বলীউডত জিলিকিছে অসমৰ চাও মুন চাওদাং

কাঞ্চনজ্যোতি গোহাঁহ 

বলীউডৰ সংগীত বা চলচিচত্র জগতৰ সতে অতীজৰে পৰা অসমৰ সংগীত আৰু  অভিনয় জগতৰ কেৱল শিল্পীসকলেই নহয় সাম্প্রতিক সময়তো অসমৰ একেবাৰে ভিতৰুৱা গ্রামাঞ্চলৰ লগতে ক্ষুদ্র নগৰাঞ্চলৰো বহু যুৱক–যুৱতীয়েই বলীউডৰ নিচিনা এখন বিশাল সাংসৃক্তিক পথাৰত বিভিন্ন ধৰণে  নিয়োজিত হৈ আহিছে ৷ সেয়া নিষ্চয়কৈ সংগীত বা চলচিচত্র নির্মাণৰে জড়িত অসমৰ লোকসকলে জ্ঞাত নোহোৱা নহয় ৷ কিন্তু চলচিচত্র জগতৰ কেমেৰা বা চিত্রগ্রহণৰ দৰে  প্রযুক্তিগত দিশত জড়িত যুৱক–যুৱতীসকলৰ্ কথাই কওক বা বাদ্যসংগতকাৰী কথাই কওক আজিৰ তাৰিখতো কিন্তু কোনোধৰণৰ গ্লেমাৰ নথকাকৈ বা প্রচাৰ নিবিচৰাকৈ বলীউডৰ সাংসৃক্তিক ক্ষেত্রখনত উৎকৃষ্টতম কামৰ পাৰদর্শিতাৰে বলীউডৰ চিনেমা প্রযোজক আৰু পৰিচালকসকলৰ সমান্তৰালকৈ বলীউডৰ তাৰকা শিল্পীসকলৰ পৰাও প্রশংসা বুটলিবলৈ সক্ষম হৈছে ৷ বলীউডৰ দৰে বিশাল সাম্রাজ্যখনত প্রচাৰবিমুখভাৱে অসমৰ বহু যুৱক–যুৱতীয়ে কাম কৰি থকাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ অহা অসমৰ তেনে এজন চিনেমাটোগ্রাফাৰ হৈছে চাও মুন চাওদাং ৷ চাও মুন চাওদাঙৰ জন্মস্থান হৈছে ডিব্রুগড় জিলাৰ টিংখাঙৰ মাহমৰা আলিকিনাৰ গাঁৱত ৷ কর্মসূত্রে এতিয়া মায়ানগৰ মুম্বাইৰ বাসিন্দা বুলিয়েই কব পাৰি ৷ চাও মুন চাওদাঙে ভাৰতৰ ভিতৰতে নাম থকা মুম্বাইৰ এখন প্রসিদ্ধ প্রতিষ্ঠান জি ইনষ্টিটিউটত অৱ মিডিয়া আর্টছৰ পৰা চিত্রগ্রহণৰ পাঠ্যক্রম সামৰিয়েই নিজৰ একাত্ম প্রচেষ্টা আৰু পাৰদর্শিতাৰ বলত নিচেই কম সময়ৰ ভিতৰতে বলীউডৰ দৰে বিশাল  ছবিজগতৰ ক্ষেত্রখনত ২০১৪ চনতে বার্থডে গার্ল, হলীডে আৰু জেট জেমছ বণ্ড, গানছ এণ্ড গোলাবছ, ফাৰজি, ব্রহ্মাস্ত্র পার্ট–ৰ, অতৰংগী ৰে, আনপউছদ, গিনি ৱেডছ চিনি, ৰাত আকেলি হ্যায়, লাভ উইল টেক অৱাৰ, জার্ডজ মেণ্টেল হে কিয়া, কিল দ্য ৰেপিষ্ট, ডেডী, ৰেংগুন, চর্দাৰজী আদি কেইবাখনো চলচিচত্রত সহকাৰী চিনেমাটোগ্রাফী হিচাপে কাম কৰাৰ লগতে  সোহপম–সায় নামৰ ছবিখনতো স্বতন্ত্র চিনেমাটোগ্রাফাৰ হিচাপে জড়িত হৈ আহিছে ৷

