গৰমত শৰীৰৰ সমস্যাৰ সমাধান

বর্ণালী ভট্টাচার্য

গৰম দিনকেইটাত আমাৰ দেহত ঘামচি বা বহুতৰ গা বহুত ঘামে ৷ ঘমাৰ উৎপাতত শৰীৰৰ কমনীয়তা হেৰুৱায় ৷ ঘামচি, খৰ–খজুৱতিৰ সমস্যাও ঘামৰ বাবেই হয় ৷ শৰীৰৰ পৰা বহু বেছি পৰিমাণে ঘাম ওলালে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত৷ শৰীৰৰTheromregulationৰ ভাৰসাম্যহীনতাৰ কাৰণে এনে হয় ৷ কেতিয়াবা‘Anti-Perspiram’ লগালেও গাৰ পৰা ঘাম ওলোৱাৰ পৰিমাণটো কমে ৷ ইয়াত থকা এলুমিনিয়াম জিনকনিয়ামৰ বাবে ঘমাৰ পৰিমাণটো কমি যায় ৷ সংবেদনশীল ছালত এই মলম ব্যৱহাৰ নকৰিব ৷ নিজেও কিছুমান কাম কৰিব ৷ নিজৰ শৰীৰটোক চাফাকৈ ৰাখিব ৷ গৰমত তিনিবাৰকৈ গা ধোৱা গা পানীত পদিনা বা নেমু ৰস মিলাই লব ৷

কপাহী কাপোৰ পৰিধান কৰক৷ নিজৰ লগতে আনেও দেখি ভাল পাব কপাহী কাপোৰে গা ঘাম শুকুৱাহ ৰাখে ৷ শৰীৰটো শীতল অনুভৱ কৰিব ৷ গা ধোৱাৰ পিছত শৰীৰত Rollon ব্যৱহাৰ কৰক ৷ আজিকালি বজাৰত ভাল কোম্পানীৰ ছোৱালী লৰাৰ কাৰণে বেলেগ বেলেগ আছে লগাব ৷ বহুতৰ গৰমত কাষলতি তলৰ বেয়া গোন্ধে অতীষ্ঠ কৰি দিয়ে৷Rollon লগাই deo বাspry লগাব ৷

পকা নেমু একচিটা লৈ গা ধোৱাৰ আগত ২০ মিনিটমান কাষলতিৰ তলত সানি ৰাখি ধুব ৷ পাৰিলে সদায় এনে কৰিলেও ঘামৰ পৰা ওলোৱা দুর্গন্ধ নোহোৱা হব ৷ গৰম দিনকেহটাত Anti- fungal powder ব Anti-Becterial powder ব্যৱহাৰ কৰক ৷ অৱশ্যে যদি সাংঘাতিকভাৱে আপোনাৰ শৰীৰৰ পৰা ঘাম ওলাই ইয়াক নিঃসৰণ কৰিবলৈ অপাৰেচন কৰিও ঘাম ওলোৱা কমাব পাৰি, কিন্তু অভিজ্ঞতা থকা চিকিৎসকৰ হতুৱাইহে কৰাব ৷ মচলাযুক্ত খাদ্য পৰিহাৰ কৰক৷ যিমান পাৰে সতেজ ফলৰ ৰস, পানী, ডাবৰ পানী আদি খাব৷ সপ্তাহত কেইটামানদিন নিৰামিষ আহাৰ খাওক ৷

গৰমত আমাৰ আৰু এটা সমস্যাই বৰ অসুবিধা দিয়ে ৷ সেইটো হৈছে ঘামচি ৷ গৰমত আমাৰ শৰীৰ পৰা ঘামবোৰ ওলাই আহোঁতে নলিকাবোৰত  কিবা বাধা পালে তাৰ ফলত ঘামচি ওলায় ৷ আচলতে নলিকাবোৰ ফুটি যায়, ঘামবোৰ ছালৰ ভিতৰতে নিগৰি ওলাই বিয়পি পৰে, সেই হিচাপে ঘামক তিনিটা ভাগত ভাগ কৰিব পাৰি ৷ যেনে Miliaria crystallina ছালৰ উপৰিভাগ বাধাগ্রস্ত হোৱা ঘাম‘Statum Corneum’ত গোট খাহ থাকে ৷ M. Rubra-Epiderermisৰ মাজত ঘাম বন্ধ হয় ৷ এয়ে হল সবপৰিচিত ঘামচি ৷

