চলিত বর্ষৰ নবেল বঁটাপ্রাপক

প্রীতিৰেখা বর্মন কলিতা

প্রত্যাশিতভাৱেই ঘোষণা কৰা হল চলিত বর্ষৰ নবেল বঁটাপ্রাপকৰ নাম ৷ সন্মানীয় নবেল বঁটাৰ বাবে সকলোৱে আগ্রহেৰে বাট চাই ৰোৱাৰ মুহূর্তে ৰয়েল ছুইডিছ একাডেমীয়ে নবেল বঁটাপ্রাপকৰ নাম ঘোষণা কৰে ৷ সেই অনুসৰি নার্গেছ মহম্মদীলৈ শান্তিৰ নবেল, মৌংগি জি বাৱেণ্ডি, লুহচ ই ব্রুছ, আলেক্সেই আই একিমভলৈ ৰসায়নৰ নবেল,  পীয়েৰ অগষ্টিনি, ফেৰেঞ্জ ক্রাউটজ, এন্নে এলহুইলাৰ পদার্থ বিজ্ঞানৰ নবেল, জন ফছেলৈ সাহিত্যৰ নবেল আৰু কেটেলিন কেৰিকো আৰু ড্রিউ ৱেইজমেনলৈ চিকিৎসা বিজ্ঞানৰ নবেল আগবঢ়োৱা হৈছে ৷ উল্লেখ্য যে সন্মানীয় নবেল বঁটাসমূহে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আদিক সামৰি লয় ৷ ডাইনামাইট উদ্ভাৱনৰ বাবে বিখ্যাত ছুইডেনৰ উদ্ভাৱক আলফ্রেড নবেলে ১৮৯৬ চনত মৃত্যুৰ সময়ত এই বঁটাৰ জৰিয়তে নিজৰ উত্তৰাধিকাৰ এৰি যায় ৷ ১৯৬৮ চনত ছুইডেনৰ কেন্দ্রীয় বেংকে অর্থনৈতিক বিজ্ঞানৰ নবেল বঁটা প্রৱর্তন কৰে ৷

শান্তিৰ নবেল

ঘোষণা কৰা হল শান্তিৰ নবেল বঁটা ৷ ষ্টকইমৰ ছুইডিছ একাডেমীয়ে ঘোষণা কৰা অনুসৰি হৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা বৃদ্ধিৰ বাবে কৰা যুঁজৰ বাবে ইৰানৰ কর্মী নার্গেছ মহম্মদীক ২০২৩ চনৰ নবেল বঁটা প্রদান কৰা হৈছে ৷ এক আনুষ্ঠানিক বিবৃতিত একাডেমীয়ে কয়, তেওঁৰ সাহসী সংগ্রামৰ সৈতে আহিছে প্রচণ্ড ব্যক্তিগত খৰচ ৷ মুঠতে শাসন ব্যৱস্থাহ ১৩বাৰ গ্রেপ্তাৰ কৰি পাঁচবাৰ দোষী সাব্যস্ত কৰাৰ লগতে মুঠ ৩১ বছৰৰ কাৰাদণ্ড আৰু ১৫৪টা শাস্তি প্রদান কৰিছে ৷ এতিয়াও মহম্মদী কাৰাগাৰতে আছে ৷ ইয়াত লগতে কোৱা হৈছে যে নার্গেছ মহম্মদীক দিয়া এই বঁটাটোৱে এক দীর্ঘদিনীয়া পৰম্পৰা অনুসৰণ কৰিছে, যত নৰৱেৰ নবেল কমিটীয়ে সামাজিক ন্যায়, মানৱ অধিকাৰ আৰু গণতন্ত্রক আগুৱাই নিয়াৰ বাবে কাম কৰাসকলক শান্তি বঁটা প্রদান কৰিছে ৷

ৰসায়নৰ নবেল বঁটা

চলিত বর্ষৰ ৰসায়নৰ নবেল বঁটা লাভ কৰিছে তিনিগৰাকী মার্কিন বিজ্ঞানীয়ে ৷ ৰয়েল ছুইডিছ একাডেমীয়ে ঘোষণা কৰা অনুসৰি ২০২৩ বর্ষৰ ৰসায়নৰ নবেল পুৰস্কাৰৰ বাবে তিনি আমেৰিকান বিজ্ঞানীক যৌথভাৱে মনোনীত কৰা হৈছে ৷ তেওঁলোক হল ক্রমে মৌংগি জি বাৱেণ্ডি, লুইচ ই ব্রুছ, আলেক্সেই আই একিমভ৷ বর্তমান আমেৰিকাৰ নাগৰিক হলেও বাৱেণ্ডি ফৰাচী আৰু একিমভ ৰুছ বংশোদ্ভৱ ব্যক্তি ৷  বাৱেণ্ডিয়ে ৰাসায়নিক প্রক্রিয়াত নিখুঁত কোৱাণ্টাম ডট সৃষ্টি কৰে ৷ কোৱাণ্টাম ডট নির্ভৰ এলইডি বা কিউএলইডি প্রযুক্তিৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰ মনিটৰ আৰু টেলিভিছন স্ক্রীন তৈয়াৰ কৰা হয় ৷ ইয়াৰ সাহায্যত উন্নততৰ এলইডি চাকি তৈয়াৰ কৰা হৈছে ৷ জৈৱ টিচ্যুৰ মানচিত্র প্রস্তুতৰ ক্ষেত্রতো কোৱাণ্টাম ডট ব্যৱহাৰ কৰা হয় ৷ একিমভ নিউয়র্ক নেনক্রিষ্টাল টেকনলজী ইনকর্পৰেটেডৰ প্রাক্তন প্রধান বিজ্ঞানী ৷ বাৱেণ্ডি বর্তমান মাছাচুছেটছ হনষ্টিটিউটৰ অধ্যাপক৷ ব্রুছ আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা আৰু গৱেষণাৰ সৈতে জড়িত ৷

