নাৰদী 

 মৌচুমী শর্মা বৰকাকতী

শুনকচোন বৰুৱানী বৰ গুৰুত্বপূর্ণ কথা এটা কবলৈ আছে আপোনাক ৷ চুবুৰীয়া সৰবৰহী মহিলা বিনীতা বৰুৱাক উদ্দেশ্যি জুনু বৰাই কথাষাৰ কয় ৷

কি কথা আছিল বাহদেউ বিনীতা বৰুৱাই জুনুৰ পৰা জানিব বিচাৰে ৷

আমাৰ সোণৰ বিয়াখন পাতি দিওঁ বুলি ভাবিছেছা ৷ তাৰ বাবে ভাল ছোৱালী এজনী চাবচোন ৷ দেখাত অলপ ধুনীয়া আৰু পঢ়া–শুনাত ভাল হলে ভাল আৰু৷ বাকী ছোৱালীৰ ঘৰখনৰ লগত কোনো কথা নাই ৷ আমি ধনী–দুখীয়া চাই নাথাকোঁ ৷ ছোৱালীজনী ভাল হলেই হল স্বভাৱ–চৰিত্রত ৷ এনেয়ো আমি ছোৱালীৰ লগত একো নলওঁ ৷ তাকে চাই–মেলি অলপ ভাল ছোৱালী এজনীৰ খবৰ কৰিবচোন ৷

জুনু বৰাৰ কথা শুনি বিনীতা বৰুৱা অলপ সময়লৈকে থৰ হৈ ৰল ৷ কি উত্তৰ দিব তেওঁ যেন ভাবিয়েহ পোৱা নাই ৷

বিনীতা বৰুৱাই একো নোকোৱা দেখি জুনু বৰাই পুনৰ মাত দিয়ে ৷  কি হল বৰুৱানী, আছে নেকি আপোনাৰ চকুত কোনোবা ভাল ছোৱালী ৷ সোনকালে পালেই ভালেই পাওঁ দেৰি কৰি নাথাকোঁ আৰু যিমান পাৰোঁ সোনকালে বিয়াখন পাতি দি আমি মাক–বাপেকহাল আজৰি হৈ লওঁ বুলি ভাবিছেছা ৷

বিনীতা বৰুৱাই কি উত্তৰ দিব ভাবি নাপায় ৷ হলেও একো নোকোৱাকৈ থাকিলে বৰানীয়ে বেয়া পাব বুলি লাহেকৈ মাতষাৰ দিয়ে ৷ বাইদেউ আজিকালিচোন লৰা–ছোৱালীয়ে বিয়া–বাৰু নিজেই ঠিক কৰে ৷ গতিকে লৰা–ছোৱালী পাবলৈ অলপ দিগদাৰেই হল ৷ তথাপিতো আপুনি কৈছে যেতিয়া মই চাম বাৰু ৷ বৰুৱানীয়ে কথাষাৰ অলপ গা এৰা দিয়াৰ দৰে কয় ৷

তাকে অ বৰুৱানী ৷ আমাৰ লৰাইহে চাব নাজানিলে ৷ আগতে চাই থোৱা হলে আমাৰ ইমান সমস্যা নহলহেঁতেন ৷ কথাষাৰ কৈ বৰানীয়ে হাঁহিবলৈ ধৰে ৷ নিজৰ কথাত নিজে ৰস পোৱাৰ ধৰণেৰে ৷

বিনীতা বৰুৱায়ো জুনুৰ লগতে হাঁহি দিয়ে ৷ তেওঁ যিমান পাৰে সিমান বিষয়টোৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰে ৷

বৰানীয়েও বুজি পায় বৰুৱানীয়ে যে গা এৰা দিব বিচাৰিছে ৷ তথাপি তেওঁ পুনৰ কয় ৷ বিনীতা তুমি আজিকালি আমাৰ ঘৰলৈ কমকৈ অহা হলা নহয়, সেইবাবে কিছুমান কথা গম নোপোৱা চাগে ৷ আজিকালি আমাৰ সোণৰ সেই আগৰ লগ–সংগবোৰ নাই ৷ বেছিভাগ সময় ঘৰতে থাকে ৷ গতিকে ভাল চাহ ছোৱালী এজনী চাবাচোন ৷ বিয়াখন পাতি দিলে লৰাটোৰ গতি লাগিব মানে ঘৰ–সংসাৰৰ দায়িত্ব বাঢ়ি যাব যে ৷

বিনীতা বৰুৱাই বুজি পায় যে বৰানীয়ে আজি তেওঁক সহজে এৰি নিদিয়ে ৷ গতিকে তেওঁ কথা নবঢ়াই হব বুলি শলাগী থলে ৷

