বিশ্ববিশ্রুত মল্লবীৰ গামা

পংকজ কুমাৰ বৰা

ভাৰতবর্ষত মল্লযুদ্ধৰ কথা পৌৰাণিক কালৰ পৰাই প্রচলিত হোৱাৰ তথ্য পোৱা যায় ৷ ৰামায়ণ–মহাভাৰতত্ মল্লযুদ্ধৰ কথা উল্লেখ আছে ৷ হনুমান, ভীম, দুর্যোধন আদি বিশিষ্ট মল্লবীৰ হিচাপে জনাজাত ৷

অবিভক্ত ভাৰতবর্ষৰ অমৃতসৰৰ জৱোয়াল গাঁৱত ১৮৭৮ চনৰ ২২ মেত কিংবদন্তি মল্লযুঁজাৰু গামা পালোৱানৰ জন্ম হয় ৷ পিতাকৰ নাম হল কাশ্মীৰী মূলৰ এগৰাকী মল্লযোদ্ধা মহমদ আজিজ বক্স৷ গামা পালোৱানৰ আচল নাম হল গুলাম মহমদ বক্স বাট৷ ছয় বছৰ বয়সতে গামাই পিতৃক হেৰুৱায় আৰু মাকৰ দেউতাক নান পালোৱানে গামাৰ দায়িত্ব গ্রহণ কৰে৷ কম দিনৰ ভিতৰত গামাৰ ককাকো স্বর্গগামী হয়৷ ককাকৰ মৃত্যুৰ পিছত গামাৰ মল্লযোদ্ধা খুৰায়েক ইদাৰ তত্ত্বাৱধানত লালিত–পালিত হৈ পালোৱানী আৰম্ভ কৰে৷ গামাৰ অভূতপূর্ব শক্তিৰ প্রথম প্রকাশ পাইছিল ১০ বছৰ বয়সতে৷ ১৮৮৮ চনত যোধপুৰৰ মহাৰজা ছাৰ জচয়ন্ত সিং দ্বিতীয়ই সদৌ ভাৰত শক্তিশালী মানৱ প্রতিযোগিতা যোধপুৰত অনুষ্ঠিত কৰিছিল৷ ভাৰতবর্ষৰ বিভিন্ন ঠাইৰ ৪০০ শক্তিশালী পুৰুষে এই প্রতিযোগিতাত অংশ লয়৷ ১০ বছৰীয়া গামাই এই প্রতিযোগিতাত অংশ লৈ ডাঙৰৰ সমানে সমানে ডন বৈঠক কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰে৷ ১৫জনীয়া সংক্ষিপ্ত তালিকাত নির্বাচিত কৰি পুনৰ তেওঁলোকক নিজৰ শক্তি প্রদর্শন কৰিবলৈ দিয়া হল৷ এই ১৫জনীয়া তালিকাত গামাও অন্তর্ভুক্ত আছিল৷ নৰখাকৈ ৫০০ ডন আৰু ৫০০ বৈঠক কৰি শিশু গামাই বিচাৰক মণ্ডলী আৰু মহাৰজাৰ মন জয় কৰে আৰু ফলস্বৰূপে গামাক ভাৰতবর্ষৰ শক্তিশালী মানৱ হিচাপে ঘোষণা কৰে৷ গামাৰ এনে বিৰল প্রতিভাৰ কথা গম পাই জাটিয়াৰ মহাৰজা ছাৰ ভবানী সিং বাহাদুৰে গামাৰ মল্লযুদ্ধ অনুশীলন আৰু খাদ্যৰ দায়িত্ব গ্রহণ কৰে৷ এই কার্যই গামাৰ জীৱনৰ গতি ক্ষিপ্র কৰি তুলিলে৷

