পিংকি বৰুৱা
আম আৰু চাগুৰ ডেজার্ট
উপকৰণঃ
চাগু একাপ
গাখীৰ চাৰিকাপ
কনডেন্স মিল্ক এশ গ্রাম
হলাচি গুড়ি ১/৩ চাহ চামুচ
ছেফ্রন এচিকুট
ড্রাই ফ্ৰুট অলপমান কাজু, পেষ্টা, কাঠ বাদাম আৰু চেৰী
পকা আম দুটা
চেনি আধাকাপ
প্রণালীঃ
চাগুখিনি পাত্র এটাত লৈ প্রায় আধা ঘণ্টা মানৰ বাবে পানীত তিয়াই কোমল কৰি খৰাহী এটাত ঢালি পানী টুকি লব ৷ আম দুটাৰ বাকলি গুচাই সৰু সৰুকৈ টুকুৰা কৰি লব ৷ গেছৰ ওপৰত ননষ্টিক কেৰাহী এটা পাতি তাত চেনি আৰু টুকুৰা কৰি লোৱা আমখিনি দি লৰাই চেনিখিনি গলিবলৈ দিব ৷ প্রায় পাঁচ মিনিটমান আমখিনি লৰাই উতলিবলৈ দিয়াৰ পিছত কেৰাহীখন জুইৰ ওপৰৰ পৰা নমাই ঠাণ্ডা হবলৈ দিব ৷ আনহাতে কেৰাহী এটা গেছত পাতি তাতে গাখীৰ চাৰিকাপ দি গৰম হবলৈ দিব ৷ গাখীৰ গৰম হলে তাত টুকুৰা কৰি লোৱা কাজু, কাঠবাদাম, কনডেন্স মিল্ক আৰু ছেফ্রন দি লৰাই থাকিব ৷ গাখীৰখিনি অলপ সময় উতলিবলৈ দিয়াৰ পিছত অলপ ঘন হলে তাতে চাগুখিনি দি লৰাই উতলিবলৈ দিব ৷ চাগু ভালদৰে সিজিলে তাত হলাচি গুৰিখিনি দি লৰাই অলপ সময় উতলাই কেৰাহীটো জুইৰ ওপৰৰ পৰা নমাই থব ৷ চাগুখিনি অলপ ঠাণ্ডা হলে তাত আম আৰু চেনিৰ মিশ্রণটো ঢালি ভালদৰে মিহলাই দিব ৷ তাৰ পিছত চাগুখিনি পাত্র এটাত ঢালি ওপৰত কুটি লোৱা পেষ্টা, চেৰী আৰু আমেৰে সজাহ ফ্রীজত ভৰাই থব ৷ প্রায় এক ঘণ্টামানৰ পিছত ডেজার্টখিনি ফ্রীজৰ পৰা উলিয়াই আনি পৰিৱেশন কৰক ৷ আম আৰু চাগুৰ এই ডেজার্টবিধ খাবলৈ বৰ সোৱাদ হয় ৷
ৰাব্ৰি মালপোৱা ৰাজস্থানী মিঠাই
উপকৰণঃ
ময়দা আধাকাপ
গাখীৰ এক লিটাৰ
চেনি দুকাপ
পানী ডেৰকাপ
হলাচি চাৰিটা থেতেলিয়াই লব
ছেফ্রন কেইডালমান
পেষ্টা কেইটামান
ঘি আধাকাপ
ৰিফাইন তেল আধাকাপ
প্রস্তুতিঃ
কেৰাহীটো জুইৰ ওপৰত দি তাত গাখীৰখিনি ঢালি উতলিবলৈ দিব ৷ গাখীৰখিনি উতলিবলৈ ধৰিলে গেছৰ জুই কম কৰি লৰাই থাকিব ৷ কেৰাহীটোৰ কাষত লাগি ধৰা গাখীৰৰ সৰবোৰ হেতাৰে এৰুৱাই গাখীৰৰ লগত মিহলাই লৰাই থাকিব ৷ গাখীৰখিনি আধাতকৈও কমি ডাঠ হৈ ৰাব্ৰি হৈ পৰিলে জুইৰ ওপৰৰ পৰা কেৰাহীটো নমাই ঠাণ্ডা হবলৈ দিব ৷ ৰাব্ৰিখিনি ঠাণ্ডা হলে তাত আধাকাপ ময়দাৰ পৰা অলপমান ময়দা দি ভালদৰে ফেটি লব ৷ তাৰ পিছত তাত বাকী থকা ময়দাখিনি দি আকৌ ভালদৰে ফেটিব ৷ প্রয়োজন হলে আৰু অলপমান ময়দা দিব পাৰিব ৷ ময়দাৰ মিশ্রণটো পেনকেক বনোৱা মিশ্রণটোৰ দৰে হব লাগে ৷ এতিয়া ময়দাৰ মিশ্রণটো প্রায় ত্রিশ মিনিটমানৰ বাবে ঢাকি থৈ দিব ৷ এতিয়া পাত্র এটাত চেনি দুকাপ আৰু পানী ডেৰ কাপ দি পাত্রটো জুহৰ ওপৰত দি লৰাই দিব ৷ হলাচি আৰু ছেফ্রনখিনি চেনি পানীখিনিত দি লৰাই দিব ৷ চেনি পানীখিনি অলপ ডাঠ হলে নমাই ঢাকি থব ৷
