জগিং এক উত্তম এৰবিক ব্যায়াম

ৰাজীৱ কাশ্যপ

স্বাস্থ্য ৰক্ষাৰ বাবে জগিং একপ্রকাৰৰ অতি উত্তম এৰবিক ব্যায়াম ৷ বিশেষকৈ ডেকা চামৰ মাজত ই অতি জনপ্রিয় ৷ এৰবিক ব্যায়াম মানে হৈছে যে ইয়াৰ দ্বাৰা আমাৰ শৰীৰে অধিক অক্সিজেন গ্রহণ কৰে ৷ জগিং হৈছে খোজ কাতকৈ অলপ বেছি বেগত আৰু দৌৰাতকৈ কম বেগত যোৱা ৷ জগিং কৰোঁতে আমি এক মিনিটত প্রায় ১৫০-১৬০ খোজমান দিওঁ আৰু ইয়াৰ বেগ প্রায় প্রতি ঘণ্টা ৫-৬ মাহল ৷ এজন নিয়মীয়া ওজনৰ ব্যক্তিয়ে এক মিনিট জগিং কৰিলে প্রায় ৬-৭ কেলৰি খৰচ কৰে ৷ খোজ কাতকৈ জগিং কৰিলে প্রায় দুগুণ কেলৰি খৰচ হয় ৷ ৩০ মিনিট জগিং কৰিলে ১৮০-২০০ কেলৰি খৰচ হয় ৷ সুস্থ হৈ থাকিবলৈ দৈনিক ৩০ মিনিটকৈ সপ্তাহত ৫ দিন জগিং কৰিলে যথেষ্ট হয় যদিও আমি দৈনিক ৬০ মিনিট পর্যন্ত জগিং কৰিব পাৰোঁ ৷ জগিং কৰিলে দেহৰ চর্বি কমে বাবে ওজন কমাবলৈ ই অতি ফলপ্রসূ ৷ তাৰ উপৰি জগিং কৰিলে দৈহিক শক্তি বৃদ্ধি হয় আৰু বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি ৷ নিয়মিত জগিং কৰা ব্যক্তিৰ বার্ধক্য পলমকৈ আহে আৰু আয়ুস ৰেখাডাল দীঘলীয়া হয় ৷ দৌৰবিদসকলে দৌৰাৰ আগতে জগিং কৰি শৰীৰটো দৌৰিবলৈ প্রস্তুত কৰি লয় ৷ জগিং ঘৰতে  ট্ৰেডমিলৰ ওপৰত কৰিব পাৰি বা মুকলি সমান ঠাইতো কৰিব পাৰি ৷ মুকলি ঠাইত কৰা জগিঙৰ দ্বাৰা আমি অধিক সুফল পাব পাৰোঁ ৷ এতিয়া জগিঙৰ সুফলসমূহৰ বিষয়ে জানো আহক ৷

প্রথমতে, জগিং কৰিলে আমাৰ হূদযন্ত্রৰ স্পন্দন বৃদ্ধি হয় আৰু আমাৰ উশাহ–নিশাহ ঘন হয় ৷ আমাৰ শৰীৰে যথেষ্ট পৰিমাণে অক্সিজেন গ্রহণ কৰে ৷ দেহৰ কোষবোৰৰ বিপাক বা মেটাবলিজম প্রক্রিয়া বৃদ্ধি হয় আৰু শক্তি উৎপন্ন হয় ৷ ইয়াৰ ফলত কেলৰি হ্রাস হয় লগতে দৈহিক শক্তি বৃদ্ধি পায় ৷ দেহৰ চর্বি কমাবলৈ আৰু মেদবহুলতা সমস্যাৰ পৰা হাত সাৰিবলৈ জগিং অতি উপযোগী ব্যায়াম ৷ পেটত জমা হোৱা চর্বি বহুত ৰোগৰ কাৰক ৷ এই চর্বি হ্রাস কৰিবলৈ জগিঙে সহায় কৰে ৷

নিয়মিত জগিং কৰিলে মাংসপেশীবোৰৰ শক্তি বৃদ্ধি পায় আৰু হাড়বোৰো মজবুত হয় লগতে হাড়ৰ ঘনত্ব বাঢ়ে ৷ জগিং কৰা ব্যক্তিৰ হাড়ৰ অষ্টিপৰছিছ নহয় ৷ জগিং কৰিলে ভৰিৰ পেশীবোৰ শক্তিশালী হয়, যাৰ বাবে ভৰিৰ গাঁঠি বিশেষকৈ আঁঠু আৰু নিতম্বৰ গাঁঠিৰ ওপৰত চাপ বা হেঁচা কমকৈ পৰে ৷ ইয়াৰ ফলত গাঁঠিসমূহৰ মাজত থকা আর্টিকুলাৰ কার্টিলেজ নষ্ট নহয় আৰু গাঁঠি ক্ষয় যোৱা বা অষ্টিআর্থ্রাহটিছ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ ৷