১৮৯৫ চনত ভাৰতবর্ষৰ অপ্রতিদ্বন্দ্বী মল্লযুঁজাৰু ৰহিম বক্স চুলতানীক ১৭ বছৰীয়া গামাই প্রত্যাহবান জনায়৷ ৰহিম পালোৱান ৭ ফুট উচ্চতাৰ ৩০০ পাউণ্ড ওজনৰ বিশাল শৰীৰ তথা অভূতপূর্ব শক্তিৰ অধিকাৰী আছিল৷ বিজ্ঞজনে ৫ ফুট ৭ ইঞ্চি উচ্চতাৰ ২৪২ পাউণ্ড ওজনৰ গামা পালোৱানক ৰহিম পালোৱানে অতি সহজে পৰাস্ত কৰিব পাৰিব বুলি মত পোষণ কৰিছিল৷ কিন্তু কার্যক্ষেত্রত দুয়োগৰাকী মল্লযুঁজাৰুৱে সমানে সমানে যুঁজ দিয়া দেখা গল৷ সময়ে সময়ে গামাই প্রভুত্ব বিস্তাৰ কৰা দেখা গল৷ বান্ধি দিয়া সময়ৰ ভিতৰত খেলখনৰ মীমাংসা নোহোৱাত বিচাৰক মণ্ডলীয়ে খেলখন ড্র বুলি ঘোষণা কৰে৷ এই খেলখনৰ জৰিয়তে গামাৰ নাম চাৰিওফালে জনাজাত হৈ পৰিল৷ কঠোৰ পৰিশ্রম কৰি গামাই ইখনৰ পিছত সিখন খেল জিকি গল৷ ১৯১০ চনলৈকে ৰহিম পালোৱানৰ বাদে ভাৰতবর্ষৰ সকলো পালোৱানকে গামাই পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ ১৯০৯ চনত তৃতীয়বাৰৰ বাবে লাহোৰত ৰহিম চুলতানীৰ লগত খেলা খেলখনো কেইবা ঘণ্টাৰ অন্তত অমীমাংসিত হৈ থাকিল৷ এই খেলখন চোৱাৰ আৰু গামাক লগ পোৱাৰ উদ্দেশ্যে পষ্চিমবংগৰ সেই সময়ৰ বিখ্যাত মল্লযুঁজাৰু গোবৰ গুহ তেওঁৰ পৰিয়ালৰ ককায়েক কোটিপতি ব্যৱসায়ী শৰৎ কুমাৰ মিত্রৰ সৈতে লাহোৰ পাইছিলগৈ৷ গোবৰৰ আচল নাম হল যতীন্দ্র চৰণ গুহ৷ গামাৰ খেল চাই গোবৰ ইমানেই অভিভূত হৈ পৰিল যে গামাক লৈ সপোন দেখা আৰম্ভ কৰিলে৷ গোবৰে ১৯১০ চনত লণ্ডনত হব লগা জন বুল বেচ্ট বিশ্ব মল্লযুদ্ধত গামাক লৈ ভাৰতীয় দলৰ অংশগ্রহণৰ কথা আলোচনা কৰিলে৷ এই বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাখনৰ চডান্ত বিজয়ীজনক জন বুল বেচ্ট আৰু ২৫০ পাউণ্ডৰ নগদ ধনৰ পুৰস্কাৰ দিয়া হয়৷ গামাই একে আশাৰে লণ্ডন যাবলৈ ইচ্ছা প্রকাশ কৰিলে৷ গোবৰে শৰৎ কুমাৰ মিত্রক ভাৰতীয় দলৰ খৰচ বহন কৰিবৰ বাবে কৰা অনুৰোধ আনন্দৰে গ্রহণ কৰিলে৷ মাজত সময় এবছৰতকৈও কম আছে৷ গামাই একান্তভাৱে অনুশীলনত লাগি গল৷ ১৯১০ চনৰ জুলাই মাহত গামা, ইমাম বক্স গামাৰ ভায়েক, আহমেদ বক্স আৰু গামু পালোৱান লণ্ডন অভিমুখে যাত্রা আৰম্ভ কৰে৷ লগত এটা ৰান্ধনি, দুজনমান লগুৱা, পালোৱান গোবৰ আৰু গোটেই দলটোৰ খৰচ বহন কৰোঁতা তথা মল্লযুদ্ধৰ প্রচাৰক শৰৎ কুমাৰ মিত্র একেলগেই যাত্রা আৰম্ভ কৰিলে৷ প্রায় এমাহজোৰা সাগৰীয় যাত্রাৰ অন্তত দলটো লণ্ডন পালেগৈ৷ গোবৰে তাত দুদিনমান থাকিয়েই মাকৰ অসুখৰ বাবে ঘৰলৈ ঘূৰি আহিব লগা হল৷ ভাৰতৰ মল্লযুদ্ধক বিশ্বদৰবাৰত চিনাকি কৰি দিয়াৰ কৃতিত্বৰ দাবীদাৰ পালোৱান গোবৰ৷