  1. profunda-Dermis ভাগত আমাৰ নলিকাসমূহ বন্ধ হৈ পৰে ৷ Milaria Rubra এয়ে হল prickly heat, heat rash বা আমাৰ গাত হোৱা ঘামচি৷ ছালৰ উপৰিভাগত বাEpidermisৰ মাজত ঘাম নিঃসৰণত বাধা আহিলে ঘামচি হয় ৷ ঘামবোৰ ফুটফুটীয়া পানীজোলাৰ দৰে হয়৷ অৱশ্যে কেতিয়াবা টান গোটা সৰু সৰু ফোঁহা হয়, যাক আমি আচিনা বুলি কওঁ ৷ গাৰ যিবোৰ অংশত কাপোৰৰ ঘর্ষণ হৈ থাকে তাতেই বেছিকৈ ঘামচি হয় ৷ চাফ–চিকুণকৈ নথকাৰ ফলতো ঘামচি বেছি পৰিমাণে হোৱা দেখা যায় ৷ কেতিয়াবা ঘামচি বেছি হৈ অন্যান্য ইনফেকচন হৈ বীভৎস ৰূপ লয় শৰীৰত ৷

ঘামচি বেচি হলে কি কৰিবঃ

  • পৰাপক্ষত ঠাণ্ডা ঠাইত থাকক ৷
  • সঘনাই গা ধোওক ৷
  • Soframycin
  • Fucidine
  • Neosporine
  • Betadine

এইকেইটা মলমৰ যিকোনো এটাহে দিনে পুৱা–গধূলি গা ধোৱাৰ পিছত ঘামচি হোৱা ঠাইত লগাহ ৰাখিব ৷ গৰমত আমাৰ ছুইমিং কৰাটো বেছি হয় যিসকলে কৰে ৷ কেতিয়াবা ছুইমিং কৰাৰ পিছত ছালত ঘামচিৰ দৰে হয় ৷ এইবোৰ ঘামচিৰ দৰে লাগিলেও পিছত ফোঁহাৰ দৰে হৈ পৰে ৷ বহুতে আকৌ বসন্ত বুলি মানি চিকিৎসা নকৰাকৈ থাকে পিছত সেইবোৰ বিষ হৈ জৰ, মূৰৰ বিষ, গাৰ বিষ হয় ৷ এই সমস্যাটো হয় ছুইমিং পুলৰ পৰা pseudomona Aruginosa চমুকৈ PF এবিধ বেক্টেৰিয় পানীত উৎপন্ন হয় ৷ খাৰযুক্ত পানী বা যিকোনো পৰিৱেশতটো ই জীয়াই থাকিব পাৰে ৷ পানীৰ উষতা Chlorin গাাতা ইত্যাদি সঠিক মাত্রাত নহলেও এহ বেক্টেৰিয়াৰ ৰাজত্ব বাঢ়ে ৷ আনকি আমাৰ ঘৰুৱা বাথটাবটো ৱাছিং মেচিন, গীজাৰতো এনে বেক্টেৰিয়া উৎপত্তি হয় ৷

সেয়েহে ছুইমিং পুলত নমাৰ আগত  গা Gentamicin যুক্ত (suprgent, Gentop) ইত্যাদি মলম লগাই লব ৷ পুলৰ পৰা উঠি Dettol, savlon ইত্যাদি চাবোন দি গা ধুব ৷ এইখিনি কৰাৰ পিছতো যদি ছালত ফোঁহাৰ দৰে হৈ থাকে চিকিৎসকৰ ওচৰলৈ যাব ৷