বাহদেউ মই খবৰ কৰি আপোনাক জনাম বাৰু ৷ বিনীতা বৰুৱাই কয় ৷

বঁটাটোৰ পৰা চফকেইটা মুখত ভৰাই বৰানীৰ পৰা বিদায় লৈ বিনীতা ঘৰখনৰ পৰা ওলাই আহে ৷

গেটখন পাৰ হৈ তেওঁ দীঘলকৈ উশাহ এটা লয় ৷ কি কি যে মানুহবোৰ থাকে নহয় সমাজত ৷ ছোৱালী বলিয়া, ড্রাগ্ছ এডিকটেড লৰাটোক ভাল কৰিবলৈ এইবাৰ আকৌ ছোৱালী লাগে ৷ বিয়া পাতি দিলে লৰা ভাল হৈ যাব ৷ এনেকুৱা কথাবোৰ কৰ পৰা ভাবি পায় বাৰু ৷ দুটা বছৰ ৰিহেবিটেচন চেণ্টাৰত ৰাখি ইমান টকা–পইচা খৰচ কৰি ভাল কৰিব নোৱাৰা লৰাটোক এজনী ছোৱালীয়ে ভাল কৰি দিব ৷ এইবোৰ কেনে কথা ৷ আৰু বোলে তেওঁলোকে যৌতুক নোলোৱাকৈ বিয়া কৰাব এনে ডাঙৰ কাম কৰিব অ৷ দুখীয়া ঘৰৰ ছোৱালী এজনীৰ জীৱনটো ধবংস কৰিবলৈ কি কি যে বুদ্ধি কৰিছে নহয় ৷ পিছত বোৱাৰীয়ে সকলো গম পাই বিৰোধিতা কৰিলে বোৱাৰী বেয়া, বোৱাৰীৰ চৰিত্রত ধৰিব ৷

মনৰ ভিতৰতে ভোৰভোৰায় বিনীতাই ৷ নিজৰ মনৰ ভিতৰতে গুজৰি গুমৰি  আহি কেতিয়ানো তেওঁ নিজৰ ঘৰ পালে নিজেই গম নাপালে ৷

দিন বাগৰে ৷ বিনীতাই কথাবোৰ প্রায় পাহৰি পেলায় ৷ এনেয়ো তেওঁৰ সমাজৰ বহু কথা চিন্তা কৰিবলগীয়া থাকে ৷ কিন্তু বৰানীক দেখিলেই অলপ আঁতৰি দিয়ে কিজানিবা পুনৰ কথাবোৰ উলিয়ায় ৷

হঠাৎ এদিন বিনীতাৰ নতুনকৈ বি এ পঢ়িবলৈ যোৱা কন্যা ৰুলীৰ কথা শুনি তেওঁ শিলপৰা কপৌৰ দৰে অৱস্থা  হল ৷ মানে দিনত বৰুৱানী নথকাৰ সময়ত বৰানী আৰু বৰা দুয়োজনেই আহি বোলে সোণৰ বিয়াৰ বাবে তেওঁলোকক মাতি থৈ গৈছেহি ৷

বিনীতাই আচৰিত হৈ ৰুলীক সোধে, হয়নে ৰুলী বৰমাই সোণ দাদাৰ  বাবে ছোৱালী কৰ পৰা আনিব কিবা কৈছিল নেকি তোক !!

মা সোণ দাদাৰ কইনা বোলে আমাৰ কলেজতে পঢ়ে, মোতকৈ এটা বছৰৰ ডাঙৰ ৷ মই ছোৱালীজনীক চিনি নাপাওঁ, কিন্তু সকলোৰে মুখত তাইৰ নাম শুনিছোঁ বহুত চোকা আৰু ধুনীয়া ছোৱালী ৷ বৰমাহঁতে বিয়াবোলে সোনকালেই পাতিব ৷ বিয়াৰ পিছতো বৌক পঢ়িবলৈ দিব ৷

হয়ে !! বিনীতাই ৰুলীৰ কথা শুনি কি কম কি নকম লাগিল ৷ ৰুলী মই কাইলৈ তোৰ লগতে কলেজলৈ এপাক যামচোন দেই ৷

কিয় ম ! ৰুলী আচৰিত হয় মাকে হঠাৎ কোৱা কথাষাৰ শুনি ৷

এনেয়ে মোৰ অলপ কাম আছে ৷ বিনীতাই সামৰি থয় ৷

পিছদিনা পুৱা বিনীতা নিজৰ সকলো কাম বাদ দি ৰুলীৰ লগতে কলেজলৈ বুলি ওলাই যায় ৷

এইটো মদন শইকীয়াৰ ঘৰ হয়নে বাৰু ৷

হয়, হয় আহকচোন ৷ আপুনি অলপ বহক দেহ ৷ তেওঁৰ গাটো অলপ বেয়া ৷ বিছনাতে থাকে, নিজে উঠা–বহা কৰিব নোৱাৰে ৷  মই তেখেতক বাহিৰলৈ উলিয়াই আনো ৷

