ৰাজীৱ কাশ্যপ
সাধাৰণতে ৰোগ আৰু দুর্বলতাৰ অনুপস্থিতিয়ে সুস্বাস্থ্য বুলি ভাবোঁ ৷ সুস্বাস্থ্য বুলি কলে অকল সুস্থ আৰু নিৰোগী শৰীৰৰ অধিকাৰী হোৱাটো নুবুজায়, শৰীৰৰ লগে লগে মনটো সমানে সুস্থ হৈ থকাটো অতি প্রয়োজন ৷ ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সংজ্ঞা অনুসৰি সম্পূর্ণ দৈহিক, মানসিক আৰু সামাজিক সক্ষমতাহ হৈছে সুস্বাস্থ্য ৷ পিছত সামাজিক আৰু অর্থনৈতিকভাৱে সক্ষম জীৱন যাপন কৰিব পৰা ক্ষমতাকো স্বাস্থ্যৰ সংজ্ঞাৰ ভিতৰত অন্তর্ভুক্ত কৰা হৈছে ৷ এজন ব্যক্তিৰ শৰীৰত যদি কোনোধৰণৰ ৰোগ আৰু শাৰীৰিক দুর্বলতা নাথাকে, শৰীৰৰ সকলো অংগ–প্রত্যংগসমূহে সঠিকভাৱে কাম কৰি আছে, শৌচ–প্রস্রাৱ নিয়মিতভাৱে হৈ আছে, ভোক আৰু টোপনি ঠিকে আছে, শৰীৰৰ ওজন, ছাল আৰু চুলি স্বাভাৱিক হৈ আছে তেনেকুৱা ব্যক্তি এজনক শাৰীৰিকভাৱে স্বাস্থ্যৱান ব্যক্তি বুলি ধৰা হয় ৷ মানসিক স্বাস্থ্যৰ ক্ষেত্রত মানসিক ৰোগ নাথাকিলেই এজন ব্যক্তিৰ মানসিক স্বাস্থ্য ভাল বুলি ধৰিব নোৱাৰি ৷ দৈনন্দিন জীৱনৰ সকলো পৰিস্থিতিত নিজকে খাপ খুৱাই পাৰিবাৰিক তথা সামাজিকভাৱে সুস্থিৰ হৈ জীৱন যাপন কৰিব পৰাটোৱে প্রকৃত মানসিক সুস্বাস্থ্যৰ নিদর্শন ৷ কোনো এজন ব্যক্তি যদি দৈনন্দিন জীৱনৰ কিবা ঘটনাক লৈ মনত অশান্তি ভুগি আছে বা কর্মক্ষেত্রৰ কিবা সমস্যাৰ বাবে ঘৰত খিংখিঙীয়া হৈ পৰিছে তেনে লোকক মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী বুলি ধৰা নহয় ৷ শাৰীৰিক অসুস্থতাৰ বাবে প্রায়েই মানসিক অশান্তিত ভোগা দেখা যায় ৷ মন আৰু শৰীৰ এটা মুদ্রাৰ ইপিঠি–সিপিঠি ৷ মন ভালে থাকিলে বহুতো শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰি আৰু শাৰীৰিক অৱস্থা ভালে থাকিলে আমি সুস্থিৰ মনৰো অধিকাৰী হব পাৰোঁ ৷
ব্যায়াম হৈছে কিছুমান শাৰীৰিক কার্যকলাপ, যাৰ দ্বাৰা শৰীৰৰ পেশীবোৰ শক্তিশালী আৰু সুগগী হয়, হাড়বোৰ মজবুত হয়, শৰীৰৰ সকলো অংগ–প্রত্যংগ স্বাভাৱিকভাৱে কার্যক্ষম হৈ থাকে ৷ ইয়াৰ দ্বাৰা আমাৰ শৰীৰটো বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত হৈ থাকে৷ শাৰীৰিক স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্রত ব্যায়ামে এক অতি গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে আৰু ইয়াৰ দ্বাৰা পৰোক্ষভাৱে মানসিক স্বাস্থ্যও সুস্থিৰ হয় ৷ তাৰ উপৰি ব্যায়ামৰ কিছুমান প্রভাৱ আছে যিয়ে মানসিক চাপ, হতাশা, বিশাদগ্রস্ততা, উদ্বিগ্ণতা আদি দূৰ কৰাত সহায় কৰে ৷
ব্যায়াম আৰম্ভ কৰাৰ লগে লগে আমাৰ হূদস্পন্দন বৃদ্ধি হয়, উশাহ ঘন হয় আৰু গোটেই শৰীৰ তথা মগজুলৈ অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি হয় ৷ মগজুটোৱে আমাৰ সকলো ধৰণৰ আৱেগ–নুভূতিসমূহ নিয়ন্ত্রণ কৰে ৷ মগজুৰ হাইপথেলামাছ, এমিগডালা (Amygdala) আৰু হিপকেম্পাচ(Hippocampus) নামৰ অংশকেহটা হতাশা, উদ্বিগ্ণতা আদি আৱেগসমূহ নিয়ন্ত্রণ কৰে ৷ এই আৱেগসমূহ নিয়ন্ত্রণ কৰিবলৈ মগজুৱে কিছুমান ৰাসায়নিক পদার্থ স্নায়ু বার্তা বাহক(Neurotransmitter) যেনে চেৰাটনিন, এনডৰফিন, ডোপামিন ক্ষৰণ কৰে ৷ নিয়মিতভাৱে ব্যায়াম কৰিলে মগজুৰ সকলো অংশলৈ ৰক্ত সঞ্চালনৰ লগতে অক্সিজেন আৰু পুষ্টিৰ যোগান বৃদ্ধি হয়৷ হয়াৰ দ্বাৰা এই স্নায়ু বার্তাবাহকসমূহৰ ক্ষৰণ আৰু কার্যক্ষমতা স্বাভাৱিক হয়, যাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ দূৰ হয়, মনত আনন্দৰ ভাব সৃষ্টি হয়, আত্মবিশ্বাস বৃদ্ধি হয়, শৰীৰ আৰু মন উভয়ৰে কার্যক্ষমতা বােে আৰু আৱেগজনিত সমস্যাসমূহৰ পৰা আমি হাত সাৰিব পাৰোঁ ৷ ইয়াৰ বাহিৰে টোপনিয়েও আমাৰ শৰীৰ আৰু মনৰ ওপৰত পূর্ণ প্রভাৱ পেলায় ৷ এজন প্রাপ্তবয়স্ক্ লোকে দৈনিক ৬-৮ ঘণ্টা শুব লাগে ৷ কম টোপনি মৰা লোকৰ দেহ আৰু মন সম্পূর্ণ কার্যক্ষম হৈ নাথাকে ৷ দৈনিক ব্যায়াম কৰা লোকৰ টোপনিৰ সমস্যা নাথাকে ৷ ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক দুয়োধৰণৰ স্বাস্থ্যৰ উন্নতি হয় ৷
নিয়মীয়াকৈ ব্যায়াম কৰা পুৰুষ আৰু মহিলাৰ যৌন জীৱন উন্নত হয় ৷ তেওঁলোকে তুলনামূলকভাৱে যৌন জীৱন ভালদৰে উপভোগ কৰিব পাৰে ৷ ইয়াৰ দ্বাৰাও মানসিক অৱসাদ দূৰ হয় আৰু কর্মোদ্যম বৃদ্ধি হয় ৷
এতিয়া মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে আমি কেনে ধৰণৰ ব্যায়াম কৰা উচিত সেই বিষয়ে জানো আহক ৷ এইক্ষেত্রত আমি প্রথমতে এৰোবিক ব্যায়ামৰ কথা কব লাগিব ৷ এৰোবিক ব্যায়াম হৈছে সেইবোৰ ব্যায়াম, যিবোৰ কৰিলে শৰীৰে যথেষ্ট পৰিমাণে অক্সিজেন গ্রহণ কৰে ৷ উদাহৰণস্বৰূপে খোজ কা, জগিং কৰা, দৌৰা, জঁপিওৱা, স্কিপিং কৰা, সাঁতোৰা, চাইকেল চলোৱা আদি ৷ কিছুমান দলীয় খেল যেনে ফুটবল, ভলীবল, কাবাদী, হকী আদিও ভাল এৰোবিক ব্যায়াম ৷ এজন মানুহে অতিকমেও দৈনিক ৩০ মিনিটকৈ সপ্তাহত ৫ দিন উক্ত যিকোনো এবিধ এৰোবিক ব্যায়াম কৰিলে যথেষ্ট হয়৷ শ্বাস–প্রশ্বাস সন্তুলিত কৰা ব্যায়ামো (Breathing Exercise) মানসিক সুস্থিৰতাৰ বাবে অতি প্রয়োজনীয় ৷ দৈনিক মাত্র ১০-১৫ মিনিট এহবিধ ব্যায়াম কৰিলে মানসিক অৱসাদ দূৰ হয়, মন স্থিৰ হয়, লগতে মনোযোগ আৰু কর্মোদ্যম বাঢ়ে ।
ধ্যান আৰু যোগাসন মানসিক স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয়৷ মন স্থিৰ কৰা আৰু মনোযোগ বঢ়োৱাৰ ক্ষেত্রত ইয়াৰ ভূমিকা অতি গুৰুত্বপূর্ণ ৷ নৃত্য কৰিলেও শৰীৰ আৰু মন উভয়ৰে ব্যায়াম হয় ৷ শাক–পাচলি লগোৱা, ফুল গছ ৰোৱা আদি কামৰ দ্বাৰাও মনৰ ব্যায়াম হয় ৷ জীমত কৰা ব্যায়াম, ওজন দঙা, মাংসপেশীৰ আকাৰ বঢ়োৱা ব্যায়াম আদিও কৰিব পাৰি ৷
দৈনন্দিন জীৱনত কর্মব্যস্ত হৈ থকা মানুহৰ মানসিক সমস্যা কমকৈ হয় ৷ কাম–বন নকৰাকৈ থকা লোকৰ মানসিক সমস্যা অধিক ৷ আকৌ অত্যধিক কর্মব্যস্ততায়ো মানসিক শান্তি বিঘ্ণিত কৰিব পাৰে ৷ সেয়েহে এই আটাহবোৰ দিশ সন্তুলিত কৰি, ধনাত্মক চিন্তাধাৰাৰে আগবাঢ়িলেহে সুস্থ শৰীৰ আৰু মনৰ অধিকাৰী হব পাৰিম ৷
ফোনঃ ৮৬৩৮২-৭২৮৬৩