জগিং কৰিলে হূদযন্ত্রৰ শক্তি বৃদ্ধি হয় আৰু ৰক্ত পৰিবহণ তন্ত্রৰ কার্যক্ষমতা বাঢ়ে ৷ ইয়াৰ ফলত উচ্চ ৰক্তচাপ নিয়ন্ত্রিত হয় ৷ তেজৰ বর্ধিত কলেষ্টৰেল হ্রাস পায়, যাৰ কাৰণে হার্ট ফেইলুৰ, আৰটেৰী ব্লকেজ, ষ্ট্রোক আদি ৰোগৰ পৰা হাত সাৰিব পাৰি ৷

নিয়মিত জগিং কৰিলে হাঁওফাঁও তথা শ্বাসতন্ত্রৰ পেশীবোৰৰ শক্তি বৃদ্ধি পায় আৰু দেহত অক্সিজেনৰ যোগান বৃদ্ধি হয় ৷ দেহৰ সকলো আভ্যন্তৰীণ অংগবোৰে সুচাৰু ৰূপে কাম কৰিব পাৰে ৷

জগিং কৰিলে মগজুলৈ অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি হয় ৷ মগজুৰ কোষবোৰ সম্পূর্ণ কার্যক্ষম হৈ থাকে ৷ দেহত Endorphin নামৰ হৰমনৰ ক্ষৰণ বেছি হয় ৷ এই হৰমনে মন ভালে ৰাখে ৷ হতাশা, বিষাদগ্রস্ততা, উদ্বিগ্ণতা আদি মানসিক ৰোগৰ পৰা হাত সাৰিব পাৰি  ৷ তদুপৰি জগিং কৰিলে দেহত কর্টিচল, ইপিনেফ্রিন, নৰ–ইপিনেফ্রিন আদি হৰমনৰ নিঃসৰণ বৃদ্ধি কৰে আৰু এহবোৰ হৰমনে দৈহিক শক্তি বৃদ্ধি হোৱাত সহায় কৰে ৷ মুঠতে দৈহিক আৰু মানসিক শক্তি বৃদ্ধি কৰাত জগিঙে সহায় কৰে ৷

তদুপৰি দেখা গৈছে যে নিয়মিতভাৱে জগিং কৰা মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতা বেছি ৷ আমাৰ তেজত থকা শ্বেতৰক্ত কণিকাবোৰে ৰোগ প্রতিৰোধ কৰা ক্ষেত্রত প্রধান ভূমিকা গ্রহণ কৰে ৷ নিয়মিত জগিং কৰিলে শক্তিশালী আৰু কার্যক্ষম শ্বেতৰক্ত কণিকা উৎপন্ন হয় আৰু ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ এনেকুৱা ব্যক্তি সহজতে কোনো ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছজনিত ৰোগৰ দ্বাৰা আক্রান্ত নহয় আৰু আক্রান্ত হলেও অতি সোনকালে আৰোগ্য লাভ কৰে ৷ এনেকুৱা ব্যক্তিৰ চর্দি, ফ্লু আদি ৰোগ কমকৈ হোৱা দেখা যায় ৷

নিয়মিতভাৱে জগিং কৰা ব্যক্তিসকলৰ অন্তঃস্রাবী গ্রন্থি Endocrine Gland) সমূহৰ নিঃসৰণ স্বাভাৱিক হয় আৰু হৰমনজনিত ৰোগ কিছুমানৰ পৰা সুৰক্ষিত হৈ থাকে ৷ থাইৰয়ড হৰমন কম পৰিমাণে নিঃসৰণ হোৱাৰ কাৰণে হাইপাৰথাইৰয়ডজ নামৰ ৰোগ হয় আৰু বিভিন্ন আনুষংগিক শাৰীৰিক সমস্যা হয় ৷ নিয়মিত জগিং কৰাসকলৰ এই ৰোগ কমকৈ হোৱা দেখা যায় ৷ আন এটা হৰমনজনিত ৰোগ হৈছে মধুমেহ ৰোগ ৷ শৰীৰত ইনছুলিন হৰমনৰ ক্ষৰণ কমি গলে বা বন্ধ হৈ গলে মধুমেহ ৰোগ হয় ৷ আমাৰ শৰীৰৰ অগ্ণাশয়ত থকা বিটা কোষবোৰে ইনছুলিন হৰমন ক্ষৰণ কৰে ৷ কেতিয়াবা আমাৰ দেহৰ কোষবোৰ ইনছুলিন প্রতি কম সক্রিয় হলে (Insulin Resistance) ও মধুমেহ ৰোগৰ সৃষ্টি হয় ৷ জগিং কৰিলে ইনছুলিনৰ ক্ষৰণ বৃদ্ধি পায় আৰু দেহৰ কোষসমূহ ইনছুলিনৰ প্রতি সক্রিয় হয় ৷ ইয়াৰ ফলত মধুমেহ ৰোগ নিয়ন্ত্রিত হয় ৷ জগিং কৰিলে মগজুত থকা পিটুইটেৰী গ্রন্থিৰ গ্রথ হৰমনৰ ক্ষৰণ বৃদ্ধি কৰে ৷ গ্রথ হৰমনে হাড় আৰু মাংসপেশী বৃদ্ধিত সহায় কৰে ৷ বৃক্কৰ ওপৰত থকা এড্রিনেল গ্রন্থিৰ ক্ষৰণো জগিং কৰিলে নিয়ন্ত্রিত হয় ৷ এড্রিনেল হৰমনে হূদযন্ত্র শক্তিশালী কৰে আৰু ৰক্তচাপ নিয়ন্ত্রিত কৰে ৷

জগিং কৰিলে পাচন কার্যত ব্যৱহাৰ হোৱা উৎসেচকসমূহৰ ক্ষৰণ বৃদ্ধি পায় আৰু ইয়াৰ ফলত খাদ্য সোনকালে হজম হয়, ভোক বাঢ়ে ৷ বদহজম, আৰু গেছৰ সমস্যা দূৰ হয় ৷ জগিং কৰিলে যকৃতৰ চর্বি আঁতৰ হয় আৰু যকৃত ভালদৰে কার্যক্ষম হৈ থাকে ৷

জগিং কৰিলে নিদ্রাহীনতা সমস্যা দূৰ হয় ৷ এজন প্রাপ্তবয়স্ক্ মানুহে ৭-৮ ঘণ্টা শুব লাগে ৷ অতিমাত্রা মানসিক চাপ আৰু কম শাৰীৰিক পৰিশ্রমৰ বাবে প্রধানতঃ বহুত লোকে নিদ্রাহীনতা সমস্যাত ভোগা দেখা যায় ৷ নিয়মিতভাৱে জগিং কৰিলে মানসিক চাপ দূৰ হয় আৰু ভাগৰ লাগে বাবে টোপনি গভীৰ হয় ৷ তদুপৰি জগিং কৰিলে আমাৰ দেহৰ ছাল আৰু মূৰৰ চুলিৰ গুৰিলৈ অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি পায় ৷ ফলত ছালখন উজ্জ্বল হয় আৰু বয়সৰ চাপ কমকৈ পৰে লগতে চুলি সৰা বন্ধ হয় ৷ এইদৰে জগিঙে বয়স ববাতো বাধা দিয়ে ৷

নিয়মিত জগিং কৰা লোকসকলৰ কিছুমান অংগত কর্কট ৰোগ হোৱাৰ সম্ভাৱনা কম থাকে ৷ আমেৰিকাৰ কেঞ্চাৰ ছচাহটীৰ মতে জগিং কৰা ব্যক্তিসকলৰ মাজত প্রষ্টেট, স্তন, হঁাওফাঁও, বৃহদান্ত্রৰ আদিৰ কর্কট ৰোগ কমকৈ হোৱা দেখা যায় ৷ তদুপৰি জগিং কৰা লোকসকলৰ বৃক্ক আৰু ৰেচনতন্ত্র কার্যক্ষম হৈ থাকে ৷

