আঁঠুৰ বিষৰ কাৰক

ডাঃ অনুপ বৈশ্য

আঁঠুযোৰ হৈছে আমাৰ চালিকাশক্তি ৷ আমি সুস্থ–সবল জীৱন যাপন কৰিবলৈ হলে আঁঠুযুৰি সুস্থ সবল হৈ থাকিব লাগিব ৷ আঁঠুৰ বেমাৰ বুলি কলেই সাধাৰণতে আমাৰ মনলৈ আহে আঁঠু ক্ষয় যোৱা ৰোগ osteoarthritis ৰ বিষয়ে osteoarthritis ৰোগত আঁঠুৰ সমূহ অৱয়বৰ ক্ষয় হয়, যাৰ ফলত আঁঠুৰ ভিতৰত থকা তেলসদৃশ synovial fluid কমি যায় আৰু চলন–ফুৰণ কৰিলে কেৰ কেৰ (crepitus) ধৰণৰ শব্দ হয় ৷ কিন্তু আঁঠুৰ বিষ মানেহ osteoarthritis নহয় ৷ ইয়াৰ এক অন্য কাৰণ হৈছে pes anserine bursitis ৷ আজি আমি এই বিষয়েহে আলোচনা কৰিম ৷

Pes anserine bursae নো কি

Bursae হৈছে এটা সৰু মোনা বা থলীসদৃশ অৱয়ব৷ সহজ অর্থত বুজিবলৈ হলে ধৰি লওক বেলুন এটাৰ ভিতৰত পানী ভৰালে যেনেকুৱা হয় ঠিক তেনেকুৱা কিন্তু আকৃতিত সৰু এবিধ অৱয়ব ৷ আমি নিষ্চয় ধৰিব পাৰিছোঁ যে এই অৱয়ববিধ স্পঞ্জসদৃশ হব, যিয়ে চকী বা ছোফাৰ কুচনৰ দৰে কাম কৰিব ৷ আমাৰ আঁঠুত এনেকুৱা বহুত bursae আছে আৰু তাৰেই এক অন্যতম হৈছে pes anserine bursae৷

আঁঠু বা যিকোনো সন্ধিত, সন্ধিটোৰ ওপৰৰ আৰু তলৰ মাংসপেশীবোৰে আৱৰি ৰাখে, যাতে ই যথাস্থানত থাকে ৷ এই মাংসপেশীবোৰ হাড়ৰ সৈতে সংযোগ হোৱা স্থলত bursae থাকে, যাতে মাংসপেশীৰ অন্তিম অংশtendonবোৰৰ কোনো আঘাত নহয় ৷  অর্থাৎ চলন–ফুৰণত যাতে কোনো অসুবিধা নহয় ৷ সহজ ভাষাত কবলৈ গলে চাইকেল এখনৰ চলি থকা অংশসমূহত যেনেকৈ আমি গিৰিছ বা তেল দিলে চাইকেলখন চলাবলৈ সুবিধা হয়, ঠিক তেনেকৈ bursae ৰ সহযোগত গাঁঠিবোৰৰ চলন সহজ হয় ৷ তলৰ ছবিখনলৈ লক্ষ্য কৰিলে দেখিব যে আমাৰ কৰঙন আৰু উৰুৰ sartorious, gracilis আৰু semitendonious নামৰ তিনিটা মাংসপেশী তললৈ নামি আহি দুয়োটা আঁঠুৰ তলৰ ভাগৰ ভিতৰৰ (medial) পিনে এঠাইত সংযোজিত হয় যি ঠাহত pes anserine bursae থাকে ৷ এই তিনিওটা মাংসপেশীয়ে যেতিয়া অত্যধিক কর্ম কৰিব লগা হয় বা আঘাতপ্রাপ্ত হয় তেতিয়া এই busae ফুলি উঠে আৰু চলা–ফিৰা বা গাঁঠিটো লৰচৰ কৰিলে বিষ অনুভৱ হয় ৷ এই সমস্যাটোকেই চিকিৎসা বিজ্ঞানৰ ভাষাতpes anserine bursitis বুলি কোৱা হয় ৷

