সত্য কাহিনীৰ আলমত দ্য কেৰালা ষ্টৰী

প্রণৱজ্যোতি মহন্ত

বহু বিতর্কৰ মাজতে ৫ মেত ছবিগৃহত মুক্তি পালে পৰিচালক সুদীপ্ত সেনৰ দ্য কেৰালা ষ্টৰী ৷ শেহতীয়াকৈ বিতর্কৰ বাবে নির্মাতাহ ছবিখনৰ ট্ৰেইলাৰতো পৰিৱর্তন কৰিবলগীয়া হৈছিল ৷ এনেদৰে চালে সঁচা ঘটনাৰ আধাৰত এখন ছবি নির্মাণে চিনেমা নির্মাতাক সদায় আকর্ষণ কৰি আহিছে, কিন্তু যেতিয়া নির্মাতাই এটা সঁচা ঘটনা পর্দালৈ আনে, তেতিয়া তেওঁৰ দায়িত্ব বাঢ়ি যায় ৷ কাল্পনিক কাহিনীত চিনেমাৰ স্বাধীনতা লব পাৰি, কিন্তু সঁচা পৰিঘটনাৰ আধাৰত নির্মিত ছবিত সৰুতম অযুক্তিকৰ কথাও আবদ্ধ হৈ পৰে আৰু ফলত হয়াৰ প্রভাৱ কমি যায় ৷ কেৰালাত হিন্দু যুৱতীৰ ইছলাম ধর্মান্তৰকৰণ আৰু উগ্রবাদৰ অভিযোগক কেন্দ্র কৰি ছবিখন প্রস্তুত কৰা হৈছে ৷ কেৰালাৰ তিনিগৰাকী যুৱতীৰ সত্য কাহিনীৰ আধাৰত নির্মিত বুলি দাবী কৰা হৈছে ছবিখন ৷

 দ্য কেৰালা ষ্টৰীৰ কাহিনী

কাহিনীৰ আৰম্ভণিতে তদন্তকাৰী বিষয়াৰে আগুৰি থকা ফাতিমা ওৰফে শালিনী উন্নিকৃষনে আদাহ শর্মা নিজৰ ভয়ংকৰ আৰু বেদনাদায়ক অতীত বর্ণনা কৰি কয়, মই কেতিয়া আইছিছত যোগদান কৰিলোঁ জানিবলৈ এইটো জনাটো প্রয়োজনীয় যে মই কেনেকৈ আৰু কি পৰিস্থিতিত যোগদান কৰিলোঁ তাৰ পিছত ইয়াৰ মূল কাহিনীটো আৰম্ভ হয়, যত কেৰালাৰ কাছাৰগোড়ৰ এখন নার্ছিং স্কুলত চাৰিগৰাকী ছাত্রীয়ে নামভর্তি লয়, যত শালিনীয়ে নিজৰ ৰুমমেট গীতাঞ্জলি সিদ্ধি ইদনানী, নিমাই যোগীতা বিহানী আৰু আছিফা ছোনিয়া বালানীৰ সৈতে এটা কোঠাত একেলগে থাকে ৷ আৰু তিনিও খুব কম সময়তে ঘনিষ্ঠ বান্ধৱী হৈ পৰে ৷ অৱশ্যে আছিফাৰ অশুভ উদ্দেশ্যৰ বিষয়ে শালিনী, গীতাঞ্জলি আৰু নিমাই সম্পূর্ণ অজ্ঞাত ৷

আচলতে আছিফাৰ এটা লুকাই থকা এজেণ্ডা আছে নিজৰ ৰুমমেটসকলক তেওঁলোকৰ পৰিয়াল আৰু ধর্মৰ পৰা আঁতৰাই ইছলাম ধর্মলৈ ধর্মান্তৰিত কৰাৰ ৷ ইয়াৰ বাবে তেওঁ ভুৱা ভাতৃ দুজনৰ সমর্থন লৈ এনে এটা ফান্দ পাতি দি তেওঁ লগৰ বান্ধৱীসকলক উগ্রপন্থী সংগঠনৰ সৈতে জড়িত কৰি তোলে ৷ ব্রেইন ৱাছৰ বাবে ড্রাগ্ছ দিয়া হয়, পৰিয়ালৰ প্রতি ঘৃণা আৰু ধর্মৰ প্রতি অনাস্থা জগাই তোলা হয় ৷ কেৱল এয়াই নহয়, শালিনীক প্রেমৰ জালত আবদ্ধ কৰি ৰখা ৰমীজে তেওঁক গর্ভৱতী কৰি তোলে ৷  সমাজৰ ভয়ত শালিনীয়ে ইছলাম ধর্ম গ্রহণ কৰি অচিনাকি মানুহ এজনক বিয়া কৰাই ভাৰত এৰি পাকিস্তান আৰু আফগানিস্তান হৈ ছিৰিয়ালৈ পলায়ন কৰে ৷ আগন্তুক যাত্রা শালিনীৰ বাবে আৰু অধিক ভয়ংকৰ বুলি প্রমাণিত হয়, ইপিনে ভাৰতত তেওঁৰ বান্ধৱী গীতাঞ্জলি আৰু নিমাহ দুয়োগৰাকীয়েও নৰকৰ মাজেৰে পাৰ হবলগীয়া হয় ৷