জগিং কৰা পুৰুষ আৰু মহিলা উভয়ৰে যৌন জীৱন উন্নত হয় ৷ মহিলাসকলৰ ঋতুস্রাব নিয়মীয়া হয়, ডিম্বাশয়ৰ পৰা ডিম্বাণু ওলোৱা প্রক্রিয়াটো যাকOvulation বোলে স্বাভাৱিক হয়৷ হয়াৰ ফলত গর্ভধাৰণৰ সমস্যা দূৰ হয়৷ মতা মানুহৰ ক্ষেত্রত লিংগ উত্থানৰ সমস্যা, শীঘ্রে পতন আদি সমস্যা দূৰ হয়, বীর্যত শুক্রাণুৰ সংখ্যা বৃদ্ধি হয় আৰু সুন্দৰ যৌন জীৱন উপভোগ কৰিবলৈ সমর্থ হয়৷

জগিং স্বাস্থ্য ৰক্ষাৰ বাবে অতি উপযোগী৷ তথাপি আমি জগিং আৰম্ভ কৰাৰ আগতে কেহটামান দিশত গুৰুত্ব দিব লাগে৷ চ্ছ্রঙ্ম বছৰ ঊধর্বৰ ব্যক্তিসকলে যদি দীর্ঘদিন ধৰি কিবা ৰোগত ভুগি আছে, তেনেহলে ডাক্তৰৰ পৰামর্শ লৈহে  জগিং আৰম্ভ কৰিব লাগে৷ কিছুমান ৰোগত ভুগি থাকিলে জগিং কৰিব নালাগে৷ হূদযন্ত্রৰ ৰোগ, ৰক্তচাপ বহুত বেছি আৰু অনিয়ন্ত্রিত হৈ থাকিলে, এজমা  হলে, অষ্টিআর্থ্রাহটিছত ভুগি থকাসকলে জগিং কৰিব নালাগে৷ হয়াৰ উপৰি মাহকী মানুহে ঋতুস্রাব হলে আৰু গর্ভধাৰণৰ সময়ত জগিং কৰিব নালাগে ৷

জগিং কৰাৰ সময়ত কেহটামান সাধাৰণ নিয়ম মানি চলিব লাহে ৷ সেইকেইটা হল

¨জগিং সমান ঠাহত কৰিব লাগে৷ ওখোৰা–মোখোৰা ঠাহত কেতিয়াও জগিং কৰিব নালাগে৷ তদুপৰি জগিং কৰোঁতে যিহেতু উশাহ ঘন হয় আৰু দেহে যথেষ্ট পৰিমাণে বায়ু নাকেৰে টানি লয়, সেয়েহে ধূলি–বালি আৰু প্রদূষণ নথকা ঠাহ এটুকুৰা বাছি লব লাগে৷ প্রদূষিত ঠাহত জগিং কৰিলে স্বাস্থ্য ভাল হোৱাৰ পৰিৱর্তে ক্ষতিহে হয়৷

¨পুৱাৰ সূর্যোদয়ৰ পিছৰ দুঘণ্টা জগিঙৰ বাবে অতি উত্তম সময় যদিও গধূলি সূর্যাস্তৰ আগতে জগিং কৰিব পাৰি৷

¨নতুনকৈ জগিং আৰম্ভ কৰিব খোজাসকলে প্রথমতে বেগাহ খোজ কাৰ অভ্যাস কৰিব লাগে৷

¨জগিং কৰাৰ আগতে আৰু জগিং কৰি উঠি পানী খাব লাগে৷ জগিং কৰাৰ সময়ত পানীৰ বটল লগত ৰাখিব লাগে৷ জগিং কৰিলে যথেষ্ট পৰিমাণে ঘাম ওলায় আৰু সেহ অনুপাতে পানী নাখালে ডিহাহড্রেচন হব পাৰে৷

¨জগিং কৰা আগত আৰু জগিং কৰি উঠিয়েহ গধুৰ খাদ্য খাব নালাগে৷ নহলে বদহজম হব পাৰে৷ ভাত খোৱাৰ ৩-৪ ঘণ্টা পিছত জগিং কৰিব পাৰে আৰু জগিং কৰাৰ পিছত ৩০-৪৫ মিনিট জিৰণি লৈ খাদ্য খাব লাগে ৷

¨জগিং কৰোঁতে কপাহী কাপোৰ আৰু ভৰিত কোমল তলুৱা থকা জোতা পিন্ধিব লাগে ৷ জগিং কৰি জিৰণি লৈ এঘণ্টা পিছতহে গা ধুব লাগে ৷

উক্ত পৰামর্শকেহটা মানি নিয়মিত জগিঙৰ অভ্যাস কৰকচোন, সুস্থ আৰু দীর্ঘ জীৱন আৰু যৌৱনৰ আশীর্বাদ নিষ্চয় পাব ৷

ফোনঃ  ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.