লণ্ডন গৈ পোৱাৰ পিছত হব লগা প্রতিযোগিতাত গামাক অংশ লবলৈ দিয়া হোৱা নাছিল৷ উদ্যোক্তাসকলে গামাৰ কম উচ্চতা বাকী প্রতিযোগীৰ তুলনাত বাবে প্রতিযোগিতাত বাধা দিয়া বুলি কয় যদিও কিছুৱে আকৌ গামাৰ গাৰ ৰং কৃষবৰণৰ বাবে বাধা দিয়া বুলি কব খোজে৷ গামাই উপায় নাপাই বিখ্যাত মল্লবীৰসকলক ৩০ মিনিট সময়ত ৩জন পালোৱানক দলিয়াই দিয়াৰ প্রত্যাহবান জনালে৷ সেই সময়ৰ এগৰাকী মল্লযুদ্ধৰ প্রচাৰক আৰ বেঞ্জামিনে এই প্রত্যাহবানক ঢোকাবাজী বুলি গণ্য কৰিছিল৷ কেইদিনমান পিছত গামাই বিশ্ব চেম্পিয়ন ষ্টেইলাচ জিবিস্কো, ফ্রেংক গোটচ্ আদি কৰি বিশ্বমানৰ কেইবাগৰাকীক প্রত্যাহবান জনাই চর্ত আৰোপ কৰে৷ চর্ত মতে তেওঁলোকক যদি হৰুৱাব নোৱাৰে গামাই তেওঁলোকক নগদ ধন দিয়াৰ উপৰি লণ্ডন এৰি গুচি আহিব৷ এই প্রত্যাহবানক প্রথম সঁহাৰি জনায় আমেৰিকাৰ বিশ্ববিখ্যাত মল্লযুঁজাৰু ডাঃ বেঞ্জামিন ৰলাৰে৷ এইখন খেলত বেঞ্জামিনক গামাই প্রথমবাৰ ১ মিনিট ৪২ ছেকেণ্ডত আৰু দ্বিতীয়বাৰ ৯ মিনিট ১০ ছেকেণ্ডত পিন বা চিট কৰে পিঠি পেলাই জয়ী হোৱা৷ এই জয়ৰ পিছদিনা ১২গৰাকী মল্লযুঁজাৰুৱে গামাৰ প্রত্যাহবান গ্রহণ কৰি খেলিবলৈ আগবািি আহে যদিও গামাৰ সন্মুখত কোনো এজন তিষ্ঠিব নোৱাৰিলে৷ একেদিনাই ১২গৰাকীক হৰুৱাই গামাই জলবুল ৱেচ্ট আন্তঃৰাষ্ট্রীয় অফিচিয়েল মল্লযুদ্ধ প্রতিযোগিতাত অন্তর্ভুক্তি লাভ কৰিলে৷ অৱশেষত গামা প্রতিযোগিতাৰ ফাইনেলত উপনীত হল৷ প্রতিদ্বন্দ্বী হল পোলেণ্ডৰ বিশ্ব চেম্পিয়ন ৬ ফুট উচ্চতাৰ ৩০০ পাউণ্ড ওজনৰ ষ্টেইনলেচ্ জিৰিস্কো৷ ১৯১০ চনৰ ১২ ছেপ্ঢেম্বৰত অনুষ্ঠিত  এই ফাইনেল খেলখনত দুয়োজন মল্লবীৰে তুমুল যুঁজ দিছে যদিও প্রায় ৩ ঘণ্টালৈকে চলি থকা যুঁজখনৰ কোনো মীমাংসাত উপনীত নোহোৱাত সেইদিনাৰ বাবে খেলখন পিছদিনালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷ অৱশ্যে খেলখনৰ বেছিখিনি সময় জিৰিস্কোই পেট পেলাই নিজকে চিট হোৱাৰ পৰা ৰক্ষা কৰা আৰু সময়ে সময়ে চুঁচৰি চুঁচৰি এৰেনাৰ বাহিৰলৈ যাবৰ চেষ্টা কৰা দেখা গল৷ পিছদিনা সময়মতে গামা পালোৱানক ৰিঙত দেখা গল যদিও জিৰিস্কো ৰাইজৰ সন্মুখলৈ অহাৰ পৰা বিৰত থকা দেখা গল৷ সেয়েহে অপেক্ষা কৰাৰ পিছত বিচাৰক আৰু উদ্যোক্তাসকলে গামাক বিজয়ী ঘোষণা কৰে৷

