শৰীৰ চর্চাৰ আয়ুর্বেদিক ধাৰণা

ডাঃ দুলুমণি কলিতা

ব্যায়াম বা শৰীৰ চর্চা হৈছে শাৰীৰিক কার্যকলাপ, যিবোৰে শৰীৰৰ স্থিৰতা আৰু শক্তি আনিবলৈ সহায়ক হয় ৷ ইয়াক সংযতভাৱে দৈনিক অনুশীলন কৰা উচিত ৷ কিন্তু যেতিয়া এজন ব্যক্তিয়ে অত্যধিক শাৰীৰিক ব্যায়াম কৰে, ই ব্যক্তিজনক লাভান্বিত কৰিব নোৱাৰে ৷ ব্যায়াম বিভিন্ন ধৰণৰ দেখা যায় ৷ ব্যায়ামৰ বাছনি ব্যক্তিএজনৰ শৰীৰৰ প্রকাৰ, ক্ষমতা, পছন্দ, স্থান, ঋতু আদিৰ ওপৰত নির্ভৰ কৰে ৷

দৈনন্দিন দিনচর্যাত ব্যায়াম অন্তর্ভুক্তি এটা সুস্থ শৰীৰ আৰু মনৰ বাবে নিতান্তই প্রয়োজনীয় ৷ নিত্য ব্যায়ামৰ অনুশীলনে এজন ব্যক্তিক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ–সবল কৰি ৰখাৰ লগতে সাম্প্রতিক সময়ৰ জীৱনশৈলীজনিত ৰোগৰ কু–প্রভাৱৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰে ৷

আয়ুর্বেদ বিজ্ঞানত প্রতিজন ব্যক্তিৰ দেহৰ গঠন, বয়স, প্রকৃতি আৰু শক্তি অনুসাৰে আহাৰ, ঔষধ আনকি ব্যায়ামো নির্ধাৰণ কৰা আছে ৷ যিয়ে আয়ুর্বেদ বিজ্ঞানক আৰু এখোপ আগবঢ়াই লৈ গৈছে ৷

ত্রিদোষ অনুসাৰে ব্যায়ামৰ প্রকাৰঃ

¨বাত ক্ষীণ আৰু ৰুক্ষ ব্যক্তি শৰীৰৰ প্রকাৰবোৰে যোগ, খোজ কা, চাইকেল চলোৱা আদিৰ দৰে পাতল ব্যায়াম বাছনি কৰিব লাগে ৷

¨পিত্ত শৰীৰৰ মধ্যম শক্তিৱান লোকসকলে মজলীয়া শক্তিৰ ব্যায়াম কৰিব লগে ৷

¨আনহাতে কফ প্রভাৱশালী আৰু শক্তিশালী লোকসকলে সাধাৰণতে ভাৰোত্তোলন, দৌৰা, পেশী প্রশিক্ষণ আদিৰ দৰে কঠোৰ ব্যায়াম কৰিব লাগে ৷

আয়ুর্বেদে অর্ধশক্তি ব্যায়ামৰ পৰামর্শ দিয়ে, অর্থাৎ ব্যায়ামৰ পৰিমাণ এজন লোকৰ শাৰীৰিক শক্তিৰ আধা হোৱা উচিত ৷ এই নিয়মটো সেইসকল লোকৰ বাবে যি শক্তিশালী আৰু পথ্য আহাৰ সেৱনকাৰী আৰু লগতে কেৱল শীত আৰু বসন্ত ঋতুতহে এই নিয়ম ফলপ্রসূ হয় ৷ আন ঋতুত মৃদু ব্যায়াম কৰা উচিত ৷ কিয়নো আন সময়ত শৰীৰৰ ওপৰত ঋতুৰ প্রভাৱৰ বাবে ব্যক্তি এজনৰ শক্তি স্বাভাৱিকতে কম হয় ৷ যদি কোনোবাই অত্যধিক ব্যায়াম কৰে, তেতিয়া শৰীৰৰ দুর্বলতা, বমি, অত্যধিক পিয়াহ, অৱসাদ, কাহ, উশাহ লোৱাত কষ্ট, ভাগৰ ইত্যাদি হোৱা দেখা যায় ৷