হব বুলি শলাগে আগন্তুকে ৷

ভিতৰৰ পৰা হুইল চেয়াৰত বহুৱাই মানুহগৰাকীয়ে এজন মানুহক বাহিৰলৈ উলিয়াই আনে ৷

নমস্কাৰ, মোৰ নাম বিনীতা বৰুৱা ৷ মই এটা বিশেষ কথাৰ বাবে আপোনালোকৰ ঘৰলৈ আহিলোঁ ৷ সমাজসেৱিকা হিচাপে সেইটো মোৰ দায়িত্ব বুলিয়ে ভাবোঁ ৷ তদুপৰি মই মহিলা সমিতিৰ সম্পাদিকা হয় এই অঞ্চলৰ ৷ এইটো পদত থাকি মহিলাৰ সুৰক্ষাৰ বাবে কিছুমান কাম কৰাটো মোৰ দায়িত্ব ৷ কিয়নো মহিলা সমিতিত বেলেগৰ বদনাম, বোৱাৰীৰ মৃত্যুৰ পিছত ধর্ণা  দিয়া, যৌতুকৰ বলি হোৱা ছোৱালীজনীক লৈ আলোচনা কৰাতকৈ এইটো কৰাই ভাল বুলি মোৰ মনে কলে ৷ সেইবাবে মই মাতৃ হিচাপে, এগৰাকী নাৰী হিচাপে আপোনালোকক আগতীয়াকৈ কথাখিনি জনাবলৈ আহিছেছা ৷

বাইদেউ আপুনি কি কব বিচাৰিছে বুজাই কওকচোন এইবাৰ মানুহজনৰ কাষতে থকা মানুহগৰাকীয়ে মাত দিয়ে ৷

তেতিয়াহলে শুনক, আপোনালোকে আপোনালোকৰ ছোৱালীজনীৰ বিয়াখন ভাঙি দিয়ক ৷ কিয়নো সেই লৰাটো কোনোপ্রকাৰে আপোনালোকৰ ছোৱালীৰ উপযুক্ত নহয় ৷ ড্রাগ্ছ এডিকটেড লৰাটো বর্তমান সময়ত সম্পূর্ণ সুস্থ নহয় ৷ মাক–দেউতাকে কেৱল নিজৰ দায়িত্ব সাৰিবলৈ আপোনালোকৰ ছোৱালীজনীৰ জীৱন ধবংস কৰিব বিচাৰিছে ৷ সি বিয়া পাতিব পৰাকৈ মানসিক স্থিতিত নাই ৷ গতিকে পিছত চকুলো টোকাতকৈ এতিয়াই সামৰণি মাৰক ৷ তদুপৰি আপোনালোকৰ ছোৱালীৰ বয়স কম ৷ পঢ়াতো চোকা ৷ পঢ়ি–শুনি কিবা এটা কৰি লবলৈ সাহস দিয়ক ৷ বিয়া পিছতো দিব পাৰিব ৷

কথাকেইষাৰ কৈ বিনীতা ঘৰখনৰ পৰা ওলাই আহে ৷ এইবাৰ তেওঁৰ মনটো মুকলি মুকলি লাগে ৷ হওক তেওঁ লগনী কাউৰী, নাৰদ নাইবা বহু কিবাকিবি সমাজৰ চকুত ৷ কিন্তু তেওঁ জানে তেওঁ একো বেয়া কৰা নাই ৷ যি কৰিছে সদায় কাৰোবাৰ জীৱন বচাবলৈ কৰিছে ৷ তাৰ বাবে সমাজৰ এক শ্রেণীৰ মানুহৰ গৰিহণা আন শ্রেণীৰ আশীর্বাদ ৷ আশীর্বাদতকৈ শ্রেষ্ঠ আৰু একো নাই তেওঁৰ চকুত ৷

দুটা মান দিনৰ পিছত উখল–মাখল হৈ পৰা বিয়াঘৰ নিজম পৰে৷ তাৰ সলনি ঘৰখনৰ পৰা ভাহি আহে কিছুমান গুৱাল–গালি আৰু চিঞৰ–বাখৰ ৷

নাভাঙিবি সোণ, তোৰ বাবে বেলেগ ভাল এজনী চাম এইজনীকৈও ভাল ৷

ফোনঃ   ৮৬৩৮৬-০১৪২৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.