বিশ্ব জয় কৰি ভাৰতলৈ ঘূৰি আহি ১৯১০ চনৰে নৱেম্বৰ মাহত এলাহাবাদত ৰহিম চুলতানীৰ লগত ৪থবাৰৰ বাবে ৰিঙত মুখামুখি হয়৷ ঘণ্টাজোৰা জাৰি থকা এই খেলখনত গামাক বিজয়ী ঘোষণা কৰে আৰু ৰুস্তম ই  হিন্দৰ খিতাপ দখল কৰে৷ গামাৰ জীৱনত বিভিন্ন মল্লবীৰৰ লগত খেলা প্রায় ৫০০০খন খেলৰ ভিতৰত ৰহিম চুলতানীক আটাইতকৈ শক্তিশালী প্রতিদ্বন্দ্বী বুলি স্বীকাৰ কৰে৷ ১৯১৬ চনত গামাই ভাৰতৰ আন এগৰাকী মল্লবীৰ পণ্ডিত বিদ্দক পৰাস্ত কৰে৷ এনেধৰণে বিশ্বৰ বিভিন্ন মল্লবীৰক পৰাস্ত কৰি গল৷ ১৯২২ চনত ৱেলচ্ৰ ৰজাই মল্লযুঁজাৰু গামাৰ চমৎকাৰৰ বাবে ২৫ পাউণ্ড ওজনৰ এডাল ৰূপৰ গদা উপহাৰ দিয়ে৷

গামাৰ লগত ফেৰ মাৰিব পৰা মল্লবীৰ নোপোৱাৰ সময়তে ১৯২৮ চনৰ জানুৱাৰী মাহত বিশ্বচেম্পিয়ন গামাৰ বৈৰি জিৰিস্কোৰ লগত পুনৰ মুখামুখি হল৷ পাতিয়ালাৰ মহাৰজাই অনুষ্ঠিত কৰা এক বৃহৎ উদ্যোগ আৰু কৃষি মেলাত এই খেলখনৰ আয়োজন কৰিছিল৷ মহাৰজাই বিভিন্নজন দেশ–বিদেশৰ বিশিষ্ট ব্যক্তিক এই মেলালৈ নিমন্ত্রণ জনাই আনিছিল৷ ভাৰতবর্ষৰ প্রায় ৪০০০০ ক্রীডাপ্রেমীয়ে এই খেলখন চাবলৈ আহিছিল৷ ২৮ জানুৱাৰীত অনুষ্ঠিত এই খেলখন বিয়লি ৪ বজাত হব লগা খেলখনত গামা সময়মতে উপস্থিত হল যদিও জিৰিস্কোৱে ১৫ মিনিট সময় দেৰিকৈ প্রৱেশ কৰিলে৷ বিচাৰকে খেল আৰম্ভ কৰাৰ সংকেত দিলে আৰু ৰাইজৰ উৎকণ্ঠা কেইটামান মুহূর্ততে অন্ত পৰিল৷ মাত্র ৪২ ছেকেণ্ডতে গামাই ৩০০ পাউণ্ড ওজনৰ জিৰিস্কোক মাটিত পেলাই চিট কৰি বিজয় সাব্যস্ত কৰিলে৷ গামাৰ সফলতাত উৎফুল্লিত হৈ পাতিয়ালাৰ মহাৰজাই ডিঙিত পিন্ধি থকা বহু মূল্যৱান পার্লৰ নেকলেছডাল গামাক পিন্ধাই দিলে৷ লগতে এডাল ৰূপৰ গদা বছৰি ৬০০০ টকা, এটা হাতী আৰু এখন গাঁও গামাক উপহাৰ দিয়ে৷