চাও মুন চাওদাঙে বলীউডৰ চিনেমাটোগ্রাফীৰ বিভাগটোৰ সতে জড়িত হৈ ৰাজ এণ্ড ডি কে আৰু কৰণ জোহৰৰ দৰে বলীউডৰ প্রখ্যাত প্রযোজকৰ চিনেমাত কাম কৰি অহাৰ লগতে বলীউডৰ বিগ বছ খ্যাত অমিতাভ বচ্চন, ৰণবীৰ কাপুৰ, শ্বাহৰুখ খান, আলিয়া ভাট, একেহনেহনি নাগার্জুন আৰু দীপিকা পাডুকনৰ দৰে বলীউডৰ তাৰকা অভিনেতা–ভিনেত্রীসক চিনেমাত কাম কৰি ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ উপৰি শোমিত কাটিয়ানে সম্পাদনা কৰা গানছ এণ্ড গোলাবছ ছবিখনত চাও মুন চাওদাঙে ফোকাচ পুলাৰ হিচাপে কাম কৰি ছবিখনৰ চিত্রগ্রহণৰ মান  ইমানখিনি কোৱালিটীলৈ আনিছিল যে ছবিখনৰ প্রযোজকে একমুখেই  চাও মুন চাওদাঙৰ কৃতজ্ঞতাৰ শলাগ লৈছিল ৷

চাও মুন চাওদাঙে ফোকাচ পুলাৰ আৰু কেমেৰা সহযোগী হিচাপে কাম কৰি অহা প্রায় ১৬-১৭খন ছবিৰ ভিতৰত দর্শকসকলৰ হয়তো প্রায়খিনিৰেই চিনেমাৰ নাম নিশ্চয় মনলৈ আহিছে ৷ এই বিগ বাজেটৰ বলীউডৰ চিনেমাসমূহত  কেমেৰাৰ সন্মুখত নাহিলেও যে কেমেৰাৰ আঁৰত থাকি চাও মুন চাওদাঙৰ দৰে লোকসকলে প্রচাৰবিমুখ হৈয়ো বলীউডত অসমৰ এজন যুৱক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে, সেহ কথা কিন্তু আমি একমুখে স্বীকাৰ কৰিবহ লাগিব ৷ ১৬খনকৈ চলচিচত্রত সহকাৰী চিনেমাটোগ্রাফী হিচাপে কাম কৰাৰ উপৰি কেহবাখনো চুটি ছবি আৰু অলহন ছবিত স্বতন্ত্র চিনেমাটোগ্রাফী হিচাপেও চাও মুন চাওদাঙে কাম কৰি আহিছে ৷ ইয়াৰ উপৰি বর্তমান অৱস্থাত নীতিশ তিৱাৰীৰ পৰিচালনাত আগন্তুক বর্ষৰ মার্চ মাহৰ পৰা শ্বুটিঙৰ কাম আৰম্ভ হবলগীয়া এখন বিগ বাজেটৰ ছবি ৰামায়ণতো চাও মুন চাওদাঙে সহকাৰী চিনেমাটোগ্রাফী হিচাপে কাম কৰিবলৈ চুক্তিবদ্ধ হৈছে বুলি জানিব পৰা হৈছে ৷ যিখন ছবিত বলীউডৰ তাৰকা ৰণবীৰ কাপুৰে ৰামৰ আৰু সাই পল্লৱীয়ে সীতা আৰু য়শে ৰাৱণ আৰু ছানী দেউলে হনুমানৰ চৰিত্রত অভিনয় কৰিব ৷

আচলতে চিনেমাটোগ্রাফী মানেনো কি বা চিনেমাটোগ্রাফীসকলে কি কাম কৰে চিনেমাটোগ্রাফী হৈছে ছবিৰ চেন্সৰত হলেকট্ৰনিকভাৱে বা ৰাসায়নিকভাৱে চলচিচত্রৰ পোহৰ ৰেকর্ডিং কৰাৰ কলা আৰু বিজ্ঞান ৷  চিনেমাটোগ্রাফী চলচিচত্র ফটোগ্রাফীৰ কলা আৰু প্রযুক্তি ৷ ইয়াত দৃশ্য এটাৰ সাধাৰণ গঠনৰ দৰে কৌশল অন্তর্ভুক্ত থাকে ৷ ছেট বা অৱস্থানত পোহৰ, কেমেৰা, লেন্স, ফিচ্টাৰ আৰু ফিল্ম ষ্টকৰ বাছনি, কেমেৰামেন আৰু চলাচল, যিকোনো প্রভাৱৰ একত্রীকৰণ কৰাই হৈছে মূল কাম ৷

ইয়াৰ পিছতে আকৌ চিনেমাটোগ্রাফীৰ আন এটা বিভাগ হল ফোকাচ পুলাৰ ৷ ফোকাচ পুলাৰ বুলিলে হয়তো চলচিচত্র নির্মাণৰ সতে জড়িত লোকসকলৰ বাদে সাধাৰণ মানুহে বুজিবলৈ অলপ কঠিন হয় ৷ ফোকাচ পুলাৰ মানেনো কি ফোকাচ পুলাৰ বা প্রথম সহায়ক কেমেৰা হৈছে চলচিচত্র কর্মচাৰীৰ কেমেৰা বিভাগৰ এজন সদস্য ৷ যাৰ প্রাথমিক দায়িত্ব হৈছে যিকোনো বিষয় বা কার্যৰ ওপৰত কেমেৰা লেন্সৰ অপ্ঢিকেল মনোযোগ বজাই ৰখা ৷

