ড্রেইজাৰৰ এন এমেৰিকান ড্রেজেডী

ভার্গৱ কুমাৰ বৰুৱা

কেতিয়াবা কিছুমান নেতিবাচক পৰিঘটনাই মানুহৰ গোটেই জীৱনটোকে ইতিবাচক বা সফল কৰি তোলাৰ বহু ঘটনা আমি শুনিবলৈ পাওঁ৷ অনুৰূপ ঘটনাই সলনি কৰি দিছিল বিগত শতিকাৰ এজন বিশেষ মানুহৰ জীৱনটো আৰু সমগ্র বিশ্বই পাইছিল এগৰাকী প্রখ্যাত সাহিত্যিক আৰু তেওঁৰ অমূল্য সাহিত্য সম্ভাৰ, যি বিশ্ব সাহিত্যৰ ভঁৰাল প্রকৃত অর্থতে চহকী কৰি থৈ গল ৷ আমি তেনে এগৰাকী সাহিত্যিকৰে এখন উপন্যাস আৰু পৰৱর্তী সময়ত সেই একে নামেৰেই মঞ্চস্থ কৰা নাটকৰ বিষয়ে কিছু আলোচনা কৰিব আগবাড়ীছো ৷ বিগত শতিকাৰ এশখন শ্রেষ্ঠ গ্রন্থৰ তালিকাতো উক্ত ৰচনাই স্থান পাবলৈ সক্ষম হৈছিল আৰু পৰৱর্তী সময়ত সেই গ্রন্থৰ নাট্যৰূপৰ পৰাই একে নামৰ সফল চলচিচত্র এখনো নির্মাণ কৰা হৈছিল ৷ আলোচনাৰ বিষয়বস্তুলৈ অহাৰ আগতে কিছু প্রাসংগিক পাতনিয়ে পাঠকৰ বোধগম্যতা মসৃণ আৰু সৰল কৰি তোলে বুলি আমাৰ ব্যক্তিগত বিশ্বাস, যিহেতু পাঠক হিচাপে আমি নিজেও প্রাসংগিক পাতনিৰ প্রয়োজনীয়তা অনুভৱ কৰোঁ৷ এন এমেৰিকান ড্রেজেডী ১৯০৬ সংঘটিত এক হত্যাকাণ্ডৰ ওপৰত ৰচনা কৰা এখন উচ্চমানৰ উপন্যাস৷ যাৰ আলমত পৰৱর্তী বহু সময়ত সফল মঞ্চ নাটকৰ মঞ্চস্থ আমি দেখিবলৈ পাওঁ ৷ ১৯২৩ চনত ৰচিত থিয়োডৰ ড্রেইজাৰৰ ষষ্ঠ উপন্যাসখনৰ প্রথম মঞ্চ ৰূপ দিয়া হৈছিল ১৯২৬ চনত আৰু এই মঞ্চৰূপৰ পৰাই ১৯৩১ চনত যোছেফ ভন ষ্টানবার্গে পৰিচালনা কৰি ইয়াৰ চলচিচত্র ৰূপ দিছিল৷ তাৰ পিছতো এই কাহিনীৰ আলমত বহুবাৰ নাটক আৰু চলচিচত্র নির্মাণ কৰা হৈছে৷ এতিয়া আহো আমি কাহিনীভাগৰ সংক্ষিপ্ত ৰূপটোলৈ কানাছাছ চহৰৰ আলিবাটবোৰত এক সজীৱ দম্পতীয়ে সমাজসেৱা কৰি থকা কথাটো কিশোৰ পুত্র ক্লাইড গ্রিফিথছে মুঠেই পছন্দ কৰা নাছিল৷ সি মাক–দেউতাকৰ চিন্তাধাৰা মানিব নোখোজে, ধর্মৰ ওপৰত আস্থা নাৰাখে, এইবোৰৰ পৰিৱর্তে সি সহজে আৰু সোনকালে ধনী হৈ বিলাসী জীৱন কটোৱাৰ ওপৰত বিশ্বাস ৰাখে, সেইবাবেই সি মাক–দেউতাকৰ সৎ কর্মৰ ওপৰত বিশ্বাস নাৰাখি ধনী খুৰাকৰ প্রতি বেছি আকর্ষণ অনুভৱ কৰে৷ ক্লাইডৰ খুৰাক ডেনিয়েল আছিল এগৰাকী ধনী ব্যৱসায়ী, যি অন্য এখন চহৰত বিলাসবহুল জীৱন–যাপন কৰে৷ ক্লাইড আৰু ডেনিয়েলৰ কেতিয়াও সাক্ষাৎ হোৱা নাছিল৷ ক্লাইডৰ পোন্ধৰ বছৰ বয়সত সি সুন্দৰ আৰু সুশ্রী হৈ উঠিছিল, আৰু ধন ঘটাৰ তাৰ হেঁপাহটো বািি গৈছিল, সেইবাবেই সি স্থানীয় চহৰৰ গ্রীন ডেভিডছন নামৰ হোটেল এখনত হোটেল বয় হিচাপে কাম কৰিবলৈ ললে আৰু তাৰ পৰা যি উপার্জন কৰে তাৰে সি মাক–দেউতাকৰ অগোচৰে সমনীয়াৰ লগত লগ লাগি আমোদ–প্রমোদ কৰে৷ মদ খায়, জুৱা খেলে আৰু এনেকৈ এদিন সি যৌনকর্মীৰ ওচৰলৈ যোৱা আৰম্ভ কৰি দিয়ে, সেই সময়তে ক্লাইড প্রেমত পৰে হার্টেনছি নামৰ এগৰাকী দোকানত কাম কৰা যুৱতীৰ সৈতে আৰু তাৰ সকলো উপার্জন মাক–দেউতাকৰ অলপ সহায় কৰাৰ বিপৰীতে তাইৰ লগত খৰচ কৰে৷ এদিন ক্লাইডৰ বন্ধু এজনে হোটেলৰ মালিকৰ গাডীখন খুজি লৈ ক্লাইড আৰু হার্টেনছিক লৈ ফুৰিব গল, সুৰামত্ত বন্ধুৱে উভতি আহোতে এজন মানুহক খুন্দিয়াই থৈ বেগেৰে গাডী চলাবলৈ ধৰে আৰু তাৰ পিছত দুর্ঘটনাত পতিত হয়৷ বন্ধু আৰু প্রেয়সী হার্টেনছিক তাতে এৰি ক্লাইড ঘটনাস্থলীৰ পৰা পলাই যায়৷ পিছদিনা স্থানীয় কাকতত খবৰ ওলায় ক্লাইড আৰু হার্টেনছি নামৰ যুৱক–যুৱতী এহালৰ যোৱাৰাতিৰ দুর্ঘটনাত মৃত্যু হয়৷ ক্লাইডৰ যিহেতু মৃত্যু হোৱা বুলি প্রচাৰ হয়, সেইবাবে সি চিকাগো চহৰলৈ গুচি গৈ ছদ্মনাম লৈ তাত ইউনিয়ন ক্লাব নামৰ এটা লীগ ক্লাবত লগুৱাৰ কামত যোগদান কৰে৷ তাত সি আভিজাত্যৰ আৰু এঢাপ চৰা ৰূপ এটা দেখিবলৈ পালে আৰু দৈৱক্রমে খুৰাক ডেনিয়েলৰ লগত তাৰ সাক্ষাৎ হয়৷ খুৰাকে তাক দেখাৰ লগে নিজৰ পুত্র গিলবার্টৰ লগত সাদৃশ্য থকা দেখা পাই নিজৰ চহৰলৈ মাতি পঠিয়ালে, আৰু গিলবার্টে তাক নিজৰ কাৰখানাত এটা কম বেতনৰ কামত মকৰল কৰিলে৷ এদিন খুৰাক ডেনিয়েলৰ নিমন্ত্রণ ক্রমে ক্লাইড খুৰাকৰ প্রাসাদলৈ গল, তাত সি ছোন্দ্রা ফিন্সলি নামৰ ছোৱালী এজনী দেখি তাইৰ প্রতি আকৃষ্ট হৈ পৰে৷ ক্লাইডে কাম কৰা কাৰখানাত সৰহসংখ্যকেই যুৱতী কর্মচাৰী নিযুক্ত আছিল আৰু গিলবার্টে ক্লাইডক সকীয়াই থৈ দিছিল সি যাতে ছোৱালীবোৰৰ লগত বেছি হলি–গলি নকৰে, কিন্তু তেনে কোনো সকীয়নিলৈ কাণসাৰ নিদি ক্লাইড পুনৰ নিজৰ স্বভাৱৰ তাডনাত কাৰখানাত কর্মৰত ৰবার্টা এলডেন নামৰ ছোৱালীৰ প্রতি আকৃষ্ট হৈ তাইৰ লগত গোপনে সাক্ষাৎ কৰিব ধৰে আৰু ৰবার্টাৰ লগতো শাৰীৰিক সম্পর্ক স্থাপন কৰে৷ ডেনিয়েলৰ পৰিয়ালৰ লগত ছোন্দ্রাৰ পৰিয়ালৰ সুসম্পর্ক থকা হেতুকে দুয়ো পৰিয়ালে কেতিয়াবা একেলগে প্রমোদ বিহাৰলৈ বিলাসী জীৱনৰ এক চখ যায়, ক্লাইড আৰু গিলবার্টৰ চেহেৰাৰ সাদৃশ্য থকা বাবে এদিন ছোন্দ্রাই ভুলতে ক্লাইডক পিছফালৰ পৰা গিলবার্ট বুলি ভাবি মাত দিলে, পিছত তাইৰ ভুল ভাগিল যদিও তাই ক্লাইডক ক্লাবলৈ যাব লগ ধৰিলে৷ ছোন্দ্রাৰ প্রতি আগৰ পৰা দুর্বলতা থকা বাবেই ক্লাইড তৎক্ষণাৎ মান্তি হল আৰু তাত গৈ ধনী মানুহৰ জীৱনৰ প্রতি আৰু বেছি আকর্ষিত হৈ উঠিল, সি নিজকে ছোন্দ্রা, গিলবার্টহঁতৰ শাৰীলৈ উন্নীত কৰিবলৈ চেষ্টা চলালে, সি সাঁতোৰ, নৌকা চালনা ইত্যাদি শিকিলে আৰু ছোন্দ্রাৰ লগতো সমানে অভিসাৰ চলাবলৈ ধৰিলে, বিশেষকৈ তাইৰ আভিজাত্যৰ প্রতি আকর্ষিত হৈয়ে৷ ইফালে, ৰবার্টা অন্তঃসত্ত্বা হৈছিল আৰু ক্লাইডে তাইক গর্ভপাত কৰি ভ্রূণ নষ্ট কৰাবলৈ ঔষধ খুৱাই বিফল হোৱাত তাইক গাঁৱৰ ঘৰলৈ যাবলৈ পৰামর্শ দিয়ে আৰু কেইদিনমান পিছত সি নিজেও যাব বুলি আশ্বাস দিয়ে৷ কিন্তু সি তাইক এৰাই চলিব ধৰিলে, শেষত ৰবার্টাৰ পৰা চিঠিৰ পিছত চিঠি দি কাৰখানাৰ কর্তৃপক্ষক সকলো কথা জনাই দিম বুলি কোৱাত সি ভাবিলে ছোন্দ্রাক পাবলৈ হলে ৰবার্টাক যিকোনো প্রকাৰে ৰাস্তাৰ পৰা আঁতৰাব লাগিব, সেইবাবেই সি এদিন গাঁৱলৈ গৈ ৰবার্টাক প্রস্তাৱ দিলে যে সিহঁতে কেইদিনমান ছুটী লৈ ফুৰিব যাব আৰু তাৰ পৰা আহি বিয়াত বহিব৷ ৰবার্টাই ক্লাইডক প্রকৃততে ভাল পাইছিল বাবেই তাক বিশ্বাস