জুতি জীৱনৰ

আইমণি গোহাঁই দিহিঙীয়া

বতৰৰ পাচলি গাজটেঙা মিচিমি মচলা পাতেৰে বহল শিঙৰা মাছ

উপকৰণ

  •   ডাঙৰ আকাৰৰ শিঙৰা মাছ ৪/৫টা
  •  বতৰৰ পাচলি ৰঙালাউ, জিকা, আলু, বিলাহী
  •  শুকান গাজ টেঙা এক চাহ চামুচ
  •  পিঁয়াজ এটা
  • নহৰু ৩/৪ কোঁহ
  •  আদা সৰু এডোখৰ
  •  মিচিমি মচলা পাতৰ আগ ৫/৬টা মান
  • কেঁচা জলকীয়া ৩/৪টামান
  • নেমুৰ ৰস এক টেবুল চামুচ

প্রস্তুত প্রণালী

প্রথমে আদা, নহৰু, বিলাহী, মিচিমি মচলাপাত আৰু কেঁচা জলকীয়া একেলগে পেষ্ট বনাই লব ৷ মাছখিনিত নিমখ–হালধি ভালকৈ সানি লব ৷ মন পছন্দৰ পাচলি অলপ মধ্যমীয়া আকাৰত কাটি লব ৷ এতিয়া কেৰাহীত জোখত পানী দি গৰম হবলৈ দিব ৷ পানী উতলি আহিলে তাত বনাই থোৱা  পেষ্টখিনি দি দিব৷ অলপ উতলাৰ পিছত কাটি থোৱা পাচলিখিনি দি পুনৰ পুনৰ মধ্যমীয়া জুইত উতলাই থাকিব ৷ নিমখ জোখত দিব ৷ পাচলি আধা সিজিলে তাত মাছ আৰু গাজ টেঙাখিনি দি ঢাকি উতলাব ৷ মাজতে অলপ জোলখিনি লৰাই দিব ৷ এনেকৈ ১০/১৫ মিনিট কম জুইত উতলাই  নমোৱাৰ আগে আগে নেমুৰ ৰস আৰু মিহিকৈ অলপ মচলাপাতেৰে গার্নিচ কৰি গৰমে গৰমে প্লেইন ভাতৰ লগত পৰিৱেশন কৰিব ৷ মচলাপাত, গাজটেঙাৰ সুগন্ধই আপোনাৰ ভোক দুগুণে ববাই তুলিব ৷

বহল ৰৌমাছ

উপকৰণ

  •  ৰৌ মাছ ৫/৬ টুকুৰা নিমখ আৰু নেমুৰস দি মেৰিনেট কৰি লব
  •  বিলাহীৰ পেষ্ট ৩টা
  •  কুটি লোৱা নহৰু ৪/৫ কোঁহ
  • বেচিল মছলাৰ পাত(basil  leave) অলপ
  • মানধনিয়াৰ পাত ৪/৫ খিলা
  • নেমুৰ ৰস ২/৩ চাহ চামুচ
  •  কেঁচা জলকীয়া জোখমতে
  •  নিজৰ পছন্দ মতে
  • বতৰৰ পাচলি অলপ লব৷ মহ বীণ, গাজৰ আৰু স্কোৱাচ লৈছোঁ৷

প্রস্তুত প্রণালী

প্রথমে কেৰাহীত ৪/৫ কাপ পানী উতলাই লব ৷ পানী উতলি থাকোঁতেই তাত বিলাহীৰ পেষ্ট, নহৰু, আদা, কেঁচা জলকীয়া দি অলপ উতলাব ৷ সমান্তৰালকৈ পাচলিখিনিও দি উতলাব ৷ পাচলি আধা সিজিলে মেৰিনেট কৰি থোৱা মাছ কেইডোখৰ দি পুনৰ কম জুইত ঢাকোন লগাই উতলাই থাকিব ৷ উতলি থাকোঁতে মানধনিয়া আৰু বেচিল মছলাৰ পাতবোৰ হাতেৰে মোহাৰি দিব ৷ এনেকৈ অলপ সময় উতলাই জোলখনত মাছৰ তেল বিৰিঙি আহিলে নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব ৷ তেল–মছলাবিহীন এই বহল মাছৰ জোলৰ সোৱাদ অনন্য ৷

