ৰেচিপি –

নীলাক্ষি বৰা

জেলেপী

কি কি লাগিব

মিহিচুজি আধাকাপ, ময়দা আধাকাপ, দৈ আধাকাপতকৈ কম, ভাল ঘিউ আধাকাপতকৈ কম, বেকিং পাউডাৰ আধাচামুচ আৰু পানী আধাকাপ ৷ ভাজিবৰ জোখত ঘিউ বা ৰিফাইন ৷

ছুগাৰ ছিৰাপৰ বাবে লাগিব

চেনি একাপ, পানী একাপ, কেশৰ কেইডালমান ৷ পৰিৱেশনৰ বাবে পিষ্টা আৰু কেশৰ কেইডালমান ৷

বনোৱা পদ্ধতি

এটা পাত্রত চুজি, ময়দা, দৈ, ঘিউ আৰু বেকিং পাউডাৰ ভালকৈ মিহলাই অলপ অলপ পানী মিহলাই মিশ্রণখিনি অলপ ডাঠ কৰি ঢাকি থব ২০ মিনিটৰ বাবে ৷ আনহাতে এটা চচপেনত পানী আৰু চেনি দি উতলাই তাতে কেশৰ কেইডালমান দি চেনি গলাই অলপ ডাঠ কৰি নমাই থব ৷ আনহাতে চুজিৰ মিশ্রণখিনি এটা পাইপিংবেগত ভৰাই এটা কেক ৰ ডিজাইন কৰা নজুল লগাই লব ৷ এটা কেৰাহী গেছত পাতি গৰমাই লৈ ঘিউ বা ৰিফাইন দি পাইপিং বেগৰে তেলত গোল গোল কৰি ঘূৰাই জেলেপীৰ আকৃতি দি গেছ কমাই সকলোখিনি ভাজি নমাই থব ৷ ছুগাৰ ছিৰাপখিনি পুনৰ অকণমান গৰমাই লৈ তাত বনাই লোৱা জেলেপীখিনি জুবুৰিয়াই ২ মিনিটৰ পিছত ছিৰাপৰ পৰা উলিয়াই নিজৰ পছন্দ মতে পৰিৱেশন কৰিব ৷ আলমনেৰে পৰিৱেশন কৰিব ৷

  • গুদাইল আৰু চাউলৰ চমচম

কি কি লাগিব

মগুদাইল ১০০ গ্রাম, জহাচাউল ১০০ গ্রাম, গাখীৰ ৩০০ মিলিলিটাৰ ৷ ইলাচী দুটা, ঘিউ দুচামুচ, বেকিং পাউডাৰ আধাচামুচ ৷

  • ছুগাৰ ছিৰাপৰ বাবে

চেনি ২০০ গ্রাম, পানী ২০০ মিলিলিটাৰ ৷  ভাজিবৰ বাবে ঘিউ একাপ ৷ পৰিৱেশনৰ বাবে আলমন আৰু পিষ্টা কেইটামান ৷

  • প্রণালী

দাইল আৰু চাউল একেলগে মিলাই ধুই লৈ শুকানকৈ ভাজি লব ৷ ভজা মিশ্রণখিনি ঠাণ্ডা হলে মিহি পাউডাৰ কৰি লৈ কেৰাহী এখন গেছত বহুৱাই জুই কমত দি গৰমাই ঘিউ দি পাউডাৰখিনি ভাজি অলপ ৰঙচুৱা কৰি তাত থেতেলিয়াই লোৱা ইলাচী দি গাখীৰ মিলাই লৈ নমাই থব ৷ অলপ ঠাণ্ডা হলে মিশ্রণখিনি ভালকৈ মথি লৈ তাত বেকিং পাউডাৰ মিলাই সৰু সৰু লাৰু বনাই নিজৰ পছন্দৰ সাজত বহুৱাই গোটেইকেইটা বনাহ লব ৷ কেৰাহী গৰমাই ঘিউ দি ৰচবেৰীকেইটা ভাজি লব ৰঙচুৱাকৈ ৷ আনহাতে এটা চচপেনত চেনি আৰু পানী মিলাই উতলাই চেনি গলাই লৈ তাত ইলাচী দি ৰচবেৰীকেইটা ছুগাৰ ছিৰাপত ডুবাই আধা ঘণ্টা  ফ্রীজত ৰাখিব ৷ ফ্রীজৰ পৰা উলিয়াই পৰিৱেশন কৰিব নিজৰ পছন্দৰ মতে ৷

