ধি কৰে।

তিয়ঁহঃ ৰসাল আৰু ঔষধি গুণেৰে পৰিপূৰ্ণ তিয়ঁহ এবিধ অতি উত্তম ফল। দৈনিক তিয়ঁহ খালে ইয়াত থকা প্ৰাকৃতিক পানী ভাগে শৰীৰ ঠাণ্ডা ৰখাৰ লগতে হাইড্ৰেটেত কৰি ৰাখে। কেলৰি, চৰ্বী, কলেষ্ট্ৰৰেল, আৰু ছডিয়াম কম থকা এইবিধ ফল সকলো ৰোগীয়েও সহজে খাব পাৰে। অৱশ্যে তিয়ঁহ ৰাতি খাব নালাগে।‌ ভিটামিন আৰু মিনাৰেল সমৃদ্ধ তিয়ঁহত শক্তিবদ্ধৰ্ক উপাদান, কাৰ্বহাইড্ৰেট, চেনী, ফাইবাৰ, প্ৰ’টিন আদিও থাকে। যিয়ে শৰীৰটোক সুস্থ কৰি ৰাখে।‌ ই কৌষ্ঠকাঠিন্য প্ৰতিহত কৰাত সহায় কৰে। ডায়েবেটিচ ৰোগীক নিয়মীয়াকৈ খাবলৈ পৰামৰ্শ দিয়া হয়।

ইয়াৰোপৰি বতৰৰ ফল হিচাপে নিদিষ্ট পৰিমাণে পকা কঁঠাল খালেও ভাল। ক’লা জামু শৰীৰৰ বাবে বিশেষ উপকাৰী। বিশেষকৈ ডায়েবেটিচ ৰোগত ভোগা ব্যক্তিয়ে এই ফল দৈনিক খাব পাৰিলে যঠেষ্ট সুফল পাব পাৰে। লেতেকু, পনিয়ল , মধুৰি আদিও শৰীৰৰ বাবে বিশেষ উপকাৰী। এটা কথা ঠিক যে বতৰৰ ফল খালে ছাল-চুলিত বিশেষ প্ৰভাব পৰে। ছাল উজ্বল, মোলায়েম আৰু নিমজ কৰি তোলে। অন্যান্য খাদ্য বস্তুৰ সলনি প্ৰায় 80% বতৰৰ ফলেৰে পেট ভৰাব পাৰিলে শৰীৰ শীতল হৈ থকাৰ লগতে গৰমৰ বাবে হ’ব পৰা নানান ছালৰ ৰোগ নিৰাময় কৰে, শৰীৰৰ দূৰ্বলতা, আলস্যতা নোহোৱা কৰে। শৰীৰ আৰু মন পাতল লাগি থকাৰ লগতে সতেজ অনুভৱ কৰিব পাৰি।‌ ফলেৰে পেট ভৰালে ওজন নিয়ন্ত্ৰণ হৈ থাকে । লগতে দৈনিক দুই/তিনিগিলাচ নেমু চৰ্বত, ডাবৰ পানী খোৱা উচিত।

বতৰৰ ফলবোৰ খালে যেনেকৈ শৰীৰৰ বাবে বিশেষ উপকাৰী থিক তেনেদৰে ছালৰ বাবেও অতি ফলপ্ৰসূ। পকা আম পিতিকি তাত এচামুচ গাখীৰ মিহলাই পৰিস্কাৰ ছালত লগাই দহ মিনিটৰ পাছত ধুই পেলাব লাগে। এই পেক শুকান ছালত বিশেষভাৱে কাম কৰে। সপ্তাহত অন্ততঃ এই পেক লগালে ছালৰ ৰুক্ষ ভাৱ নোহোৱা হোৱাৰ লগতে ছাল উজ্বল হৈ পৰে।

তৰমুজৰ ৰস উলিয়ায় চেকি পৰিস্কাৰ বটলত ভৰাই ফ্ৰিজত থৈ দিব লাগে।‌ প্ৰখৰ ৰ’দৰ পৰা ঘুৰি অহাৰ পাছত এই ৰস কপাহৰ সহায়ত মুখ, ডিঙি আৰু শৰীৰৰ ওলাই থকা অংশত লগাই দহ মিনিটৰ পাছত ধুই পেলালে ছাল ৰদে পোৰাৰ পৰা পৰিত্ৰাণ পায়। ছালৰ ক’লা দাগ নোহোৱা হয়।

তিয়ঁহৰ ৰসো ছালৰ বাবে অতি ভাল। তিয়ঁহৰ ৰস উলিয়ায় ফ্ৰিজত থৈ ছালত লগালে ছালৰ ক’লা দাগ কমি আহে।‌ তিয়ঁহৰ ৰস তেলেতীয়া ছালত বিশেষ কাম কৰে। কপাহৰ সহায়ত দৈনিক ছালত লগাব লাগে।

নানান ফল-মূল, গছ, ফুল পাতেৰেই যিহেতু প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰা হয় তেনে ক্ষেত্ৰত এনে ফলমূল প্ৰাকৃতিক ভাৱে ছালত লগালে বিশেষ ফল পাব পাৰি।

ফোনঃ ৯৯৫৪২-৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.