ব্যায়াম এজন ব্যক্তিয়ে কেতিয়ালৈ কৰিব লাগে

ব্যায়াম কৰি থকা সময়ত যেতিয়া শৰীৰত শ্বসন বৃদ্ধি হয়, ঘাম বেছিকৈ ওলায়, বিশেষকৈ কপালত ঘামৰ সৃষ্টি হয়, শৰীৰত লাঘৱতা আহে, মুখৰ দ্বাৰা উশাহ লোৱা যায় আৰু মুখৰ মৃদু শুষ্ক্তা হয়, তেতিয়া ব্যায়াম কৰা বন্ধ কৰিব লাগে ৷

কি কি সময়ত ব্যায়াম পৰিহাৰ কৰিব লাগেঃ

  • দুর্বল হৈ থকা সময়ত
  • অতিৰিক্ত ভ্রমণ বা ওজন উত্তোলন বা অতিৰিক্ত যৌন সম্ভোগৰ পিছত
  • অত্যধিক কষ্টকৰ জীৱিকাত জডিত ব্যক্তি
  • অতি ভাগৰুৱা ব্যক্তি
  • শিশু
  • গর্ভৱতী
  • বৃদ্ধ ব্যক্তি
  • বিশেষকৈ ক্ষীণকায় আৰু দুর্বল শৰীৰৰ লোকে
  • ৰোগত ভুগি থকা লোকসকল
  • যেতিয়া এজন ব্যক্তি ভোকাতুৰ বা তৃষাতুৰ হৈ থাকে
  • বদহজম অৱস্থাত
  • আহাৰৰ ঠিক পিছতে
  • দুখ, খং, ভয়ৰ অৱস্থাত
  • হাঁওফাঁও, কাহ, উশাহত কষ্ট, ৰক্তক্ষৰণৰ ৰোগত ভুগি থকা লোকে ৷

সঠিক ব্যায়াম কৰাৰ লাভালাভঃ

  • এলাহ ভাব হ্রাস কৰে
  • শৰীৰ শক্তিশালী আৰু সংহত কৰে
  • হজম শক্তি বৃদ্ধি কৰে
  • বয়সজনিত সমস্যা দূৰ কৰে
  • শৰীৰক লঘুতা প্রদান কৰে
  • ত্রিদোষৰ ভাৰসাম্য ৰক্ষা কৰে
  • অতিৰিক্ত চর্বি হ্রাস কৰে
  • ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে
  • মানসিক চাপ উপশম কৰে
  • আয়ুস বৃদ্ধি কৰে
  • সহনশীলতা বৃদ্ধি কৰে
  • শৰীৰৰ স্থিৰতা বৃদ্ধি কৰে

সাধাৰণতে চ্ছ্র ধৰণৰ ব্যায়ামৰ স্থিতি থকা বুলি জনা যায়

১ সহনশীল ব্যায়াম(Endurance Exercise)

২ শক্তি ব্যায়াম(Strength Exercise)

৩ ভাৰসাম্য ব্যায়াম(Balance Exercise)

৪ নমনীয়তা ব্যায়াম(Flexibility Exercise)

সহনশীল ব্যায়াম

ইয়াকেই এৰবিক বুলি কোৱা হয়, যত উশাহ আৰু হূদস্পন্দনৰ হাৰ বৃদ্ধি হয় ৷ এই কার্যকলাপবোৰে আপোনাক স্বাস্থ্যৱান ৰখাত, আপোনাৰ ফিটনেছ উন্নত কৰাত সহায় কৰে, আৰু আপুনি প্রতিদিনে কৰিব লগা কামবোৰ সম্পাদন কৰাত আপোনাক সহায় কৰে ৷ সহনশীলতাৰ ব্যায়ামে আপোনাৰ হূদযন্ত্র, হাঁওফাঁও আৰু সংবহন তন্ত্রৰ স্বাস্থ্য উন্নত কৰে ৷ এহবোৰে ডায়েবেটিছ, মলাশয় আৰু স্তনৰ কর্কট ৰোগ, হূদৰোগ আৰু অন্যান্যৰ দৰে বয়সস্থ প্রাপ্তবয়স্ক্ লোকৰ ক্ষেত্রত সচৰাচৰ হোৱা বহুতো ৰোগ প্রতিৰোধ কৰিব পাৰে ৷ ইয়াত অন্তর্ভুক্ত কিছু ব্যায়াম হল

  • দ্রুত খোজ কা বা জগিং কৰা
  • বাগিচাৰ কাম কৰা
  • নৃত্য
  • সাঁতোৰ
  • চিৰি বা পাহাৰ বগোৱা
  • টেনিছ বা বাস্কেটবল আদি খেলা

