মনোৰঞ্জন

7

মনোৰঞ্জন— এনে এটা নিচা, যাক আমি প্রশ্ন নকৰোঁ।

এটা সময় আছিল মনোৰঞ্জন আলহীৰ দৰে আছিল। মাজে মাজে আহিছিল। মাজে-সময়ে আহি আমাৰ লগত অলপ সময় বহি গুচি গৈছিল। ৰাজহুৱা ফিল্ডত বিহুৰ অনুষ্ঠান, এখন চিনেমা, ৰেডিঅ’ত সকলোৱে অপেক্ষা কৰি থকা এটা গীত। এতিয়া মনোৰঞ্জন আমাৰ লগতে থাকে।

আমি প্ৰায়ে চাপৰ কথা কওঁ— মানসিক চাপ— জীৱনটো কেনেকৈ দ্ৰুত আৰু ক্ষমাহীন হৈ পৰিছে সেই বিষয়ে কওঁ । আৰু ইয়াৰ সমাধান হিচাপে মনোৰঞ্জনৰ কথা কওঁ। প্রয়োজনীয় অনুভৱ হয়।

অর্থাৎ আমি উপলব্ধি নকৰাকৈয়ে এটা পৰিৱৰ্তন আহিল— মনোৰঞ্জন এতিয়া জীৱনৰ পৰা বিৰতি নহয়, জীৱনৰ এটা অংশ ৷

আগতে মনোৰঞ্জনৰ কাৰণে আগতীয়া পৰিকল্পনা লাগিছিল । ক’ৰবালৈ যাব লাগিছিল, মানুহ গোটাব লাগিছিল, কিবা এটা হ’বলৈ অপেক্ষা কৰিব লাগিছিল। প্রত্যাশা আছিল। মূল্য আছিল । জীৱন আৰু অৱসৰৰ মাজত এটা স্পষ্ট সীমা আছিল । এতিয়া মনোৰঞ্জনৰ বাবে একো নালাগে। এটা ম’বাইল ফোন… আৰু অন্তহীন মনোৰঞ্জন।

মনোৰঞ্জন সহজলভ্য হোৱাৰ লগে লগে আমাৰ ভিতৰত মৌলিক কিবা এটা যেন সলনি হৈ গৈছে। কিবা এটা সহজতে উপলব্ধ হ’লে তাৰ অৰ্থ, মূল্য হেৰাই যায় ৷ তথাপিও আমাক লাগে— আমাক সন্তুষ্টি দিয়ে বাবে নহয়, আছে বাবেই। পিয়াহ নথকা সময়তো পানী খোৱাৰ দৰে।

প্রশ্নটো এইটো নহয় যে মনোৰঞ্জন ভাল নে বেয়া? প্রশ্নটো হ’ল— ই আমাক, আমাৰ কি কৰিছে?

আজিৰ মনোৰঞ্জন কেৱল আনন্দৰ কথা হৈ থকা নাই। আকৰ্ষণৰ কথা। মনোৰঞ্জন আজিকালি আমাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ, আমাক আঠা লগাদি লগাই ৰাখিবলৈ ডিজাইন কৰা হয়। আমাক পর্যবেক্ষণ কৰি, অধ্যয়ন কৰি আজি মনোৰঞ্জন ডিজাইন কৰা হয়। আৰু তাৰ পিছত ই আমাক গঢ় দিবলৈ আৰম্ভ কৰে।

আমি এটা ভিডিঅ’ৰ পৰা আন এটালৈ, এটা ৰীলৰ পৰা আন এটালৈ, এটা খণ্ডৰ পৰা আন এটালৈ যাওঁ— উপভোগ কৰি থকা বাবে নহয়, কেনেকৈ আঁতৰি আহিব লাগে নজনা বাবে। এয়া এতিয়া মনোৰঞ্জন নহয়— এয়া এতিয়া অভ্যাস, এটা নিচা — নিৰ্ভৰশীলতা।

অসমতো এতিয়া এই পৰিৱৰ্তন আহিছে। উৎসৱ-পাৰ্বণ উপভোগ কৰাৰ সলনি আমি ৰেকৰ্ডিং কৰোঁ। বিহুত আনন্দত নচাতকৈ আমি কেমেৰাৰ বাবে পৰিৱেশন কৰোঁ। আমি হৈ পৰিছোঁ নিজৰ জীৱনৰ পৰিৱেশক।

এই অভিনয়ত হেৰাই গৈছে নিভাঁজ আনন্দ। আমি অনুভৱ কৰাতকৈ বেছি জোৰেৰে হাঁহোঁ, ভবাতকৈও বেছি দ্রুত প্রতিক্রিয়া প্ৰকাশ কৰোঁ, বুজি পোৱাতকৈ বেছি শ্বেয়াৰ কৰোঁ। এসময়ত আমাক সংযোগ কৰা মনোৰঞ্জনে এতিয়া আমাক বিচ্ছিন্ন কৰি পেলাইছে নিজৰ জীৱনৰ পৰাই।

আজিৰ মনোৰঞ্জন নিৰপেক্ষ নহয়— নিজস্ব ধাৰণা আৰু মূল্য বোধ কঢ়িয়াই লৈ ফুৰে। ইয়াত সফলতা, সৌন্দৰ্য, সুখ কেনেকুৱা হ’ব লাগে দেখুওৱা হয় আৰু আমি তুলনা কৰিবলৈ আৰম্ভ কৰোঁ। আমি নিজেহে জীৱনৰ সংগ্ৰামত জৰ্জৰিত— বাকী সকলো যেন সুখী । আৰু সেইবাবেই উপলব্ধি নকৰাকৈয়ে আমি জীৱনৰ এনে এটা সংস্কৰণক খেদিবলৈ আৰম্ভ কৰোঁ, যিটো বাস্তৱ নহয়।

আমি ক্ৰমাৎ নিজৰ লগত থকাৰ ক্ষমতা হেৰুৱাই পেলাইছোঁ । আগতে অকলে থকা মানেই বিৰক্তি নাছিল, বিৰক্তি শত্ৰু নাছিল । বিৰক্তি আছিল এটা স্থান— এনে এটা স্থান য’ত নিজৰ চিন্তাবোৰ বিচৰণ কৰিছিল, প্রতিফলন ঘটিছিল। সৃষ্টিশীলতাৰ উন্মেষ হৈছিল। আজি বিৰক্তি আমি লগে লগে নাইকিয়া কৰা এটা বস্তু।

আজি আমাক এনে মনোৰঞ্জনৰ প্রয়োজন হৈছে, য’ত আমি নিজে থাকোঁ— মনৰ পৰা। মনোৰঞ্জনে আমাক সতেজ কৰি তুলিব লাগিব। আমাক দিব লাগিব অধিক শক্তি, স্পষ্টতা আৰু জীৱনৰ সৈতে সংযোগ। নহ’লে এদিন এনে এটা দিন আহিব, যিদিনা আমি মনোৰঞ্জনৰ নামত সকলো চাই থাকিম— নিজৰ জীৱনটোৰ বাহিৰে।

মনোৰঞ্জনে জীৱনৰ ঠাই ল’ব নালাগে, সমৃদ্ধ কৰিব লাগে— যাতে পর্দাখন যেতিয়া ম্লান হৈ পৰে, তেতিয়াও আমাৰ জীৱন আনন্দদায়ক হৈ থাকে।

পাৰ্থসাৰথি মহন্ত

You might also like

Comments are closed, but trackbacks and pingbacks are open.