বাতবিষৰ ফিজিথেৰাপী চিকিৎসা

ডাঃ ৰাজীৱ কাশ্যপ

বাতবিষ বা ৰিউমেটিক পেইন হৈছে একপ্রকাৰৰ অতি বেদনাদায়ক গাঁঠি বিষ, যত একেলগে কেইবাটাও গাঁঠি আক্রান্ত হয় ৷ ডাঙৰ গাঁঠিত যেনে– আঁঠুৰ গাঁঠি, নিতম্বৰ গাঁঠি আদিতকৈ সৰু সৰু গাঁঠি যেনে– আঙুলিৰ গাঁঠিবোৰ আগতে আক্রান্ত হয় ৷ এই বিষটোৰ প্রকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ বাতবিষটো হৈছে একপ্রকাৰৰ অট ইমিউন (Auto Immune)  বা স্ব–প্রতিৰোধ প্রক্রিয়া ৷ আমি জানো যে আমাৰ দেহত বেমাৰৰ বীজাণু প্রৱেশ কৰিলে তাক ধবংস কৰিবলৈ এটা স্ব–প্রতিৰোধ ব্যৱস্থা আছে, যাক ৰোগ প্রতিৰোধ তন্ত্র বোলে ৷ অজ্ঞাত কাৰণবশতঃ দেহত কোনো বীজাণুৰ আক্রমণ নোহোৱাকৈয়ে একপ্রকাৰৰ এণ্টিজেন–এণ্টিবডী বিক্রিয়া হয় আৰু ইয়াৰ ফলত দেহৰ গাঁঠিসমূহৰ এটা চাইনোভিয়াম (Synovium) নামৰ আৱৰণটো প্রথমে আক্রান্ত হয় ৷ ইয়াৰ পিছত গাঁঠিটোৰ হাড়ৰ ওপৰত থকা আর্টিকুলাৰ কার্টিলেজটো ক্ষয় যায় আৰু হাড় দুডালৰ মূৰ দুটা উন্মুক্ত হৈ পৰে ৷ লাহে লাহে হাড় দুডাল ক্ষয় যাবলৈ ধৰে ৷ বেমাৰটো যিমানে বাঢ়ি যায় সিমানেই গাঁঠিটোৰ সঞ্চালন বাধাগ্রস্ত হয় আৰু ইয়াৰ পিছৰ পর্যায়ত গাঁঠিসমূহৰ কিছুমান বিসংগতিয়ে দেখা দিয়ে ৷

বাতবিষ এটা অতিশয় বিষদায়ক বেমাৰ ৷ এই বেমাৰটো সাধাৰণতে প্রাপ্তবয়স্ক্ লোকৰ হোৱা দেখা যায় ৷ মতা মানুহতকৈ মাইকী মানুহৰ এই ৰোগ অধিক হোৱা দেখা যায় ৷ আগতে উল্লেখ কৰি আহিছো যে বংশগত কাৰকৰ বাবে এই ৰোগ হব পাৰে ৷ ধূমপান আৰু অতিমাত্রা ওজন বৃদ্ধিও ইয়াৰ কাৰক হব পাৰে ৷

বাতবিষৰ লক্ষণ

  • এটা বা ততোধিক গাঁঠিৰ বিষ ৷
  • গাঁঠিসমূহ ওখহি উঠে, ৰঙা পাৰে আৰু গাঁঠিটোৰ সঞ্চালনত বিষ অনুভৱ হয় ৷
  •  পুৱা শুই উঠাৰ পিছত কেইঘণ্টামানলৈ গাঁঠিসমূহৰ জঠৰতা অনুভৱ হয় ৷
  • ৰক্তহীনতা ৷
  • মাংসপেশীসমূহৰ আকাৰ সৰু হৈ যায়, যাক Muscle Wasting বুলি কোৱা হয় ৷
  • অষ্টিপৰচিছ ৷
  • গাঁঠিসমূহৰ ছালৰ তলত কিছুমান নডিউল (Nodules) সৃষ্টি হয় ৷
  •  গাঁঠিসমূহত কিছুমান বিসংগতি সৃষ্টি হয় ৷
  • কিছুমান গাঁঠি একেবাৰে লৰচৰ কৰিব নোৱাৰা হয় ৷

ওপৰৰ লক্ষণসমূহ দেখা পালে আমি ব্যক্তি এজন বাতবিষত আক্রান্ত হোৱা বুলি সন্দেহ কৰিব পাৰোঁ ৷ কিন্তু সেইটো নিশ্চিত কৰিবলৈ তেজৰ চিৰামত ৰিংমেটিক ফেক্টৰ (RA Factor) পৰীক্ষা কৰা হয় ৷ তদুপৰি এক্সৰে কৰিলেও গাঁঠিসমূহৰ বিসংগতি, অষ্টিপৰচিছ, হাড়ৰ ঘনত্ব কমি যোৱা দেখা পোৱা যায় ৷