এতিয়া ননষ্টিক টাৱা এখন গৰম কৰি তাত ঘি আৰু ৰিফাইন তেল সমপৰিমাণে দি গৰম হবলৈ দিব৷ ময়দাৰ মিশ্রণটো আকৌ এবাৰ ভালদৰে ঘুটি লব৷ ঘি আৰু তেলখিনি গৰম হলে গেছৰ জুই মধ্যমীয়া কৰি সৰু গোল হেতা এখনেৰে আধা হেতা ময়দাৰ মিশ্রণ টাৱাখনত দিব ৷ পেনকেকৰ দৰে মিশ্রণটো বহলিবলৈ ধৰিব ৷ লাহে মালপোৱাটোৰ কাষটো ৰঙা হোৱাৰ নিচিনা দেখিলে লাহেকৈ লুটিয়াই দিব ৷ দুইফালে ধুনীয়াকৈ সোণোৱালী ৰং হলে মালপোৱাটো নমাই চেনিৰ ৰসত ডুবাই দিব ৷ এনেকৈ মালপোৱাখিনি ভাজি চেনিৰ ৰসত ডুবাই যাব ৷ প্রায় তিনি মিনিটমান চেনিৰ ৰসত ডুবাই থোৱাৰ পিছত মালপোৱাকেইটা উঠাই থব ৷ প্লেট এখনত মালপোৱাকেইটা উলিয়াই তাৰ ওপৰত চেনিৰ ৰস অলপমান দি পেষ্টা কেইটামান কুটি দিব ৷ তাৰ পিছত চাহৰ লগত পৰিৱেশন কৰিব ৷
মিল্ক কেক
উপকৰণ
গাখীৰ দুই লিটাৰ আমুল টাজা
ভিনেগাৰ বা নেমুৰ ৰস দুই টেবুল চামুচ
পানী দুই টেবুল চামুচ
চেনি ২০০ গ্রাম
হলাচি গুড়ি আধা চাহ চামুচ
পেষ্টা কেইটামান সজাবলৈ লব
প্রণালীঃ
পেষ্টাকেইটা কুটি লব ৷ এতিয়া বাটি এটাত সমপৰিমাণৰ ভিনেগাৰ আৰু পানী মিহলাই লব ৷ তলিখন বহল পাত্র বা কেক টিন এটাৰ ভিতৰফালে সামান্য ঘি সানি লব৷ ননষ্টিক কেৰাহী এটাত গাখীৰখিনি ঢালি জুইৰ ওপৰত দিব ৷ গাখীৰখিনি উতলিলে গেছৰ জুই কমাই লৰাই থাকিব ৷ মাজে মাজে জুই কম–বেছি কৰি লৰাই থাকি গাখীৰখিনি উতলাই থাকিব ৷ কেৰাহীটোৰ কাষত লাগি থকা গাখীৰৰ সৰখিনি হেতাৰে এৰুৱাই গাখীৰত মিহলাই দিব ৷ এই কামটোকে মাজে মাজে কৰি থাকিব লাগিব ৷ গাখীৰখিনি উতলি আধাতকৈ কম হলে তাত ভিনেগাৰখিনি দি প্রায় এক মিনিটমান তেনেকৈয়ে থাকিবলৈ দি লৰাই দিব ৷ দেখিব গাখীৰখিনি ফাটি সৰু সৰু দানাৰ আকৃতি লৈছে ৷ এতিয়া মাজে মাজে জুই কম–বেছি কৰি লৰাই থাকিব ৷ সাৱধান হব যাতে গাখীৰৰ মিশ্রণটো কেৰাহীৰ তলিত লাগি নধৰে ৷ গাখীৰত থকা পানীখিনি কমি শুকাই আহিলে তাত চেনিখিনি দি ভালকৈ লৰাই দিব ৷ জুই কম কৰি লৰাই থাকক ৷ তাৰ পিছত তাত হলাচিৰ গুডিখিনি দি লৰাই দিব ৷ মিশ্রণটো লাহে লাহে গোট বান্ধিবলৈ ধৰিব ৷ ঠিক নাৰিকলৰ লাড়ু বনোৱা পদ্ধতিটোৰ দৰে ৷ অকণো পানী নোহোৱাকৈ মিশ্রণটো গোট মাৰিবলৈ ধৰিলেই ঘি সানি ৰখা পাত্রটোত মিশ্রণটো ভৰাই