পৰিচালক হিচাপে সুদীপ্ত সেনে নিজৰ চৰিত্রসমূহৰ জৰিয়তে ভয় আৰু অস্বস্তিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু তেওঁৰ চৰিত্রবোৰ সম্পূর্ণ কলা–বগা ৷ তেওঁৰ কাহিনীত ধূসৰ চৰিত্রৰ কোনো পৰিসৰ নাই ৷ যুৱক–যুৱতীসকলক্ ব্রেইন ৱাছ কৰি সন্ত্রাসবাদৰ গাঁতত উটুৱাই দিয়াটো অতি গুৰুতৰ বিষয় যদিও ছবিখনত ইয়াৰ প্রক্ষেপণ যেন বিপথে পৰিচালিত ৷ ছবিখনৰ যুৱতীকেহগৰাকীৰ ব্রেইন ৱাছ কৰাৰ প্রক্রিয়াটো বৰ শিশুসুলভ যেন লাগিছে ৷ আছিফা আৰু তেওঁৰ সহযোগীসকলে স্নাতক পর্যায়ৰ যুৱতীসকলক যিদৰে ঠগিছে বা প্রতাৰণা কৰিছে, সেয়া গ্রহণযোগ্য নহয় ৷ হাস্পতালত পৰি থকা দেউতাকক গীতাঞ্জলিয়ে থু পেলোৱা, কলম্বোত সত্য জানিও শালিনীয়ে ছিৰিয়ালৈ যোৱা আদি দৃশ্যসমূহত আৰু কিছু কৰিবলগীয়া আছিল যেন অনুমান হয় ৷

ছবিখনৰ হিংসাত্মক আৰু ধর্ষণৰ দৃশ্যই হয়তো দুর্বল হূদয়ৰ লোকক শীতল কৰি তুলিব পাৰে ৷ এনেধৰণৰ বহু সংলাপেও বিভিন্ন সম্প্রদায় আৰু মতাদর্শৰ লোকৰ আৱেগক আঘাত দিব পাৰে ৷ ছবিখনৰ সম্পাদনা অলপ কটকটীয়া হব পাৰিলেহেঁতেন ৷ অৱশ্যে প্রশান্তনু মহাপাত্রৰ চিনেমেটগ্রাফীত কেৰালাৰ পৰা আফগানিস্তানলৈকে অতি সুন্দৰকৈ দেখুওৱা হৈছে ৷

অভিনয়ৰ ক্ষেত্রত আদাহ শর্মাহ তেওঁৰ নির্দোষতাক এফালে শালিনীৰ ৰূপত আৰু আনফালে ভয়, অসহায়তা, খং আৰু যন্ত্রণাক ফাতিমাৰ ৰূপত চিত্রিত কৰিছে ৷ ছবিখনত আদাহৰ কাম প্রশংসনীয় ৷ বন্ধু  হিচাপে যোগীতা বিহানী আৰু সিদ্ধি হদনানীয়েও নিজৰ ভূমিকাৰ সৈতে সুন্দৰ অভিনয় কৰিছে যদিও তেওঁলোকৰ চৰিত্রত গভীৰতাৰ অভাৱ ৷

ইফালে আদাই শর্মা অভিনীত ছবিখন চাবলৈ চিনেমা হলত ভিৰ কৰাৰ সময়তে বিপুলসংখ্যক ফুটফলৰ সাক্ষী হৈ পৰিছে ৷ মুক্তিৰ পিছৰে পৰা এই বিতর্কিত ছবিখনে শিৰোনাম দখল কৰি আহিছে ৷ সুদীপ্ত সেন পৰিচালিত দ্য কেৰালা ষ্টৰীয়ে শেহতীয়াকৈ ১৫০ কোটি টকাৰ ক্লাবত স্থান পঞ্জীয়ন কৰিছে ৷ ১৭ মেত ছবিখনৰ উপার্জন সামান্য হ্রাস পাইছিল, কিন্তু ঘৰুৱা বক্স অফিচত ১৬৫ কোটি টকা সংগ্রহ কৰিবলৈ সক্ষম হয় ৷ কেইবাটাও বিতর্কৰ মাজতো দ্য কেৰালা ষ্টৰী ২০২৩ চনৰ দ্বিতীয় সর্বাধিক উপার্জনকাৰী হিন্দী ছবি হিচাপে আত্মপ্রকাশ কৰিছে ৷

ফোনঃ  ৯৩৬৫৪ ৬৯৩৬৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.