দৈনিক ৰাশিফল ১০ জুলাই ২০২৬

9

২৫ আহাৰ, শুক্ৰবাৰ, ইং ১০ জুলাই ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ লগ বন্ধু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ নহ’লে আনে সমালোচনা কৰিব পাৰে, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা সামান্য অশান্তি পাবলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন আহিব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আৰু ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনলৈ হতাশা ভাৱ আহিব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত অলপ সজাগ হোৱাটো ভাল হ’ব।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপোনাৰ সন্মান হানি আৰু মিছা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত আনে আজি আপোনাক মৰম- চেনেহ কৰিব, হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যয় বাঢ়িব পাৰে , লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত শাৰীৰত সামান্য আঘাত পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত লগ বন্ধুৰ লগত সামান্য মনোমালিন্য বা বিশ্চেদ হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য অশান্তি পাবলগীয়া হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.