উপভোগ্য–মননশীল ৱেব ছিৰিজ “আর্যা”

শিখা ডি হাৰলালকা

যোৱাটো লকডাউনত নাৰীকেন্দ্রিক বহুকেইখন ৱেব ছিৰিজে দর্শকৰ বিপুল সঁহাৰি লাভ কৰিছে, যাৰ অন্যতম হৈছে “আর্যা” ৷ স্পেনিছ ছিৰিজ PENOZA ওপৰত আধাৰিত আর্যাৰ কাহিনী এটা পৰিয়াল আৰু পৰিয়ালত চলি অহা বিতর্কিত ব্যৱসায়ক লৈ ৷ আর্যা শৰীনৰ নাম ভূমিকাত অভিনয় কৰা অভিনেত্রী সুস্মিতা সেনৰ অভিনয়ক আপুনি একেমুখে কব লাগিব What a come back. গোটেই প্রথম আৰু দ্বিতীয় ছিৰিজৰ সকলো খণ্ডতে নিখুঁত অভিনয়, সৌন্দর্য আৰু ব্যক্তিত্বৰে অনন্য অভিনয় সুস্মিতাৰ ৷

প্রথমে এটা কথা কৈ লওঁ, নাৰীবাদ, সম–ধিকাৰ আদিক বিষয়বস্তু হিচাপে লৈ বা সমাজক এটা বার্তা দিব খুজি এতিয়ালৈকে বুজনসংখ্যক ৱেব ছিৰিজ মুক্তি পাইছে, দর্শকে আদৰিছেও ৷ কিন্তু সকলোতে যেন কেৱল নাৰীৰ সুৰাপান, স্বল্পবস্ত্র পৰিধান আৰু সমকামিতা বহুত কৌশলেৰে পৰিচালকে এয়াই যেন নাৰীৰ স্বাধীনতা, নাৰী সবলীকৰণৰ সীমাৰেখা টানিছে ৷ কিন্তু আজিৰ নাৰী মানসিকভাৱে, শাৰীৰিকভাৱে শক্তিশালী হোৱাৰ উপৰি কূটনীতি, কৌশল, নিজৰ পৰিয়ালৰ স্বার্থত মাজে মাজে ছলনাময়ী আৰু সকলোৰে ঊধর্বত মমতাময়ী দেৱী দুর্গাৰ অষ্টভুজা ৰূপ যেন মর্মে মর্মে উপলব্ধি হব আর্যাৰ মাজত ৷ প্রকৃত নাৰী সবলীকৰণ কি, আর্যা চাই আপুনি নির্ধাৰণ কৰক, সেয়া আপোনালৈ এৰিলোঁ ৷

ৱেবছিৰিজখনৰ বিষয়বস্তু ড্রাগ্ছৰ ভয়ংকৰ সাম্রাজ্যখনৰ বিষয়ে, যিয়ে আর্যাৰ সুখী সংসাৰখন থানবান কৰি পেলায় ৷ পিতৃ পৰিয়ালত চলি অহা ড্রাগ্ছৰ ব্যৱসায়ক চূডান্ত ঘৃণাৰ চকুৰে চোৱা আর্যাৰ স্বামীও আছিল এজন সহজ ব্যক্তি ৷ কিন্তু শেষ পর্যন্ত ড্রাগ্ছ আৰু ড্রাগ্ছ মাফিয়াই পিছ নেৰে আর্যা আৰু তেওঁৰ তিনি সন্তানৰ ৷ সকলো বাদ দি বিদেশলৈ গুচি যোৱা আর্যাই কিন্তু মুক্তি নাপায় ড্রাগ্ছৰ ভয়ংকৰ চক্রবেহুৰ পৰা ৷ আর্যা পুনৰ ঘূৰি আহিব লগা হয় নিজৰ পিতৃ আৰু ভায়েকৰ ওচৰলৈ ৷ আৰু কেনেকৈ এগৰাকী তিনি সন্তানৰ  মাতৃয়ে নিজৰ সন্তানৰ সুৰক্ষাৰ স্বার্থত নিজৰ স্বভাৱসিদ্ধ কাম কৰে, সেয়াই ৱেব ছিৰিজখনৰ আকর্ষণীয় পর্যায় ৷ কিন্তু ইতিমধ্যে দুটা ছিজনৰ ৱেব ছিৰিজখনৰ  শেষ এপিছডটোত পিছে পৰিচালকে ইংগিত দিছে, আহি আছে Arya Season-3.

ইয়াতে উল্লেখ্য কৰিবই লাগিব আর্যা এখন ছাছপেঞ্চ, ক্রাইম, ৰোমাঞ্চ আৰু থ্রিলাৰ ৱেব ছিৰিজ ৷ কিন্তু প্রতিটো ঘটনা–উপঘটনাক কি সাংঘাতিকভাৱে শ্রীমদ্ভাগৱত গীতাৰ সৈতে সাঙুৰি সজোৱা হৈছে, পৰিচালক ৰাম মাধৱানীক ইয়াৰ বাবে প্রশংসাৰে ওপচাই পেলোৱা উচিত ৷

আণ্ডাৰৱর্ল্ডৰ কাহিনীৰে আগববা কাহিনী এটাৰ মাজত কি বুদ্ধিমত্তা আৰু পৰীক্ষণমূলকভাৱে পৰিচালকে হিন্দী ছবিজগতৰ কিছু বহুলভাৱে জনপ্রিয় গীত যি আজি চল্লিশ–পঞ্চাশ বছৰ পিছতো আমাৰ হৃদয়ত বাজে, ব্যৱহাৰ কৰিছে, সেয়াই ৱেব ছিৰিজখনক এক বেলেগ পর্যায়লৈ লৈ গৈছে, যিটো আপুনি নাচালে মজা নাপাব ৷

গোটেই কাহিনী কথন প্রক্রিয়াটোত শেষলৈকে ৰহস্য আৰু প্রেম–প্রতাৰণা সুন্দৰকৈ আগবঢ়াই লৈ গৈছে সুস্মিতা সেন আৰু সহযোগী অভিনেতা–অভিনেত্রীসকলে ৷ চৰিত্র নির্বাচনত পৰিচালক সফল ৷

শেষত কওঁ এখন মাষ্টাৰপিচ ৱেব ছিৰিজ আর্যা ৷ কাহিনী, ৰূপসজ্জা, চিনেমেটগ্রাফী, চৰিত্র চয়ন, ডায়লগ, মেকআপ কোনো এটা দিশতে খুঁত উলিয়াব নোৱাৰাকৈ এখন উপভোগ্য ৱেব ছিৰিজ ৷

ফোন : ৮৮২২৯-৭১২১৭

You might also like
Leave A Reply

Your email address will not be published.