বেচৰকাৰী সংস্থা (এনজিঅ’) হৈছে সমাজ কল্যাণ আৰু উন্নয়নৰ বাবে কাম কৰা অলাভজনক স্বেচ্ছাসেৱী সংস্থা। এনজিঅ সমূহ ভাৰতৰ সামাজিক আৰু উন্নয়নমূলক ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। শিক্ষা, স্বাস্থ্য, পৰিৱেশ সংৰক্ষণ, মানৱ অধিকাৰ, গ্ৰাম্য উন্নয়ন, মহিলা সবলীকৰণ আদি বিভিন্ন ক্ষেত্ৰত এনজিঅ সমূহে সমাজৰ সমস্যা সমাধান আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিবলৈ কাম কৰে। আজিকালি বহু যুৱক-যুৱতীয়ে এনজিঅ’ক কেৱল সমাজসেৱাৰ মঞ্চ হিচাপে নহয়, এক অৰ্থপূৰ্ণ আৰু পেছাদাৰী কেৰিয়াৰ হিচাপেও গ্ৰহণ কৰিছে। এই খণ্ডত কাম কৰিলে সমাজত ইতিবাচক পৰিৱৰ্তন অনা সুযোগ লাভ কৰে। লগতে ব্যক্তিগত দক্ষতা, নেতৃত্ব গুণ, সহানুভূতিশীল মানসিকতা আদিৰো বিকাশ ঘটে। আর্থিক লাভৰ লগতে সমাজৰ কল্যাণত অৰিহণা যোগোৱাৰ সন্তুষ্টি লাভ কৰিব পৰা বাবে এনজিঅ’ খণ্ড যুৱসমাজৰ বাবে এক জনপ্রিয় আৰু সন্তুষ্টিদায়ক কেৰিয়াৰ বিকল্প হিচাপে পৰিগণিত হৈছে। চি এছ আৰ, আন্তঃৰাষ্ট্ৰীয় পুঁজি আৰু সামাজিক উদ্যোগীকৰণৰ বৃদ্ধিৰ ফলত ভাৰতত এনজিঅ’ খণ্ডত নিয়োগ আৰু কেৰিয়াৰৰ সুযোগো বৃদ্ধি পাইছে।
এনজিঅ’ খণ্ডই বিভিন্ন শৈক্ষিক পটভূমিৰ ব্যক্তিৰ বাবে বহুমুখী কেৰিয়াৰৰ সুযোগ সৃষ্টি কৰিছে। এইক্ষেত্ৰত প্ৰকল্প পৰিচালক, সমাজকৰ্মী, গৱেষণা সহযোগী, চি এছ আৰ মেনেজাৰ, যোগাযোগ বিষয়া, জনস্বাস্থ্য কর্মী আদি বহু ধৰণৰ ভূমিকা উপলব্ধ ৷
সামাজিক কাম, সমাজ বিজ্ঞান, অর্থনীতি, আইন, সাংবাদিকতা, পৰিৱেশ বিজ্ঞান, পৰিচালনা আদি পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা অনুসৰি সুযোগ লাভ কৰিব পাৰে। তথ্য বিশ্লেষণ, ডিজিটেল যোগাযোগ, বিত্তীয় ব্যৱস্থাপনা আদিৰ দৰে কাৰিকৰী দক্ষতাৰো চাহিদা বৃদ্ধি পাইছে। ইউনিচেফ, ইউনেস্কো, বিশ্ব স্বাস্থ্য সংস্থা আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহেও বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে দক্ষ পেছাদাৰীসকলক নিযুক্তি দিয়ে।
এনজিঅ’ খণ্ডত সফল হ’বলৈ পেছাদাৰী দক্ষতা আৰু সামাজিক দায়বদ্ধতাৰ সমন্বয় অতি প্রয়োজনীয়। যোগাযোগ দক্ষতা, নেতৃত্ব দানৰ ক্ষমতা, দলীয়ভাৱে কাম কৰাৰ মানসিকতা, সমস্যা সমাধান আদি যোগ্যতাই এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। সহানুভূতি আৰু সমাজৰ সৈতে গভীৰ সংযোগ স্থাপন কৰাৰ দক্ষতাও অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি গৱেষণা, প্রতিবেদন লিখা, প্ৰকল্প পৰিচালনা, ধন সংগ্রহ, তথ্য বিশ্লেষণ, ৰাজহুৱা ভাষণৰ দক্ষতা আদিৰো চাহিদা আছে। স্বেচ্ছাসেৱী কার্য, ইণ্টাৰ্নশ্বিপ, সামাজিক অভিযানত অংশগ্রহণ আদি অভিজ্ঞতা লাভ কৰিলে এনজিঅ’ খণ্ডত সফল কেৰিয়াৰ গঢ়াত সহায় কৰে।