হেতাৰে হেঁচি হেঁচি ওপৰটো সমান কৰি দিব ৷ তাৰ পিছত পাত্রটো ফ্রীজত প্রায় ৫-৬ ঘণ্টাৰ বাবে ভৰাই থব৷ ফ্রীজৰ পৰা পাত্রটো উলিয়াই অনাৰ পিছত মিল্ক কেকটোৰ কাষটো ছুৰী এখন সোমোৱাই খুঁচি দি পাত্রটো আধা মিনিটমানৰ বাবে গেছৰ ওপৰত বহুৱাই জুই কমাই দিব ৷ তেতিয়া উলিয়াবলৈ সহজ হয় তাৰ পিছত প্লেট এখনত পাত্রটো লুটিয়াই দিলে মিল্ক কেকটো ওলাই আহিব ৷ তাৰ পিছত মিল্ক কেকটো নিজৰ মন পছন্দমতে কাটি ওপৰত কুটি লোৱা পেষ্টাৰে সজাই পৰিৱেশন কৰিব ৷
কালাকান্দ
উপকৰণঃ
গাখীৰ এক লিটাৰ
এক লিটাৰ গাখীৰৰ চানা
চেনি আধাকাপ
হলাচি গুড়ি আধা চাহ চামুচ
কাঠবাদাম ৬/৭টামান
প্রণালীঃ
চানা বনাবৰ বাবে প্রথমতে এক লিটাৰ আমুল টাজা গাখীৰ উতলাই লব ৷ তাৰ পিছত এক টেবুল চামুচ ভিনেগাৰ দি গাখীৰখিনি ফটাহ অলপ সময় ৰাখিব ৷ পাত্র এটাৰ ওপৰত ষ্টীলৰ চেকনি এখন ৰাখি ওপৰত কটন কাপোৰ এখন পাৰি চানাখিনি ঢালি ধুই লব ৷ তাৰ পিছত চানাখিনি কাপোৰখনেৰে বান্ধি চেকনিখনৰ ওপৰত ৰাখি পানী নিগৰাই লব ৷ এতিয়া কাপোৰৰ টোপোলাটোৰ পৰা চানাখিনি উলিয়াই প্লেট এখনত ৰাখি চামুচেৰে হেঁচি মিহি কৰি লব ৷
এতিয়া ননষ্টিক কেৰাহী এটা জুইৰ ওপৰত দি তাত গাখীৰ এক লিটাৰ দি উতলিবলৈ দিব ৷ মাজে মাজে লৰাই গাখীৰখিনি ডাঠ হোৱালৈকে উতলাব ৷ গাখীৰখিনি উতলি আধা হৈ পৰিলে চানাখিনি গাখীৰখিনিৰ ওপৰত ঢালি ভালদৰে লৰাই থাকিব ৷
চানা আৰু গাখীৰৰ মিশ্রণটো অলপ ডাঠ হৈ পৰিলে চেনিখিনি ঢালি ভালদৰে লৰাই থাকিব ৷ গাখীৰ আৰু চানাৰ মিশ্রণটো শুকাই ডাঠ হোৱালৈকে লৰাহ থাকিব লাগিব ৷ মিশ্রণটো বেছি ডাঠ হোৱা যেন দেখিলে হলাচিৰ গুড়িখিনি দি লৰাই দিব ৷ চানা আৰু গাখীৰৰ মিশ্রণটো শুকাই কেৰাহীৰ পৰা এৰিবলৈ ধৰিলে গেছৰ জুই নুমুৱাই দিব ৷ এতিয়া কেকটিন এটাত বাটাৰ পেপাৰ এখন পাৰি তাত চানা আৰু গাখীৰৰ মিশ্রণটো ঢালি হেতাৰে সমান কৰি দিব আৰু ওপৰত মিহিকে কুটি লোৱা কাঠ বাদামখিনি দি প্রায় চাৰি ঘণ্টামানৰ বাবে একাষে থৈ দিব ৷ তাৰ পিছত কেকটিনটোৰ পৰা বাটাৰ পেপাৰখন লাহেকৈ উলিয়াই আনি টেবুলৰ ওপৰত ৰাখিব ৷ দেখিব মিঠাইখিনি ধুনীয়াকে চেট হৈ টান হৈ পৰিছে আৰু কালাকান্দ মিঠাহ প্রস্তুত হৈ গৈছে ৷ এতিয়া ছুৰী এখনৰ সহায়ত একে জোখত কালাকান্দখিনি কাটি প্লেটত ৰাখি পৰিৱেশন কৰিব পাৰিব ৷ ঘৰত প্রস্তুত কৰা এই মিঠাইবিধ হোটেলত বনোৱাৰ দৰেই খাবলৈ বৰ সোৱাদ হয় ৷
Comments are closed, but trackbacks and pingbacks are open.