গৰমত সতেজ–স্বাস্থ্যৱান হবলৈ পুষ্টি

নমী মোহন

যিহেতু গৰমৰ দিন আৰম্ভ হৈ গৈছে, এই গৰমৰ দিনতে ৰ, পানীলগা, পেটফুলা, এচিডিটি, হিটষ্ট্রোক আৰু ডি–হাইড্রেচন অর্থাৎ দেহত পানীৰ পৰিমাণ কমি যোৱা আদিবোৰ সমস্যাই দেখা দিয়ে ৷ ইয়াৰ উপৰি অতিমাত্রা গৰমত দেহৰ পৰা পর্যাপ্ত পৰিমাণৰ ঘাম বাহিৰলৈ ওলাই আহিব নোৱাৰাৰ বাবদ দেহৰ পৰা ঘামচি ওলোৱা দেখা যায় ৷ প্রখৰ ৰদ সূর্যৰ ৰশ্মিৰ ফলত ছালৰ ক্ষতি হয় ৷ অতিমাত্রা গৰমৰ ফলত দেহৰ পৰা ঘাম ওলায় ৷ ঘামৰ লগতে ভালেমান খনিজ পদার্থও দেহৰ পৰা নির্গত হয়, যাৰ ফলত শৰীৰ দুর্বল হৈ পৰে ৷ গতিকে গৰমৰ দিনকেইটাত পুষ্টি আৰু স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো অতিশয় প্রয়োজনীয় হৈ পৰিছে ৷

গৰমৰ দিনত বেছিকৈ পানী খাব লাগে ৷ গৰমৰ দিনত শৰীৰটো শীতল কৰি ৰাখিবলৈ লগতে হাইড্রেট হৈ থাকিবলৈ নিতৌ দুইৰ পৰা তিনি লিটাৰ পানী খোৱাটো প্রয়োজনীয় ৷ ইয়াৰ উপৰি ফলমূলৰ ৰস, জুচ আদিবোৰ খাব লাগে ৷

অধিক পৰিমাণৰ পানী থকা খাদ্যবস্তু খাব লাগে ৷ যিহেতু গৰমৰ দিনত পানী কম খালে ডি–হাইড্রেচন হোৱাৰ আশংকা বহুত থাকে, গতিকে এনেবোৰ শাক–পাচলি নাইবা ফলমূল খাব লাগে, যত পানীৰ পৰিমাণ অধিক থাকে লগতে দেহটো সতেজ আৰু ডি–হাইড্রেট হৈ থাকে ৷ উদাহৰণস্বৰূপে তিয়ঁহ, তৰমুজ, সেউজীয়া শাক–পাচলি, ফুলকবি, মৌচুমী টেঙা আদিবোৰ খাব লাগে ৷

জুন–জুলাই–আগষ্ট মাহত বিশেষকৈ প্রচুৰ গৰম পৰে ৷ এই সময়খিনিত অতিমাত্রা গৰম পৰে ৷ এই সময়খিনিত অতিমাত্রা গৰম সহ্য কৰিব নোৱাৰি খুব শীতল পানীয় খোৱাৰ মন যায় ৷ সেয়েহে বটলত থকা শীতল পানীয় যেনে– কোকাকোলা, পেপচি, মিৰিণ্ডা ইত্যাদিবোৰ খুব বেছিকৈ খোৱা হয় ৷ এনেবোৰ শীতল পানীয়ই অলপ সময়ৰ বাবে দেহটো শীতল কৰে যদিও কোনোধৰণৰ পুষ্টি যোগান নধৰে ৷ সেয়েহে প্রাকৃতিকভাৱে উপলব্ধ শীতল পানীয় যেনে– কুঁহিয়াৰ, ডাব নাৰিকলৰ পানী, নেমু চৰবত আদিবোৰ সেৱন কৰিব লাগে ৷ এনেবোৰ শীতল পানীয়ই কেৱল দেহটো শীতল কৰাই নহয়, বৰঞ্চ যথেষ্ট পৰিমাণৰ পুষ্টিৰ উপাদান যোগান ধৰে ৷

মচলাযুক্ত খাদ্য পৰিহাৰ কৰক৷ গৰমৰ দিনত পৰাপক্ষত মচলাযুক্ত খাদ্য নোখোৱাটোৱেই ভাল ৷ অতিমাত্রা মচলাযুক্ত খাদ্যই দেহত তাপমাত্রা বৃদ্ধি কৰে৷ ইয়াৰ উপৰি মচলাযুক্ত খাদ্যই হজম কৰাত বহুত সময় লয় ৷ এনেবোৰ খাদ্যই দেহত এচিডিটি হোৱাৰ সম্ভাৱনা বেছি কৰে ৷ সেয়েহে গৰমৰ দিনত অতিমাত্রা তেলত ভজা বস্তু, ৰেষ্টুৰেণ্টৰ খাদ্য, জলা, অতিমাত্রা মচলা আদিবোৰ পৰাপক্ষত কমাই খাব লাগে ৷