এনজিঅ’ খণ্ডত প্ৰৱেশৰ বাবে কোনো একক বা নিৰ্দিষ্ট শিক্ষাৰ পাঠ্যক্ৰম নাই, কিন্তু কিছুমান শিক্ষাগত পাঠ্যক্ৰমে এইক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ বিশেষভাৱে সহায় কৰিব পাৰে । স্নাতক স্তৰত বি এছ ডব্লিউ (ছ’চিয়েল ৱৰ্ক), সমাজবিজ্ঞান, ৰাজনীতি বিজ্ঞান, অর্থনীতি, মনোবিজ্ঞান আদি বিষয়ত বি.এ., সাংবাদিকতা আৰু গণসংযোগ, পৰিৱেশ অধ্যয়ন আৰু গ্ৰাম্য উন্নয়নৰ দৰে পাঠ্যক্ৰমসমূহ শিক্ষার্থীক সমাজ আৰু উন্নয়নমূলক ক্ষেত্ৰৰ বিষয়ে জ্ঞান প্ৰদান কৰে। স্নাতকোত্তৰ স্তৰত এম এছ ডব্লিউ (মাষ্টাৰ অৱ ছ’চিয়েল ৱৰ্ক), উন্নয়ন অধ্যয়নত এম এ, ৰাজহুৱা নীতিত এম এ, গ্রাম্য ব্যৱস্থাপনাত এম বি এ, মানৱ অধিকাৰত এম এ আৰু ৰাজহুৱা প্রশাসনত এম এ আদি পাঠ্যক্রমে এই খণ্ডত অধিক পেছাদাৰী দক্ষতা আৰু বিশেষজ্ঞতা বিকাশ কৰাত সহায় কৰে। টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স, দিল্লী স্কুল অৱ ছ’চিয়েল ৱৰ্ক, ইনষ্টিটিউট অৱ ৰুৰেল মেনেজমেণ্ট আনন্দ, আজিম প্রেমজী বিশ্ববিদ্যালয় আদিৰ দৰে প্ৰতিষ্ঠানসমূহ উন্নয়ন অধ্যয়ন আৰু সামাজিক কামৰ ক্ষেত্ৰত মানসম্পন্ন শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে বিশেষভাৱে পৰিচিত ।
এনজিঅ’ কেৰিয়াৰ বাছনি কৰাৰ অন্যতম ডাঙৰ সুবিধা হ’ল- সমাজত ইতিবাচক আৰু অৰ্থপূৰ্ণ প্ৰভাৱ সৃষ্টি কৰাৰ সুযোগ। এইক্ষেত্ৰত কাম কৰা ব্যক্তিসকলে শিক্ষা, স্বাস্থ্য, পৰিৱেশ, সম্প্রদায় উন্নয়ন আদিৰ দৰে বিষয়ত প্ৰত্যক্ষভাৱে অৱদান আগবঢ়াব পাৰে। এনজিঅ’ খণ্ডত বৈচিত্র্যময় অভিজ্ঞতা লাভ হয়, কাৰণ ইয়াত ক্ষেত্রভিত্তিক কাম, ধন সংগ্রহ, প্রশাসন, সচেতনতা বৃদ্ধি আদিৰ দৰে বিভিন্ন দায়িত্ব পালন কৰিব লাগে। ইয়াৰ ফলত বহুমুখী দক্ষতাৰ বিকাশ ঘটে। তৃণমূল পৰ্যায়ত কাম কৰাৰ অভিজ্ঞতাই সামাজিক সমস্যা আৰু উন্নয়নৰ বাস্তৱ দিশসমূহ গভীৰভাৱে বুজিবলৈ সহায় কৰে। অভিজ্ঞতাৰ পিছত আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ বিভিন্ন প্রতিষ্ঠানত কাম কৰাৰ সুযোগো লাভ কৰিব পাৰে৷
সুযোগ আৰু সামাজিক প্ৰভাৱৰ সম্ভাৱনা থকাৰ পিছতো এনজিঅ’ খণ্ডটোৱে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয়। এই ক্ষেত্ৰৰ অন্যতম প্রধান সমস্যা হ’ল- পুঁজিৰ অনিশ্চয়তা, কিয়নো বহু সংস্থা অনুদান আৰু দাতাসকলৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ফলত কেতিয়াবা চাকৰিৰ স্থায়িত্ব আৰু দৰমহাত প্ৰভাৱ পৰে। বহু সৰু এনজিঅ’ত