গৰতৰ দিনত ৰদে পোৰাৰ ফলত আমাৰ মুখৰ ছালত বৰ বেয়াকৈ দাগ পৰে কেতিয়াবা আমাৰ পিঠি হাতৰ যি অংশ ওলাহ থাকে সেহবোৰতো দাগ পৰি বৰ হৈ পৰে৷ ৰদত ওলোৱাৰ ফলত ৰদৰ সূর্যৰ বেঙুনীয়া ৰশ্মিয়ে ছালৰ ইলাষ্টিক টিচুবোৰ নষ্ট কৰে ৷ সেইবাবে ৰদত ওলোৱাৰ আগত Suncream লগাব লাগে ৷ কপাহী হাত ঢকা কাপোৰ পৰিধান কৰিব লাগে ৷ ছাতি ব্যৱহাৰ কৰিব লাগে ৷ ৰদৰ পৰা আহি আইচ দি বা ঠাণ্ডা পানীৰে মুখ–হাত লগে লগে ধুব লাগে, যাতে পোৰা দাগ ছালত বহি নাযায় ৷

তিয়ঁহৰ ৰস মুখ হাতত ডিঙিত লগালেও এই সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷ পদিনাৰ পাত পিহি তাৰ পেক মুখৰ দাগত লগাব ৷ গাখীৰ ঠাণ্ডা কৰি কপাহৰ সহায়েৰে মুখত কেহবাবাৰো মচিব ৷ ঘামৰ গোন্ধৰ পৰা আপোনাৰ শৰীৰটোক কেনেদৰে বচাই ৰাখিব পাৰে ৷ আপোনাৰ শৰীৰৰ সৌন্দর্য সম্পূর্ণৰূপে থকাৰ পিছতো যদি আপোনাৰ গাৰ পৰা বা কাষলতিৰ তলৰ পৰা বেয়া গোন্ধ ওলায়, তেতিয়া আপোনাৰ সৌন্দর্য অপূর্ণ হৈ পৰিব ৷ তদুপৰি আপোনাৰ ব্যক্তিত্বৰ ওপৰতো বেয়া ভাব আহিব ৷ গতিকে দেহৰ গোন্ধৰ ক্ষেত্রত সদায় সাৱধান হব ৷ গৰমত আমাৰ গাৰ পৰা ঘাম ওলাহ বহু সময় ধৰি ঘামি থাকিলে ঘামবোৰত বেক্টেৰিয় উৎপন্ন হৈ ঘামবোৰ পচাহ পেলায়, যাৰ ফলত গাৰ পৰা অতি বেয়া গোন্ধ ওলায় ৷ এই সমস্যাটো অতি ডাঙৰ সমস্যা নহয়, কিন্তু ইয়াক অৱহেলা কৰাও উচিত নহয় ৷

গা ধোৱা পানীত হউডি কোলোন, গোলাপজল, জেচমিন অইল, ডেটল কম পৰিমাণে পানীত মিলাহ গা ধুব ৷ বাহিৰৰ পৰা আহি গৰমত বৰিক পাউডাৰ আৰু সুগন্ধিযুক্ত টেলকাম পাউডাৰ পানীত মিলাই গা ধুব ৷ গাৰ গোন্ধ নাহকিয়া হব ৷ বহুতৰে আকৌ গৰমত জোতা পিন্ধিলেও মোজা–ভৰিৰ পৰা বেয়া গোন্ধ ওলায় ৷ তেনে লোকে ভৰি শুকানকৈ মচি আঙুলিৰ ফাঁকবোৰত টেলকাম পাউডাৰ সানি মোজা পিন্ধিব ৷ তেতিয়া ভৰিৰ পৰা গোন্ধ নোলায় ৷ সদায় ধোৱা মোজা পিন্ধিব৷ বহুতে কাষলতি তলৰ বা অনাৱশ্যকীয় নোমসমূহ নগুচোৱাৰ বাবে গাৰ পৰা গোন্ধ ওলায়৷ সেইবোৰ আঁতৰাই পেলাব ৷ আজিকালি পার্লাৰসমূহত এনেবোৰৰ সুবিধা আছে ৷

ফোনঃ  ৯৭০৬০-৬২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.