পদার্থ বিজ্ঞানৰ নবেল বঁটা

তিনি বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ২০২৩ বর্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা ৷ পদার্থৰ ইলেকট্ৰনৰ গতিশীলতাৰ অধ্যয়নৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্রৰ পীয়েৰ অগষ্টিনি, হাংগেৰীৰ ফেৰেঞ্জ ক্রাউটজ আৰু ফ্রান্সৰ এন্নে এলহুহলাৰলৈ ২০২৩ বর্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে ৷ এই কথা সদৰী কৰিছে ৰয়েল ছুইডিছ একাডেমীয়ে৷ ফৰাচী বংশোদ্ভৱ বর্তমান আমেৰিকা যুক্তৰাষ্ট্রৰ অহি ষ্টেট বিশ্ববিদ্যালয়ৰ অধ্যাপক পীয়েৰ অগষ্টিনি ৷ ইপিনে, অষ্ট্রিয়ান বংশোদ্ভৱ হাংগেৰীৰ নাগৰিক ফেৰেঞ্জ ক্রাউটজ জার্মানীৰ মিউনিখৰ লাডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয় আৰু মেক্স প্লাংক ইনষ্টিটিউট অৱ কোৱাণ্টাম ফিজিক্সৰ অধ্যাপক ৷ বঁটাপ্রাপক ফ্রান্সৰ এন্নে এলহুইলাৰ হৈছে ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ৷

সাহিত্যৰ নবেল বঁটা

নৰৱেৰ জন ফছেলৈ আগবঢ়োৱা হৈছে ২০২৩ বর্ষৰ সাহিত্যৰ নবেল বঁটা ৷ নৰৱেৰ নিনর্স্ক্ ভাষাত নাটক, গল্প, কবিতা, উপন্যাস আদি ৰচনা কৰি দেশৰ লগতে বিশ্বৰ সাহিত্যপ্রেমীৰ মাজত পৰিচিত জন ফছেৰ প্রায়বোৰ ৰচনা হংৰাজীকে ধৰি বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে ৷ ষ্টকইমৰ ছুইডিছ একাডেমীয়ে সাহিত্যৰ নবেল বঁটা ২০২৩ ঘোষণা কৰে ৷ বিশ্বৰ কেইবাজনো প্রখ্যাত সাহিত্যিকৰ চুটি তালিকাৰ পৰা হাংগেৰীৰ নাট্যকাৰ জন ফছেক নির্বাচিত হৈছে ৷ নৰৱেৰ ইগছুণ্ডত ১৯৫৯ চনৰ ২৯ ছেপ্ঢেম্বৰত জন্মগ্রহণ কৰা জন অলাভ ফছে ৭ বছৰ বয়সতে ভয়াৱহ দুর্ঘটনাত পতিত হৈ মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি আহে ৷ মৃত্যুৰ পৰা নতুনকৈ জীৱন লাভ কৰা জন ফছে প্রাপ্তবয়স্ক্ লেখাৰ অভিজ্ঞতাৰে উজ্জীৱিত হৈ উঠে ৷ বার্গেন বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য অধ্যয়ন কৰা জন ফছেই ১৯৮৩ চনত ৰেড, ব্লেক শীর্ষক উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলে ৷ নাট্যকাৰ জন ফছেৰ প্রথমখন নাটক এণ্ড উই উইল নেভাৰ বি পার্টেড মঞ্চস্থ আৰু প্রকাশিত হয় ১৯৯৪ চনত ৷ উদ্ভাৱনী নাটক ৰচনাৰ উপৰি জন ফছেৰ উপন্যাস, চুটিগল্প, কবিতা, শিশুগ্রন্থ ৰচনা আদিৰে তেওঁৰ সাহিত্য প্রতিভাৰ স্বাক্ষৰ দাঙি ধৰে ৷

চিকিৎসা বিজ্ঞানৰ নবেল বঁটা

কভিডৰ এমআৰএনএ ভেকচিন বিকশিত কৰি চিকিৎসা খণ্ডলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ২০২৩ বর্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছে হাংগেৰীৰ কেটেলিন কেৰিকো আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ড্রিউ ৱেইজমেনে ৷ ২০২৩ বর্ষত চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰা হাংগেৰীৰ বিজ্ঞানী কেটেলিন কেৰিকো ছাগন্স বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ সংযুক্ত অধ্যাপক ৷ ১৯৫৫ চনত হাংগেৰীত জন্মগ্রহণ কৰা কেটেলিন কেৰিকোই এম আৰ এন এ ভেকচিন বিকাশৰ বাবে আনগৰাকী বঁটা বিজয়ী ড্রিউ ৱেইজমেনৰ সৈতে একেলগে গৱেষণা কৰিছিল ৷ আমেৰিকাৰ বিজ্ঞানী ড্রিউ ৱেইজমেন হৈছে পেন ইনষ্টিটিউটৰ সঞ্চালক আৰু ভেকচিন গৱেষণাৰ ৰবার্টছ ফেমিলি অধ্যাপক ৷ দুয়োগৰাকী বিজ্ঞানীয়ে পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত ভেকচিন বিকাশৰ বাবে গৱেষণা চলাই সফলতা লাভ কৰিছিল ৷

ফোনঃ  ৯৬৭৮০-২৫২৪৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.