কৰি তাৰ লগত যাব ওলাল ৷ সিহঁত  হ্রদ এটাৰ পাৰলৈ গৈ তাত সৰু হোটেল এখনত ক্লিফর্ড গোল্ডেন দম্পতী বুলি নিজৰ ভুৱা পৰিচয়েৰে ৰাতিটো কটালে আৰু পিছদিনা পুৱা ক্লাইডে এটা বেগ লৈ ৰবার্টাক লগত লৈ নৌকা বিহাৰলৈ গল আৰু হ্রদৰ মাজত সি নৌকা ডুবাই ৰবার্টাক তাত মৃত্যুমুখলৈ ঠেলি দিয়ে, লগতে নিজৰ পিন্ধি থকা টুপিটো পানীত দলিয়াই দিয়ে, যাতে মানুহে তাৰো মৃত্যু হোৱা বুলি পতিয়ন যায়, তাৰ পিছত সি সাঁতুৰি হ্রদৰ পাৰলৈ আহি নিজৰ শুকান পোছাক পিন্ধি ছোন্দ্রাক লগ কৰিবলৈ যায়৷ বহু পৰলৈ গোল্ডেন দম্পতী ঘূৰি নহা দেখি হোটেলৰ মালিকে আৰক্ষীক খবৰ দিয়ে হ্রদত ৰবার্টাৰ মৃতদেহ, ডুব যোৱা নৌকা আৰু ক্লাইডৰ পানীত উটি যোৱা টুপি উদ্ধাৰ হয়, পিছত হোটেলৰ মালিকৰ সাক্ষ্যৰ আধাৰত তদন্ত কৰি আৰক্ষীয়ে ক্লাইডক কৰায়ত্ত কৰে৷ সাক্ষীৰ আধাৰত বিচাৰত ক্লাইডক মৃত্যুদণ্ড বিহা হয়৷  কাহিনীভাগ  চমুকৈ ইমানেই ৷

উক্ত একে নামৰ উপন্যাসৰ আধাৰত মঞ্চস্থ কৰা নাটকখনে সেই সময়ৰ মার্কিন সভ্যতাৰ এক কলংকিত আৰু উলংগ অধ্যায়ৰ চিত্র দাঙি ধৰিছিল৷ মার্কিন সমাজৰ একাংশৰ  ভুল আদর্শ কেৱল টকা–পইচা, ঐশ্বর্য–বিভূতি, বিলাসী, নৈতিকতাহীন জীৱনৰ আকর্ষণে ক্লাইড, ৰবার্টা ইত্যাদিৰ দৰে আন বহুতৰ জীৱনৰ ড্রেজেডী হৈ পৰিছিল ৷ এনে ড্রেজেডীৰ পৰা হয়তো বর্তমান সময়ৰো বহু সমাজ আৰু সভ্যতা মুক্ত হৈ উঠিব পৰাগৈ নাই, জীৱশ্রেষ্ঠ মানৱ হিচাপে আমি আমাক কি দিবলৈ সক্ষম হৈছোঁ এনে কাহিনীবোৰে আমাক তাকে প্রশ্ণ কৰে ৷ উক্ত কাহিনীৰ আলমত বহুকেইখন নাটক আৰু চলচিচত্র নির্মাণ কৰা হৈছে ৷ বিখ্যাত ৰুছ চলচিচত্র পৰিচালক আইজেনষ্টানে উক্ত কাহিনীৰ আলমত চিত্রনাট্য প্রস্তুত কৰি থকা সময়ত এক মননশীল মন্তব্য দি কৈছিল, এন এমেৰিকান ড্রেজেডীয়ে বিশ্বজনীন সত্য আৰু উদ্দেশ্য উদঘাটন কৰিছে, ই জীৱনৰ দৰে বিশাল আৰু বিস্তৃত৷

ফোন:   ৯৬১৩০ ৭৬৪৪৮

You might also like
Leave A Reply

Your email address will not be published.