  • বুন্দিয়া

উপকৰণ

বেচন একাপ, পানী ৩-৪ কাপ, চুজি এচামুচ, বেকিং পাউডাৰ আধা চামুচ, ৰঙা ৰঙৰ ফুডকালাৰ তিনি টোপালমান, ঘিউ বা ৰিফাইন এপোৱা ৷

  • ছুগাৰ ছিৰাপৰ বাবে লাগিব

চেনি দুকাপ, পানী একাপ, হলাচী পাউডাৰ আধা চামুচ, নেমুৰ ৰস কেইটোপালমান ৷

  • প্রণালী

বেচনখিনি চালি লৈ তাত চুজি আৰু বেকিং পাউডাৰ মিলাই পানীৰে লাহে লাহে মিলাই কোনো ধৰণৰ গোটা নথকাকৈ ডাঠ কৰি ফেটী লৈ তাৰে অলপ আন এটা বাটিত লৈ ৰঙা ৰঙৰ ফুডকালাৰ মিলাই আধা ঘণ্টা বাবে ঢাকি ৰাখিব ৷

আধা ঘণ্টাৰ পিছত কেৰাহী গেছত বহুৱাই অলপ গৰমাই তাত ঘিউ বা ৰিফাইন দি মিশ্রণখিনি অলপ কাপ এটাত লৈ কেৰাহীৰ ওপৰত এটা ফুটা থকা ষ্টীলৰ খৰাহী দি তাত কাপেৰে মিশ্রণখিনি ঢালি দিব, তেতিয়া তললৈ গোল গোল কৰি সৰকি যাব ৷ অলপ দেৰি কম জুইত গোটেহখিনি অলপ অলপকৈ মচমচীয়াকৈ ভাজি নমাই পুনৰ ৰঙা ৰঙৰ মিশ্রণখিনিও দি বনাহ লব ৷

আনহাতে এটা চচপেনত পানী আৰু চেনি দি উতলাই তাতে ইলাচী আৰু নেমুৰ ৰস দি চেনি গলাই অলপ ডাঠ কৰি বুুা আঙুলি আৰু তর্জনী আঙুলিৰে চেনিৰ ৰসখিনি চুই চাব যেতিয়া এডাল সূতাৰ নিচিনা হব তেতিয়া নমাই থব ৷

যেতিয়া গোটেইখিনি ভজা হব তেতিয়া ছুগাৰ ছিৰাপত ঢালি দি ২-৩ ঘণ্টা  ৰাখিব, তেতিয়া বুন্দিয়াখিনিত চেনিৰ ৰস সোমাই যাব ৷ তাৰ পিছত ছুগাৰ ছিৰাপৰ পৰা উলিয়াই পৰিৱেশন কৰিব ৷

অপৰাজিতা ফুলৰ ৰসেৰে বনোৱা ভাপত দিয়া পিঠাগুড়িৰ সন্দেশ

পিঠাৰ বাবে লাগিব

পিঠাগুড়ি দুকাপ, নিমখ এক চিকুট, পানী দুকাপ, ঘিউ আধা চামুচ বেকিং পাউডাৰ আধা চামুচ আৰু অপৰাজিতা ফুলৰ ৰস একাপ ৷

এটা চচপেনত পানী দি উতলাই তাত নিমখ আৰু ঘিউ দি লগতে অপৰাজিতা ফুলৰ ৰসখিনি মিলাই পিঠাগুড়িখিনি ঢালি দি লৰাই থাকিব যেতিয়া পানী শুহিব নমাই ঢাকোন লগাই ১০ মিনিটৰ বাবে ঢাকি ৰাখিব ৷ ১০ মিনিটৰ পিছত থালী এখনত কাঢ়ি সম্পূর্ণ ঠাণ্ডা নোহোৱাৰ আগত ঘিউ সানি আটা মৰাৰ নিচিনাকে মথিব ৷  তাৰ পিছত গোল বল বনাই সন্দেশ বনোৱা খাজত দি সুন্দৰ চেপ দি গোটেহকেহটা বনাই লব ৷ পুনৰ এটা  চচপেনত আধা পানী দি উতলাই তাৰ ওপৰত ঘিউ সানি লোৱা এটা ফুটা থকা খৰাহী বহুৱাই দি তাৰ ওপৰত পিঠাগুড়িৰ সন্দেশকেইটা দি ঢাকোন মাৰি ১০ মিনিট ৰাখি নমাই থব ৷ এতিয়া এখন প্লেটত অপৰাজিতাৰ ৰসেৰে বনোৱা ভাপত দিয়া সন্দেশকেইটা দিব আৰু ওপৰত পিষ্টা দি পৰিৱেশন কৰিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.