চিনেমাটোগ্রাফীৰ পাঠ্যক্রম কেনেদৰে গ্রহণ কৰিব

সমগ্র ভাৰতবর্ষতে শ্রেষ্ঠ চলচিচত্র নির্মাণৰ পাঠ্যক্রম প্রদান কৰা শিক্ষানুষ্ঠান হিচাপে ইতিমধ্যে ৯খনকৈ আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠানে স্বীকৃতি লাভ কৰিছে ৷ এই শৈক্ষিক প্রতিষ্ঠানসমূহৰ ভিতৰত এল ভি প্রসাদ ফিল্ম এণ্ড টিভি একাডেমী, চেন্নাই, হুইছলিংগ উডছ ইণ্টাৰনেচনেল, মুম্বাই, নেচনেল ইনষ্টিটিউট অৱ ফিল্ম এণ্ড ফাইন আর্টছ, কলকাতা, ডিজিটেল একাডেমী দ্য ফিল্ম স্কুল, মুম্বাই, এছিয়ান একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন, নয়ডা, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া, পুনে, সত্যজিৎ ৰয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, কলকাতা, চেণ্টাৰ অব ৰিচার্ছ হন আর্ট অৱ ফিল্ম এণ্ড টেলিভিছন, দিল্লী আৰু জি ইনষ্টিটিউট অৱ মিডিয়া আর্টছ, মুম্বাই অন্যতম বুলিব পাৰি৷ ইয়াৰে বেছিভাগ চলচিচত্র নির্মাণৰ শৈক্ষিক প্রতিষ্ঠানতে কেইবাটাও ডিগ্রী পাঠ্যক্রম উপলব্ধ আছে ৷ অৱশ্যে বেছিভাগ চলচিচত্র নিয়োগকর্তাই চিনেমাটোগ্রাফী বা ফটোগ্রাফীত স্নাতক ডিগ্রীধাৰীক নিয়োজিত কৰে ৷ এনে পাঠ্যক্রমে প্রায়ে শিক্ষার্থীসকলক চলচিচত্র নির্মাণৰ সকলো দিশৰ এক অৱলোকন প্রদান কৰে ৷ যাৰ ভিতৰত আছে পোহৰৰ কৌশল, চলচিচত্র আৰু ভিডি প্রযোজনা আৰু পৰিচালনা ৷ চিনেমাটোগ্রাফীৰ পৰিসৰ এটা নির্দিষ্ট সীমাৰ ভিতৰতে ৰাখিব নোৱাৰি ৷ ইয়াৰ এটা অসীমিত পৰিসৰ আছে, যত গ্লেমাৰ নাথাকি  `লেও এটা ভাল কেৰিয়াৰ গঢ়িব পাৰি ৷ কিয়নো আর্থিক দিশৰ পৰাও চাবলৈ গলে চিনেমাটোগ্রাফী বিষয়ত এক ভাল কেৰিয়াৰৰ ভৱিষ্যৎ আছে ৷

ছবি নির্মাণত চিনেমাটোগ্রাফীসকলৰ্ ভূমিকা, ইয়াৰ কাম আৰু পৰিসৰ, চিনেমাটোগ্রাফী আৰু ইয়াৰ কেৰিয়াৰ সম্পর্কে থূলমূল এটা আভাস দিয়াৰ প্রয়াস কৰা হল ৷ চিনেমাটোগ্রাফীৰ দৰে এটা বহল পৰিসৰৰ ক্ষেত্রখনক ইমান কম কথাৰে সীমিত কৰিব নোৱাৰি যদিও চিনেমাটোগ্রাফী অবিহনে যে এখন  চলচিচত্রৰ কথা কল্পনাই কৰিব নোৱাৰি চলচিচত্র উদ্যোগটোৰ তেনে এটা গুৰুত্বপূর্ণ বিষয় এটাৰ ওপৰত সেয়ে পুংখানুপুংখভাৱে বিশ্লেষণ দাঙি ধৰিব নোৱাৰিলেও এটা চমু অৱলোকন দিয়াৰ মনোভাৱেৰে প্রবন্ধটি যুগুত কৰা হল ৷ লগতে চাও মুন চাওদাঙলৈ অশেষ শুভাকামনা জ্ঞাপন কৰিলোঁ ৷ তেওঁৰ এই যাত্রা আৰু অধিক সাফল্যমণ্ডিত হওক তাৰে কামনা কৰিলোঁ ৷

ফোনঃ  ৬০০১৩-৪৮৯০০

You might also like

Comments are closed, but trackbacks and pingbacks are open.