সাৱধানতা

¨এহ ব্যায়াম কৰাৰ আগত আৰু পিছত অলপ পাতল ক্রিয়া কৰিব, যেনে– খোজ কা, ষ্ট্রেচিং কৰা আদি ৷

¨যদি ব্যায়ামৰ ফলত আপোনাৰ মূৰ ঘূৰোৱা, বুকুৰ বিষ বা চাপ, বুকু লা আদিৰ দৰে অনুভৱ হয়, তেন্তে তৎক্ষণাৎ এহ ব্যায়াম বন্ধ কৰিব ৷

¨যিকোনো ব্যায়ামৰ লগতে পানী বা যিকোনো পুষ্টিকৰ তৰল পান কৰাটো নিশ্চিত কৰিব লাগে ৷

¨বাহ্যিক মুক্ত পৰিৱেশত ব্যায়াম কৰাৰ আগতে চাৰিওফালে পর্যবেক্ষণ কৰাৰ পিছতহে ব্যায়াম আৰম্ভ কৰিব আৰু বিশেষভাৱে সজাগ হৈ থাকিব লাগে ৷

শক্তিবর্ধক ব্যায়াম

বয়সৰ সৈতে আমাৰ শৰীৰৰ মাংসপেশীৰ ভৰ হ্রাস হবলৈ ধৰে আৰু ইয়াৰ ফলত দুর্বলতা আহি পৰে ৷ শক্তি বর্ধক ব্যায়ামে এইক্ষেত্রত আপোনাক সহায় কৰিব পাৰে৷ শক্তিশালী পেশীয়ে আপোনাক শাৰীৰিক শক্তি যোগান ধৰাৰ লগতেহাড়ৰ বিকাশ, ৰক্তশর্কৰা স্তৰ হ্রাস, ওজন নিয়ন্ত্রণ, ভাৰসাম্য আৰু ভংগী উন্নত আৰু তল পিঠি আৰু গাঁঠিৰ চাপ আৰু বিষ হ্রাস কৰাত সহায় কৰে ৷

ইয়াত অন্তর্ভুক্ত কিছু ব্যায়াম

  • ভাৰোত্তোলন
  • দৈনন্দিন কার্যত শাৰীৰিক পৰিশ্রম
  • পুছ–আপ
  • নিজৰ শৰীৰৰ ভাৰ উত্তোলন কৰা

সাৱধানতা

¨শক্তি ব্যায়ামৰ সময়ত বেছি দেৰিলৈকে উশাহ বন্ধ নকৰিব আৰু নিয়মীয়াকৈ উশাহ লব৷

¨ভাৰ উঠোৱা বা ঠেলি দিয়াৰ লগে লগে উশাহ লওক, আৰু আপুনি শিথিল হোৱাৰ লগে লগে উশাহ লওক৷

¨যদি আপুনি কোনো নির্দিষ্ট ব্যায়াম কৰাৰ বিষয়ে নিষ্চিত নহয়, তেন্তে আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক ৷

ভাৰসাম্য ব্যায়াম

ভাৰসাম্য ব্যায়ামবোৰ আপোনাৰ ভৰিকেহখনৰ ওপৰত শৰীৰৰ স্থিৰতা নিষ্চিত কৰিবলৈ কৰা হয় ৷ ভাৰসাম্যহীনতাৰ ফলত পৰি যোৱাৰ আৰু আঘাতপ্রাপ্ত হোৱাৰ আশংকা থাকে ৷ এই সমস্যাটো বর্ধিত বয়সৰ লগত গুৰুতৰ হৈ পৰে, যেতিয়া আমাৰ শৰীৰৰ ভাৰসাম্য বজাই ৰখা প্রণালী অন্তর্ভুক্ত থাকে দৃষ্টিশক্তি, কাণৰ ভিতৰৰ অংশ, ভৰিৰ মাংসপেশী আৰু সন্ধি–টো দুর্বল হবলৈ ধৰে ৷

ভাৰসাম্য ব্যায়ামবোৰৰ ভিতৰত আছে

  • ¨টাহ চি(Tai Chi)– এক গতিশীল ধ্যান, যত গভীৰভাৱে উশাহ লোৱাৰ লগে লগে শৰীৰটো লাহে লাহে আৰু সঠিকভাৱে স্থানান্তৰ কৰা হয় ৷এখন ভৰিৰ ওপৰত থিয় হৈ থকা
  • খোজকােোঁতে ভৰিৰ গোৰোহালৈকে ব্যৱহাৰ কৰা
  • ভাৰসাম্য নিয়ন্ত্রণ কৰি খোজকঢ়া
  • বহি থকা অৱস্থানৰ পৰা থিয় হোৱা