আৰম্ভণি স্তৰৰ দৰমহাও তুলনামূলকভাৱে কম হয়। পেছাদাৰীসকলে বহু সময়ত দূৰৱৰ্তী অঞ্চল, জৰুৰীকালীন অৱস্থা আৰু দুৰ্যোগৰ সময়ত কাম কৰিব লগা হয়, যিয়ে মানসিক চাপ বৃদ্ধি কৰে। ইয়াৰ উপৰি প্ৰতিবেদন প্রস্তুতি, পুঁজি ব্যৱস্থাপনা আৰু নিয়ম-কানুন মানি চলাৰ প্ৰশাসনিক দায়িত্বও অধিক হয়। কিছুমান সংস্থাত কেৰিয়াৰৰ অগ্ৰগতি সীমিত হোৱাৰ বিষয়েও উদ্বেগ দেখা যায়।
ভাৰতত এনজিঅ’ খণ্ডটোৱে বৰ্তমান দ্রুতগতিত বিকাশ লাভ কৰিছে। চি ত্ৰছ আৰ অংশীদাৰিত্ব, ডিজিটেল ধন সংগ্রহ, তথ্য- চালিত মূল্যায়ন, সামাজিক উদ্যোগীকৰণ আদিৰ দৰে ক্ষেত্ৰসমূহে অধিক গুৰুত্ব লাভ কৰিছে। জলবায়ু পৰিৱৰ্তন, বহনক্ষম উন্নয়ন, মানসিক স্বাস্থ্য, লিংগ সমতা আৰু অন্তৰ্ভুক্তিমূলক পদক্ষেপসমূহো এই খণ্ডৰ মুখ্য অগ্ৰাধিকাৰ হৈ উঠিছে। আধুনিক প্রযুক্তি, ডিজিটেল যোগাযোগ আৰু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰে সচেতনতা সৃষ্টি আৰু জনসাধাৰণৰ সৈতে সংযোগ বৃদ্ধি কৰিছে। ফলস্বৰূপে যুৱ পেছাদাৰীসকলৰ বাবে এনজিঅ’ খণ্ডত নতুন ধৰণৰ কেৰিয়াৰ, উদ্ভাৱনীমূলক কৰ্মক্ষেত্ৰ আৰু সমাজমুখী নেতৃত্ব বিকাশৰ সুযোগ দ্রুত বৃদ্ধি পাইছে।
এনজি অ’কেৰিয়াৰত আগ্রহী শিক্ষাৰ্থীসকলে আৰম্ভণিতে স্বেচ্ছাসেৱী কাম, সজাগতা অভিযান আৰু সমাজসেৱামূলক কার্যকলাপত অংশগ্ৰহণ কৰি অভিজ্ঞতা লাভ কৰিব পাৰে। স্থানীয় এনজিঅ’ৰ সৈতে কাম কৰা আৰু কলেজ জীৱনত ইণ্টাৰ্নশ্বিপ কৰাটো অত্যন্ত সহায়ক। ইয়াৰ উপৰি যোগাযোগ দক্ষতা, প্ৰতিবেদন লিখা আৰু সামাজিক বিষয়সমূহৰ বিষয়ে জ্ঞান বৃদ্ধি কৰাটোও গুৰুত্বপূৰ্ণ। উন্নয়ন খণ্ডত কেৱল শৈক্ষিক অৰ্হতাই নহয়, ব্যৱহাৰিক অভিজ্ঞতা, সামাজিক দায়বদ্ধতা আৰু ক্ষেত্রভিত্তিক কামৰ দক্ষতাকো বিশেষভাৱে মূল্য দিয়া হয়, যিয়ে সফল কেৰিয়াৰ গঢ়িবলৈ সহায় কৰে।
ভাৰতৰ সামাজিক উন্নয়ন প্রক্রিয়াত এনজিঅ’সমূহ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে আত্মপ্রকাশ কৰিছে। এনজিঅ’ খণ্ডত কেৰিয়াৰে ব্যক্তিসকলক পেছাদাৰী বৃদ্ধিৰ সৈতে সামাজিক দায়বদ্ধতাৰ সংমিশ্ৰণৰ সুযোগ প্ৰদান কৰে । যদিও পুঁজিৰ সীমাবদ্ধতা আৰু কৰ্মৰ চাপৰ দৰে প্ৰত্যাহ্বান আছে, এই খণ্ডটোৰ বৃদ্ধি আৰু বৈচিত্র্য অব্যাহত আছে। সামাজিক পৰিৱৰ্তন, সমাজসেৱা আৰু জাতি গঠনৰ প্ৰতি আকর্ষিত যুৱক-যুৱতীসকলৰ বাবে এনজিঅ’সমূহে এক পৰিপূৰ্ণ আৰু প্ৰভাৱশালী কেৰিয়াৰ পথ প্ৰদান কৰিব পাৰে।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী
যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
Comments are closed, but trackbacks and pingbacks are open.