দৈ মিঠা অথবা সাধাৰণ দৈ গৰমৰ দিনত অতিশয় উত্তম খাদ্য ৷ দৈয়ে শৰীৰত প্রবায়টিক হিচাপে কাম কৰে অর্থাৎ দৈয়ে শৰীৰত ভাল বেক্টেৰিয়াৰবৃদ্ধি কৰে, লগতে খাদ্যবস্তু হজম হোৱাতো সহায় কৰে ৷ দৈয়ে আমাৰ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে ৷ দৈয়ে শৰীৰক বহু সময়লৈকে শীতল কৰি ৰাখে ৷ গৰমৰ দিনৰ বাবে লাচিচ, দৈ ভাত খালে আমাৰ শৰীৰটো শীতল হৈ থাকে ৷ সেয়েহে দৈ আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰিব লাগে ৷

যিমান পাৰে বতৰৰ ফলমূল খাব ৷ গৰমৰ দিনত আম অতিকৈ সহজলভ্য ৷ সেয়েহে কেঁচা আমাৰ চৰবত এই সময়ছোৱাত খাব পাৰে ৷ ই দেহত ইলেকড্রলাইট নিয়ন্ত্রণ কৰাত সহায় কৰে ৷   আমৰ বাহিৰেও গৰমৰ দিনত ওলোৱা ফলমূলবোৰ বেছিকৈ খাব লাগে, যাতে আমাৰ শৰীৰটো সতেজ হৈ থাকে ৷ ইয়াৰ উপৰি এনেবোৰৰ ফলত যথেষ্ট পৰিমাণৰ পুষ্টিৰ উপাদান পোৱা যায় ৷ বহিঃৰাজ্যৰ পৰা অহা ফলমূলতকৈ আমাৰ থলুৱা ফলমূলবোৰ বেছিকৈ খাব লাগে ৷ কিয়নো বহিঃৰাজ্যৰ পৰা অহা ফলমূলবোৰ আমাৰ ৰাজ্য পোৱালৈ তাৰ পৰিপুষ্টিৰ মান কমি যায়, সেয়েহে আমি থলুৱা ফলমূলবোৰ বেছিকৈ খাব লাগে, যত পুষ্টিৰ উপাদানবোৰ এক নির্দিষ্ট অনুপাতত থাকে ৷

ৰঙা মাংস আৰু অন্যান্য মাংস কমাই খাব ৷ গৰমৰ দিনত যিমান পাৰে মাংস কমাই খাব ৷ মাংসই দেহত প্রচুৰ পৰিমাণে তাপমাত্রা বৃদ্ধি কৰে ৷ সেয়েহে গৰমৰ দিনত মাংসৰ সলনি মাছ খাব লাগে ৷

কম কমকৈ সঘনাই খাব ৷ গৰমৰ দিনত প্রায়ে ভোক নলগা, এচিডিটি হোৱা নাইবা পেটফুলা আদি সমস্যা শুনিবলৈ পোৱা যায়৷ এনে সমস্যাবোৰৰ পৰা সমাধান পাবলৈ হলে একেবাৰে সৰহকৈ নাখায় কম কমকৈ দিনটোত তিনি ঘণ্টাৰ মূৰে মূৰে খাদ্য খোৱাৰ অভ্যাস কৰাব লাগে ৷  ই দেহত খাদ্য হজম হোৱাত সহায় কৰে আৰু লগতে দেহাটো পাতল পাতল লাগে ৷

অতিশয় গৰমৰ ফলত আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যিমান পাৰি সিমান স্বাস্থ্যৱান খাদ্যবস্তু খাব লাগে ৷ পৰাপক্ষত আমিষ খাদ্য কমকৈ খাব লাগে আৰু লগতে মচলাযুক্ত খাদ্যবোৰো পাৰিলে খাব নালাগে ৷ সেয়েহে শৰীৰটো সতেজ আৰু শীতল কৰি ৰাখিবলৈ নাৰিকলৰ পানী প্রচুৰ পৰিমাণে খাব লাগে ৷ গৰমৰ দিনত এনেবোৰ খাদ্যৰ নীতি–নিয়ম মানি চলিলে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা পাব পাৰি ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.