Pes anserine bursitisৰ কাৰণঃ

  • হঠাৎ জঁপিওৱা ৷
  • ব্যায়াম নকৰা মানুহে যেতিয়া হঠাৎ জীম যায় বা দৌৰা আৰম্ভ কৰে তেতিয়া হয় ৷
  • কৰবাত আঘাত পালে ৷
  • বীজাণুৰ সংক্রমণ হলেও হব পাৰে ৷
  • খোজ কাঢ়ি থাকোঁতে ভৰি মোচোকা খোৱা ৷
  • আঁঠুৰ অস্ত্রোপচাৰৰ কিবা বিসংগতি হলে ৷
  • বিসম ঠাইত খোজ কঢ়া ৷

ইয়াৰ চিকিৎসাঃ

আধুনিক চিকিৎসা বিজ্ঞানৰ মতে আঁঠুযুৰিক আৰাম দিয়াই হৈছে প্রথম চিকিৎসা ৷ বিষনাশক ঔষধ ব্যৱহাৰ কৰি বিষ আৰু ফুলা নাশ কৰা হয় ৷ যদিbusae বেছিকৈ ফুলে তেন্তে তাৰ ভিতৰৰ পানী উলিয়াই দি তাত steroid জাতীয় ঔষধ দিয়ে ৷ আৰু যদি তেতিয়াও নকমে তেন্তে পৰিস্থিতিসাপেক্ষে অস্ত্রোপচাৰ কৰিব দিয়া হয় ৷  লগতেphysio therapy ও কৰিলে আৰাম পায় ৷

আয়ুর্বেদিক চিকিৎসাঃ

এজন অভিজ্ঞ চিকিৎসকেহে দৰাচলতে ৰোগবিধ নির্ণয় কৰিব পাৰে ৷ সেয়ে অভিজ্ঞ চিকিৎসক এজনে পৰীক্ষা কৰি কেতবোৰ ঔষধি দিলেও এই ৰোগ নির্মূল হয় ৷ কেইটামান বিশেষ ধৰণৰ ব্যায়ামৰ দ্বাৰাও এহ অংশৰ শক্তি ববায় ৷ কেতবোৰ বিষনাশক তেল মালিচেও উপকাৰ কৰে ৷

ঘৰুৱাভাৱে আপুনি কি কৰিব যদি হঠাৎ হৈছে তেন্তে

  • পোনতে সেই ঠাইত ঘনাই ঘনাই বৰফ লগাই থাকিব ৷
  • আঁঠুটোক আৰাম দিব ৷ বেছি খোজ নাকাঢ়িব ৷
  • সামান্যভাৱে আঁঠুটো কোঁচোৱা মেলা কৰিব ৷

যদি এইখিনি কৰাৰ পিছত নকমে তেনে তলত মই কেইবিধমান বনৌষধিৰ লেপ উল্লেখ কৰিলোঁ ৷  দিনত দুবাৰকৈ ৬/৭ দিন বা প্রয়োজনত অধিক দিনলৈ প্রয়োগ কৰিব ৷

লেপ নং ১এৰাগছৰ পাত এটা, ২টা আকনৰ পাত থেতেলি লগাব ৷

লেপ নং ২এৰাগছৰ এটা পাত, ধঁতুৰা গছৰ দুটা পাত আৰু দহটা মান পচতীয়াৰ পাত বটি লগাব ৷

লেপ নং ৩তেঁতেলি গছৰ পাত এমুঠি, হালধি ২ হঞ্চি আৰু আকনৰ দুটা পাত থেতেলি লগাব ৷

লেপ নং ৪একো নাপালে হালধি ৩ ভাগ আৰু আদা এক ভাগ লৈ বটি লগাব ৷

আয়ুর্বেদিক চিকিৎসক এজনে এনেকুৱা pes anserine bursitis হলে তাত বায়ু, পিত্ত, কফ আৰু ধাতু–উপধাতুৰ ওপৰত নির্ভৰ কৰি ঔষধ প্রয়োগ কৰে ৷ সেয়ে এজন অভিজ্ঞ আয়ুর্বেদিক চিকিৎসকৰ পৰামর্শই আপোনাক উপকৃত কৰিব ৷

ফোনঃ  ৮৬৩২২-১১৭১১

You might also like

Comments are closed, but trackbacks and pingbacks are open.