গর্ভৱতীৰ খাদ্য

অনুপমা শর্মা

সাধাৰণ অৱস্থাতকৈ গর্ভাৱস্থা অথবা গাখীৰ খুৱাই থকা মহিলাগৰাকীৰ শৰীৰৰ বাবে বেছি পৰিমাণৰ শক্তি আৰু পুষ্টিৰ প্রয়োজন হয় ৷ সেয়েহে তেনে অৱস্থাত সাধাৰণতে খোৱা আহাৰৰ উপৰি মাজৰ সময়খিনিত পাতলীয়া পুষ্টিকৰ আহাৰ গ্রহণ কৰিব লাগে যাতে মহিলাগৰাকীৰ শৰীৰত প্রয়োজনীয় অতিৰিক্ত শক্তি আৰু পুষ্টি শৰীৰে সঠিকভাৱে আহৰণ কৰিব পাৰে ৷

সকলোধৰণৰ খাদ্য যেনে শস্যজাতীয় উদাহৰণ – ভাত, ৰুটী, মাহজাতীয় উদাহৰণ – বিভিন্ন ধৰণৰ দাইল, বুট, মগু, ৰাজমাহ, মটৰ ইত্যাদি, থলুৱাভাৱে উপলব্ধ বতৰৰ সতেজ ফলমূল শাক–পাচলি, গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্রী দৈ, পনিৰ, চীজ ইত্যাদি, মাছ, মাংস, কণী দৈনিক আহাৰৰ তালিকাত অন্তর্ভুক্ত কৰা উচিত ৷ ইয়াৰ উপৰি গজালি উলিয়াই লোৱা বুট, মগু, ভিজাই থোৱা কেঁচা বাদাম আদি অতি উপকাৰী ৷

এগৰাকী গর্ভৱতী মহিলা বা গাখীৰ খুৱাই থকা মহিলাৰ বাবে দৈনিক পর্যাপ্ত পৰিমাণৰ জিৰণিৰ লগতে ডাক্তৰৰ পৰামর্শ অনুসৰি সঠিক সময়ত সঠিক পৰিমাণৰ ফলিক এচিড ( Jost Trimester বা গর্ভাৱস্থাৰ প্রথম তিনি মাহত) আৰু আইৰন টেবলেট (2nd Trimester বা গর্ভাৱস্থাৰ চাৰি মাহৰ পৰা সন্তান প্রসৱ হোৱাৰ পিছত গাখীৰ খুৱাই থকা সময়তো) গ্রহণ কৰাটো অতি আৱশ্যক ৷ কিয়নো গর্ভাৱস্থা অথবা গাখীৰ খুৱাই থকা মহিলাৰ বাবে প্রয়োজনীয় আইৰন আৰু ফলেট কেৱল সঠিক খাদ্যৰ দ্বাৰা আহৰণ কৰা সম্ভৱ নহয়৷ ইয়াক অতিৰিক্তভাৱে যোগান ধৰিব লাগে ৷ ICMR-MN ৰ দ্বাৰা প্রকাশিত শেহতীয়া তথ্য অনুসৰি এগৰাকী প্রাপ্তবয়স্ক মহিলাৰ বাবে দৈনিক প্রয়োজনীয় ফলেটৰ পৰিমাণ ২২০MG ৷ কিন্তু সেই একেগৰাকী মহিলাক গর্ভাৱস্থাত প্রতিদিনে প্রয়োজন হয় ৫৭০ MG ফলেট অর্থাৎ ৩০০ MG অতিৰিক্ত ফলেট গর্ভাৱস্থাত প্রয়োজন হয় ৷ আৰু গাখীৰ খুৱাই থকা মহিলাক দৈনিক ৩০০ MG ফলেটৰ প্রয়োজন হয় ৷ উল্লেখ্য যে গর্ভাৱস্থাত প্রয়োজনীয় ফলিক এচিডৰ অভাৱে ভ্রুণৰ সঠিক বিকাশত বাধা দিয়ে ৷ অর্থাৎ মাতৃৰ গর্ভত শিশুৰ গঠন আৰু বর্ধনত ফলিক এচিডে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে ৷ সেয়েহে ফলিক এচিড বা আইৰন টেবলেট খোৱাৰ ক্ষেত্রত গর্ভৱতী অথবা গাখীৰ খুৱাই থকা মহিলাসকলে অৱহেলা কৰা অনুচিত ৷

এই সময়খিনিত পর্যাপ্ত পৰিমাণৰ পানী দৈনিক অতিকমেও আঠৰ পৰা দহ গ্লাছ খোৱাৰ লগতে চাহ আৰু কফীৰ পৰিমাণ কমাই দিব লাগে ৷ কাৰণ চাহ আৰু কফীয়ে খাদ্যৰ পৰা পুষ্টি আহৰণ প্রক্রিয়াক বাধা দিয়ে ৷

আমাৰ সমাজত সাধাৰণতে মহিলাসকলে ধঁপাত, মদ অথবা চিগাৰেট মুক্তভাৱে সেৱন নকৰে যদিও কাৰোবাৰ যদি তেনে অভ্যাস থাকে অন্ততঃ গর্ভাৱস্থাত বা সন্তানক গাখীৰ খুৱাই থকা অৱস্থাত এনে অভ্যাস সম্পূর্ণভাৱে বর্জন কৰা উচিত ৷ আন নালাগে অন্য কোনো লোকে চিগাৰেট হুঁপিলেও ইয়াৰ ধোঁৱাৰ পৰা দূৰত থকা উচিত ৷

ফোন : ৮১৩৬০-২৪১৭১

You might also like
Leave A Reply

Your email address will not be published.