সাৱধানতা

  • যদি আপুনি অস্থিৰ অনুভৱ কৰে তেনেহলে ধৰি ৰাখিবলৈ ওচৰত এখন মজবুত চকী বা ব্যক্তি থাকিব লাগে ৷
  • যদি আপুনি কোনো নির্দিষ্ট ব্যায়ামৰ বিষয়ে নিষ্চিত নহয়, তেন্তে বিশেষজ্ঞৰ সৈতে আলোচনা কৰাৰ পাছতহে ইয়াক প্রয়োগ কৰিব ৷

নমনীয়তা ব্যায়াম

প্রসাৰণ(Stretching)–য়ে নমনীয়তা বজাহ ৰখাত সহায় কৰে৷ যেতিয়া আমাৰ পেশীবোৰ স্বাস্থ্যকৰ হৈ থাকে তেতিয়া আমি প্রায়ে সেহটো উপেক্ষা কৰোঁ৷ কিন্তু বয়স বৃদ্ধিৰ লগে লগে পেশী আৰু ধমনীবোৰৰ নমনীয়তা কমি আহে৷ পেশীবোৰ চুটি হয় আৰু সঠিকভাৱে কাম নকৰে৷ হ পেশীৰ সংকোচন আৰু বিষ, পেশীৰ ক্ষতি, চাপ, গাঁঠিৰ বিষ, আৰু ঢলি পৰাৰ আশংকা বৃদ্ধি কৰে, আৰু হ দৈনন্দিন কার্যকলাপবোৰো কঠিন কৰি তোলে৷

একেদৰে পেশীৰ প্রসাৰণৰ ব্যায়াম কৰিলে সেহবোৰ নিয়মীয়াকৈ দীঘল আৰু অধিক নমনীয় হৈ থাকে, যিয়ে আপোনাৰ গতিৰ পৰিসৰ বৃদ্ধি কৰে আৰু বিষ আৰু আঘাতৰ আশংকা হ্রাস কৰে৷

নমনীয়তা ব্যায়ামবোৰৰ ভিতৰত আছে

  • পিছফালে বেঁকা হোৱা
  • উৰুৰ ভিতৰ টনা বা প্রসাৰ কৰা
  • গোৰোহা টনা বা প্রসাৰ কৰা
  • ভৰিৰ পিছফাল টনা বা প্রসাৰ কৰা

সাৱধানতা

পেশীবোৰত গৰম ভাব হোৱাৰ পিছত প্রসাৰণ ব্যায়াম কৰিব লাগে৷ সহনশীলতা বা শক্তি ব্যায়ামৰ পিছত হয়াক প্রসাৰিত কৰক৷

  • বিষোৱা পর্যায়লৈকে কেতিয়াও প্রসাৰিত নকৰিব ৷
  • পেশী প্রসাৰণ কৰোঁতেস্বাভাৱিকভাৱে উশাহ লব৷
  • যদি আপুনি কোনো নির্দিষ্ট ব্যায়ামৰ বিষয়ে নিশ্চিত নহয়, তেন্তে আপোনাৰ বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব ৷

ব্যায়ামৰ বাবে শৰীৰটোক কেনেকৈ প্রস্তুত কৰিব

ব্যায়ামবোৰ একপ্রকাৰে শৰীৰটোক চাপ দিয়াৰ প্রক্রিয়া ৷ সেইবাবে ব্যায়ামৰ আগতে এইটো নিশ্চিত কৰাটো প্রয়োজনীয় যে আপোনাৰ শৰীৰটোৱে আপুনি দিয়া চাপৰ প্রতি ধবনাত্মকৰূপে প্রতিক্রিয়া কৰে ৷ তেতিয়াহে আপুনি ব্যায়ামৰ উপকাৰিতাবোৰ লভিবলৈ সক্ষম হব ৷ তাৰ বাবে কৰণীয়

উপযুক্ত পৰিমাণৰ টোপনি লব লাগে ৷ অতি কমেও ৭ ঘণ্ঢাৰ টোপনি লওক ৷ ব্যায়ামৰ পিছত শৰীৰটোৱে নিজকে চাপৰ পৰা আৰোগ্য কৰিবলৈ সময় লয় আৰু ইয়াৰ বাবে টোপনি যোৱাটো উৎকৃষ্ট উপায় ৷ ভালদৰে বিশ্রাম লোৱাটোৱে কেৱল আপোনাক শক্তি প্রদান কৰাই নহয়, ই আপোনাৰ ভোক হৰমনবোৰো নিয়ন্ত্রণত ৰাখে আৰু আপোনাৰ ফিটনেছ ৰুটিন অব্যাহত ৰখাত সহায় কৰে ৷