গামা পালোৱানৰ সফলতা জাৰি থাকিল৷ ১৯২৯ চনত ৫১ বছৰ বয়সত আমেৰিকাৰ বিশিষ্ট মল্লবীৰ জেচি পিটাৰচনক মাত্র ৯০ ছেকেণ্ডত পৰাভূত কৰে৷ এই খেলখনক গামাৰ শেষৰখন অফিচিয়েল খেল বুলি ধৰা হয় যদিও গামাই ৭৪ বছৰ বয়সলৈকে নহৰাকৈ খেল খেলি আছিল৷

দেশ বিভাজন হোৱাৰ পিছত ১৯৪৭ চনৰ পৰা গামা পাকিস্তানৰ লাহোৰত হিন্দুসকল থকা এক এলেকাত থাকিবলৈ লয়৷ দেশজুৰি হোৱা ৰায়েটৰ সময়ত গামাই প্রতিৱেশী হিন্দুসকলক ৰক্ষণাবেক্ষণ দিছিল৷ গামাৰ নেতৃত্বত মল্লযুঁজাৰু এটা দলে হিন্দু গাঁৱত পহৰাৰ ব্যৱস্থা কৰিছিল৷ জীৱনত খেলা ৫০০০খন খেলৰ এখন খেলতো হাৰ নমনা গামাই ১৯৫০ চনৰ ২৩ মেত মৃত্যুৰ আগত হাৰ মানিলে৷

গামা প্রাপ্তবয়স্ক্ হোৱাৰ সময়ত উচ্চতা ৫ ফুট ৭ ইঞ্চি কিছুমানৰ মতে ৫ ফুট ৮ ইঞ্চি, দেহৰ ওজন ১১০ কিলোগ্রাম, বুকু ৪৬ ইঞ্চি, কঁকাল ৩৪ ইঞ্চি আৰু বাইচেপৰ আকাৰ আছিল ২২ ইঞ্চি৷ গামাৰ অনুশীলনৰ ৰুটিনৰ ভিতৰত দৈনিক ৫০০০ বৈঠক, ৩০০০ বুকডন, ৯০ কিলোগ্রাম এচতা মাজত ফুটা কৰা শিল মূৰেদি সুমুৱাই কান্ধত লৈ বৈঠক আৰু ৪০গৰাকী মল্লযুঁজাৰুৰ লগত মল্লযুদ্ধ অনুশীলন কৰা আদিয়েই অন্যতম৷ খাদ্য হিচাপে দৈনিক অন্যান্য খাদ্যৰ লগত ৮ লিটাৰ গাখীৰ, ছটা মুর্গী আৰু গাখীৰৰ লগত ১ পাউণ্ড ওজনৰ আলমন গুৰি কৰি মিহলাই খাইছিল৷

গামাৰ অন্যতম উল্লেখনীয় ঘটনাৰ ভিতৰত অন্যতম হল ১৯০২ চনত এলাহাবাদলৈ মল্লযুঁজৰ বাবে আহঁোতে ১২০০ কিলোগ্রাম ওজনৰ এটা শিল বুকুলৈকে দাঙি খোজকা কার্যই সকলোৰে চকু কপালত উঠাইছিল৷ বর্তমান শিলটো বৰোডা মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে৷ বিশ্ববিশ্রুত সমৰকলাৰ ভগৱানস্বৰূপ ব্রুচলি গামাৰ অনুগামী আছিল আৰু অনুশীলন পদ্ধতিৰ দ্বাৰা অনুপ্রাণিত হৈছিল বুলি ব্রুচলি জীৱনগাথাত উল্লেখ আছে৷ গামা পালোৱানৰ জীনাতীনী ৰাজনীতিবিদ কুলচোম চৰিফ পাকিস্তানৰ তিনিটা কার্যকালৰ প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ পত্নী আছিল৷ বিস্ময়কৰ জীৱনৰে প্রতিটো পল অতিবাহিত কৰা গামা পালোৱানৰ নাম আৰু যশ বিশ্ব মল্লযুদ্ধৰ মানচিত্রত সদায় অটুট থাকিব৷

ফোন ঃ ৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.