ফিজিথেৰাপী চিকিৎসাৰ লক্ষ্য

বাত বিষ চিকিৎসাৰ দ্বাৰা সম্পূর্ণকৈ আৰোগ্য কৰিব নোৱাৰি ৷ ফিজিথেৰাপী চিকিৎসা বেমাৰটোৰ লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি কৰা হয় ৷ যিহেতু এই বেমাৰটো আৰোগ্য কৰিব পৰা নির্দিষ্ট ঔষধ নাই, ইয়াৰ লক্ষণ সাপেক্ষিক চিকিৎসাত ফিজিথেৰাপী চিকিৎসাই এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে ৷ এই চিকিৎসা পদ্ধতিৰ লক্ষ্যসমূহ হৈছে

  • বিষ আৰু উখহা হ্রাস কৰা ৷
  • গাঁঠিসমূহৰ নিয়মিত সঞ্চাল অক্ষুণ্ণ ৰখা ৷
  • মাংসপেশীৰ ক্ষয় ৰোধ কৰা ৷
  • গাঠিসমূহৰ জঠৰতা দূৰ কৰা আৰু গাঁঠিৰ বিসংগতি ৰোধ কৰা ৷
  • মাংসপেশীৰ সংকোচনত বাধা দিয়া ৷

সাধাৰণতে ভিটামিন চি এই বিষৰ ৰোগীৰ বাবে অতি প্রয়োজনীয় ৷ সেয়েহে ভিটামিন চিৰ দৰব বা ভিটামিন চিযুক্ত খাদ্য যেনে– নেমু টেঙা, কমলা টেঙা, আমলখি, শিলিখা আদি যথেষ্ট পৰিমাণে খাব লাগে ৷

ফিজিথেৰাপী চিকিৎসা

একেবাৰে আৰম্ভণি স্তৰত যাক Acute Stage বুলি কোৱা হয়, বিষ কমাবলৈ গাঁঠিসমূহক জিৰণি দিব লাগে ৷ এই স্তৰত গাঁঠিসমূহৰ যাতে কোনো ধৰণৰ সঞ্চালন নহয়, তাৰ বাবে ২-৩ সপ্তাহলৈ স্প্লিণ্ট (Splint) ব্যৱহাৰ কৰা হয় ৷ তাৰ পিছত স্প্লিণ্ট গুচাই ৰোগীজনক নিজে কৰিব পৰা Active Exercises কৰিব দিয়া হয় ৷ পেৰাফিন ৱাক্স বাথ থেৰাপীটো এইক্ষেত্রত বহুত উপযোগী ৷

বাতবিষৰ চিকিৎসাৰ বিষ কমোৱাই হৈছে প্রথম আৰু প্রধান লক্ষ্য ৷ বিষ কমিবলৈ পেৰাফিন ৱাক্স বাথ থেৰাপীৰ উপৰি হট্ পেক্চ, ইনফ্রা ৰেড থেৰাপী, শ্বর্ট ৱেভ ডায়ের্থামি আদি ব্যৱহাৰ কৰা হয় ৷ মাংসপেশীৰ সংকোচন আৰু ইয়াৰ বিষ কমিবলৈ আইচ পেক থেৰাপী ব্যৱহাৰ কৰিব পাৰি ৷

গাঁঠিসমূহৰ নিয়মিত সঞ্চালন অক্ষুণ্ণ ৰখাটো ফিজিথেৰাপী চিকিৎসাৰ অন্যতম প্রধান লক্ষ্য ৷ বিষ আৰু উখহি থকা বাবে গাঁঠিসমূহৰ নিয়মিত সঞ্চালনত ব্যাঘাত হয় ৷ তদুপৰি মাংসপেশীসমূহ সংকুচিত হোৱা বাবে গাঁঠিটোৰ নির্দিষ্ট সঞ্চালন পৰিমা কমি যায় ৷ Proprioceptive Neuromuscular Facilitation, Hold-Relax, Contract-Relax আদি পদ্ধতিৰে ব্যায়াম কৰিলে মাংসপেশীৰ সংকোচন হ্রাস হয় আৰু গাঁঠিসমূহৰ সঞ্চালন উন্নত হয় ৷ মাংসপেশীৰ শক্তি ববাবলৈ কিছুমান Resisted Exercise ৰোগীৰ বাবে উপযুক্ত হয় ৷ তদুপৰি গাঁঠিৰ বিসংগতি নহবলৈ কিছুমা স্প্লিণ্ট, Orthoses ৰোগীক ব্যৱহাৰ কৰিব দিয়া হয় ৷ হাইড্রথেৰাপীও বিষ কমোৱা আৰু গাঁঠিসমূহৰ সঞ্চালন উন্নত কৰাত সহায়ক হয় ৷ হাইড্রথেৰাপীত কুহুমীয়া গৰম পানীৰ যাৰ উষতা ৩৩-৩৬ ডিগ্রী চেণ্টিগ্রেড এটা ডাঙৰ টাবৰ ভিতৰত ৰোগীজনক বহুৱাই পানীৰ ভিতৰতে গাঁঠিসমূহৰ সঞ্চালন কৰোৱা হয় ৷ বাতবিষৰ চিকিৎসাত হাইড্রথেৰাপী বহুত উপযোগী হয় ৷

বাতবিষৰ চিকিৎসাত ফিজিথেৰাপীয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে ৷ কোনোধৰণৰ বিশেষ পার্শ্বক্রিয়া নোহোৱাকৈ বাতবিষ উপশম কৰাত ফিজিথেৰাপীয়ে সহায় কৰে ৷

ফোন ঃ ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.