  • দৈনিক সুষম আহাৰ গ্রহণ কৰিব লাগে ৷
  • ব্যায়ামৰ আগত শৰীৰ শিথিল কৰিবলৈ কিছু সয়য়ৰ বাবে লঘু ব্যায়ামৰ অনুশীলন কৰিব লাগে, যিয়ে শৰীৰৰ সহিষুতাও বৃদ্ধি কৰিব ৷
  • ব্যায়াম কৰাৰ পিছত গোটেহ শৰীৰটো মৃদুভাৱে মালিচ কৰিব লাগে ৷

ব্যায়ামৰ মাত্রা নির্ধাৰণ

ব্যায়ামৰ মাত্রা সকলো ঋতুতে ব্যক্তিসকলে তেওঁলোকৰ শক্তি অনুসৰি কৰিব লাগে অর্থাৎ মুঠ শক্তিৰ আধা, অন্যথা ই ক্ষতি কৰে ৷

কিছুমান আচার্যই বলার্ধক এনেদৰে গণ্য কৰিছিলযেতিয়া কপাল, নাক, বাহু আৰু কান্ধত প্রচুৰ ঘাম ওলায়, সাধাৰণতে এই লক্ষণবোৰ পৰিশ্রমৰ ওপৰত উল্লেখ কৰা হয়, যাতে অত্যধিক পৰিশ্রম প্রতিহত কৰিব পাৰি, আচার্যসকলক এনে ধৰণৰ লক্ষণ পোৱাৰ পিছত ব্যায়াম বন্ধ কৰিবলৈ পৰামর্শ দিছিল ৷ শৰীৰৰ প্রকাৰ, বয়স আৰু সামগ্রিক স্বাস্থ্যৰ ওপৰত নির্ভৰ কৰি এই পৰিমাণ ব্যক্তি ভেদে পৃথক হব ৷ঠাণ্ডা ঋতুত আৰু বসন্ত ঋতুত শক্তিৰ আধা হ্রাসলৈকে ব্যায়াম কৰিবলৈ পৰামর্শ দিয়া হয়, কিন্তু গ্রীষ্মকাল, বৰষুণ আৰু শৰতৰ বতৰত ব্যৱহাৰ কৰিব লগা শক্তিৰ আধাতকৈও কম ৷

অত্যধিক ব্যায়ামে সৃষ্টি কৰিব পৰা ৰোগ

ভাগৰ, অৱসাদ, ক্ষয় শৰীৰৰ কোষকলা হ্রাস, অত্যধিক পিয়াহ লগা, ৰক্তপিত্ত শৰীৰৰ বিভিন্ন অংশৰ পৰা ৰক্তক্ষৰণ, তম দর্শন চকুৰ সন্মুখত অন্ধকাৰ, কাহ, ৰ আদি ৰোগ, ব্যায়ামৰ অত্যধিক অভ্যাসৰ ফলত উৰক্ষত বুকুত আঘাত হয়, যাৰ ফলত কাহ ৰখাৰ সময়ত তেজ আৰু শ্লেষ্মা ওলাই আহিব পাৰে ৷ আচার্য বাগভট্টহ লগতে উল্লেখ কৰে যে অতিৰিক্ত ব্যায়াম ক্ষতিকাৰক আৰু আনকি মৃত্যুৰ কাৰণো হব পাৰে ৷

সঠিকভাৱে মাত্রাপূর্বক কৰা ব্যায়াম আপোনাৰ শৰীৰৰ বাবে বৰদানস্বৰূপ ৷ তাৰ বিপৰীতে অত্যধিক আৰু নিয়মাৱলী নকৰাকৈ কৰা ব্যায়ামে আপোনাৰ বাবে জীৱনৰ ভাবুকিৰ সৃষ্টি কৰিব পৰে৷ সেয়েহে নিয়মীয়াকৈ সঠিক মাত্রাত ব্যায়াম কৰক আৰু সুস্থ সুঠাম শৰীৰ আৰু মনৰ গৰাকী হওক ৷

ফোনঃ  ৮৬৩৮৭-৪৯৪৯৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.