বাবৰি, পালেঙেৰে ৰৌ মাছৰ টেঙা–জলা পাতল জোল

উপকৰণ

  • ৰৌমাছ ৪/৫ টুকুৰা
  • বাবৰি ৮/৯টামান আগ
  • কুমলীয়া পালেং আধা মুঠি
  •  আলু এটা বহল কৰি লব ৷
  •  বিলাহী দুটা গুটি গুচাই পেষ্ট বনাই লব ৷
  •  জলকীয়া ২/৩টা
  •  পিঁয়াজ এটা
  • তেজপাত এখিলা

প্রস্তুত প্রণালী

প্রথমে মাছখিনি ভালকৈ ধুই নিমখ–হালধি সানি আধা ভাজি লব৷ আলু বহল কৰি টুকুৰা কৰি লব ৷ বিলাহী আৰু জলকীয়া একেলগে পেষ্ট বনাই লব ৷ পালেঙৰ পাত মিহিকৈ কুটি লব ৷ মাছ ভাজি হলে সেই তেলতে মিহিকৈ কুটি লোৱা পিঁয়াজ ফুৰণত দিব ৷  পিঁয়াজ ৰঙচুৱা হলে পেষ্ট কৰি থোৱা বিলাহীখিনি দি অলপ ভাজিব ৷ বিলাহীৰ পানী কমিলে আলু আৰু পালেংখিনি দি কম জুইত ভাজি থাকিব ৷ পালেংখিনি গলি গলে জোখত পানী আৰু মাছখিনি দি উতলিবলৈ দিব ৷ জোখমতে নিমখ–হালধি দিব ৷ এনেকৈ জোলখন ভালকৈ উতলাই তেল বিৰিঙি আহিলে খুউব মিহিকৈ বাবৰিখিনি কাটি ২/৩ মিনিট কম জুইত থৈ নমাই গৰমে গৰমে পৰিৱেশন কৰিব ৷ বাবৰিৰ নিজস্ব সুগন্ধৰে মাছৰ জোলখনক স্বকীয় মাত্রা দিয়ে ৷

বেঙেনাৰে মালি মাছৰ জোল

উপকৰণ

  •  মালি মাছ ৫/৬ টুকুৰা
  •  দীঘলীয়া আকাৰৰ বেঙেনা ২টা
  • কলাজিৰা আধা চাহচামুচ
  •  কেঁচাজলকীয়া ৩/৪টা, তেজপাত এটা
  •  পিঁয়াজ এটা
  •  নিমখ, হালধি জোখমতে
  •  আলু এটা

প্রস্তুত প্রণালী

প্রথমে মাছখিনি ধুই নিমখ–হালধি সানি কেৰাহীত তেল দি মাছখিনি আধা ভাজি লব ৷ আলু আৰু বেঙেনাকেইটাও সমান জোখত দীঘলকৈ কাটি অলপ ভাজি নমাই থব ৷ সেই তেলতে মিহিকৈ কুটা পিঁয়াজ, কলাজিৰা, কেঁচা জলকীয়া আৰু তেজপাত ফুৰণত দিব ৷ তাৰ পিছত অলপ পানী দি ভাজি থোৱা মাছখিনি দি অলপ সময় উতলাব ৷ পুনৰ ভাজি থোৱা আলু আৰু বেঙেনাখিনিও দি কম জুইত উতলাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব ৷ চাব লাগিব যাতে বেঙেনাখিনি উতলি ভাঙি নাযায় ৷  এনেদৰে বেঙেনা দি ৰন্ধা মাছৰ পাতল জোল অতি সুস্বাদু হয় ৷

ফোনঃ ৭০৮৬৮-৮৬৬৪৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.